পদোন্নতিৰ সংৰক্ষণ
• অৰবিন্দ ৰাভা
অনুসূচিত জাতি আৰু জনজাতি সকলৰ ক্ষেত্ৰত চৰকাৰী চাকৰিত পদোন্নতিৰ বাবে সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰ সমূহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উচ্চতম ন্যায়ালয়ে যোৱাকালি ( ২৮-০১-২০২২) শুকুৰবাৰে নিৰ্দেশ জাৰী কৰিছে। উচ্চতম ন্যায়ালয়ে কৈছে যে বিভিন্ন ৰাজ্যই নিজৰ নিজৰ ৰাজ্যভিত্তিক পৰিস্থিতি সাপেক্ষে সংৰক্ষণ সম্পৰ্কে বিবেচনা কৰিব। এনে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক নীতিৰ মাজেৰে কাম কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ হৈ এটৰ্ণী জেনেৰেল কে.চি. বেণুগোপালে উচ্চতম ন্যায়ালয়ৰ মজিয়াত কৈছিল যে উচ্চতম ন্যায়ালয়ে এক নিশ্চিত মানদন্ড স্থিৰ কৰিব লাগে, আৰু তাৰেই ফলস্বৰূপে উচ্চতম ন্যায়ালয়ে এনেদৰে কয়। কে.চি. বেণুগোপালে কৈছিল যে উচ্চতম ন্যায়ালয়ে এক নিশ্চিত মানদণ্ড স্থিৰ নকৰিলে সংৰক্ষণক লৈ বিভ্ৰান্তি আৰু বৈষম্য দূৰ নহ’ব। স্বাধীনতাৰ পিছতো বহুত বছৰ পাৰ হৈ গ’ল। অথচ এতিয়াও উচ্চ বৰ্ণ সমাজৰ সমান মাপকাঠিত উপনীত হ’বলৈ সক্ষম হোৱা নাই সকলো অনগ্ৰসৰ সম্প্ৰদায়। তাৰোপৰি অনগ্ৰসৰ সকলৰ মাজতো বিভিন্ন পাৰ্থক্য আৰু বিভাজন আছে। গতিকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাকৰিৰ পদোন্নতিৰ ক্ষেত্ৰত পদোন্নতিৰ মামকাঠি কি হ’ব সেই সম্পৰ্কে উচ্চতম ন্যায়ালয়ে এক নিশ্চিত ৰায় প্ৰদান কৰা প্ৰয়োজন হৈ পৰিছে। কিন্তু তিনিজনীয়া বিচাৰপীঠৰ দ্বাৰা উচ্চতম ন্যায়ালয়ে কয় যে এনেধৰণৰ কোনো নিৰ্দিষ্ট আৰু সকলোৰে বাবে সমান মাপকাঠিৰ নিৰ্দেশ দিব পৰা নাযায়। সেই সম্পৰ্কে পৰৱৰ্তী কালত উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে অৱগত কৰাব লাগিব। চৰকাৰী চাকৰিত সংৰক্ষণৰ বিষয়টো এনে এক সময়ত উচ্চতম ন্যায়ালয়ৰ মজিয়াত উত্থাপন হৈছে – যি সময়ত বিজেপি চৰকাৰ আৰু দলৰ বাবে অতি গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহি পৰিছে। ভোটদানৰ সৈতে জড়িত এই সংৰক্ষণ ইছ্যু। কাৰণ, বিৰোধী দলবোৰে, বিশেষকৈ সমাজবাদী পাৰ্টিয়ে অভিযোগ উত্থাপিত কৰিছে যে বিজেপি দল দলিত আৰু অনগ্ৰসৰ সকলৰ শত্ৰু। কাৰণ হিচাপে সমাজবাদী পাৰ্টিয়ে কৈছে যে যিহেতু কেন্দ্ৰীয় চৰকাৰে এটাৰ পিছত এটাকৈ অবিৰাম কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহ বিক্ৰী কৰি আছে আৰু ৰাষ্ট্ৰীয় সংস্থাবোৰ ব্যক্তিগত মালিকৰ হাতত তুলি দিবলৈ ধৰিছে – গতিকে এইবোৰৰ পিছত আছে সংৰক্ষণ বন্ধ কৰি দিয়া। কাৰণ, এতিয়া মাথো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত হে সংৰক্ষণ আছে। অতি সোনকালেই বিজেপিয়ে যেতিয়া চৰকাৰী সংস্থাবোৰ বিক্ৰী কৰি দিব, তেতিয়া সকলোতকৈ আগতে সংৰক্ষণ বন্ধ হৈ যাব। সমাজবাদী পাৰ্টিয়ে উত্থাপন কৰা এনে অভিযোগৰ ফলত কেন্দ্ৰ চৰকাৰ শলঠেকত পৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰা এনে এক ৰায়ৰ অপেক্ষা কৰি আছিল যাতে সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আগ্ৰহী – সেয়া জনাবলৈ সুবিধা হয়! এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ে ৰাজ্য চৰকাৰ সমূহলৈ দায়িত্ব ঠেলি দিয়াত কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে কিছু সকাহ পাইছে।