চক্ৰবেহুত ইউক্ৰেনঃ তিনিদিশ আৰু আকাশৰ পৰাও আক্ৰমণ ৰাছিয়াৰ
• অৰবিন্দ ৰাভা
অৱশেষত আশংকা সত্য হৈ পৰিল। হয়, ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত এতিয়া যুদ্ধ চলিছে। সমগ্ৰ বিশ্বৰ নাগৰিকে কৰ’নাৰ তিনিটাকৈ ঢৌ অতিক্ৰম কৰাৰ পিছত যি পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈছে, তাৰে পটভূমিত এনে এখন ভাতৃঘাতী যুদ্ধ সচাকৈয়ে কামনা কৰা নাছিল। চকুৰ সন্মুখত বিৱৰ্ণ ছৱিবোৰ ভাঁহি আছে আফগানিস্তানৰ, ছিৰিয়াৰ, ইৰাকৰ, ইথিওপিয়াৰ, ছোমালিয়াৰ,…; আৰু লক্ষ লক্ষ জনৰ প্ৰাণ হৰণ কৰি সমগ্ৰ বিশ্বৰ ককাঁল ভাঙি দিয়া কৰ’নাক্ৰান্ত অকল্পনীয় পৰিস্থিতিৰ। এনে এক সময়ত যুদ্ধ!
ইতিমধ্যে মস্কোৰ ক্ষেপনাস্ত্ৰই আঘাত হানিছে কিয়েভত। কিয়েভেও আত্মসন্মান ৰক্ষাৰ বাবে, স্বাধীনতা ৰক্ষাৰ বাবে ৰাছিয়াৰ সৈন্যবাহিনীৰ আক্ৰমণৰ উত্তৰ দি আছে। ৰাছিয়াৰ বিমান আৰু হেলিকপ্তাৰ কিয়েভে ভূ-পতিত কৰা বুলি বাতৰি আহি আছে। মুহুৰ্তে মুহুৰ্তে চাঞ্চল্য বৃদ্ধি পাইছে। কিন্তু ৰাছিয়াই, বা পুটিনে কিয় আৰম্ভ কৰিলে এই সমৰখন?
বিশেষজ্ঞসকলে ধাৰণা কৰিছেঃ
১) বিগত কেইটামান বছৰ ধৰি ইউক্ৰেনত চৰকাৰী বাহিনীৰ সৈতে ‘ৰাছিয়াৰ সাহায্যপুষ্ট’ বিদ্ৰোহীসকলৰ যুদ্ধ চলি আছে আৰু এই পৰিস্থিতি গুৰুতৰ হৈ পৰিছে ২০১৪ চনৰ পিছৰে পৰাই। সেইবছৰ হোৱা নিৰ্বাচনত ইউক্ৰেনৰ নাগৰিকসকলে ৰুছপন্হী এজন নেতাক ইউক্ৰেনৰ সৰ্বোচ্চ পদৰ পৰা আতৰ কৰিছিল ভোটাধিকাৰৰ সহায়ত। এই ঘটনা ৰাছিয়াৰ হজম হোৱা নাছিল। গতিকে মস্কোই ক্ৰিমিয়া দখল কৰিছিল। সেই তেতিয়াৰ পৰাই ৰাছিয়া ক্ষুব্ধ বুলি কোৱা হয়।
২) সেই ঘটনাৰ পিছত ৰাছিয়াৰ বিৰূদ্ধে আমেৰিকাই ভালেমান নিষেধাজ্ঞা জাৰি কৰিছিল যদিও ৰাছিয়াই নিজৰ ৰণোন্মত্ত আচৰণৰ কোনো পৰিৱৰ্তন কৰা নাছিল। ৰাছিয়াই তেতিয়াৰ পৰাই ইউক্ৰেনৰ বিচ্ছিন্নতাবাদী বিদ্ৰোহীসকলক সাহায্য কৰিবলৈ আৰম্ভ কৰে। বিদ্ৰোহীসকলৰ উদ্দেশ্য আছিল পূব-ইউক্ৰেন দখল কৰি সুকীয়া ৰাষ্ট্ৰ গঠন কৰা। বিদ্ৰোহীসকলৰ এনে কাৰ্যই ইউক্ৰেন চৰকাৰক অসন্তুষ্ট কৰি তুলিছিল। গতিকে ইউক্ৰেন চৰকাৰে দ্বাৰস্থ হৈছিল ‘ন্যাটো’ৰ। তেতিয়াই সমগ্ৰ ঘটনাই এক সুকীয়া মাত্ৰা লাভ কৰে।
৩) ন্যাটোৰ সৈতে যিমানেই আলোচনা আগবাঢ়িছিল, সিমানেই ৰাছিয়াৰ ক্ষোভ বৃদ্ধি পাইছিল। বিগত কেইবছৰমানত ইউক্ৰেনৰ সেনা আৰু ৰাছিয়াৰ সাহায্যৰে বলীয়ান ইউক্ৰেনৰ বিদ্ৰোহীসকলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত প্ৰায় ১৪০০০ মানুহৰ মৃত্যু হৈছিল। এই মৃত্যুৰ পটভূমিত যুদ্ধৰ আশংকা বৃদ্ধি পাইছিল।
৪) প্ৰকৃততে ৰাছিয়াই প্ৰতিক্ষেত্ৰতে প্ৰতিপক্ষক বেকায়দাত পেলাবলৈ সক্ষম হয় ‘ষ্ট্ৰেটেজিক ডেফ্ট’ক কামত লগাই। সেই কৌশল মূলতঃ কি? সেই কৌশল হ’ল- ৰাছিয়া এখন বিশালতম দেশ, আৰু ভৌগোলিক ভাবে শত্ৰুৰ বাবে অতি দুৰ্গম। প্ৰতিপক্ষ ৰাছিয়াৰ ভিতৰত কিবাকৈ সোমাবলৈ সক্ষম হ’লেও ৰাছিয়াৰ বিশাল সৈন্যবাহিনীয়ে বিশাল বিশাল পথাৰৰ শস্যত অগ্নি-সংযোগ কৰি প্ৰতিপক্ষক তছনছ কৰি দিব পাৰে, অইনবোৰ কৌশল বাদ দিলেও। ৰাছিয়াই কৌশলগত কাৰণতেই ইউক্ৰেন দখল কৰি পূব ইউৰোপ আৰু ৰাছিয়াৰ মাজত এক ‘বাফাৰ জোন’ কৰিবলৈ বিচাৰি আছে বহুদিনৰে পৰাই। সেইকাৰণে পুটিন নাচোৰবান্দা! যিয়ে যি কয়, কৈ থাকক, পুটিনে গুৰুত্বই দিয়া নাই।
৫) বিগত কেইবছৰমান ধৰি দুয়ো দেশৰ মাজত সম্পৰ্কৰ উত্তাপ ক্ৰমশঃ বৃদ্ধি পাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এও পুটিনক সকিয়নি দিবলৈ আৰম্ভ কৰে। পুটিনেও উভতি ধৰি উত্তৰ দিবলৈ ধৰে। যোৱা সোমবাৰে, ২১/০২/২০২২ তাৰিখে পুটিনে ইউক্ৰেনৰ ডোনেৎস্ক আৰু লুহান্সক স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰে। সেইদিনাৰ পৰা আশংকা বৃদ্ধি পাইছিল আৰু আজি যুদ্ধ আৰম্ভ হৈ গ’ল।
আজি ৰাছিয়াৰ সৈন্যবাহিনীয়ে তিনি দিশৰ পৰা ইউক্ৰেনক ঘেৰি লৈ আক্ৰমণ আৰম্ভ কৰে। যুদ্ধবিমানৰ দ্বাৰা ইউক্ৰেনৰ চহৰবোৰতো নিক্ষেপ কৰা হৈছে ক্ষেপনাস্ত্ৰ। কিয়েভ অভিমুখে ৰাওণা হৈছে ৰাছিয়াৰ পদাতিক বাহিনী। আজাকিভ বন্দৰতো আক্ৰমণ কৰিছে ৰাছিয়াৰ সৈন্যই। ইতিমধ্যে ইউক্ৰেনৰ লুহানস্কৰ দুখন চহৰ ৰাছিয়াই দখল কৰিছে আৰু ২৩ খন প্ৰদেশত আক্ৰমণ কৰি আছে। আকাশৰ পৰা পেৰাট্ৰুপাৰ নামিছে। সমগ্ৰ ইউক্ৰেনত এতিয়া বাৰুদৰ গোন্ধ, আতংকত কম্পমান ইউক্ৰেনৰ নাগৰিকসকল!
ৰাছিয়াৰ এই পদক্ষেপে সমগ্ৰ বিশ্বক ক’লৈ লৈ যায় – সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। কৰ’নাক্ৰান্ত সময়ৰ পিছৰ এই যুদ্ধ সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে হৈ পৰিব এক মহাদুৰ্যোগ। ই হৈ পৰিব মহা-অভিশাপ! ইতিমধ্যে বিশ্বৰ খাৰুৱা তেলৰ বজাৰতো সাংঘাতিক প্ৰভাৱ পৰিছে আৰু ভাৰতৰ শ্বেয়াৰ বজাৰ ৰক্তাক্ত হৈ পৰিছে।
(২৪-০২-২০২২, ভাৰতীয় সময়- আবেলি ৫-৩০, সহায় লৈ)