-কাবেৰী গোস্বামী |
‘পৰীক্ষা’ শব্দটো আৰু ইয়াৰ অভিজ্ঞতাৰে কম- বেছি পৰিমাণে আমি সকলোৱে পৰিচিত৷ সেয়া লাগিলে আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱেই নহওক কিয়! বহুসময়ত কোৱা বা শুনা যায়, জীৱনলৈ বিভিন্ন সময়ত অহা প্ৰত্যাহ্বানবোৰ একো একোটা পৰীক্ষা, যাৰ সাহসৰে সন্মুখীন হোৱাতো এক যোগ্যতা৷ বহুসময়ত সামাজিক- পাৰিবাৰিক সম্পৰ্কবোৰ ৰক্ষা কৰা বা সুষম গতিত চলাই নিয়াটোও সমস্যা হৈ পৰে, এই সমস্যাও একধৰণৰ পৰীক্ষা৷ জীৱনৰ হিচাপ বহীখনৰ হিচাপবোৰত খেলিমেলি নোহোৱাকৈ ৰাখিবলৈও পৰীক্ষা দিব লগা হয়৷ নিমিলা অংক মিলাব লগা হয়৷ জীৱনৰ সৰল অংকৰ জটিল উত্তৰ ওলোৱাটো অসম্ভৱ নহয়৷ আৰু এই সকলোবোৰেই জীৱন আৰু জাগতিক পৰীক্ষা৷ ভোগ্য বসুন্ধৰাত যোগ্যতাৰ প্ৰমাণৰে জীয়াই থকাৰ সামগ্ৰিক সংগ্ৰামখনেই হয়তো পৰীক্ষা৷
শেহতীয়াকৈ পৰীক্ষা বিষয়ক এখন চিনেমা চাবলৈ পালো৷ বিহাৰৰ নক্সাল অধ্যুষিত এক অঞ্চলৰ শিশুৰ সত্য ঘটনাৰ ওপৰত আধাৰিত এখন অনন্য অনুপ্ৰেৰণামূলক ছবি “Pareeksha”৷ প্ৰকাশ ঝা পৰিচালিত ছবিখনত অৱশ্যে কিছু সলনি কৰি ঝাৰখণ্ডৰ ৰাঁচীৰ পটভূমিত নিৰ্মাণ কৰা হৈছে৷ ৰিক্সাচালক নিৰক্ষৰ এজন পিতৃৰ একমাত্ৰ পুত্ৰক সুশিক্ষিত কৰি তোলাৰ দুৰ্বাৰ হেঁপাহ৷ যি হেঁপাহৰে সংযোজিত হৈছে শিক্ষানুষ্ঠানৰ মানদণ্ডক লৈ মনত গঢ় লোৱা তেখেতৰ এক ধাৰণা৷ তেওঁ বিশ্বাস কৰে যে অভিজাত শিক্ষা প্ৰতিষ্ঠানতহে ছাত্ৰই জীৱন গঢ়াৰ শ্ৰেষ্ঠ সুযোগ লাভ কৰে৷ অধ্যয়নশীল মেধাৱী পুত্ৰৰ জীৱন যাতে তেওঁৰ দৰে ৰিক্সাৰ পেডেলৰ ঘূৰ্ণনৰ সেই কষ্টকৰ পাকচক্ৰতে আৱদ্ধ হোৱাৰ পৰিৱৰ্তে বাট লয় এক সুষম আৰু শিখৰমুখী পথৰে, তাৰ বাবেই আদৰ্শৰ পৰীক্ষাত নিজকে ‘ফেইল’ কৰাইও পুত্ৰক সামৰ্থ্যৰ বাহিৰৰ ব্যয়বহুল উন্নত (?) শিক্ষাৰ ব্যৱস্থা কৰাই ‘পৰীক্ষা’ পাছ কৰোৱাৰ স্বপ্নত বিভোৰ হয় সেই পিতৃ৷ তেওঁৰ দৰিদ্ৰ পৰিয়ালৰ সামান্য সকাহৰ বাবেই এটা প্ৰতিষ্ঠানত ষ্টীলৰ বাচন চাফাই কৰ্মী হিচাপে কঠোৰ পৰিশ্ৰম কৰিও সময়মতে সেই সন্তানৰ খোৱা আৰু পঢ়াৰ প্ৰতি সচেতন এগৰাকী মাতৃৰ দায়িত্ববোধ আৰু সচেতনতাকো ফুটাই তোলা হৈছে৷ ছবিখনত আছে, অধ্যয়নক তপস্যা হিচাপে লোৱা এজন ছাত্ৰৰ কাহিনী, যিজনে পৰিবেশ, পৰিস্থিতিৰ প্ৰতিকূলতাৰ মাজতো ধৈৰ্য্য আৰু সততাৰে ব’ৰ্ডৰ ‘পৰীক্ষা’ৰ প্ৰস্তুতি চলাই সাজু হোৱাৰ সময়তে সন্মুখীন হৈছে আন এক অনিশ্চিত ‘পৰীক্ষা’ৰো৷ আনহাতে, এই পৰিস্থিতিৰ সমান্তৰালভাৱে উজলি উঠিছে প্ৰশাসনিক বিষয়া এজনৰ মানৱীয়তা আৰু সমাজৰ প্ৰতি দায়বদ্ধতা৷ কিন্তু ইয়াৰ বিপৰীতে প্ৰতিবন্ধক হিচাপে থিয় দিছে জনপ্ৰতিনিধি এজনৰ কুটিল আৰু স্বাৰ্থপৰ চৰিত্ৰৰ লগতে প্ৰচলিত শিক্ষাব্যৱস্থাৰ কেতবোৰ loophole আৰু সমাজৰ উচ্চ মধ্যবিত্ত শ্ৰেণীৰ এচামৰ ঠেক মানসিকতাই৷ তথাপি এই সকলো প্ৰত্যাহ্বান নেওচি জুয়ে পোৰা সোণৰ দৰে জিলিকি উঠা এজন ছাত্ৰৰ কাহিনীয়েই ছবিখনৰ কেন্দ্ৰীয় বিষয়-বস্তু হিচাপে সাৱলীলভাৱে উপস্থাপন কৰা হৈছে৷ এঘণ্টা বিয়াল্লিছ মিনিটৰ ছবিখনত ৰিক্সাচালক বুচ্চীৰ চৰিত্ৰত আদিল হুচেইনৰ অনন্য অভিনয়ে দৰ্শকক আচৰিত ধৰণে চৰিত্ৰটোৰ জীৱন সংগ্ৰাম আৰু দাৰিদ্ৰতাৰ লগতে তথাকথিত সামাজিক ব্যৱস্থাটোক অনুভৱ কৰোৱাব৷ বুলবুল কুমাৰ (শুভম ঝা) ৰ চৰিত্ৰটোৱে অনুপ্ৰেৰণা যোগাব আন অনেক বুলবুলক৷ পুৰণা কিতাপ বেচা সুশিক্ষিত প্ৰতিবেশীজনৰ সহানুভুতিশীলতা আৰু বুজনিয়ে যিদৰে হতাশ হ’ব খোজা এজন কিশোৰক মানসিক সকাহ দি মূৰ তুলিবলৈ সক্ষম কৰিলে, তাতেই মানৱতাৰ মহত্ত্বও প্ৰকাশ হৈছে৷ গতানুগতিক সমাজৰ এক ইতিবাচক কাহিনীক অগতানুগতিকভাৱে উপস্থাপন কৰা ছবি ‘পৰীক্ষা’৷ য’ত ছবিখনৰ কাহিনী, প্ৰতিটো চৰিত্ৰ আৰু সকলোৰে অভিনয় ইমানেই সাৱলীল আৰু বাস্তৱধৰ্মী যে সংবেদনশীল দৰ্শকমাত্ৰেই মন আৰু মগজুত ই আলোড়ন তুলিব৷ ইয়াত দেখা যাব প্ৰতিটো চৰিত্ৰই বিভিন্নধৰণে সন্মুখীন হোৱা জীৱনৰ পৰীক্ষা সমূহত প্ৰতিভাশালী হোৱা সত্বেও শ্ৰেণীবৈষম্যৰ বাবেই সুযোগৰ পৰা বঞ্চিত হৈছে, যোগ্যতা থাকিও আনধৰণেৰে লাঞ্ছিত হৈছে৷ কোনো যদি উত্তীৰ্ণ হৈছে, আন কোনোজন আকৌ বিফল হৈছে৷ বিফল হোৱাজনৰো বিফলতাৰ আঁৰত আন এক কাহিনী আছে৷ ‘পৰীক্ষা’ক লৈ পৰিচালক প্ৰকাশ ঝাৰ এই ‘পৰীক্ষা’ বাস্তৱিকতে এক সফল প্ৰয়াস বুলিব পাৰি৷