ডাইনী
• দিলীপ দৈমাৰী
কিছুমান মানুহৰ ধাৰণা হ’ল ‘ডাইনী‘ হ’ল স্ত্ৰী-জাতি আৰু ডাইনী সমাজত বিদ্যমান! যদিও ‘ডাইনী’ বুলি একো নাই, তথাপিও পুৰুষ শাসিত সমাজত ‘ডাইনী’ বুলি সন্দেহ কৰি বিচাৰৰ কাঠগৰাত থিয় কৰাই বছৰৰ পিছত বছৰ ধৰি ভাৰতবৰ্ষ উপমহাদেশৰ বিভিন্ন ঠাইত অজস্ৰ মহিলাক হত্যা কৰা হৈছে। অসমো তাৰ ব্যতিক্ৰম নহয়। কিন্তু সাম্প্ৰতিক তথ্যৰ মাধ্যমেৰে জানিব পৰা গৈছে যে এই যুগতো ভাৰতবৰ্ষৰ যি স্থানত ‘ডাইনী’ বুলি সন্দেহ কৰি সৰ্বাধিক হত্যা কৰা হৈছে – সেই স্থান হ’ল ঝাড়খণ্ড।
২০০০ চনত বিহাৰৰ পৰা ফালি নতুন ৰাজ্য হিচাপে ঝাড়খণ্ড গঠন কৰা হয়। সেই ২০০০ চনৰ পৰা এতিয়ালৈ ঝাড়খন্ডত কেৱল ‘ডাইনী’ বুলি সন্দেহ কৰি ১০০০ হত্যা কৰা হৈছে। এই ১০০০ সংখ্যাৰ ৯০% হ’ল মহিলা! অৰ্থাৎ প্ৰতিদিনে ঝাড়খন্ডত গড়ে ‘ডাইনী’ অপবাদ দি ৫ গৰাকীক হত্যা কৰা হয়। এই তথ্য প্ৰকাশ কৰিছে ঝাড়খণ্ড পুলিচে। এই শতিকাত ইয়াতকৈ লজ্জাজনক কথা কি হ’ব পাৰে?
২০২১ চনত ঝাড়খন্ডৰ পিছপৰা সম্প্ৰদায়ৰ মহিলা তথা সমাজকৰ্মী চুতনি মাহাতোক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। বৰ্তমানৰ ঝাড়খণ্ড হোৱা ৰাজ্যখনৰ চৰাইখোলা-খাৰচোৱান জিলাৰ ভোলাদিহি গাওঁত ১৯৫৯ চনত তেওঁৰ জন্ম হৈছিল। ৯০ ৰ দশকত তেওঁ বিবাহপাশত আৱদ্ধ হয়। এটা সন্তানৰ মাতৃও হয় তেওঁ। সন্তান জন্ম হোৱাৰ কিছুদিন পিছত তেওঁৰ স্বামীৰ মৃত্যু হয়। সেয়া ১৯৯৫ চন। পৰিয়ালৰ দ্বাৰাই চুতনি মাহাতোক ‘ডাইনী’ অপবাদ দিয়া হয়। গাঁওখনৰ এটা ল’ৰা অসুস্থ হোৱাৰ পিছত গাঁওবাসীয়ে তেওঁক অপবাদ দি ৪০/৫০ জনীয়া দল এটাই তেওঁৰ ঘৰলৈ আহি অকথ্য নিৰ্যাতন কৰে। তেওঁক ‘ডাইনী’ বুলি ঘোষণা কৰা হয়। বহু কেইজন পুৰুষে একেলগে চুতনিৰ মুখত প্ৰস্ৰাৱ কৰে। তেওঁৰ ঘৰ আৰু মাটিটুকুৰা দখল কৰে। তাৰপিছত তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰম্ভ হয়। তাতেই শেষ নহয়, তেওঁক অৰ্দ্ধ-উলঙ্গ কৰি গাঁওখনত ঘূৰোৱা হয়। বলপূৰ্বক প্ৰস্ৰাৱ পান কৰোৱা হয়। কিবাপ্ৰকাৰে প্ৰাণ ৰক্ষা কৰি সেইদিনাই তেওঁ পিতৃগৃহলৈ পলায়ন কৰে।
তাৰপিছত আৰম্ভ হয় নতুন যাত্ৰা। তেওঁ পুলিচৰ ওচৰলৈ যায়। পুলিচে প্ৰথমতে তেওঁৰ অভিযোগ গ্ৰহণ কৰিবলৈ অনিচ্ছুক হোৱাত তেওঁ থানাৰ সন্মুখত ধৰ্ণাত বহে। এটা সময়ত পুলিচ বাধ্য হয় অভিযোগ গ্ৰহণ কৰিবলৈ। ইয়াৰ পিছত পৰৱৰ্তী দুটা দশক তেওঁ নিৰলসভাৱে ‘ডাইনী’ প্ৰথাৰ বিৰুদ্ধে সংগ্ৰাম কৰে। কমেও ১০০ গৰাকী মহিলাক তেওঁ ৰক্ষা কৰে। চুতনি মাহাতৰ জীৱনক আধাৰ হিচাপে লৈ ২০১৪ চনত বলিউদত নিৰ্মাণ কৰা হয় ‘কালা চচ্ – দ্যা ডাৰ্ক ট্ৰুথ’ নামৰ ছৱিখন। কিন্তু চুতনি মাহাতোই কিমানক ৰক্ষা কৰিব! কেৱল ২০২১ চনতেই ঝাড়খণ্ডত ডাইনী বুলি সন্দেহ কৰি ২৪ জনক হত্যা কৰা হৈছে। ২০২০ চনত কৰ’নাৰ পটভূমিত লকডাউন হোৱা হেতুকে হত্যা কম সংখ্যক হৈছিল। ২০১৯ চনত ২৭ গৰাকী মহিলাক হত্যা কৰা হৈছিল। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য অনুসৰি ২০১৬-২০১৯ চনৰ ভিতৰত ডাইনী বুলি সন্দেহ কৰি ঝাড়খন্ডত ৩৭২ গৰাকীক হত্যা কৰা হৈছিল। যোৱা ২ জানুৱাৰী, ২০২২ তাৰিখেও ঝাড়খন্ডৰ লুকিয়া গাওঁত ডাইনী বুলি সন্দেহ কৰি এগৰাকী মহিলাক স্থানীয় পঞ্চায়ত প্ৰধানৰ নেতৃত্বত প্ৰচন্ড অত্যাচাৰ কৰা হয়। মাতৃক ৰক্ষা কৰিবলৈ যোৱা দুই পুত্ৰকো নিৰ্মম প্ৰহাৰ কৰা হয়, এজনৰ এটা চকু নষ্ট হৈ যায়। অৰ্থাৎ, এতিয়াও ঝাড়খন্ডকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন স্থানত পুৰাদমে চলি আছে ডাইনী প্ৰথাৰ নামত হত্যা আৰু নিৰ্মম নিৰ্যাতন। সচাকৈয়ে, কি বিচিত্ৰ এই ভাৰতবৰ্ষ !!
(শিৰোনামৰ ছৱি ‘দ্যা হিন্দু’ৰ সৌজন্যত)