নগাপাহাৰৰ হত্যালীলা
•মানস প্ৰতিম কলিতা
নগাপাহাৰৰ হত্যালীলা : কিছু কথা কোৱা দৰকাৰ। জনোৱা দৰকাৰ।
নাগালেণ্ডত নৰসংহাৰ, মণিপুৰত মানৱধিকাৰ উলঙ্ঘন, ত্ৰিপুৰাৰ আভ্যন্তৰীণ কন্দল, মেঘালয়, মিজোৰাম আৰু ক’ৰবাত সংঘটিত আটাইবোৰ ঘটনাৰ সাক্ষী দুই প্ৰকাৰৰ – স্থিতাৱস্থাৰ বিৰুদ্ধে আৰু স্থিতাৱস্থাৰ সমৰ্থনত। অসমৰ সামগ্ৰিক ৰাজনৈতিক ইতিহাসলৈ লক্ষ্য কৰিলে বাকী উত্তৰ পূৱ ভাৰতৰ অইন ৰাজ্যৰ নিবাসীৰ অসমৰ প্ৰতি থকা বিতৃষ্ণাৰ প্ৰকৃত কাৰণটো ওলাই পৰিব। এইটো সত্য যে অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণৰ ৰাজনৈতিক অসচেতনতা কিম্বা পক্ষপাতদুষ্টতা ঢাকিবলৈ অসমীয়াৰ হাতত কোনো স্পষ্ট যুক্তি নাই আৰু সেয়েহে যোৱা কেইদশকমান ধৰি অসমৰ প্ৰতি চুবুৰীয়া ৰাজ্যৰ নিবাসীৰ বিদ্বেষভাৱ ব্যাপক হাৰত বাঢ়িছে। যেনে মিজোৰাম আৰক্ষী আৰু অসম আৰক্ষীৰ গুলীয়াগুলিৰ ঘটনাটোত অইন ৰাজ্যৰ বেছ কিছু ডিজিটেল বাতৰিকাকত, আলোচনীত অসমৰ বিপক্ষে যথেষ্ট কঠোৰ বাক্যবাণ প্ৰকাশ হোৱা চকুত পৰিছিল। এই কঠোৰ সমালোচনা, তীৰ্যক মন্তব্য কেৱল মিজোৰামৰ নাছিল, আছিল মণিপুৰৰ, নাগালেণ্ডৰ, ত্ৰিপুৰাৰ। এইটো অৱশ্যাম্ভাৱী আছিল। মানিছোঁ।
কিন্তু এইটোও সত্য যে ঘনঘোৰ এই অন্ধকাৰত ঢিমিক ঢামাককৈও কিছু টিপ চাকিৰ পোহৰে আন্ধাৰ নাশিবলৈ তীব্ৰ চেষ্টা কৰিছিল। শেষ মেষ হাৰি গৈছিল কিন্তু এই যে টিপ চাকিবোৰ জ্বলি আছিল সেইটো জানো মিছা? ইয়াৰ কি একোৱেই মূল্য নাই?
অসমৰেই একাংশ অসমীয়াই (সংখ্যাত অতি তাকৰ হ’লেও) সামাজিক মাধ্যমত কৰা ব্যাপক অপমানক আওকাণ কৰি হ’লেও এই সৰ্বতোপ্ৰকাৰৰ বৈষম্য, হিংসা, অন্যায়ৰ বিৰুদ্ধে কলম কাপ ধৰিছে। কাৰ্বি ছোৱালীজনী জ্বলি যাওঁতে বৰ্ণবিন্দু অসমীয়াৰ চৰিত্ৰ উন্মোচন কৰি সকলো প্ৰকাৰৰ আধিপত্যক প্ৰত্যাহ্বান জনাইছে, মণিপুৰৰ মনোৰোমা দেৱীৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাষ্ট্ৰযন্ত্ৰৰ সমালোচনাত মুখৰ হৈছে, নাগালেণ্ডত নিৰীহ হত্যাৰ প্ৰতিবাদত নিজৰ সমস্ত সত্বা উজাৰি এই ঘটনাক জনতাৰ আদালতত ন্যায়বিচাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।
এই কথাবোৰো মনত ৰাখিব লাগে। ইতিহাস লিখোঁতে এইবোৰ কথা পাহৰিলে জানো ইতিহাস বস্তুনিষ্ঠ হ’ব? এই কথাও সময়ৰ বুকুত খোদিত হৈ থাকিব লাগে যে সংখ্যাত তাকৰ হ’লেও আমাৰো এমুঠি প্ৰত্যয়ভৰা আৰু দৃঢ় কণ্ঠ আছিল, স্থিতাৱস্থাৰ বিৰুদ্ধে আমিও আৰ্তজনৰ কাষত সাহসেৰে থিয় দিছিলোঁ, নিৰন্তৰ অত্যাচাৰ অবিচাৰত আমিও সমানে ব্যথিত হৈছিলোঁ।
এই কথাবোৰ জনাব লাগে। মানুহে খবৰ পাব লাগে। পোৱাৰ ব্যৱস্থা কৰিব লাগে। চুবুৰীয়া ৰাজ্যৰ অন্ততঃ শিক্ষিতচামে অন্ততঃ আমাৰ মনৰ উমান পাওক, তাৰ দিহা কৰিব লাগে। উচ্চ শিক্ষাৰ বাবে অসমৰ বাহিৰত থকা ছাত্ৰ ছাত্ৰী বা গৱেষক/গৱেষিকাই অইন ৰাজ্যৰ ছাত্ৰ ছাত্ৰী লগ পায়। তেওঁলোকক এইবোৰ কথা জনাওক। অথবা, উত্তৰ পূৱৰ ছাত্ৰ ছাত্ৰীৰ এক ফ’ৰাম গঠন কৰি তাৰ যোগেদিও আমি আমাৰ বক্তব্য প্ৰকাশ কৰিব পাৰোঁ। এইবোৰ তেওঁলোকে জনাটো, বুজাটো দৰকাৰ। অহেতুক ঘৃণাৰ উৎপত্তিত বাধা দিবলৈ এনে পদক্ষেপৰ দৰকাৰ আছে বুলি ভাবোঁ।