-দিলীপ দৈমাৰী |
ভাৰতৰ অৰ্থনীতিৰ নাওঁখনৰ যে তলিত বহুকেইটা ফুটা হৈছে, সেয়া এতিয়া আৰু অস্বীকাৰ কৰি কোনো লাভ নাই। স্বয়ং ৰিজাৰ্ভ বেংকেও ঘোষণা কৰিলে যে ভাৰতৰ অৰ্থনীতি নজীৰবিহীন মন্দাৰ কৱলত পৰিছে। ৰিজাৰ্ভ বেংকৰ বুলেটিনৰ দ্বাৰা জনোৱা হৈছে যে ছেপ্তেম্বৰত শেষ হোৱা তিনিমহীয়া অধ্যায়ত মুঠ আভ্যন্তৰীণ উৎপাদন বৃদ্ধিৰ হাৰ ৮.৬ % সংকুচিত হ’ব। এয়া কিন্তু অনুমানহে, প্ৰকৃত সংকোচনৰ হাৰ ইয়াতকৈও বেছি হ’ব পাৰে। অৰ্থনীতিৰ মাপকাঠিত একেৰাহে দুবাৰকৈ ‘তিনিমহীয়া’ বৃদ্ধিৰ হাৰ সংকুচিত হ’লে ‘মন্দা’ বুলি কোৱা হয়। সেই বিচাৰৰ ভিত্তিতেই এইবাৰ উপায়হীন হৈ মন্দাৰ কথা স্বীকাৰ কৰিবলগীয়া হৈছে। ২০২০-২১ অৰ প্ৰথম ‘তিনিমহীয়া’ এপ্ৰিল-জুনত জি-ডি-পি বৃদ্ধিৰ হাৰ ২৩.৯% লৈ নামি গৈছিল। ২৭ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা মন্ত্ৰালয়ে জুলাইৰ পৰা ছেপ্টেম্বৰ পৰ্য্যন্ত বিকাশৰ হাৰ ঘোষণা কৰিব। তাৰে আগতেই ৰিজাৰ্ভ বেংকৰ বুলেটিনে অৰ্থনীতিৰ গুৰুতৰ সংকটৰ আভাস দিলে। ৰিজাৰ্ভ বেংকে আগতেও কৈছিল যে বৰ্তমানৰ বিত্তীয় বৰ্ষত জি-ডি-পিৰ সংকোচন হ’ব ৯.৫% ! কিন্তু এতিয়াও বিশ্ব বেংক, আই-এম-এফ দৰে সংস্থাই গড়ে ১০% বা তাতোকৈ অধিক সংকোচন হ’ব পাৰে বুলি সদৰি কৰিছে। বুলেটিনখনত ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ আৰু আৰ্থিক নীতিৰ দায়িত্ব পালন কৰোতা মাইকেল পাত্ৰসহ ভালেমান অৰ্থনীতিবিদে তেওঁলোকৰ যৌথ সমীক্ষা তথা অনুমানৰ কথা লিখিছে। ‘নাওকাষ্ট’ বা সাম্প্ৰতিক অৰ্থনৈতিক অৱস্থাৰ বিষয়ে এনেদৰে সদৰি কৰি লেখা এয়াই প্ৰথম। বুলেটিনখনত লিখা হৈছে যে ভাৰতৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ‘টেকনিকেল মন্দা’ প্ৰত্যক্ষ হৈছে। ‘টেকনিকেল’, কাৰণ অৰ্থনীতি বিজ্ঞানৰ মাপকাঠিৰে হিচাব কৰি ‘মন্দা’ বুলি ক’বলৈ বাধ্য। যদিও আগৰ ‘তিনিমহীয়া’ৰ তুলনা কৰি সংকোচন কম হ’ব বুলি কোৱা হৈছে, সেইসম্পৰ্কে যি মাপকাঠি ব্যৱহাৰ কৰা হৈছে – সেয়া অতি ভঙ্গুৰ আৰু সংকীৰ্ণ বুলি অৰ্থনীতিবিদসকলে ধাৰণা কৰিছে। যেনেঃ ‘অপাৰেটিং’ মুনাফা বাঢ়িছে, কিন্তু উৎপাদনৰ ব্যয় কমাই, শ্ৰমৰ মূল্য কমাই, শ্ৰমিকক কৰ্মচ্যুত কৰি সেয়া বৃদ্ধি কৰি দেখুওৱা হৈছে। প্ৰকৃততে অৰ্থনীতিৰ আভ্যন্তৰীণ চাহিদা অধিক পৰিমাণে হ্ৰাস পাইছে, পণ্য বিক্ৰীৰ পৰিসৰ হ্ৰাস হৈছে আৰু আয়ৰ সংকট তীব্ৰতম হৈ পৰিছে।
চাহিদা আৰু তাৰফলত ভোগ্যপণ্যৰ বিক্ৰীৰ ভাঁটাৰ বিষয়ে ৰিজাৰ্ভ বেংকৰ বুলেটিনখনত স্বীকাৰ কৰা হৈছে আৰু কোৱা হৈছে যে পৰিয়ালসমূহৰ ওপৰত তথা কৰ্পোৰেটৰ ঐপৰত যি হেঁচা পৰিছে – সেয়া হয়তো ঢোকা দি ৰখা হৈছে, কিন্তু সমস্যা সমাধান কৰিব পৰা হোৱা নাই। গতিকে ই আৰ্থিক ক্ষেত্ৰত সাংঘাটিক প্ৰভাৱ পেলাব। লক্ষ লক্ষ মানুহ কৰ্মচ্যুত হৈছে, আয় সংকুচিত হৈছে, গতিকে খৰছ নকৰি যিকোনো প্ৰকাৰে টকা জমা কৰি ৰখাৰ চেষ্টা সকলোৱে কৰিছে। বুলেটিনখনত কোৱা হৈছে যে এপ্ৰিল-জুনত পৰিয়ালবোৰৰ আৰ্থিক সঞ্চয় ‘জি-ডি-পি’ৰ ২১.৪% হৈছে; কিন্তু যোৱাবছৰ একেই সময়ত সেয়া আছিল ৭% মাথোন। এইবছৰ জানুৱাৰীত সেয়া আছিল ১০% ! ৰিজাৰ্ভ বেংকে অধোগতিৰ বিপদৰ ইঙ্গিত দি কৈছে যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পুনৰ এক নতুন ঢৌ আৰম্ভ হ’ব পাৰে। মুদ্ৰাস্ফিতীৰ চাপ ক্ৰমশঃ বৃদ্ধি পাইছে। শাক-পাচলিৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈও সক্ষম হোৱা নাই। বিশ্ব অৰ্থনীতিৰ অৱস্থা এতিয়াও শোচনীয়। ৰপ্তানীৰ ক্ষেত্ৰত শোচনীয় ভাটা। ‘আমি এক প্ৰত্যাহ্বানৰ মাজেৰে যাত্ৰা কৰি আছো’- উপসংহাৰত কোৱা হৈছে। মাইকেল পাত্ৰৰ উপৰিও বুলেটিনত সমীক্ষা প্ৰকাশ কৰিছে সঞ্জয় হাচ্দা, অনুপম প্ৰকাশ, আনন্দ প্ৰকাশ এক্কা।
মূল্যবৃদ্ধিৰ যি আশংকাৰ বিষয়ে ৰিজাৰ্ভ বেংকে বুলেটিনখনত প্ৰকাশ কৰিছে, তাৰে আধাৰত মোডী চৰকাৰে জনাবলৈ বাধ্য হৈছে যে অক্টোবৰত খুচুৰা বজাৰত মূল্যবৃদ্ধি পুনৰ উৰ্দ্ধমুখী হৈ ৭.৬১% হৈ পৰিছে। ছেপ্তেম্বৰৰ পৰাই বৃদ্ধি পাইছে। মূলতঃ খাদ্য-পণ্যৰ মূল্যবৃদ্ধিৰ বাবেই এই বৃদ্ধি হৈছে। অক্টোবৰত খাদ্য-পণ্যৰ দাম বাঢ়িছে ১১.০৭% হাৰত।
মুঠ আভ্যন্তৰীণ উৎপাদন বৃদ্ধিৰ হাৰ মোদী চৰকাৰৰ কালছোৱাত ধাৰাবাহিকভাৱে কমিছে। ২০১৬-১৭ বৰ্ষত মুঠ আভ্যন্তৰীণ উৎপাদন বৃদ্ধিৰ হাৰ আছিল ৮.২% । ২০১৭-১৮ বৰ্ষত হ্ৰাস পাই হৈছিল ৭.২% ; ২০১৮-১৯ বৰ্ষত পুনৰ হ্ৰাস পাই ৬.১% ; ২০১৯-২০ বৰ্ষত পুনৰ হ্ৰাস পাই ৪.২% !! কৰ’না মহামাৰীৰ আগতেই ধাৰাবাহিকভাৱে ৮ টাকৈ ‘তিনিমহীয়া’ কালত বৃদ্ধিৰ হাৰ কমিছে। ইয়াৰ বাবে সৌ সিদিনাৰ তোগলকী বিমুদ্ৰাকৰণ, জি-এছ-টি, ইত্যাদিয়েই মূলতঃ দায়ী। আকৌ,২০২০-২১ -অৰ প্ৰথম ‘তিনিমহীয়া’ কালত, লকডাউনৰ অবিবেচক সিদ্ধান্তৰ ফলত খালৰ ভঙা-ছিঙা ওখোৰা-মোখোৰা পাৰৰ পৰা খালটোতেই পৰি গৈছে মোডী-সীতাৰমণৰ অৰ্থনীতি! মুঠ আভ্যন্তৰীণ উৎপাদন সংকুচিত হৈ (-) ২৩.৯% হৈছে ; শিল্পক্ষেত্ৰত সংকোচন (-) ৩৮% হৈছে ; মেনুফেক্চাৰিঙত (-) ৩৯.৩% হৈ পৰিছে ; পৰিসেৱাৰ ক্ষেত্ৰত (-) ২২.৬% হৈছে ; বাণিজ্য ক্ষেত্ৰত (-) ৪৭% ; খনিত (-) ২৩.৩% আৰু নিৰ্মাণ ক্ষেত্ৰত (-) ৫০.৩% হৈ পৰিছে !!
গতিকে ভাৰতৰ এনে অৱস্থাক লৈ ভাৰতৰ মেডিয়া সৰৱ নহয়! সৰৱ হয় সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা নে হত্যা, ৰাম মন্দিৰৰ শিলান্যাস, বিমানেৰে পুষ্পবৃষ্টি, ‘কা’ আৰু ‘কেব’ আদিক লৈ। কিন্তু খোদ ৰিজাৰ্ভ বেংকেই এতিয়া সাৱধানবাণীৰ ঘন্টা, কাঁহী, বাতি বজাই প্ৰমাণ কৰিছে – কিমান সফল মোডীৰ চৰকাৰ!
আহক, আমিও পুনৰ ঘন্টা পেঁপা টিলিঙা কাঁহী বজাও!