-দিলীপ দৈমাৰী |
এতিয়া সকলোৰে যেন এক আতংকৰ প্ৰৱাহৰ মাজেৰে সময় অতিবাহিত হৈছে – কম বেছি পৰিমাণে। নতুন দিনৰ সপোন, নতুন অসমৰ সপোন, আৰু সুদিনৰ প্ৰতিশ্ৰুতি, জাতি মাটি ভেটি ৰক্ষাৰ অঙ্গীকাৰ শুকাই কাঠ হৈ পৰিছে। দাৰিদ্ৰৰ আতংক, কৰ’না সংক্ৰমণৰ আতংক, কৰ্মহীনতাৰ আতংক; এইবোৰৰ লগে লগে আকাশে বতাহে নিনাদিত মিথ্যাচাৰ, কোনোদিনে পূৰণ কৰিব নোৱাৰা অঙ্গীকাৰ, একেই গছত কলম দিয়াৰ পিছত পোখা মেলি আগৰ দৰেই ওলাই অহা নতুনত্বহীন ডাল-পাতৰ নাচোন, নাচোনৰ তালে তালে বিবৃতি, আৰু এইবোৰৰ লগে লগে সাম্প্ৰদায়িক বিষ, সামাজিক বিষ আদিয়ে যেন আমাৰ প্ৰাণৰ ভয়কো তুচ্ছ কৰি পেলাইছে। মৃত্যু ভয়ক যেন গ্ৰাস কৰিছে বহু কৌণিক, বহু মাত্ৰিক আতংকই। ৰাম মন্দিৰৰ ৰাজ্যৰ মনীষা বাল্মিকীয়ে আজি আমাৰ চিন্তা-চেতনাক গ্ৰাস কৰি পেলাইছে। হঠাৎ যেন সময় স্তব্ধ হৈ গ’ল। ধৰ্ষক, হত্যাকাৰীসকলক ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰে বিভিন্ন উপকৰণ সন্মুখলৈ লৈ আহিছে। যাৱতীয় পৰম্পৰা, শিষ্টাচাৰ আদিৰো সম্ভৱতঃ অৱশিষ্টই নাথাকিব। এই শাসকেই মেল-মিটিঙত বুদ্ধৰ কথা কয়, ৰামৰ কথা কয় ! ৰাম ভগৱান, ৰাৱণ খলনায়ক; কিন্তু ৰাৱণেও সীতাক যথাযথ মৰ্যদা দি অশোক বনত ৰাখিছিল, ৰাৱণে কাহানিও কোনোবা নাৰীক ধৰ্ষণ কৰা বা বলাৎকাৰ কৰা বুলি আমি পঢ়া নাই! কিন্তু ৰাৱণ হ’ল ৰাক্ষস, আশাৰাম বাপু- ৰাম ৰহিম হ’ল ভগৱানৰ প্ৰতিনিধি! এতিয়া ধৰ্ষকক ৰক্ষণাবেক্ষণ দিয়াৰ নামত চৰকাৰ আৰু তথাকথিত সমাজ যে উঠি পৰি লাগিছে, সেই কাৰ্যই কি প্ৰমাণ কৰে? ইয়াকেই প্ৰমাণ কৰে যে কন্যা- সন্তানে জন্মৰ দিনাৰে পৰাই আতংকৰ প্ৰৱাহৰ মাজেৰে দিন অতিবাহিত কৰিব লাগিব। উত্তৰ প্ৰদেশৰ জঘণ্য গণ ধৰ্ষণ, অত্যাচাৰ, হত্যাই সেই বিষয়ে চকুত আঙুলি লগাই প্ৰমাণ কৰিলে। হাতৰসৰ ধৰ্ষিতা, মৃত মনীষা বাল্মিকীৰ পৰিয়ালৰ অভিযোগৰ পৰা ‘ধৰ্ষণ’ শব্দটো মচি চৰকাৰী বাহিনীয়ে জোৰ কৰি মৃতদেহটো পৰিয়ালৰ পৰা আজুৰি লৈ গ’ল আৰু জ্বলাই দিলে! যি উপমহাদেশত নাৰীক শক্তিৰূপে পূজা কৰা হয়, যি চৰকাৰৰ শ্লোগান হ’ল ‘বেটি বাচাও, বেটি পঢ়াও’ – সেই চৰকাৰৰ, তাকো এগৰাকী ‘মহান যোগী’ যি চৰকাৰৰ মুখ্যমন্ত্ৰী, যিখন ৰাজ্যৰ পৰা নিৰ্বাচিত এগৰাকী নৰোত্তম সাংসদ ভাৰতৰ প্ৰধানমন্ত্ৰী, সেই মোডী-যোগী চৰকাৰৰ বাহিনীয়ে আজিও বিশ্বাস কৰে যে নাৰী হ’ল মাথো ভোগৰ সামগ্ৰী! সচাই, সময় যেন স্তব্ধ হৈ পৰিল! চুইংগাম চোবোৱাৰ দৰে দিনৰ পিছত দিন ধৰি সুশান্ত সিং ৰাজপুত নামৰ কোনোবা এজন বাণিজ্যিক অভিনেতাৰ আত্মহত্যাক কেন্দ্ৰ কৰি দৃষ্টিকটুভাৱে চুইংগাম চোবাই চোবাই জি-ডি-পিৰ ঋণাত্মকতাক ঢাকিবলৈ ঠিকা লোৱা, অৰ্থনীতিৰ লাওলোৱা অৱস্থা ঢাকিবলৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বেলুন ফুলাই ফুলাই নিজৰ গালদুখনো ৰামভক্ত হনুমানৰ দৰেই ফুলাই পেলোৱা মহান সাংবাদিক অৰ্ণৱ গোস্বামীৰ দৰে সাংবাদিক মহলে এতিয়াও ঘটনাটোৰ বিষয়ে শুনাই নাই! কাৰণ তেওঁলোকৰ প্ৰভু ৰামৰ দেশত ঘটনাটো ঘটিছে। সেইবাবেই তেওঁলোকে নেগুৰ পকাই পকাই আসন পাতি তাতেই ধ্যানমগ্ন হৈছে! নিৰ্লজ্জ! ‘মহাবাহু’তেই দেওবাৰে পঢ়িলো, ডা° সুকৃতিয়ে লিখিছে – কিদৰে আগ্ৰাত সৰু সৰু ছোৱালী বিক্ৰী হয়, নীলাম হয়! গাৰ নোম শিয়ঁৰি উঠে। কিন্তু এই ঘটনা কেৱল আজিয়েই হোৱা নাই, পূৰ্বৰ চৰকাৰবোৰৰ দিনতো এনে বিক্ৰী, নীলাম, হত্যা, ধৰ্ষণ চলি আছিল । এগৰাকী যোগীৰ আমোলত এনে বাতাবৰণ নাইকীয়া হৈ যাব লাগিছিল। সমগ্ৰ উত্তৰ প্ৰদেশত এক সুকীয়া বাতাৱৰণ মোডী-যোগীয়ে কৰি উপমহাদেশৰ মানুহক দেখুৱাই দিব পাৰিব লাগিছিল! মুখত ৰামৰ নাম, সীতাৰ নাম, ‘গঙ্গা-মাইয়া’ৰ নাম; কিন্তু ধৰ্ষিতা- হত্যাৰ বলি মনীষাৰ মৃতদেহ সেই মোডী-যোগীৰ চৰকাৰী বাহিনীয়ে টানি আজুৰি কিদৰে জ্বলাই দিব পাৰে? এয়া কেনে মানসিকতা বিৰাজ কৰিছে সমাজত? চৰকাৰৰ বিভিন্ন বিভাগত? ৰাজনৈতিক স্বাৰ্থত কেৱল কংকণা ৰাণাৱতক Y – catagory সুৰক্ষা দিলেই ‘বেটি বাচাও’ সফল নহয়।
ভাৰতৰ অৱস্থা বহুদিনৰে পৰাই ভাল নহয়। সপোন বিক্ৰী কৰা ফেৰিৱালাৰ দিনত ভাৰতৰ অৱস্থা মধুপুৰ সত্ৰসদৃশ হৈ পৰিল। সুদিনৰ কথা কৈ সপোন বিক্ৰেতা মোডীয়ে বিমুদ্ৰাকৰণ কৰিলে, ঘোষণা কৰিলে যে ক’লা ধন উদ্ধাৰ হ’ব। ইয়াৰ আগতে সকলোৰে বেংক একাউণ্টত ১৫ লাখ টকা ভৰাই দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল। কি হ’ল সকলোৱে জানেই। ইয়াৰ পিছত জি-এছ-টি, তাতো ব্যৰ্থ মোডী। অৰ্থনৈতিক অৱস্থা ঢাকিবলৈ , মানুহক ব্যস্ত কৰি ৰাখিবলৈ ‘আধাৰ কাৰ্ড’, পেটেলৰ মূৰ্তি, ৰাম মন্দিৰ, কাশ্মীৰ, পাকিস্তান, চীন, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, ‘কেব’, ‘কা’, আৰু যে কিমান কি! কিন্তু কাৰ্যতঃ অকৰ্মণ্য এই মোডী চৰকাৰে ভাৰতৰ সম্পত্তি বিক্ৰী কৰি চলি আছে, আৰু সকলোকে ভিক্ষাৰী কৰি তুলিছে। ৰেল বিক্ৰী, বিমানবন্দৰ বিক্ৰী, ৰাজহুৱা প্ৰতিষ্ঠান এটাৰ পিছত এটাকৈ বিক্ৰী, এতিয়া বিদ্যুত বিভাগটোও বিক্ৰীৰ পথত…!এক মহা আতংক সৰ্বদিশে। উৎপাদন নাই, চাকৰি নাই, কৰ’নাৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা দৌৰিয়েই আছে ধূলি উৰুৱাই, ..এনে এক পৰিস্থিতিত ভাৰতৰ মহান প্ৰধানমন্ত্ৰীৰ বিশ্বাসৰ পাত্ৰী নিৰ্মলা সীতাৰমণে ক’লে – এইবোৰ হ’ল “দৈৱ-দুৰ্যোগ”! আৰু কিবা লাগে? মহম্মদ বিন তোগলকৰ দৰে হঠাৎ বিমুদ্ৰাকৰণ, হঠাৎ লক-ডাউন; যেন ল’ৰা-ধেমালি! ষ্টেচনত চাহ বিক্ৰী কৰা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয়ত ঝাড়ু দিয়া, নিবনুৱাক ‘পকোৰা’ বিক্ৰী কৰিবলৈ উপদেশ দিয়া, আৰু ৰিজাৰ্ভ বেংকত ঝাড়ু দি ধন উলিয়াই নিয়া তথা ভাৰতৰ বিভিন্ন ৰাজহুৱা সম্পত্তি বিক্ৰী কৰা – একেধৰণৰ কথা নহয়। লক-ডাউনৰ সময়ত পদব্ৰজে যাত্ৰা কৰা লক্ষ লক্ষ শ্ৰমিকৰ দুৰ্দশাক সম্পূৰ্ণ পিঠি দিয়া, কিন্তু বিপদ সমাগত বুলি জানিও কৰ’না ভাইৰাছৰ প্ৰসাৰৰ সময়ত ট্ৰাম্পক আদৰা – এইবোৰেই প্ৰমাণ কৰে যোগ্যতা। আজি কেনে অৱস্থা হৈছে ভাৰতত? এক অভাৱনীয় পৰিস্থিতি। অৰ্থনৈতিক পৰিস্থিতি , কৰ’নাসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি হঠাৎ নতুন শিক্ষা-নীতি ঘোষণাৰে চমক, হঠাৎ কৃষি বিল, হঠাৎ নতুন দিল্লীত নতুন সংসদ ভৱন নিৰ্মাণৰ পৰিকল্পনা, হঠাৎ ….!
কৃষি বিলৰ প্ৰতিবাদকল্পে খেতিয়কে জ্বলোৱা ট্ৰেক্টৰৰ ধোঁৱা আকাশত বিলীন হোৱাৰ আগতেই মোডী-যোগীৰ দুয়োখন চৰকাৰৰ গৱেষণাগাৰ স্বৰূপ উত্তৰ প্ৰদেশত গণ-ধৰ্ষণ কৰি মনীষাৰ জিভা কাটি পেলোৱা হ’ল, কান্ধৰ হাঁড় ভাঙি দিয়া হ’ল, ৰাজহাড় ভাঙি দিয়া হ’ল! এই ঘটনাক কিদৰে বিশ্লেষণ কৰিব পাৰি? আৰু সেই মনীষাৰ মৃতদেহ আজুৰি নি চৰকাৰে জ্বলাই দিলে!
ধৰ্ষণকাৰী, হত্যাকাৰী, মোডী-যোগীৰ চৰকাৰী বাহিনীৰ এনে অমানৱীয় ঘটনাক বহুতেই ‘পাশৱিক ঘটনা’ বুলি কৈ থকা আমাৰ চকুত পৰিছে। এইক্ষেত্ৰত ইয়াকে কওঁ যে ‘পাশৱিক ঘটনা’ শব্দ দুটা উপমা হিচাপে যথাযথ হ’ব নোৱাৰে। কাৰণ পশুৱে ধৰ্ষণ নকৰে, পশুৱে জিভা নাকাটে ( কামুৰি নিছিঙে), পশুৱে দলৱদ্ধ ধৰ্ষণ নকৰে, পশুৱে সঙ্গিনীক অত্যাচাৰ নকৰে, পশুৱে …! গতিকে পশুক অপমান কৰা উচিত নহয়। ৰাৱণকো অপমান কৰা উচিত নহয়।
পিছে ‘ৰামৰাজ্য’ত এতিয়া কি হ’ব?
ইতিপূৰ্বে যিদৰে অন্যান্য সমস্যাক ঢাকোন দিয়া হৈছিল, মনীষাৰ ঘটনাটোকো হয়তো পুনৰ বেলেগ ঘটনাৰে ঢাকোন দিয়া হ’ব।
কি যে এক বীভৎস পৰিস্থিতি! কোনফালে চাব?
এইবোৰৰ লগতে অসমৰ শতাধিক সমস্যা আছেই। কি কৰিব পাৰি? আহক, সপোনৰ ফেৰিৱালাই যে আমাক শিকাইছিল – আমি সেইদৰে আজি থাল, কাঁহী, ঘন্টা, পেঁপা, ঢোল বজাও..!