-*মহাবাহু |
আলজেৰিয়া : তেওঁৰ নাম তাহেক লেবিব বাৰিখা। ২৫ বছৰ পূৰ্বে তেওঁৰ জন্ম হৈছিল শৰণাৰ্থী শিবিৰত। সেইসময়ত পশ্চিম চাহাৰাৰপৰা কেইবাহাজাৰ মানুহক সীমান্ত পাৰ কৰি পঠিয়াই দিয়া হৈছিল আৰু তেওঁলোকে ছাহৰাই শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈছিল। বহু কষ্টৰ মাজেৰে সেই শিবিৰত ডাঙৰ-দীঘল হৈ উঠিছিল তাহেক লেবিব বাৰিষা। শিবিৰৰ মুধচ দস্তাৰে প্ৰস্তুত—গৰমৰ দিনত দেহ পুৰি যায়। বাৰিষা পানী সোমায়। তদুপৰি আছে চাহাৰাৰ বালিৰ ধুমুহা। জীয়াই থকাই সমস্যা!
এনে এক প্ৰতিকূল পৰিৱেশত থাকিও প্ৰযুক্তি বিজ্ঞান বিভাগত বিশেষ পাৰদৰ্শী, শ্ৰেষ্ঠ ছাত্ৰ হৈ উঠিছিল তাহেক। ৰাষ্ট্ৰসংঘৰ শাখা শিবিৰ ‘ইউনাইটেড নেশ্যনছ ৰিফিউজি এজেন্সী’য়ে তেওঁক বিশেষ বৃত্তি দি পুনৰ্ব্যৱহাৰকাৰী দ্ৰব্য সংযুক্তিকৰণৰ ক্ষেত্ৰত বিশেষ শিক্ষা দিছিল। সেই শিক্ষাক আশ্ৰয় কৰি নিজৰ জন্মভূমি ছাহৰাই মৰুভূমিৰপৰা কিছু দক্ষিণত ছাৰোয়ই শৰণাৰ্থী শিবিৰৰ চিত্ৰ সলনি কৰি পেলালে তাহেকে। এতিয়া সেই শিবিৰত গৰমৰ দিনত থাকিবলৈ কষ্ট নহয়, বৰ্ষাত পানী নপৰে ছাদৰ পৰা, মৰু ধুমুহাতো ঘৰৰ ভিতৰত থকা মানুহবোৰ আক্ৰান্ত নহয়।
তাহেকে এনে কাৰ্য সম্ভৱপৰ কৰিছে পেলনীয়া প্লাষ্টিকৰ বটলৰদ্বাৰা। শৰণাৰ্থী শিবিৰত এটাৰ পিছত অইনটো ঘৰ তৈয়াৰ কৰিছে তাহেকে। প্লাষ্টিকৰ বটলৰদ্বাৰা নিৰ্মাণ কৰা বাবে সূৰ্যত তাপ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। বটলৰ ৰং বগা হোৱা হেতুকে প্ৰায় ৯০% সূৰ্য ৰশ্মি প্ৰতিফলিত হৈ উভতি গৈছে। গতিকে ঘৰৰ ভিতৰত সিমান তাপ অনুভৱ হোৱা নাই।
প্ৰায় ২ বছৰ পূৰ্বে তাহেকে তেওঁৰ শিক্ষাগত যোগ্যতাৰে তৈয়াৰ কৰা এই পুনৰ্ব্যৱহাৰ্য প্লাষ্টিকৰ ঘৰ নিজৰ ৭০ বছৰৰ ঊৰ্ধ্বৰ আইতাকক উপহাৰ দিছিল। সেই ঘৰটোৱে ৰাষ্ট্ৰসংঘৰদ্বাৰা ভূয়সী প্ৰশংসা পায়। কেৱল পৰিৱেশ ৰক্ষাৰ বাবেই নহয়, এনে ঘৰ তৈয়াৰ কৰিবলৈ আৰ্থিকভাৱেও উজু। ৰাষ্ট্ৰসংঘই কৈছে যে যিক্ষেত্ৰত শৰণাৰ্থী শিবিৰৰ এটা ঘৰ তৈয়াৰ কৰোতে প্ৰায় ২৫০০ আমেৰিকান ডলাৰ প্ৰয়োজন হয়, সম্প্ৰতি তাহেকৰ ঘৰ এটাত খৰচ হৈছে ৩০০ ডলাৰৰ কম। ইতিমধ্যে ২০০০ শৰণাৰ্থীক তাহেকৰদ্বাৰা তৈয়াৰী ঘৰলৈ স্থানান্তৰিত কৰা হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা ৰাষ্ট্ৰসংঘই সংগ্ৰহ কৰা বটল প্ৰেৰণ কৰি আছে তাহেকলৈ। তাহেকৰ প্ৰযুক্তিক স্বীকৃতি দিছে ফ্ৰান্সৰ লাচ্ পালমাচ্ দ্যাঁ গ্ৰ্যান কানাৰিয়া বিশ্ববিদ্যালয়ে আৰু বিশ্ববিদ্যালয়ৰ সকলোবোৰ বিভাগে তেওঁক সহযোগ কৰিছে।