“প্ৰাচীন কামৰূপৰ ইতিহাস“ৰ ‘অনুবাদকৰ টোকা‘
অঞ্জন শৰ্মা
অনুবাদকৰ টোকা
“But have you ever considered how fast you are really moving when it seems you are not moving at all”
(আমি যেতিয়া অলসভাৱে স্থিৰ হৈ বহি থাকো, শুই থাকো, গতিহীন অৱস্থাত থাকো—তেনে অৱস্থাত আমি কেতিয়াবা ভাবোনে যে আমি দৰাচলতে তীব্ৰগতিৰে সময় অতিবাহিত কৰি আছো?)
মহাকাশচাৰী তথা অধ্যাপক এণ্ড্ৰু ফ্ৰেংকনই-য়ে ওপৰৰ প্ৰশ্নটো কৰিছিল আৰু তেওঁ নিজৰ ৰচনা “How fast are you moving when sitting still”-খনত কৈছিল—কেতিয়াবা আমি যি যি প্ৰত্যক্ষ কৰো, ভাবো, চিন্তা কৰো, সঁচা বুলি ভাবো, সেইবোৰ কেতিয়াবা একেবাৰে ওলোটা হয়। এখন আৰামী চকীত অলসভাৱে বহি এই শব্দবোৰ পঢ়ি থকাৰ সময়ত আপুনি নিশ্চিতভাৱে ভাবি আছে যে আপুনি স্থিৰ হৈ বহি আছে বা বিশ্ৰাম লৈ আছে; কিন্তু সেয়া নহয়, আপুনি হাতীপটি বা ছায়াপথ বা স্বৰ্গগংগাৰ অংশীদাৰ হিচাপে মহাশূন্যত প্ৰতি ঘণ্টাত ২১ লাখ কিলোমিটাৰ বেগেৰে গতি কৰি আছে আৰু তাৰ লগতে এই হিচাপটোও জানিব লাগিব যে একে সময়তে নিজৰ কাল্পনিক মেৰুদণ্ডৰ চাৰিওফালে ঘূৰি আছে তথা তেনেদৰে ঘূৰি ঘূৰিয়েই সূৰ্যৰ চাৰিওফালে প্ৰতি ঘণ্টাত ১০৭০০০ কিলোমিটাৰ গতিবেগেৰে পৰিভ্ৰমণ কৰি আছে আৰু সৌৰমণ্ডলৰ পৰিয়ালটোক লগত লৈ সূৰ্যই হাতীপটিৰ চৌপাশে প্ৰতি ঘণ্টাত ৭৯২০০০ কিলোমিটাৰ বেগেৰে ধাৱমান হৈ আছে।
ওপৰৰ ‘পেৰাগ্ৰাফ’টো পঢ়াৰ বাবে আপোনাৰ প্ৰায় ২০ ছেকেণ্ড সময় খৰচ হ’ল, আপুনি গমেই নাপালে যে সেইখিনি সময়তে আপুনি তীব্ৰ গতিৰে মহাশূন্যত অতিক্ৰম কৰিলে বহু হাজাৰ কিলোমিটাৰ। মহাকাশচাৰী এণ্ড্ৰু ডাঙৰীয়াই কৈছে—“Each successive discovery that led to the calculations above—that the earth is just one of many planets circling the sun; that the sun is just an average, middle-aged star in the Milky Way Galaxy; that the galaxy itself is just one of at least a hundred billion galaxies—made some humans feel little smaller while the wiser ones felt a new sense of awe at the size and majesty of what we are all a part of.”
ওপৰৰ কথাখিনি মাথোঁ মহাজাগতিক লীলা-খেলাৰ ক্ষেত্ৰতেই প্ৰযোজ্য নহয়, ভূবিজ্ঞান, ইতিহাস, জীৱবিজ্ঞান, উদ্ভিদবিজ্ঞান আদি বিভিন্ন ক্ষেত্ৰতো প্ৰযোজ্য; উদাহৰণস্বৰূপে, ডাৰউইনে ‘বিৱৰ্তনৰ তত্ত্ব’ৰে সকলোকে ‘শ্বক্’ দিছিল, আইনষ্টাইনেও ‘আপেক্ষিকতাবাদৰ সূত্ৰ’ৰে সকলোকে ‘শ্বক্’ দিছিল, …। সেইবাবেই, আত্মানুসন্ধানৰ বাবেই, ইতিহাসৰ বক্ষতো বিচৰণ কৰা অতি প্ৰয়োজন—এক নতুন দৃষ্টিভংগীৰে, নতুনকৈ কথাবোৰ চালি-জাৰি চাবলৈ।
# #
‘‘যথা ৰাজা পালে। তথা বসতি ভালে।।
ৰজা নাই পাটত। ধৰি কিলায় বাটত।।’’
‘‘চাউল দিবা যেতেক। পানী দিবা তিনি তেতেক।।
যেৱে দেখা নিসিজে চাউল। তেৱে বুলিবা ডাকক বাউল।।’’
‘‘পকা তেঁতেলী বুঢ়া বৰালি। বিস্তৰ কৰি দিবা জালি।।
কাঢ়ি থৈ দিবা টেঙা জোল। খাবৰ বেলা মূৰ নোতোল।।’’
[ডাকৰ বচন]
# #
আমাৰ এটা ভূখণ্ডৰ ইতিহাসৰ সৈতে বৌদ্ধ ধৰ্মৰ প্ৰভাৱত সাহিত্যৰ অন্তৰ্গত ‘চৰ্যাপদ’ৰ যিদৰে অপৰিসীম গুৰুত্ব আছে, একে ধৰণৰ গুৰুত্বপূৰ্ণ সাহিত্য হ’ল ‘ডাকৰ বচন’।
আমাৰ অঞ্চলটোৰ বাহিৰেও ডাকৰ বচনসমূহ বংগ আৰু উৰিষ্যাতো প্ৰচলিত আৰু তাৰদ্বাৰাই প্ৰমাণিত হয় যে যি সময়ত ‘বংগ’ৰ কোনো অস্তিত্বই নাছিল—সেই সময়ত প্ৰাচীন কামৰূপ দেশে কিদৰে আজিৰ বংগ-উৰিষ্যাক বাহু মেলি নিজৰ চাৰিসীমাত অন্তৰ্ভুক্ত কৰি ‘ডাকৰ বচন’ৰ দৰে অপূৰ্ব জ্ঞান-প্ৰতিভা বিয়পাই দিবলৈ সক্ষম আছিল আৰু সেই সময়ৰ কামৰূপত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ কেনে আছিল।
আজিৰ বংগই ‘ডাক’ক ‘বংগেৰ ছক্ৰেটিছ’ বুলি কয়, উৰিষ্যায়ো ‘ডাক’ক উৰিষ্যাৰ লোক বুলি কয়; কিন্তু ডাক জন্মিছিল বৰ্তমানৰ বৰপেটা জিলাৰ ‘লেহি’ নামৰ সৰু গাঁৱত—যিখন গাঁও আছিল এসময়ত সমৃদ্ধিশালী ‘লেহিডঙৰা গাঁও’, এতিয়াও সেইখন গাঁৱক ‘ডাকৰ গাঁও’ বুলি কোৱা হয়। কিন্তু আজিৰ প্ৰজন্মই গুগলৰ মানচিত্ৰত বিচাৰিলে পাবনে বাৰু ‘ডাকৰ গাঁও’? বৰপেটা জিলাত থকা ‘ডাকৰ গাঁও’!?
আজিৰ অসমখনৰ সামগ্ৰিক পৰিস্থিতি হৈ পৰিছে এখন দুৰ্বোধ্য বহুৰঙী তৈলচিত্ৰ, এখন জটিলতম ‘কেনভাচ’—যিখনত ইংৰাজে তুলিকাৰে ৰং সানি দিছিল ‘ইয়াণ্ডাবু সন্ধি’ৰ পিছত, ৰং সানি দিছিল চাদুল্লাই, ৰং সানি দিছিল জৱাহৰলাল-বল্লভভাই পেটেলে, দেৱকান্ত বৰুৱাই, ৰায়চাহাব-ৰায়বাহাদুৰসকলে, বিভিন্ন ৰাজনৈতিক দলে আৰু সাম্প্ৰতিক কালত নৰেন্দ্ৰ মোডী-অমিত শ্বাহ আৰু তেওঁলোকৰ পদলেহনকাৰী আধুনিক ৰায়চাহাব-ৰায়বাহাদুৰ তথা ক্ষমতালোভীসকলে। বিস্মৃতিৰ অতল গহ্বৰলৈ ঠেলি দিয়া হৈছে আমাৰ ইতিহাসক, আমাৰ বৰ্ণোজ্জ্ৱল সভ্যতা-সংস্কৃতিক, ভাস্কৰবৰ্মা-পৃথু-নৰনাৰায়ণ-চিলাৰায়-সৰ্বানন্দ সিংহ-ৰুদ্ৰসিংহ-লাচিত বৰফুকনক; এক নজিৰবিহীন পৰিকল্পিত আক্ৰমণ বিভিন্ন দিশৰপৰা চলি আছে আৰু ভূখণ্ডত নিষ্প্ৰভ হৈ পৰিছে আমাৰ গৰিমা, বাংলাদেশী-পূব পাকিস্তানী-পূৰ্ববংগীয়-‘ভাৰতীয়’—বিভিন্ন আক্ৰমণ, সকলো ক্ষেত্ৰত; ককবকাই আছে খিলঞ্জীয়াই সমস্যাৰ মহাসমুদ্ৰত, চৌদিশে সমস্যাৰ ঢৌ আৰু ঢৌ, প্ৰত্যক্ষ হোৱা নাই নিৰাময়ৰ পথ, জাহাজ, অভিজ্ঞ নাবিক, …।
সেইবাবেই গুৰুত্বপূৰ্ণ ‘ইতিহাস’।
গতিকে দেশখনত ‘অসম’ অথবা ‘আসাম’ নামটো আঢ়ৈশ বা তিনিশ বছৰৰ অধিক পুৰণি নহয়। তেনেক্ষেত্ৰত তাৰ পূৰ্বে কি আছিল?
এই দেশখনৰ আটাইতকৈ পুৰণি নাম আছিল প্ৰাগজ্যোতিষ। এই নামটোৰে প্ৰাচীন কালত আমাৰ দেশখনৰ লগতে ৰাজধানী নগৰখনকো বুজোৱা হৈছিল। বিভিন্ন পণ্ডিতে প্ৰাগজ্যোতিষ সম্পৰ্কে বিভিন্ন মত পোষণ কৰে। খ্ৰীষ্টাব্দ দশম শতাব্দীত ৰচনা কৰা বুলি অনুমান কৰা কালিকা পুৰাণত প্ৰাগজ্যোতিষ সম্পৰ্কে কোৱা হৈছে ব্ৰহ্মাই ইয়াতে থাকি গ্ৰহ-নক্ষত্ৰসমূহ সৃষ্টি কৰিছিল। বংগবাসী সংস্কৰণৰ বাল্মীকি ৰামায়ণৰ কিষ্কিন্ধ্যা কাণ্ডত উল্লেখ আছে—
‘‘যোজনানি চতুঃষষ্টিৰ্বৰাহো নাম পৰ্বতঃ।
সুৱৰ্ণশৃংগঃ সুমহান্ অগাধে বৰুণালয়ে।।
তত্ৰ প্ৰাগজ্যোতিষং নাম জাতৰূপময়ং পুৰম্।
তস্মিন্ বসতি দুষ্টাত্মা নৰকো নাম দানৱঃ।।’’
‘মহাভাৰত’ মহাকাব্যতো প্ৰাগজ্যোতিষ নামৰ উপৰি লৌহিত্য নাম পোৱা যায়, যেনে—‘শান্তিপৰ্ব’ত—‘তল্লৌহিত্যং সমাসাদ্য বিন্ধ্যৎবহু সুৱৰ্ণকম্।’ আৰু ‘কৰতোয়াং সমাসাদ্য ত্ৰিৰাত্ৰোপোষিতো নৰঃ।’
মহাভাৰতৰ ‘সভাপৰ্ব’ত আছে—
‘‘প্ৰাগজ্যোতিষাধিপঃ শূৰো ম্লেচ্ছানামধিপো বলী।
যবনৈঃ সহিতে ৰাজা ভগদত্তো মহাৰথঃ।।
আজানেয়ান্ হয়ান্ শীঘ্ৰানাদায় নীলৰংহসঃ।
বলিঞ্চ কৃত্স্মমাদায় দ্বাৰিতিষ্ঠতি বাৰিতঃ।।
অশ্মসাৰময়ং ভাণ্ডং শূদ্ধদন্তৱ্যৎ সৰূনসীন্।
প্ৰাগজ্যোতিষধিপো দত্ত্বা ভগদত্তোহব্ৰজৎ তদা।’’
‘আসাম বুৰঞ্জী’ত গুণাভিৰাম বৰুৱাই লিখিছে—‘‘অসম দেশৰ ‘অসম’ নাম আধুনিক। পূৰ্বে এই নাম নাছিল আৰু এতিয়া যি সীমা ধাৰ্য হৈছে সিও পূৰ্বে নাছিল।’’ আজিৰ অসমৰ সীমাই অতীতত প্ৰসাৰিত হৈছিল, সংকুচিত হৈছিল, আৰু বিগত ৩০০০ বছৰত কেতিয়াবা প্ৰাগজ্যোতিষ, লৌহিত্য, কামৰূপ, কামতা, কোচবিহাৰ, অসম ইত্যাদি বিভিন্ন নাম গ্ৰহণ কৰিছিল। কিন্তু বুৰঞ্জীয়ে ঢুকি পোৱা প্ৰাচীন নাম ‘প্ৰাগজ্যোতিষ’ আৰু ‘কামৰূপ’ একেখন দেশৰে বিভিন্ন সময়ৰ অন্তৰালত দুটা নাম, একেই আত্মা-প্ৰাণৰ পৰৱৰ্তী অৱতাৰ।”
কনকলাল বৰুৱাই লিখিছে যে—‘‘ৰামায়ণত পোৱা যায় সেই সময়ত প্ৰাগজ্যোতিষপুৰ এখন স্বৰ্ণমণ্ডিত পাহাৰৰ ওপৰত অৱস্থিত আছিল। সেই পাহাৰৰ নাম আছিল ‘বৰাহ’ আৰু তাৰপৰা ৬৪ যোজন ‘বৰুণালয়’ পৰ্যন্ত এই দেশ ব্যাপ্ত আছিল। মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষৰ হৈ যুদ্ধত অৱতীৰ্ণ হোৱা প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তক ‘শৈলালয়’ অৰ্থাৎ পৰ্বতীয়া আৰু তেওঁৰ সৈন্যদলক কিৰাত, চৈনিক আৰু সমুদ্ৰপাৰৰ বাসিন্দাসকলৰ উপস্থিতিৰ বিষয়ে উল্লেখ কৰিছে। এনেকুৱা ধাৰণা হয় যে ৰামায়ণত উল্লিখিত ‘বৰাহ’ পাহাৰ অসমৰ পাহাৰশ্ৰেণী আৰু এই পাহাৰৰ দক্ষিণভাগ য’ত গৈ শেষ হৈছে তাতে বিশাল জলমগ্ন আছিল। অতীতত হয়তো এই অঞ্চল বংগোপসাগৰৰ সুঁতিৰে ব্ৰহ্মপুত্ৰৰ সৈতে সংলগ্ন আছিল, যাক পূৰ্বৰ সাগৰ বুলি মানুহে জানিছিল। বৰ্তমানেও বাংলাদেশৰ চিলেট আৰু মৈমনসিং অঞ্চলক ‘হাওৰ’ (haor), অৰ্থাৎ সাগৰ বুলি কোৱা হয়।…’’
অৰ্থাৎ আমাৰ এটা গৌৰৱোজ্জ্ৱল অতীত আছিল আৰু আমাৰ আজিৰ অসমখন এক প্ৰাচীন অঞ্চল হ’লেও আজিৰ ‘অসম’ প্ৰাচীন প্ৰাগজ্যোতিষৰ, প্ৰাচীন কামৰূপৰ অতি সংকুচিত ৰূপ। একালত প্ৰাগজ্যোতিষে অবিভক্ত অসমৰ উপৰি বৰ্তমানৰ পশ্চিমবংগ (কোচবিহাৰ, জলপাইগুৰি জিলা কামৰূপৰেই আছিল), বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ-বগুৰা-ঢাকা-পাবনা জিলাৰ কিছু অংশ আৰু পূব নেপালৰো কিছু অংশ সামৰি লৈছিল। এসময়ত প্ৰাগজ্যোতিষৰ পশ্চিম সীমাই কোশী নদী, অৰ্থাৎ মিথিলাৰ বিদেহৰ সীমা স্পৰ্শ কৰিছিল।
অসম বা আসাম নামটো যদি আঢ়ৈশ বা তিনিশ বছৰৰ পুৰণি নহয়, তাৰে আগত যি আছিল—আজিৰ ‘জয় আই অসম’ ধ্ৱনিৰ পটভূমিত সেই অতীতৰ সন্ধান আজিৰ অসমৰ মানুহে অৱশ্যেই কৰিব লাগিব, নিজৰ শিপা বিচাৰি উলিয়াবলৈ; অন্যথা দুৰ্বল ভেটিৰ ওপৰত বহুমহলীয়া ভৱন নিৰ্মাণ হ’লেও সেই ভৱন নিটিকিব, সেই ভৱনৰ ভেটি শংকাৰ কাৰণ হৈ থাকিব। এই কথা ভাবিলেও ভুল হ’ব যে ইতিহাস মাথোঁ এক বিচ্ছিন্ন অতীত। ইতিহাস হ’ল অতীতৰ সক্ৰিয় প্ৰতিধ্বনি, বৰ্তমানৰ দাপোণ আৰু ভাবীকালৰ পথ-নিৰ্দেশক।
১৯৩৬ চনত কোচবিহাৰৰ ৰাজচৰকাৰৰ আদেশ অনুসৰি প্ৰকাশিত হোৱা এখন অসামান্য অমূল্য দস্তাবেজ আছিল খাঁ চৌধুৰী আমানতউল্লা আহমদৰ ‘কোচবিহাৰেৰ ইতিহাস’। সেই গ্ৰন্থখন ৭৮ বছৰৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অসমীয়ালৈ ভাঙনি কৰাৰ সৌভাগ্য মোৰ হৈছিল। সেই অনুবাদ গ্ৰন্থখনৰ ‘অনুবাদকৰ টোকা’ত মই এনেদৰে লিখিছিলো—আমাৰ শৈশৱ-কৈশোৰৰ কামৰূপ জিলাখনক ৰাজনৈতিক কিম্বা প্ৰশাসনিক কাৰণত পাঁচভাগত বিভক্ত কৰি বৰপেটা-নলবাৰী-বাক্সা-কামৰূপ-গুৱাহাটী (মহানগৰ) আদি পাঁচখন জিলালৈ পৰিৱৰ্তিত কৰি পেলোৱা হ’ল যদিও জন্মসূত্ৰে মই অবিভক্ত কামৰূপ জিলাৰ বাসিন্দা হোৱা হেতুকেই আৰু বিদ্যালয়ত ছাত্ৰ হিচাপে থকা দিনবোৰত ‘নিজৰ জিলা’ হিচাপে ‘কামৰূপ জিলা’ৰ মানচিত্ৰ বহুবাৰ অংকন কৰি শিক্ষক মহোদয়ৰ হাতত জমা দিছিলো বাবেই এই প্ৰশ্নবোৰে আজিও মাজে-সময়ে মনত খুন্দা মাৰি ব্যথিত কৰি তোলে—মই ক’ৰ? মই কামৰূপৰ নে বৰপেটাৰ (এতিয়া বৰপেটা জিলাকো বিভক্ত কৰি ‘বজালী জিলা’ এখন ঘোষণা কৰা হ’ল) নে গুৱাহাটী (মহানগৰ) জিলাৰ? মোৰ জন্মস্থান অবিভক্ত কামৰূপ জিলাৰ অন্তৰ্গত পাঠশালা নামৰ ক্ষুদ্ৰ চহৰখনত যদিও শৈশৱ-কৈশোৰৰ বেছিভাগ সময় পাঠশালা আৰু গুৱাহাটীত অতিবাহিত কৰা হেতুকেই দুয়ো স্থানতেই ‘নিজৰ জিলা’, হিচাপে অবিভক্ত কামৰূপ জিলাৰ মানচিত্ৰখনকেই অংকন কৰিছিলো বাবেই হয়তো চেষ্টা কৰিলে মই আজিও ‘কামৰূপ জিলা’ (অবিভক্ত)খনৰ মানচিত্ৰ আঁকিব পাৰিম, কিন্তু আপ্ৰাণ চেষ্টা কৰিলেও কোনোপধ্যেই বৰপেটা জিলাৰ মানচিত্ৰ বা গুৱাহাটী (মহানগৰ) জিলাৰ মানচিত্ৰ কিম্ৱা অংগহানি হোৱা আজিৰ কামৰূপ জিলাখনৰ মানচিত্ৰ আঁকিব নোৱাৰিম। মোৰ মনৰ কোঁহে কোঁহে, স্মৃতিৰ ভঁৰালৰ চুকে-কোণে, উশাহে-নিশাহে আজিও সজীৱ হৈ আছে সেই তাহানিৰ অবিভক্ত কামৰূপ জিলাখনৰেই মানচিত্ৰ—যিখনৰপৰা মই আজিও নিজকে মানসিকভাৱে বিচ্ছিন্ন কৰিব পৰা নাই। কেৱল ‘কামৰূপ’ সম্পৰ্কীয় প্ৰশ্নই নহয়, এনে প্ৰশ্নয়ো মোক সময়ে সময়ে আমনি দিয়ে—‘মই ক’ৰ? অসমৰ নে কোচবিহাৰৰ নে প্ৰাগজ্যোতিষপুৰৰ নে কামৰূপৰ নে কমতাপুৰৰ?’
এনেবোৰ প্ৰশ্নৰ নিৰসনৰ বাবেই ব্যক্তিগতভাৱে যিদৰে খাঁ চৌধুৰী আমানতউল্লা আহমদৰ ‘কোচবিহাৰেৰ ইতিহাস’ নামৰ আপুৰুগীয়া গ্ৰন্থখন পঢ়িছিলো আৰু কনকলাল বৰুৱাৰ ‘Early History of Kamarupa’ নামৰ বহুমূলীয়া গ্ৰন্থখন পঢ়িছিলো, মই বিস্ময়াভিভূত হৈ পৰিছিলো, আৰু হৃদয়ংগম কৰিছিলো যে দুয়োখন গ্ৰন্থৰ পৃষ্ঠাই পৃষ্ঠাই আছে বহুযুগৰ অলেখ মণি-মুকুতা-হীৰা-পান্নাসম ঐতিহাসিক তথ্যৰ বিশাল ভাণ্ডাৰ—যাৰ সহায়ত আমি অতীতৰ গৰ্ভত সুপ্ত হৈ থকা অকল্পনীয় সভ্যতা-গৌৰৱ-শৌৰ্য প্ৰত্যক্ষ কৰিব পাৰো, অসমৰ শিপাৰ সন্ধান পাব পাৰো, কামৰূপৰ ভাষাতাত্ত্বিক বিশিষ্টতাৰপৰা আৰম্ভ কৰি নৃতাত্ত্বিক বিশিষ্টতালৈ প্ৰত্যক্ষ কৰিব পাৰো, প্ৰত্যক্ষ কৰিব পাৰো আমাৰ প্ৰাচীন কালৰ মাতৃভূমিৰ অৰ্থনীতি-ৰাজনীতি-সমাজতত্ত্ব-নৃতত্ত্ব-পুৰাতত্ত্ব-ভাস্কৰ্য-স্থাপত্য-চিত্ৰ-ধৰ্ম-কূটনীতি, প্ৰত্যক্ষ কৰিব পাৰো বহল অৰ্থত অসমীয়া মানুহৰ জীৱনৰ প্ৰতিৰূপ। সেই হেতুকেই এদিন যিদৰে খাঁ চৌধুৰীৰ ‘কোচবিহাৰেৰ ইতিহাস’ৰ অসমীয়া ভাঙনি কৰিবলৈ সিদ্ধান্ত লৈছিলো, একে সময়তে কনকলাল বৰুৱাৰ ‘Early History of Kamarupa’ গ্ৰন্থখনৰো ভাঙনি কৰিম বুলি সিদ্ধান্ত লৈছিলো। এই দুয়োখন গ্ৰন্থই মোৰ শৈশৱ-কৈশোৰৰ ‘অবিভক্ত কামৰূপ জিলা’ৰ ছবিখনো বিশালভাৱে প্ৰসাৰিত কৰি পেলাইছিল। নতুন নতুন দৃশ্যপটৰ অৱতাৰণা হৈছিল মোৰ দুচকুৰ সন্মুখত। খাঁ চৌধুৰী আৰু কনকলাল বৰুৱাৰ অসাধাৰণ সৃষ্টিয়ে মোক হৃদয়ংগম কৰাইছিল যে যি সময়ত ‘বংগ’ৰ অস্তিত্বই নাছিল, যি সময়ত ‘বঙালী জাতি’ৰ চিন-মোকামেই নাছিল, সেই সময়তো আমাৰ কামৰূপ আছিল, আমাৰ এক শক্তিশালী ভাষা আছিল, নিজৰ ভাষাৰ গীত-বচন-ৰূপকথা আছিল, বিভিন্ন বাদ্যযন্ত্ৰ আছিল, অসাধাৰণ শব্দতৰংগ-অভিনৱ অংগভূষণ-বনদৰব-অনন্য সংস্কৃতি ইত্যাদি আছিল।
আজিৰ এই আন্তৰ্জাল (ইণ্টাৰনেট), স্মাৰ্ট ফোন, ইণ্টাৰনেট অৱ থিংকছ (IOT), ইণ্টাৰনেট অৱ এভ্ৰিথিং (IOE), আমাজন-আলিবাবা-গুগল্-ফেচবুক-হোৱাটছএপ-মাইক্ৰ’ছফট্ আদিৰ যুগত সেইবাবেই প্ৰাসংগিক ‘কামৰূপ’।
সুপ্ৰসিদ্ধ চিন্তাবিদ্ প্ৰফুল্ল চন্দ্ৰ ৰায়ে কৈছে—“Assam is a land whose glory in the past outdid all others” (অসমৰ, প্ৰাচীন অসমৰ কীৰ্তিয়ে সকলোকে চেৰ পেলাইছে)। মেগাস্থেনিচৰ ইণ্ডিকা গ্ৰন্থত প্ৰকাশ পোৱা মানচিত্ৰত সমগ্ৰ পূৰ্ববংগ, পশ্চিম-উত্তৰে মিথিলা আৰু দক্ষিণ-পশ্চিমে মগধ পৰ্যন্ত কামৰূপৰ অন্তৰ্গত বুলি নিৰ্দেশ কৰা আছে (ঢাকাৰ ইতিহাস, ১ম খণ্ড, উপক্ৰমণিকা, পিঠি ৫)। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ১৯৩০ চনৰ অক্টোবৰ মাহত প্ৰকাশ কৰি উলিওৱা ‘কামৰূপৰ বুৰঞ্জী’ নামৰ ক্ষুদ্ৰ গ্ৰন্থখনৰ পাতনিত সম্পাদক সূৰ্য কুমাৰ ভূঞাই লিখিছিল যে অসমত মুছলমানে কৰা আক্ৰমণসমূহৰ বিষয়ে বিশদভাৱে কোনোবাই অধ্যয়ন কৰিবলৈ হেঁপাহ কৰিলে এইসমূহ বিৱৰণ অধ্যয়ন কৰিব পাৰে; ড০ ভূঞাৰ ভাষাৰেই উল্লেখ কৰোঁহক—“Readers who desire to pursue further their study of the Mahammadan wars of Assam before and during the days of the Moguls will find ample enlightenment from following Persian, chronicles:- Akbar-namh, Ain-i-Akbari, Tuzuk-i-Jahangir, Padisah-Namah, Fathiyah-i-Ibriyah or Tarikh-i-Alamgiri, Muntakhab-ul-Lubab or Tarikh-i-Khafi-Khan, Hadiqat-us-Safa, Risalat-us-Shuhada, Maasir-ul-Umara and recently discovered Baharistan-i-Ghaibi by Mirza Nathan.”
১৯৩০ চনত ড০ সূৰ্যকুমাৰ ভূঞাই উল্লেখ কৰা উপৰিউক্ত বিৱৰণীসমূহৰপৰা গুৰুত্বপূৰ্ণ বিৱৰণসমূহ খাঁ চৌধুৰী আমানতউল্লা আহমদ ডাঙৰীয়াই তেখেতৰ ‘কোচবিহাৰেৰ ইতিহাস’ গ্ৰন্থত আৰু কনকলাল বৰুৱাই ‘Early History of Kamarupa’ গ্ৰন্থত আমাৰ বাবে দাঙি ধৰিছে। এইসমূহ বিৱৰণ, তাৰো বহু আগতে কামৰূপ দেশলৈ অহা হিউৱেন চাঙৰ বিৱৰণ; হৰ্ষচৰিত, যোগিনীতন্ত্ৰ, কালিকা পুৰাণ, মেগাস্থেনিচ, ষ্ট্ৰেবো, কাৰটিয়াছ, ট’লেমি, প্লীনি আদিত উল্লিখিত বিৱৰণৰদ্বাৰা যিখন ‘কামৰূপ’ আমাৰ সন্মুখত উজলি উঠে—সেই কামৰূপত আমি দেখা পাওঁ মহীৰংগ দানৱ, হটকাসুৰ, সম্ৱৰাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ, নৰকাসুৰ, ভগদত্ত, ভগদত্তই নিজৰ জীয়ৰী ভানুমতীৰ সয়ম্বৰৰ বাবে খন্দোৱা দীঘলীপুখুৰী, কুৰুক্ষেত্ৰত ভগদত্তৰ প্ৰতাপ, ভাস্কৰবৰ্মা, পৃথু, নৰনাৰায়ণ, চিলাৰায় ইত্যাদি অলেখ চৰিত্ৰ। কিন্তু ক’ত? তেওঁলোক ক’ত? ক’ত আমাৰ সেই অতীত গৰিমা, আমাৰ কামৰূপ? নিজৰ ভূমিত আজি নিজৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰি থকা সৌ সিদিনাৰ ‘অসমীয়া’ই ‘কামৰূপীয়া’ হিচাপে শতাব্দীৰ পিছত শতাব্দী জুৰি যি শৌৰ্য-বীৰ্য-সভ্যতা-সংস্কৃতিৰ ধ্বজা উৰুৱাই ৰাখিবলৈ সক্ষম হৈছিল, যি কামৰূপৰ কুমাৰ ভাস্কৰৰ বংশধৰ উৰিষ্যাত ৰজা হৈছিল, যি কামৰূপৰ কুমাৰ ভাস্কৰবৰ্মাই কৰ্ণসুৱৰ্ণতো ৰাজধানী স্থাপন কৰিছিল, সেই ভাস্কৰবৰ্মাৰ প্ৰাধান্য তল পেলাবলৈ বংগৰ ইতিহাসবিদে চেষ্টা চলোৱা স্ৱাভাৱিক—কিন্তু আমি কিয় কৰিলো সচেতন অৱহেলা?
‘প্ৰাগ্-ঐতিহাসিক অসম’ নামৰ এক অধ্যায়ত ডিম্বেশ্বৰ নেওগে লিখিছে—‘‘পাটনা আৰু গয়াৰ বৌদ্ধ মন্দিৰবোৰ ধ্বংস কৰিবলৈ শশাংকই মগধ আক্ৰমণৰ উপক্ৰম কৰিছিল; কিন্তু শিলাদিত্য, হৰ্ষ আৰু ভাস্কৰবৰ্মা লগ লাগি ৬২৫ খ্ৰীষ্টাব্দত শশাংকৰ পতন ঘটায়। হৰ্ষই মগধ উদ্ধাৰ কৰে আৰু ভাস্কৰে গৌড় তথা কৰ্ণসুৱৰ্ণ অধিকাৰ কৰে। গতিকে মূল কামৰূপ দেশৰ বাহিৰেও ভাস্কৰে গৌড়, কৰ্ণসুৱৰ্ণ, শ্ৰীহট্ট, সমতট আৰু পৌণ্ড্ৰবৰ্ধনৰ ৰজা হয়। ইফালে য়ুয়ান্ চোৱাঙ (হিউৱেন চাং)ৰ বংগ ভ্ৰমণৰ কাল ৬৩৮; এওঁ পৌণ্ড্ৰবৰ্ধন, কৰ্ণসুৱৰ্ণ, সমতট আৰু তাম্ৰলিপি বুলি বংগৰ চাৰিখন ৰাজ্যৰ নাম কয়। ইয়াৰ বাহিৰেও ৰাজমহলৰ চাৰিওফালে কাজংগল দেশ আছিল; আৰু পৌণ্ড্ৰবৰ্ধন আৰু কৰ্ণসুৱৰ্ণই বৰ্তমানৰ বৰ্ধমান, বীৰভূম, মুৰ্ছিদাবাদ আৰু নদীয়া জিলা, উত্তৰ আৰু উত্তৰ-পশ্চিমবংগ সামৰিছিল। য়ুয়ান্ চোৱাঙে যদিও বংগৰ এই আটাইবোৰ ৰাজ্যৰ ৰাজধানীৰ নাম কৈছে, সেইবোৰৰ ৰজাৰ নাম কোৱা নাই; ইয়াৰ সম্ভৱপৰ হেতু, শশাংকৰ মৃত্যুৰ পাছত তেওঁৰ বৃহৎ ৰাজ্য হৰ্ষ আৰু ভাস্কৰৰ মাজত বিভক্ত হৈ যায়। দুৰ্ভাগ্যক্ৰমে ভাস্কৰবৰ্মাৰ প্ৰাধান্য তল পেলাবলৈ অনেক ঐতিহাসিকে য়ুয়ান্ চোৱাঙৰ ভ্ৰমণ বৃত্তান্তৰ এটি লাগতিয়াল কাহিনী গোপন কৰে। য়ুয়ান্ চোৱাঙ ভাৰতলৈ অহা বহুত দিন হ’ল বাবে তেওঁ সোনকালে চীন দেশলৈ ঘূৰি যাব খোজে বুলি ভাস্কৰবৰ্মাৰ প্ৰথমবাৰৰ নিমন্ত্ৰণ অগ্ৰাহ্য কৰা হ’ল। দ্বিতীয়বাৰো যেতিয়া সেই নিমন্ত্ৰণ অগ্ৰাহ্য কৰা হ’ল, ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ মানুহ পঠিয়াই এই বুলি জনালে—‘আৱশ্যক হ’লে মোৰ সৈন্য আৰু হাতীবিলাক সজাই পঠাম, আৰু মেঘৰ দৰে বৰষিম, আৰু সেই নালন্দা বিশ্ববিদ্যালয় খচকত ধূলি কৰি উৰাই দিম। এই বাক্য সূৰ্যৰ দৰে সত্য।’
‘‘স্বৰূপতে হৰ্ষৰ সৈন্যবাহিনী আদিতে ভাস্কৰৰ সৈন্যবাহিনীতকৈ বহুত হীন আছিল। য়ুয়ান্ চোৱাঙৰ বৃত্তান্তমতে হৰ্ষৰ মুঠতে ৫০০০ গজাৰোহী, ২০০০ অশ্বাৰোহী আৰু ৫০০০ পদাতিক মাত্ৰ আছিল। …নিধনপুৰ শাসনখন যে ভাস্কৰবৰ্মাই শশাংকৰ ৰাজধানী অধিকাৰ কৰি তেওঁৰ বিজয়-বাহৰৰপৰা দিছিল, সন্দেহ নাই। য়ুয়ান্ চোৱাঙৰ জীৱন-বৃত্তান্ত লিখিছে : ‘কুমাৰে (ভাস্কৰে) তৎক্ষণাৎ ২০০০০ গজাৰোহী আৰু ৩০০০০ জাহাজৰ বিপুল বাহিনী সাজু হ’বলৈ আদেশ দিলে।’ …তদুপৰি ৬৪৮ খ্ৰীষ্টাব্দত বংগৰ ওপৰত ভাস্কৰৰ সম্পূৰ্ণ অধিকাৰৰ বিষয়ে চীন দেশৰ বুৰঞ্জী লেখকসকলে লিখা কথা বাদ-বিসম্বাদৰ অতীত। ছাৰ আলেকজেণ্ডাৰ কানিংহামৰ মতে য়ুয়ান্ চোৱাঙে প্ৰকৃতেত ভাৰতৰ কামৰূপ, সমতট, তাম্ৰলিপি, কৰ্ণসুৱৰ্ণ. ওদ্ৰ আৰু গঞ্জাম এই ছখনৰ কথা কৈছে। কিন্তু য়ুয়ান্ চোৱাঙৰ টোকাৰপৰা তেওঁ ভাস্কৰ আৰু হৰ্ষৰ ৰাজ্যৰ বাহিৰে ১৮ খন দেশ, অৰ্থাৎ পঞ্চ ভাৰতৰ বিংশ ৰাজ্যৰ উল্লেখ পাওঁহঁক। ৰাজাধিৰাজ শিলাদিত্যৰ আদেশ মতে য়ুয়ান্ চোৱাঙৰ ৰচিত বৌদ্ধ ধৰ্মগ্ৰন্থৰ আলোচনা কৰিবলৈ এই সদৌ দেশৰ বিভিন্ন মতাৱলম্বীসকল কান্যকুব্জত গোট খাইছিল, সেই সমাজত ৩০০০ শ্ৰমণ, ৬০০০ ব্ৰাহ্মণ আৰু ১০০০ নালন্দাৰ পুৰোহিত উপস্থিত আছিল। তেওঁলোকৰ লগৰীয়া আন মানুহ, হাতী, ৰথ, পাল্কী আদিত আহিছিল। বহুমূলীয়া সাজ-পাৰেৰে শিলাদিত্যই (হৰ্ষই) শত্ৰু (ইন্দ্ৰ)ৰূপে আৰু কুমাৰে (ভাস্কৰে) ব্ৰহ্মাৰূপে তাৰ মাজত শোভা কৰিছিল। তেতিয়া শিলাদিত্যই যাৰ যি উপঢৌকন আছে দিবলৈ ক’লে; কিন্তু অকল ভাস্কৰৰ ‘হো-লা-লি’ বোলা এটা ধুনীয়া জাপিৰ বাহিৰে য়ুয়ান্ চোৱাঙে কাৰো কোনো উপহাৰ গ্ৰহণ নকৰিলে।
‘‘চীনা বুৰঞ্জী লেখকৰ মতে কামৰূপৰ পৰিধি প্ৰায় ১০০০০ লি; অৰ্থাৎ ১৭০০ মাইলমান। এই প্ৰসংগত গেইটে লিখিছে—‘যেনে-তেনে ই (কামৰূপ ৰাজ্যই) ওচৰ-চুবুৰীয়া পৌণ্ড্ৰবৰ্ধন আৰু সমতট ৰাজ্যতকৈ ভালেখিনি বহল; কিয়নো ইহঁতৰ পৰিধি যথাক্ৰমে ৭০০ আৰু ৫০০ মাইল। ইয়াৰ (কামৰূপ) ৰজাও নিশ্চয় পৰাক্ৰমী আছিল; কিয়নো শিলাদিত্যৰ নিমন্ত্ৰণ গ্ৰহণ কৰা কুৰিখন ৰাজ্যৰ ৰজাৰ ভিতৰত এওঁ আগ ঠাই পাইছিল। তদুপৰি সেই বিপুল সমদলত শিলাদিত্য নিজে শত্ৰু (ইন্দ্ৰ) হৈ ভাস্কৰক ব্ৰহ্মা পাতিছিল; আৰু দুইজনকে ৫০০ কৈ সুসজ্জিত হাতীৰে আগবঢ়াই নিয়া হৈছিল।’ ’’
আমাৰ অতীত, আমাৰ কামৰূপৰ মহিমামণ্ডিত শৌৰ্যৰ প্ৰতীক ভাস্কৰবৰ্মা—আছেনে তেওঁৰ এটাও মূৰ্তি আজিৰ গুৱাহাটীত? অসমত? গুগলত বা আন্তৰ্জালত অনুসন্ধান কৰিলে প্ৰত্যক্ষ হয়নে তেওঁৰ ছবি? অসমৰ বাহিৰৰ ঐতিহাসিকে ভাস্কৰবৰ্মাক হেয় জ্ঞান কৰিবলৈ পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে বুলি বুজি পালো বাৰু; অসমৰ আমি কি কৰিছো? কামৰূপ অবিহনে, প্ৰাগজ্যোতিষ অবিহনে, কমতা-কোচবিহাৰ অবিহনে ‘অসম’ৰ অস্তিত্বই বা কি! ছুকাফাৰপৰা পুৰন্দৰ সিংহলৈ—মাথোঁ এইছোৱা সময়ৰ ইতিহাসেই আমাৰ ইতিহাস নহয়। এই প্ৰসংগতে উনুকিয়াই থ’ব বিচাৰিছো যে, ভাতৃপ্ৰতিম লেখক সৌম্যদ্বীপ দত্তই তেওঁৰ ‘অসমত বৌদ্ধ ধৰ্ম’ আৰু ‘অসমৰ বৌদ্ধ কিৰাত’ নামৰ দুখন বিশাল কলেৱৰৰ গৱেষণামূলক মৌলিক গ্ৰন্থত দাঙি ধৰিছে যে হাজাৰ বছৰ ধৰি আমাৰ এই ভূখণ্ডত কিদৰে বৌদ্ধ ধৰ্ম প্ৰচলিত হৈ আছিল আৰু প্ৰাচীন কামৰূপৰ বিজয়ধ্বজা-গৰিমাই কিদৰে শীৰ্ষস্থান অধিকাৰ কৰিছিল। আজিৰ অসমৰ সৌম্যদ্বীপ দত্তৰ দুয়োখন গ্ৰন্থই আমাক শিপাৰ সন্ধান কৰাত সহায় কৰিব পাৰে আৰু আমি যি দেখি আছো, শুনি আছো, সঁচা বুলি ভাবি আছো, গ্ৰহণ কৰিছো—সেই সকলোবোৰকেই শিমলু তুলা বতাহে উৰুৱাই দিয়াৰ দৰে উৰুৱাই দিব পাৰে।
কেৱল ভাস্কৰবৰ্মাৰ ক্ষেত্ৰতেই বা ভগদত্তৰ ক্ষেত্ৰতেই নহয়, আমি বহুতকে অৱহেলা কৰিছো, অৱহেলা কৰিছো কামৰূপক-কোচবিহাৰক-প্ৰাগজ্যোতিষক। সেইবাবেই আমাৰ শিপা নাই, সেইবাবেই ‘অসমীয়া’ আৱেগসৰ্বস্ব আত্মবিস্মৃত সংজ্ঞাহীন জাতি। যিদিনালৈ ‘অসমীয়া’ই নিজৰ আত্মা হিচাপে প্ৰাগজ্যোতিষ, প্ৰাচীন কামৰূপক গ্ৰহণ নকৰিব, নিজকে ‘কামৰূপীয়া’ বুলি ধৰি নল’ব, নিজৰ প্ৰাচীন ইতিহাসৰ সমুদ্ৰত অৱগাহন নকৰিব—সেইদিনালৈ ‘অসমীয়া’, ‘সংজ্ঞাহীন’ আৰু ‘সংজ্ঞা’হীন হৈ থাকিব, শিপাহীন হৈ থাকিব, ‘অ-আ-ক-খ’ নিশিকাকৈ ‘সাহিত্যিক’ হোৱাৰ দৰে ‘পণ্ডিত’ হৈ থাকিব, ধূৰ্ত শিয়ালসদৃশ ৰাজনৈতিক নেতাসকলকেই অসমৰ ‘গৌৰৱৰবি’ হিচাপে গ্ৰহণ কৰি অন্ধকূপলৈ গতি কৰি থাকিব, আৰু ‘এলজাইমাৰ’ ৰোগৰপৰা পৰিত্ৰাণ নাপাব।
আজি সমগ্ৰ পৃথিৱীয়ে স্বীকাৰ কৰে যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মহাবীৰ বা মহাযোদ্ধা বা মহানায়কজনৰ নাম হ’ল ছেংগিছ খান (খ্ৰীঃ ১১৬৭-১২২৭)। ছেংগিছ খানৰ বিষয়ে কোৱা হয়—“Genghis Khan—the world conqueror swept through Asia like an apocalypse and set in motion forces more powerful than the sword… In 1206, by acclamation of all the Mongols, be became Genghis Khan, the “Oceanic Ruler” who in the next two decades would father and empire that rolled across Eurasia, linking the Pacific Ocean to the Blade Sea as it amassed kingdoms as loot and nations as slaves. The legacy of Genghis Khan is as terrifying as genocide and as dreadful as the plague.”
ছেংগিছ খানক আজি সমগ্ৰ বিশ্বই জানে। কিন্তু প্ৰায় একে সময়ৰ কামৰূপাধিপতি মহাবীৰ পৃথুক আজি কিমানে জানে? কিমান ‘অসমীয়া’ই জানে? কেইজনে জানে যে ‘Cambridge History of India’-ৰ তৃতীয় খণ্ডত এনেদৰে লিখা আছে যে সমগ্ৰ ভাৰত উপ-মহাদেশত ক’ৰবাত যদি মুছলমান আক্ৰমণকাৰীৰ সবাতোকৈ শোচনীয় লজ্জাজনক পৰাজয় হৈছিল, তেনে লজ্জাজনক শোচনীয় পৰাজয় হৈছিল কামৰূপ দেশত কামৰূপৰ ৰজা পৃথুৰ হাতত মুছলমান আক্ৰমণকাৰী বখতিয়াৰ খিলজীৰ, ১২০৬ খ্ৰীষ্টাব্দত, উত্তৰ গুৱাহাটীৰ শিলৰ সাঁকো তথা শিলালিপি তাৰেই সাক্ষী। কিন্তু ক’ত, পৃথু ক’ত, পৃথুৰ প্ৰতিমূৰ্তি ক’ত? শিলৰ সাঁকোখনৰ অৱস্থা কেনে? ক’ত আজি ছেংগিছ খান আৰু ক’ত আজি আমাৰ পৃথু?
ঋকবেদত প্ৰাচীন কামৰূপৰ উল্লেখ নাই। কিন্তু ঐতিহাসিক ইছিমুদ্দিন সৰকাৰে লিখিছে—‘‘ঋকবেদৰ ৰচনাৰ বহু পূৰ্বেই প্ৰাচীন কামৰূপত এক সুসভ্য সভ্যতাই বিৰাজ কৰিছিল আৰু মানুহবোৰে এক ব্যস্ত জীৱন কটাইছিল।’’ অথচ সেইহেন প্ৰাচীন কামৰূপক ‘অসমীয়া’ই শতাব্দীৰ পিছত শতাব্দী ধৰি কৰি থাকিলো চূড়ান্ত অৱহেলা, অথচ সকলো ‘অসমীয়া’ই হ’ল প্ৰকৃতাৰ্থত ‘কামৰূপীয়া’। কিন্তু ভগদত্ত, ভাস্কৰবৰ্মা, পৃথু, … এইসকলক আমি পাহৰি পেলাইছো, আমি নাজানো। ‘জয় আই অসম’ ধ্বনিৰে আমাৰ ভেটি সবল নহ’ব—যদিহে আমি নকৰো শিপাৰ সন্ধান।
‘শূন্য’ৰ আৱিষ্কাৰ কৰা বুলি ভাৰতবৰ্ষই আৰ্যভট্টৰ নাম বিশ্বৰ চুকে-কোণে বিয়পাই দিলে, আকাশে-বতাহে আৰ্যভট্টৰ হ’ল জয়-জয়কাৰ। কিন্তু খ্ৰীষ্টাব্দ ৪৭৬ চনত জন্মলাভ কৰি ৫৫০ খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ কৰা আৰ্যভট্টৰ জন্মৰ প্ৰায় দুটা শতাব্দীৰ পূৰ্বে (অৰ্থাৎ খ্ৰীষ্টাব্দ দ্বিতীয় বা তৃতীয় শতাব্দীৰ মাজৰ সময়) আমাৰ ভূখণ্ডত ‘শূন্য’ৰ ব্যৱহাৰ আছিল, আৰু তাৰেই প্ৰমাণ হিচাপে গোলাঘাটত উদ্ধাৰ হৈছিল প্ৰাচীনকালৰ ফলি—য’ত ‘শূন্য’ৰ উপস্থিতি আছে! ২০১৩ চনৰ ৩১ মাৰ্চ তাৰিখৰ বাতৰি এটা ‘The Assam Tribune’ কাকতত পিছদিনা ১ এপ্ৰিল তাৰিখে এনেদৰে প্ৰকাশ হৈছিল—“ ‘Zero’ originated in Assam”।
বাতৰিটোত লিখা হৈছিল—“While the invention of ‘zero’ is credited to Aryabhatta around 500 AD, An Assamese writer and filmmaker has challenged the theory, claiming that zero was actually invented in Assam. The filmmaker Ashok Sharma asserts that he has archaeological evidence that the invention of zero happened in Assam long before the birth of both Aryabhatta and Brahmaputra. ‘The evidence of the practice of using zero during the period of 2nd-3rd A.D. in Assam has been found in Golaghat district. The date of stone inscription having zero has been confirmed by well known archaeologist Dr. H.N. Bhuyan. The digits inscribed on the piece of stone were 2, 3, 1, 0, 7 and 8 respectively and was deciphered by Dr. Dharmeswar Chutia.’ Reasoning that the ancient civilization of ancient Kamrupa (Assam) was as old as Indus Valley Civilization, Sharma said that the Rig-Veda culture and Harappa and Mohenjodaro civilization did not influence the Kamrupa civilization.”
পৰম পৰিতাপৰ কথা এয়ে যে গোলাঘাটত এনে এখন ফলি উদ্ধাৰ হোৱাৰ পিছতো ‘অসমীয়া’ই সেই আলোড়নকাৰী ঐতিহাসিক ঘটনাটোক গুৰুত্ব নিদিলে। কিন্তু এনে এখন ফলি যদি বংগত উদ্ধাৰ হ’লহেঁতেন?
আজিৰ ‘পৰৰ ওপৰত খোৱা, ভটীয়া পানীত যোৱা’ ‘অসমীয়া’ই দুৰ্বোধ্য বহুৰঙী ‘কেনভাচ’ত গুজৰাটীয়ে-নতুন দিল্লীয়ে সানি দিয়া ৰংবোৰকেই ইতিহাস বুলি যেন নিৰ্বিবাদে মানি লৈছে। নিজৰ গৌৰৱোজ্জ্ৱল অতীত সম্পৰ্কে প্ৰায় বিস্মৃত আজিৰ ‘অসমীয়া’। ২০১৭ চনৰ ১ অক্টোবৰ তাৰিখে ‘অসমীয়া প্ৰতিদিন’ কাকতত ‘ভাৰতীয় সংস্কৃতি মানেই অসমীয়া সংস্কৃতি নহয়নে?’ শীৰ্ষক লেখাত অশোক শৰ্মাই সুন্দৰকৈ দাঙি ধৰিছে যে—‘‘প্ৰাচীন কামৰূপত বা বৰ্তমানেও অসমৰ জনগোষ্ঠীসমূহৰ মাজত ‘শূন্য’, ‘কুণ্ড’ অথবা অন্ধকাৰত পূজা কৰা পদ্ধতি দেখা যায়। আজিও কামাখ্যা মন্দিৰ, উগ্ৰতাৰা আদি মন্দিৰত ‘কুণ্ড’ত পূজা কৰে। ‘শূন্য’ স্থানৰ পৰা যি অন্ধকাৰ আৰু তাৰপৰাই যে শক্তি, শিৱৰ ধাৰণাৰ যোগেদি পোহৰৰ বিন্যাস আলোচনা কৰিব পাৰি, জ্যোতিৰ্বিজ্ঞানকে ধৰি আন দৰ্শন, বিজ্ঞানৰ কথাও আঁত ধৰিব পাৰ, তালৈ লক্ষ্য কৰিলে ক’লা ৰঙৰ মাহাত্ম্য বা তাত্পৰ্যৰ বিচাৰ এইখন প্ৰাচীন কামৰূপতে হৈছিল। ক’ব পাৰি ‘লিংগ’, ‘যোনি’ৰ ধাৰণাও এই কামৰূপৰে সৃষ্ট। সেয়ে প্ৰাচীন কামৰূপত বা এতিয়াও আমি অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত উচ্চ-নীচ পৰিলক্ষিত নহয়।… এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰাচীন কামৰূপ কোনোকালে ভাৰতৰ অংগ নাছিল। বৰং জেনেটিক অধ্যয়নৰ মতে এই অঞ্চলৰপৰা ভাৰতলৈ মানৱপুঞ্জৰ প্ৰব্ৰজন ঘটা নাছিল আৰু উত্তৰ-পূৰ্বাঞ্চল প্ৰব্ৰজনৰ বাবে প্ৰাচীৰৰ দৰে কামহে কৰিছিল। তদুপৰি পিটাৰ বেলউদ, ক্ল’ভাৰ আদি পণ্ডিতৰ মতে উত্তৰ-পূবত ভাৰতৰ পূৰ্বেই প্ৰথম কৃষিকৰ্ম আৰম্ভ হৈছিল। আনহাতে ডেভিদ ফুলাৰ আৰু ডাৰিয়ান ক্ৰোনীৰ মতে যি ঠাইত কৃষিকাৰ্য আৱিষ্কাৰ হৈছিল, সেই ঠাইতে ‘ইণ্ডো-ইউৰোপিয়ান’ ভাষাৰো জন্মস্থান। তেতিয়াহ’লে ভাৰতবৰ্ষত ‘ইণ্ডো-ইউৰোপিয়ান’ ভাষাৰ জন্ম হ’ব নোৱাৰে। যদি ভাৰতত ‘ইণ্ডো-ইউৰোপিয়ান’ ভাষাৰ জন্ম হ’ব নোৱাৰে, তেন্তে ভাৰতৰ আৰ্যই হওক বা বাহিৰৰ আৰ্যই হওক, তেওঁলোকে ইণ্ডো-ইউৰোপিয়ান ভাষা শিকিব লাগিব প্ৰাচীন কামৰূপ বা উত্তৰ-পূব অঞ্চলৰপৰাহে, ভাৰতৰপৰা নহয়।’’
আমাৰ অতীত, আমাৰ কামৰূপৰ মহিমামণ্ডিত শৌৰ্যৰ প্ৰতীক ভাস্কৰবৰ্মা—আছেনে তেওঁৰ এটাও মূৰ্তি আজিৰ গুৱাহাটীত? অসমত? গুগলত বা আন্তৰ্জালত অনুসন্ধান কৰিলে প্ৰত্যক্ষ হয়নে তেওঁৰ ছবি? অসমৰ বাহিৰৰ ঐতিহাসিকে ভাস্কৰবৰ্মাক হেয় জ্ঞান কৰিবলৈ পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে বুলি বুজি পালো বাৰু; অসমৰ আমি কি কৰিছো? কামৰূপ অবিহনে, প্ৰাগজ্যোতিষ অবিহনে, কমতা-কোচবিহাৰ অবিহনে ‘অসম’ৰ অস্তিত্বই বা কি! ছুকাফাৰপৰা পুৰন্দৰ সিংহলৈ—মাথোঁ এইছোৱা সময়ৰ ইতিহাসেই আমাৰ ইতিহাস নহয়। এই প্ৰসংগতে উনুকিয়াই থ’ব বিচাৰিছো যে, ভাতৃপ্ৰতিম লেখক সৌম্যদ্বীপ দত্তই তেওঁৰ ‘অসমত বৌদ্ধ ধৰ্ম’ আৰু ‘অসমৰ বৌদ্ধ কিৰাত’ নামৰ দুখন বিশাল কলেৱৰৰ গৱেষণামূলক মৌলিক গ্ৰন্থৰ পৃষ্ঠাই পৃষ্ঠাই দাঙি ধৰিছে যে হাজাৰ বছৰ ধৰি আমাৰ এই ভূখণ্ডত কিদৰে বৌদ্ধ ধৰ্ম প্ৰচলিত হৈ আছিল আৰু প্ৰাচীন কামৰূপৰ বিজয়ধ্বজা-গৰিমাই কিদৰে শীৰ্ষস্থান অধিকাৰ কৰিছিল। আজিৰ অসমৰ সৌম্যদ্বীপ দত্তৰ দুয়োখন গ্ৰন্থই আমাক শিপাৰ সন্ধান কৰাত প্ৰভূত সহায় কৰিব পাৰে আৰু আমি যি দেখি আছো, শুনি আছো, সঁচা বুলি ভাবি আছো, গ্ৰহণ কৰিছো—সেই সকলোবোৰকেই শিমলু তুলা বতাহে উৰুৱাই দিয়াৰ দৰে উৰুৱাই দিব পাৰে।
কেৱল ভাস্কৰবৰ্মাৰ ক্ষেত্ৰতেই বা ভগদত্তৰ ক্ষেত্ৰতেই নহয়, আমি বহুতকে অৱহেলা কৰিছো, অৱহেলা কৰিছো কামৰূপক-কোচবিহাৰক-প্ৰাগজ্যোতিষক। সেইবাবেই আমাৰ শিপা নাই, সেইবাবেই ‘অসমীয়া’ আৱেগসৰ্বস্ব আত্মবিস্মৃত সংজ্ঞাহীন জাতি। যিদিনালৈ ‘অসমীয়া’ই নিজৰ আত্মা হিচাপে প্ৰাগজ্যোতিষ, প্ৰাচীন কামৰূপক গ্ৰহণ নকৰিব, নিজকে ‘কামৰূপীয়া’ বুলি ধৰি নল’ব, নিজৰ প্ৰাচীন ইতিহাসৰ সমুদ্ৰত অৱগাহন নকৰিব—সেইদিনালৈ ‘অসমীয়া’, ‘সংজ্ঞাহীন’ আৰু ‘সংজ্ঞা’হীন হৈ থাকিব, শিপাহীন হৈ থাকিব, ‘অ-আ-ক-খ’ নিশিকাকৈ ‘সাহিত্যিক’ হোৱাৰ দৰে ‘পণ্ডিত’ হৈ থাকিব, ধূৰ্ত শিয়ালসদৃশ ৰাজনৈতিক নেতাসকলকেই অসমৰ ‘গৌৰৱৰবি’ হিচাপে গ্ৰহণ কৰি অন্ধকূপলৈ গতি কৰি থাকিব, আৰু ‘এলজাইমাৰ’ ৰোগৰপৰা পৰিত্ৰাণ নাপাব।
আজি সমগ্ৰ পৃথিৱীয়ে স্বীকাৰ কৰে যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মহাবীৰ বা মহাযোদ্ধা বা মহানায়কজনৰ নাম হ’ল ছেংগিছ খান (খ্ৰীঃ ১১৬৭-১২২৭)। ছেংগিছ খানৰ বিষয়ে কোৱা হয়—“Genghis Khan—the world conqueror swept through Asia like an apocalypse and set in motion forces more powerful than the sword… In 1206, by acclamation of all the Mongols, be became Genghis Khan, the “Oceanic Ruler” who in the next two decades would father and empire that rolled across Eurasia, linking the Pacific Ocean to the Blade Sea as it amassed kingdoms as loot and nations as slaves. The legacy of Genghis Khan is as terrifying as genocide and as dreadful as the plague.”
ছেংগিছ খানক আজি সমগ্ৰ বিশ্বই জানে। কিন্তু প্ৰায় একে সময়ৰ কামৰূপাধিপতি মহাবীৰ পৃথুক আজি কিমানে জানে? কিমান ‘অসমীয়া’ই জানে? কেইজনে জানে যে ‘Cambridge History of India’-ৰ তৃতীয় খণ্ডত এনেদৰে লিখা আছে যে সমগ্ৰ ভাৰত উপ-মহাদেশত ক’ৰবাত যদি মুছলমান আক্ৰমণকাৰীৰ সবাতোকৈ শোচনীয় লজ্জাজনক পৰাজয় হৈছিল, তেনে লজ্জাজনক শোচনীয় পৰাজয় হৈছিল কামৰূপ দেশত কামৰূপৰ ৰজা পৃথুৰ হাতত মুছলমান আক্ৰমণকাৰী বখতিয়াৰ খিলজীৰ, ১২০৬ খ্ৰীষ্টাব্দত, উত্তৰ গুৱাহাটীৰ শিলৰ সাঁকো তথা শিলালিপি তাৰেই সাক্ষী। কিন্তু ক’ত, পৃথু ক’ত, পৃথুৰ প্ৰতিমূৰ্তি ক’ত? শিলৰ সাঁকোখনৰ অৱস্থা কেনে? ক’ত আজি ছেংগিছ খান আৰু ক’ত আজি আমাৰ পৃথু?
ঋকবেদত প্ৰাচীন কামৰূপৰ উল্লেখ নাই। কিন্তু ঐতিহাসিক ইছিমুদ্দিন সৰকাৰে লিখিছে—‘‘ঋকবেদৰ ৰচনাৰ বহু পূৰ্বেই প্ৰাচীন কামৰূপত এক সুসভ্য সভ্যতাই বিৰাজ কৰিছিল আৰু মানুহবোৰে এক ব্যস্ত জীৱন কটাইছিল।’’ অথচ সেইহেন প্ৰাচীন কামৰূপক ‘অসমীয়া’ই শতাব্দীৰ পিছত শতাব্দী ধৰি কৰি থাকিলো চূড়ান্ত অৱহেলা, অথচ সকলো ‘অসমীয়া’ই হ’ল প্ৰকৃতাৰ্থত ‘কামৰূপীয়া’। কিন্তু ভগদত্ত, ভাস্কৰবৰ্মা, পৃথু, … এইসকলক আমি পাহৰি পেলাইছো, আমি নাজানো। ‘জয় আই অসম’ ধ্বনিৰে আমাৰ ভেটি সবল নহ’ব—যদিহে আমি নকৰো শিপাৰ সন্ধান।
‘‘নতুনকৈ লিখা হওক অসমীয়া ভাষাৰ ইতিহাস’’ নামৰ এক বহুমূলীয়া লেখাত (২২ অক্টোবৰ, ২০১৭, অসমীয়া প্ৰতিদিন) অশোক শৰ্মাই দাঙি ধৰিছে—‘‘… সকলো ক্ষেত্ৰতে আৰ্য ধাৰণা সোমাই পৰিল, অসমলৈও এই আৰ্য ধাৰণাই বিস্তাৰ লাভ কৰিলে। প্ৰাচীন কামৰূপ, অসমৰ ইতিহাস বিচাৰ কৰা নহ’ল। কাৰণ ১৯২০ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ ভাষণত পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে কৈছিল, ‘‘ভাৰতীয় আৰ্য জাতিৰ আৰ্হিয়েই অসমীয়া জাতিৰ আৰ্হি।’’ তাৰমানে ১৯২০ চনত সমগ্ৰ অসমীয়া জাতিক ‘আৰ্য ধাৰণা’ৰ সৈতে একাকাৰ কৰি দিয়া হ’ল। কিন্তু অসমীয়া জাতি কিদৰে আৰ্য জাতি হ’ল এই তত্ত্বটিৰ কোনো বিজ্ঞানসন্মত প্ৰমাণ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে লিখি থৈ যোৱা লেখাত বিচাৰি নাপাওঁ। ইয়াৰদ্বাৰা ইয়ে প্ৰমাণ হয় যে মেক্সমুলাৰৰ আৰ্য ধাৰণাই অসমতো ভালকৈ খোপনি পুতিছিল। সেয়ে বোধকৰো ১৯০২ চনত পণ্ডিত দেৱানন্দ ভৰালীয়ে লিখা ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’ গ্ৰন্থই সেই সময়ৰ বৌদ্ধিক সমাজত আদৰ লাভ নকৰিলে। কাৰণ তেওঁ অসমীয়া ভাষা স্বতন্তৰীয়াকৈ অসমতে বিকাশ লাভ হোৱাটো প্ৰতিপন্ন কৰিছিল। দ্ৰাবিড় বা সংস্কৃত ভাষাৰপৰা পোনপটীয়াকৈ জন্ম হোৱা দেখুওৱা নাছিল। ১৯২৬ চনত বাংলা পণ্ডিত ড০ সুনীতি কুমাৰ চেটাৰ্জীয়ে ‘The Origin and Development of the Bengali Language’ নামৰ গৱেষণামূলক গ্ৰন্থখন লিখিছিল আৰু তেওঁ বাংলা ভাষা মাগধী প্ৰাকৃতৰপৰাই উত্পত্তি বুলি লিখিছিল। যিহেতু ইন্দ্ৰনাথ শৰ্মনে বাংলা ভাষাটো ১৮৯৫ চনলৈ শৈশৱ অৱস্থাত থকা বুলি কৈছে (অসমীয়া ভাষাৰ অভিধান খ্ৰীঃ ১৮শ শতিকাৰ শেষৰপৰাই লেখাৰ প্ৰমাণ পোৱা যায়। ১৮৩৯ চনত যাদুৰাম ডেকা বৰুৱাৰ অভিধানখনৰ নাম উল্লেখযোগ্য। একেদৰে ১৮৮৫ চনৰ হেমচন্দ্ৰ বৰুৱাৰ ‘অসমীয়া ল’ৰাৰ ব্যাকৰণ’ৰ কথাও ক’ব পাৰি। ব্ৰিটিছৰ সময়ত বাংলা ভাষাক অধিক প্ৰাধান্য দিলেও ১৮৯৫ চনলৈ বাংলা ভাষা সম্পূৰ্ণৰূপে গঠন হোৱা নাছিল। প্ৰভাৱশালী বাংলা পণ্ডিত, লেখক ইন্দ্ৰনাথ শৰ্মনে ১৮৯৫ চনত ‘বংগভাষী’ নামৰ এখন বাংলা ভাষাৰ কাকতত এটি প্ৰবন্ধত তেতিয়ালৈ বাংলা ভাষাটো শৈশৱ অৱস্থাতে থকা বুলি কৈছিল। তদুপৰি তেওঁ বাংলা ভাষাটো এটা খিচিৰি ভাষা বুলি কৈছিল); গতিকে ড০ সুনীতি কুমাৰ চেটাৰ্জীয়ে ১৯২৬ চনত বাংলা ভাষাৰ জন্ম মাগধী প্ৰাকৃতৰপৰা পাব পাৰে। কিন্তু যি প্ৰাচীন কামৰূপৰ সভ্যতা ঋকবেদ, সেই বেদতো কামৰূপৰ সভ্যতা, সংস্কৃতি আৰু আনকি ভাষাৰো প্ৰভাৱ আছে। এনেক্ষেত্ৰত ‘আৰ্য’সকলে কি অসমীয়া ‘আৰ্য ভাষা’ সৃষ্টি কৰিব? কিন্তু ১৯৩৫ চনত ড০ বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণামূলক গ্ৰন্থ ‘Assamese : Its Formation and Development’-অত অসমীয়া ভাষা মাগধী প্ৰাকৃতৰপৰাই জন্ম হোৱা বুলি লিখিছে। আজিৰ তাৰিখত লাভ কৰা ঐতিহাসিক, পুৰাতাত্ত্বিক, ভৌগোলিক, নৃতাত্ত্বিক, জেনেটিক অধ্যয়নৰ ফলাফলে অসমীয়া ভাষা মগধী প্ৰাকৃতৰপৰা জন্ম লাভ কৰা বুলি ক’লেহে অধিক যুক্তিযুক্ততা থাকিব। ভাষাবিদ্ বিশ্বেশ্বৰ হাজৰিকাদেৱে খুব স্পষ্টকৈ কৈছে যে ভৌগোলিক কাৰণতে মাগধী প্ৰাকৃত ভাষা প্ৰাচীন কালত অসমলৈ বিয়পা সম্ভৱপৰ নাছিল, তদুপৰি অসমীয়া ভাষাত মাগধী প্ৰাকৃতৰ লক্ষণসমূহো নাই। এনেক্ষেত্ৰত ড০ বাণীকান্ত কাকতিদেৱৰ অসমীয়া ভাষাৰ উত্পত্তি সম্পৰ্কে দিয়া মন্তব্যখিনি পুনৰ পৰ্যালোচনা কৰাৰ আৱশ্যক আছে।’’
বিভিন্ন ক্ষেত্ৰত আমি আমাৰ অতীতক মাৰাত্মক অৱহেলা কৰাৰ বাবেই আজিও আমাৰ মেৰুদণ্ড পোন হোৱা নাই, আজিও গঢ় লৈ উঠা নাই আমাৰ ‘জাতীয় আত্মাভিমান’, ‘কামৰূপীয়া স্বাভিমান’, আৰু অনুভৱ কৰা নাই জাতীয় সগৰ্ব পুলক; ফলস্ৱৰূপে এক অন্তঃসাৰশূন্য তথাকথিত ‘ভাৰতীয়ত্ব’ৰ মীনা বজাৰত সৌ তাহানিৰ হৰ্ষবৰ্ধনৰ দৰে ৰজাকো ভাবুকি দি ত্ৰস্তমান কৰিব পৰা কুমাৰ ভাস্কৰক আমি নশ্চিহ্ন কৰি পেলাইছো, বখতিয়াৰ খিলজীক শোচনীয়ভাৱে পৰাস্ত কৰা কামৰূপাধিপতি পৃথুক আমি বিসৰ্জন দিছো, নৰনাৰায়ণ-চিলাৰায়ক আমি ‘বংগৰ গৌৰৱ’ হ’বলৈ এৰি দিছো আৰু কোচবিহাৰক আমি পশ্চিমবংগৰ জিলা হ’বলৈ বাধ্য কৰাইছো। ক’ত ভাস্কৰবৰ্মা আৰু পৃথু, ক’ত আজিৰ মেৰুদণ্ডহীন তথাকথিত ৰাজনৈতিক নেতা—দিল্লীৰ ভৰিত পৰিয়েই যি বিচাৰি থাকে জীৱনৰ অৰ্থ!
এ.এল বাছাম (A.L. Basham) ডাঙৰীয়াই লিখিছিল—“In the study of the earlier history of any civilized region of the earth’s surface inscriptions form an important class of sources which cannot be ignored if we want out picture of the past to be as complete and as reliable as possible.” (‘Inscriptions of Ancient Assam’, by M. M. Sarma)
প্ৰাচীন কালৰ ইতিহাস অধ্যয়নৰ বাবে প্ৰয়োজনীয় ৰচনাৰ ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক সমল হিচাপে লিপিসমূহৰ গুৰুত্ব অপৰিসীম। ড০ স্বৰ্ণলতা বৰুৱাই তেখেতৰ মহৎ সৃষ্টি “A Comprehensive History of Assam” গ্ৰন্থত লিখিছে—“No genuine history of ancient Assam or India can be written without the epigraphic evidence, which to a large extent are found accurate and reliable.”
অসমত আহোমৰ ৰাজত্বকালৰ পূৰ্বে যি প্ৰাচীন কামৰূপ আছিল, সেই কামৰূপৰ সৰ্বমুঠ ৩৯ খন তামৰ আৰু শিলৰ ফলি তথা মাটিৰ মোহৰ আৱিষ্কৃত হৈছে। আমাৰ অতীতৰ সেই লিপি আৰু মোহৰসমূহৰ তালিকা এনে ধৰণৰ—
প্ৰাচীন কামৰূপৰ লিপি, মোহৰ
লিপিৰ নাম আৰু জাৰি কৰা শাসক সময় উদ্ধাৰ হোৱা স্থান
১) সুৰেন্দ্ৰ বৰ্মনৰ উমাচল শিলালিপি খ্ৰীঃ ৫ শতাব্দী নীলাচল পাহাৰ, গুৱাহাটী
২) বসুন্ধৰ বৰ্মনৰ নগাজৰী শিলালিপি খ্ৰীঃ ৫ শতাব্দী সৰুপথাৰ,
(প্ৰথমখন) গোলাঘাট জিলা
৩) বসুন্ধৰা বৰ্মনৰ নগাজৰী শিলালিপি খ্ৰীঃ ৫ শতাব্দী সৰুপথাৰ,
(দ্বিতীয়খন) গোলাঘাট জিলা
৪) শ্ৰীৰত্ন বৰ্মনৰ শিলালিপি খ্ৰীঃ ৫ শতাব্দী আলিছিগা টেঙানি,
বৰপথাৰ
৫) বসুন্ধ বৰ্মনৰ শিলালিপি খ্ৰীঃ ৫ শতাব্দী আলিছিগা টেঙানি,
বৰপথাৰ,
গোলাঘাট জিলা
৬) ভূতি বৰ্মনৰ শিলালিপি খ্ৰীঃ ৬ শতাব্দী বৰগঙ্গা নদী, নগাঁৱৰ
ডবকাৰপৰা
২৮ কিঃমিঃ
৭) ভাস্কৰবৰ্মাৰ তামৰ ফলি খ্ৰীঃ ৭ শতাব্দী ডুবি, পাঠশালা
৮) ভাস্কৰবৰ্মাৰ তামৰ ফলি খ্ৰীঃ ৭ শতাব্দী চিলেট জিলাৰ
বণিয়া বাজাৰ থানাৰ
অন্তৰ্গত, নিধনপুৰ গাঁও
বাংলাদেশ
৯) ভাস্কৰবৰ্মাৰ মাটিৰ মোহৰ খ্ৰীঃ ৭ শতাব্দী নালন্দা, বৌদ্ধবিহাৰ
১০) (শাসকৰ নাম উল্লেখ নাই) খ্ৰীঃ ৮ শতাব্দী দেওপানী,
বিষ্ণুমূৰ্তি লিপি গোলাঘাট জিলা
১১) শ্ৰীজীৱৰাৰ শংকৰ-নাৰায়ণ খ্ৰীঃ ৮ শতাব্দী দেওপানী,
মূৰ্তি লিপি গোলাঘাট জিলা
১২) দীঘলেখ বৰ্মনৰ হৰি-হৰ খ্ৰীঃ ৮ শতাব্দী দেওপানী,
মূৰ্তি লিপি গোলাঘাট জিলা
১৩) শ্ৰীকুমাৰৰ তাম্ৰঘণ্টা লিপি খ্ৰীঃ ৮ শতাব্দী গুৱাহাটী
১৪) শ্ৰীজীৱৰাৰ খণ্ডিত তাম্ৰলিপি খ্ৰীঃ ৮ শতাব্দী নগাঁও
১৫) শ্ৰীজীৱৰাৰ কৃষ্ণ-দুৰ্গা খ্ৰীঃ ৮ শতাব্দী কাছমাৰী পথাৰ,
শিলামূৰ্তি লিপি বিশ্ৰামপুৰ
১৬) হৰ্জৰবৰ্মনৰ শিলালিপি ৫১০ গুপ্তাব্দ তেজপুৰ
(=৮১০ খ্ৰীঃ)
১৭) হৰ্জৰবৰ্মনৰ শিলালিপি খ্ৰীঃ ৯ শতাব্দী হয়ুণ্ঠাল, কাৰ্বি আংলং
১৮) হৰ্জৰবৰ্মনৰ তাম্ৰলিপি খ্ৰীঃ ৯ শতাব্দী কুৰুৱাবাহী, নগাঁও
১৯) বনমাল বৰ্মাদেৱৰ সূৰ্যমূৰ্তি লিপি খ্ৰীঃ ৯ শতাব্দী কাকি, নগাঁও
২০) বনমাল বৰ্মাদেৱৰ তাম্ৰলিপি খ্ৰীঃ ৯ শতাব্দী তেজপুৰ
২১) বনমাল বৰ্মাদেৱৰ তাম্ৰলিপি খ্ৰীঃ ৯ শতাব্দী পৰ্বতীয়া গাঁও, তেজপুৰ
২২) বনমাল বৰ্মাদেৱৰ তাম্ৰলিপি খ্ৰীঃ ৯ শতাব্দী কলিয়াবৰ, নগাঁও
২৩) বলবৰ্মন (তৃতীয়)ৰ তাম্ৰলিপি খ্ৰীঃ ৯ শতাব্দী উত্তৰ বৰবিল গাওঁ,
হাওৰাঘাট, কাৰ্বি আংলং
২৪) বলবৰ্মন (তৃতীয়)ৰ তাম্ৰলিপি খ্ৰীঃ ৯ শতাব্দী নাহৰহাবি মৌজাৰ
উলুবাৰী, দৰং জিলা
২৫) বলবৰ্মন (তৃতীয়)ৰ তাম্ৰলিপি খ্ৰীঃ ৯ শতাব্দী সুতৰগাঁও, নগাঁও
২৬) হৰ্জৰবৰ্মনৰ তাম্ৰলিপি খ্ৰীঃ ৯ শতাব্দী কুৰুৱাবাহী, নগাঁও
২৭) (শাসকৰ নাম নাই) খ্ৰীঃ ৯ শতাব্দী তিতাবৰ,
ব্ৰঞ্জৰ সূৰ্যমূৰ্তি লিপি আমগুৰিঘাট
২৮) ৰত্নপাল বৰ্মনৰ তাম্ৰলিপি খ্ৰীঃ ১১ শতাব্দী চোৰাতবাৰী, নগাঁও
২৯) ৰত্নপাল বৰ্মনৰ তাম্ৰলিপি খ্ৰীঃ ১১ শতাব্দী বৰগাঁও মৌজাৰ
নাহৰহাবি গাঁও, তেজপুৰ
৩০) ৰত্নপাল বৰ্মনৰ তাম্ৰলিপি খ্ৰীঃ ১১ শতাব্দী শুৱালকুছি,
গুৱাহাটীৰ সমীপত
৩১) ইন্দ্ৰপাল বৰ্মনৰ তাম্ৰলিপি খ্ৰীঃ ১১ শতাব্দী পাতিদৰং মৌজাৰ
বৰপানাৰ গাঁও, গুৱাহাটী
৩২) ইন্দ্ৰপাল বৰ্মনৰ তাম্ৰলিপি খ্ৰীঃ ১১ শতাব্দী গুৱাকুছি, নলবাৰী
৩৩) গোপাল বৰ্মনৰ তাম্ৰলিপি খ্ৰীঃ ১১ শতাব্দী গছতল গাঁও, ডবকা,
নগাঁও জিলা
৩৪) ধৰ্মপালৰ তাম্ৰলিপি খ্ৰীঃ ১২ শতাব্দী বৰভগীয়া মৌজাৰ
খনামুখ গাঁও,
নগাঁও জিলা
৩৫) ধৰ্মপালৰ শুভংকৰ পাটক খ্ৰীঃ ১২ শতাব্দী স্থানৰ বিষয়ে অজ্ঞাত
তাম্ৰলিপি
৩৬) ধৰ্মপালৰ তাম্ৰলিপি খ্ৰীঃ ১২ শতাব্দী পুষ্পভদ্ৰা নদী,
উত্তৰ গুৱাহাটী
৩৭) বৈদ্যদেৱৰ তাম্ৰলিপি খ্ৰীঃ ১২ শতাৱ্দী কমৌলি গাঁও, বাৰাণসী
৩৮) বল্লভদেৱৰ তাম্ৰলিপি ১১০৭ শকাব্দ তেজপুৰ
(১১৮৫ খ্ৰীঃ)
৩৯) কানাই বৰশী বোৱা শিলালিপি ১১২৭ শকাৱ্দ উত্তৰ গুৱাহাটী
(১২০৬ খ্ৰীঃ)
বিভিন্ন মুদ্ৰা, লিপি, মোহৰ, বৈদিক সাহিত্য, ধ্ৰুপদী সাহিত্য, পুৰাণ, বেদ, তান্ত্ৰিক-বৌদ্ধ আৰু বৌদ্ধ সাহিত্য, মৌখিক ৰচনা, প্ৰাচীন অসমৰ সাহিত্য, বিভিন্ন বিদেশী লেখকৰ বিৱৰণ ইত্যাদি মন্থন কৰি তথা প্ৰভূত পৰিশ্ৰম আৰু অসামান্য চিন্তা-চৰ্চা-নিৰীক্ষণ কৰি কনকলাল বৰুৱাই ৰচনা কৰা ‘Early History of Kamarupa’ এক অসাধাৰণ দস্তাবেজ—যি সবল কৰিব পাৰে আজিৰ ‘অসমীয়া’ৰ দুৰ্বল মেৰুদণ্ড, যি দাঙি ধৰিব পাৰে আমাৰ গৌৰৱোজ্জ্বল জাতীয় গৰিমা, যি অত্যন্ত শক্তিশালী কৰিব পাৰে আঢ়ৈশ-তিনিশ বছৰীয়া ‘আসম-আসাম-অসম’ৰ ভেটি, যি প্ৰমাণ কৰিব পাৰে আমাৰ ইতিহাস-ঐতিহ্য-সংস্কৃতি-ভাষা মাথোন ৫০০-৬০০ বছৰীয়া নহয়, যি দ্ব্যৰ্থহীনতাৰে ক’ব পাৰে—যেতিয়া ‘বংগ’ নাছিল, তেতিয়াও আমি আছিলো, আছিল প্ৰাগজ্যোতিষ, আছিল কামৰূপ, আৰু আমি আছিলো এক সুসভ্য কামৰূপীয়া, চিৰস্বাধীন।
সেইবাবেই কনকলাল বৰুৱাৰ কালজয়ী সৃষ্টিৰ অসমীয়া ভাঙনি কৰাৰ দুঃসাহস কৰিলো।
‘Early History of Kamarupa’ গ্ৰন্থখনৰ বিষয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই দ্বাবিংশ বছৰৰ ‘বাঁহী’ৰ তৃতীয় সংখ্যাত এনেদৰে লিখিছিল—‘‘এইখন অতি প্ৰাচীন কালৰেপৰা আৰম্ভ কৰি, নৰনাৰায়ণ ৰজাৰ কাললৈকে পুৰণি কামৰূপ ৰাজ্যৰ ধাৰাবাহিক বুৰঞ্জী। কিতাপখনৰ কাকত ভাল, ছাপা ভাল, তামৰ ফলি, শিলালিপি, মোহৰ ইত্যাদি কেইবাটাও ভাল চিত্ৰ কিতাপখনত দিয়া হৈছে। কিতাপখন অনেক গৱেষণা, অনেক চিন্তা আৰু পুৰুষাৰ্থৰ ফল আৰু অসমৰ বুৰঞ্জী বিভাগত আপুৰুগীয়া বস্তু। বৰুৱা ডাঙৰীয়া আগেয়ে কি ইউৰোপীয়, কি ভাৰতীয়, কোনেও প্ৰাচীন বিশাল কামৰূপ ৰাজ্যৰ এনেকুৱা সংলগ্নভাৱে বুৰঞ্জী লিখিবলৈ প্ৰয়াস কৰা নাছিল; তেওঁলোকে অ’ত এছোৱা ত’ত এছোৱা লিখিছিল মাথোন। সিও বৰুৱাদেৱৰ দৰে প্ৰাঞ্জল আৰু গৱেষণাপূৰ্ণ নহয়। আনকি, গেইট চাহাবৰ A History of Assam-ত প্ৰাচীন কামৰূপৰ বিষয়ে যি অলপ-অচৰপ আছে, সিও নামমাত্ৰ আৰু কেঁচা। গেইটৰ বুৰঞ্জী আহোম ৰাজত্বৰ বুৰঞ্জী বুলিলেই হয়। বৰুৱাদেৱৰ এই দান অসমীয়াৰ মানত নিশ্চয় বহুমূলীয়া হ’ব আৰু তেওঁৰ ঋণ অসমীয়াই শুজিব নোৱাৰে। বুৰঞ্জীৰ বিষয়ত অসম নিশ্চয় কঙাল নহয়। কিন্তু সেই বুৰঞ্জী অসমৰ অৰ্থাৎ অসমীয়াৰ লুপ্ত গৌৰৱৰ স্মৃতি জগাই দি মনটো ইমান বহলাই দিলে যে আমি গ্ৰন্থকাৰক কি বুলি যে সমাদৰ কৰিম, তাৰ যোগ্য ভাষা বিচাৰি পোৱা নাই। আমাৰ পুৰণি অসমখন কিমান আহল-বহল, কিমান ডাঙৰ, কিমান শক্তিশালী আছিল, সেইবোৰৰ বিষয়ে যদিও ইয়াৰ আগেয়ে চকামকাকৈ অলপ-অচৰপ আমি জানিছিলো, আমাৰ সেই জ্ঞান যুকিয়াই, পদে-প্ৰমাণেৰে বহলাই আমাৰ ভিতৰৰে সুযোগ্য অসমীয়া এজনে যে এনেকৈ দিব পাৰিলে, এইটো কথা আমাৰ মনত যিমানে খেলাইছে, সিমানে গ্ৰন্থকাৰলৈ আমাৰ শ্ৰদ্ধা বাঢ়িছে আৰু এওঁৰ কীৰ্তিত আমি নিজকে গৌৰৱান্বিত বিবেচনা কৰিছো। আমি বৰুৱা ডাঙৰীয়াক খাটো তেওঁ যেন শীঘ্ৰে ইয়াৰ অসমীয়া ভাঙনি কৰি আমাৰ দেশৰ সকলোবোৰ স্কুলীয়া ছাত্ৰকে পঢ়িব আৰু জানিব পৰাকৈ এখন সৰুকৈ বুৰঞ্জী লেখি ছপা কৰি উলিয়ায়। কাৰণ বৰ অসমৰ পুৰণি তেজৰ স্মৃতি আমাৰ উঠি অহা অসমীয়া ল’ৰা-ছোৱালীৰ গাত সৰুৰেপৰা বোৱাই দি সিহঁতক গঢ়ি তোলাটো বৰ লাগতিয়াল কথা। সিহঁতে জানক যে খ্ৰীষ্টধৰ্মৰ প্ৰায় এহেজাৰ বছৰ আগেয়েও নিম্নবংগৰ সৰহভাগ সাগৰৰ তলত আছিল আৰু উত্তৰবংগৰ সৰহভাগ প্ৰাগজ্যোতিষ ৰাজ্যৰ ভিতৰত আছিল। কামৰূপলৈ আৰ্যৰ সোঁত পোন বাটে বিদেহ আৰু মগধৰপৰা বৈছিল, নিম্নবংগ সাগৰৰ বুকুৰপৰা ওলাই বসতিৰ যোগ্য হোৱাৰ অনেক কালৰ আগতে। আন নালাগে চতুৰ্থ খ্ৰীষ্টাব্দৰ মাজৰপৰা দ্বাদশ খ্ৰীষ্টাব্দলৈকে, অৰ্থাৎ প্ৰায় ৯০০ বছৰ পৌণ্ড্ৰবৰ্ধনৰ পূব আৰু উত্তৰ পৰ্যন্ত নৰক, ভগদত্ত আৰু বজ্ৰদত্তৰ বংশৰ তলতীয়া আছিল। গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা বংশৰ ৰজাই এনে দীঘলীয়া ৰাজত্ব কৰাৰ বিৱৰণ অতি কমহে ওলাব। স্বৰূপাৰ্থত আজিকালি যাক উত্তৰবংগ বোলে, সেই গোটেইখন কামৰূপৰ ভিতৰত আছিল আৰু তাৰ বঙালী মানুহবোৰ কিছুমান শতিকাৰ আগলৈকে কামৰূপীয়া আছিল। বুৰঞ্জীবিদ্ পণ্ডিত পৰ্জিটৰ চাহাবে সিদ্ধান্ত কৰি কয় যে মহাভাৰতৰ যুদ্ধৰ সময়ত পুৰণি প্ৰাগজ্যোতিষ ৰাজ্যৰ ভিতৰুৱা আছিল এই দেশবোৰ—বৰ্তমান কালৰ অসমৰ সৰহভাগ, বংগৰ জলপাইগুৰি, কুচবিহাৰ, ৰংপুৰ, বগুৰা, মৈমনসিং, ঢাকা, ত্ৰিপুৰা, পাবনাৰ এডোখৰ আৰু সম্ভৱতঃ নেপালৰ পূবডোখৰ। ৰামায়ণত আছে যে অমূৰ্তৰাজে প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল ধৰ্মাৰণ্যৰ কাষত। অমূৰ্তৰাজ কুশৰ পুতেক আৰু বিশ্ববিখ্যাত বিশ্বামিত্ৰ ঋষিৰ ককাক। কৌশিক নৈৰ আজিকালি নাম কুশী। প্ৰাচীনকালত এই কুশীলৈকে কামৰূপৰ সীমা আছিল আৰু আজিকালি বিহাৰ প্ৰদেশৰ ভিতৰত থকা পূৰ্ণিয়া ডিষ্ট্ৰিক্ট কামৰূপৰ ভিতৰত আছিল। আনকি, ষষ্ঠ শতিকাৰ আগডোখৰতে কুশী নৈ প্ৰাগজ্যোতিষৰ পশ্চিম সীমা আছিল। খ্ৰীষ্টাব্দৰ এহেজাৰ বছৰ আগলৈকে প্ৰাগজ্যোতিষৰ দক্ষিণ সীমা সাগৰ, পশ্চিম সীমা কুশ নৈ আৰু উত্তৰ সীমা ভোটৰ পৰ্বত আৰু নেপালৰ এছোৱা আছিল। যি হওক, এইটো নিশ্চয় যে প্ৰাগজ্যোতিষ বা পুৰণি কামৰূপ, মহাভাৰতত উল্লেখ কৰা আনবোৰ অনেক ৰাজ্যতকৈ অনেক গুণে ডাঙৰ আছিল আৰু গৌতম বুদ্ধৰ কালত থকা ষোল্লখন মহাজনপদৰ ভিতৰৰো কেইবাখনতকৈ ডাঙৰ আছিল। …’’
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ উপৰিউক্ত কথাখিনিয়েই প্ৰমাণ কৰে—কনকলাল বৰুৱাৰ ‘প্ৰাচীন কামৰূপৰ ইতিহাস’ নামৰ গ্ৰন্থখন কেনে সম্পদ হ’ব পাৰে। আজিৰ পটভূমিত, সংকুচিত অসমখনৰ ভেটি মজবুত কৰি আত্মানুসন্ধান কৰিবলৈ আৰু কামৰূপীয়াৰ অনন্য গৰিমাৰে জিলিকি উঠিবলৈ এক নতুন দৃষ্টিভংগীৰে কনকলাল বৰুৱাৰ এই গ্ৰন্থখন অধ্যয়ন কৰিলে, আমি ভাবো, ইতিপূৰ্বে উল্লিখিত অত্যন্ত দুৰ্বোধ্য ৰঙীন তৈলচিত্ৰস্বৰূপ আজিৰ অসমৰ আত্মাক উদ্ধাৰ কৰিব পৰা সম্ভৱ হ’ব আৰু আমাৰ পদক্ষেপসমূহ আত্মবিশ্বাসপূৰ্ণ হ’ব। সহস্ৰ বছৰৰ গভীৰ পোতন থকা সত্ত্বেও আজি আমি কিয় শিপাহীন হৈ পৰিছো—বাৰম্বাৰ আমি কিয় পাশাৰ গুটি হৈ পৰিছো, দিল্লীয়ে কিয় আমাৰ ভৱিষ্যতক লৈ হেতালি খেলি থাকিবলৈ সক্ষম হৈছে, ভাস্কৰবৰ্মা-ভগদত্ত-পৃথু-নৰনাৰায়ণ-ৰুদ্ৰসিংহ, সৰ্বানন্দ সিংহ আদিৰ এই ভূখণ্ডত কিয় আৰু কিদৰে আমি নাজল-নাথল অৱস্থাৰ সন্মুখীন হৈছো, আমাৰ তথাকথিত ৰাজনৈতিক নেতাসকলৰ প্ৰকৃততে শৌৰ্য-বীৰ্য-বুদ্ধি-কূটনীতিৰ দৌৰ কিমান, কিয় আমি আমাৰ অতীত-গৌৰৱক সমূলি জলাঞ্জলি দি অনবৰতে হা-হুতাশ কৰি কৰি দিল্লীনিৰ্ভৰ এটা পুতৌজনক স্থিতি গ্ৰহণ কৰিছো—এনে অলেখ বিষয় সম্পৰ্কে সদুত্তৰ পাবলৈ হ’লে ভৱিষ্যতৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি অতীত ইতিহাসৰ পৃষ্ঠা লুটিয়াবই লাগিব—ৰোগ আঁতৰাবলৈ হ’লে চিকিত্সকে ৰোগীৰ অতীত অনুসন্ধান কৰাৰ দৰে।
আজি বংগৰ সম্প্ৰসাৰণবাদ অসমৰ খিলঞ্জীয়া অসমীয়াৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে। ইতিমধ্যে চক্ৰান্তমূলকভাৱে ‘কোচবিহাৰ’খনক বংগৰ এখন জিলা কৰি পেলোৱা হ’ল—ছয়-সাত লাখ খিলঞ্জীয়া অধিবাসীৰ মতক গুৰুত্ব নিদি মাত্ৰ ত্ৰিছ হাজাৰ বাঙালী লোকৰ স্বাৰ্থ পূৰণ কৰিবলৈ। চৰ্দাৰ পেটেল, নেহৰু, ডাঃ বিধান ৰায় আদিয়ে ভৰিৰে মোহাৰি পেলাইছিল কোচবিহাৰৰ স্বাভিমান, প্ৰাচীন কামৰূপ-কমতাৰ স্বাভিমান! আজিও বংগৰ সম্প্ৰসাৰণবাদৰ প্ৰবক্তা আৰু সহায়ক আমাৰ মেৰুদণ্ডহীন ‘ৰাজনৈতিক নেতা’সকল। এইকথা সোঁৱৰাই দিয়াৰ সময় হৈছে যে যেতিয়া বংগ নাছিল, তেতিয়াও কামৰূপ আছিল! কোনো হীনমন্যতাত ভুগিব নালাগে আজিৰ ‘অসমীয়া’!
‘বাঁহী’ৰ একাদশ বছৰৰ দশম-একাদশ সংখ্যাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ‘আসাম ফ্ৰণ্টিয়াৰ গেজেপৰ ৰসিকতা’ শীৰ্ষক লেখাৰ এটি টোকাত ‘‘বংগৰ প্ৰাচীনত্ব’’ৰ বিষয়ে এনেদৰে উল্লেখ কৰিছিল—‘‘চৈনিক পৰিব্ৰাজক হুয়েনচাং যেতিয়া ভাৰতলৈ আহে (খ্ৰীষ্টাব্দ ৬২৯) সেই কালত বংগ নামেৰে কোনো ৰাজ্যৰ অস্তিত্ব থকাহেঁতেন তেওঁ অৱশ্যে তেওঁৰ ভ্ৰমণ বৃত্তান্ত গ্ৰন্থত উল্লেখ কৰিলেহেঁতেন। ‘মনুসংহিতা’ত বংগদেশৰ নামোল্লেখ নাই। গ্ৰীক, মুছলমান আৰু ইউৰোপীয় ঐতিহাসিক ভ্ৰমণকাৰীসকলে বংগৰ নাম উল্লেখ কৰা নাই। পূৰ্বে গংগা আৰু ব্ৰহ্মপুত্ৰৰ মুখত যি বংগ নামে অভিহিত হৈছে, সেইডোখৰেই পিছত বংগ নামে অভিহিত হৈছে যেন মনে ধৰে। এই দেশৰ অধিকাংশ ভূমি জলাহ আৰু সৰ্বত্ৰ জংঘলেৰে পৰিপূৰ্ণ আছিল। পুখুৰী অথবা কুঁৱা খানোতে ২৪-২৫ ফুট মাটিৰ তলত আজিও ভগা নাও, গছৰ গুৰি প্ৰভৃতি পোৱা যায়। এই নিমিত্তে বংগদেশ তেনে আধুনিক। ৩৫০ খ্ৰীষ্টাব্দত ৰচিত কালিদাসৰ ‘ৰঘুবংশ’ত যি বংগৰ উল্লেখ আছে তাৰ অন্তৰ্গত আধুনিক পাটনা, গয়া, সাহাবাদ প্ৰভৃতি ঠাই আছিল। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ যি প্ৰদেশ বংগ নামেৰে পৰিচিত, সেই প্ৰদেশ হুয়েনচাঙৰ সময়ত পাঁচোটা সুকীয়া দেশ বা ৰাজ্যত ভাগ হৈ আছিল। এইবোৰ ৰাজ্যৰ নাম—১। কামৰূপ, ২। সমতট, ৩। কৰ্ণসুৱৰ্ণ, ৪। পৌণ্ড্ৰবৰ্ধন, ৫। তাম্ৰলিপ্ত।’’
বংগ সম্পৰ্কে উল্লেখ এইবাবেই কৰিলো তথা সাহিত্যৰথীৰ বক্তব্য এইবাবেই দাঙি ধৰিলো যে বংগীয় সম্প্ৰসাৰণবাদৰ চক্ৰান্তৰ বাবেই কোচবিহাৰ বংগৰ অংগ হৈ পৰিল, অসমৰ প্ৰবাদপুৰুষ ‘ডাক’ক ‘বংগেৰ চক্ৰেটিছ’ বুলি প্ৰচাৰ কৰা হ’ল, নৰনাৰায়ণ-চিলাৰায় ‘বঙালী’ হৈ পৰিল, অসমীয়া ভাষাক অসমতেই এসময়ত ‘নিৰ্বাসন’ দিয়া হ’ল, ত্ৰিপুৰাৰ খিলঞ্জীয়া সংখ্যালঘু হৈ পৰিল, অসমত আজি পুনৰ আৰম্ভ বংগীয় সম্প্ৰসাৰণবাদীৰ নৃত্য—আৰু আমাৰ ‘ৰাজনৈতিক নেতা’সকল ব্যস্ত গুজৰাটীৰ দিল্লীৱালাৰ পিঠা মুখত ভৰাই তৈলমৰ্দনত।
সেইবাবেই কনকলাল বৰুৱাৰ ‘প্ৰাচীন কামৰূপৰ ইতিহাস’! আশাকৰো সকলোৱে এক নতুন দৃষ্টিভংগীৰে গ্ৰন্থখন পঢ়ি চাব।
আহক, যাত্ৰা আৰম্ভ কৰক।। স্বাগতম।।
অঞ্জন শৰ্মা
২৮ মাৰ্চ, ২০২০
গুৱাহাটী
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)