-মনোজ কুমাৰ ডেকা |
উমানন্দৰ বালিত আজিও বিচাৰো মই…
মই প্ৰায়েই কওঁ, অসমৰ সমাজ জীৱনে লাভ কৰা ‘দাদা’ দুজন । এজন- ভূপেনদা ।
আনজন, হীৰুদা ।
-এইদুজন সকলোৰে প্রিয় । মান্য । সেয়ে ‘দাদা’ । ডেকাৰো দাদা, বুঢ়াৰো দাদা । ভূপেনদা…হীৰুদা । মানুহে তেওঁলোকক তেনেকৈ মাতি ভাল পায় । মনত পেলাই ভাল পায় । জ্যেষ্ঠ জনৰ বাবেও এই দুয়োগৰাকী দাদা, কনিষ্ঠ জনৰ বাবেও !
এতিয়া কিছু সময়ৰ বাবে এজনক আঁতৰাই ৰাখিম । মোৰ ইমান শকতি নাই যে দুয়োজনকে লৈ কিবা অকণ কৰিব পাৰিম বা কব পাৰিম । সেয়ে, ভূপেনদাৰ কথা পিছত । এতিয়া ‘অনলী’ হীৰুদা !
…হীৰুদাক লৈ কাহিনীৰ অন্ত নাই । কব গলে সেইখন মহাভাৰত হব । কিন্তু যিয়ে তেখেতক ওচৰৰ পৰা পাইছে, তেওঁ বুজিছে, হীৰেন ভট্টাচাৰ্য্য কোন বা কি !
অসমৰ কবিকুলৰ শিৰোমণি তেখেত । কাব্যৰ অমৃত সন্তান ।
আমি অসমীয়া জাতি সৌভাগ্যশালী এই বাবেই যে এনে মাহীৰূহৰ সৃষ্টিৰে আমি ধন্য । এনে মহান আত্মাই তেখেতৰ সমগ্ৰ অনুভৱেৰে আমাক হেজাৰবাৰ নোৱালে-ধুৱালে । সমৃদ্ধ কৰিলে । আমি বলিয়ান হলো । শক্তিশালী হলো । কব পৰা হলো ভাৰতবর্ষৰ অন্যান্য জাতিক- চোৱা চোৱা, আমাৰ কাব্য সাহিত্য । আমাৰ কবিৰ সৃষ্টি । অনুভৱ ।…চোৱা চোৱা !
কাৰ মুখে নেগায় হীৰুদাৰ কবিতা ! কাৰ বাবে অচিনাকি-
…দেশ বুলিলেই আদেশ নেলাগে
…মোৰ তুমৰলী তেজত সাৰ পাই উঠে এহেজাৰ এটা ৰণুৱা ঘোঁৰা
…কাঁচিখন দেখিলেই বুজিবা, কাৰ ডিঙিৰ জোখাৰে গঢ়া !
কাৰ বাবে অচিনাকি তেখেত ?
-এইজনা কবিয়েই আকৌ কেতিয়াবা নিলিমাৰ নিমজ গালত চুমা খাই বিভোৰ হৈ থাকে ভাৱৰ সাগৰত ।
“নিলিমাৰ নিমজ গালত
চুমা এটি খাই
কম-
ৱাহ, কি সুন্দৰ জিলমিল
এই ৰ’দৰ বতাহ !”
কেতিয়াবা প্ৰান্তিকৰ কাৰ্যালয়ত দেখো । পৰিষ্কাৰ পৰিচ্ছন্ন প্ৰান্তিকৰ কাৰ্যালয় । নীৰৱতাত ডুবি কাম কৰি থকা প্ৰদীপ বৰুৱা ছাৰ । সন্মুখৰ টেবুলত হীৰুদা ।
সময় আগুৱায় । হিৰুদাই কিবা এটি কয় । প্ৰদীপ বৰুৱা ছাৰ ৰয় । তেখেতেও কিবা দুটি কয় । বেজী এটি পৰিলেও বোধকৰো বেছি শব্দ হব । তাতোকৈ সৰু শব্দৰে তেওঁলোকে ভাৱৰ আদান প্ৰদান কৰে । বুজে । ওচৰত থাকিও মই একো নুবুজো । নুশুনো । ঢুকি নাপাওঁ মই । মই অসমৰ্থ । দুৰ্বল ।…
পৰৱৰ্তী পষেকত প্ৰান্তিকৰ কবিতাৰ পৃষ্ঠাত, বাওঁহাতে ওপৰত জিলিকি থাকে হীৰেন নামৰ কবি । এটা কবিতা । চাৰিটামান শাৰী । শাৰীয়ে প্ৰতি দুটা, তিনিটা বা চাৰিটা শব্দ । আৰু তাত আঁটি আঁটি বান্ধে পৃথিৱীৰ সমস্ত ভাৱ । মনোভাৱ । যিয়ে যি কোনো মুহূৰ্তত আপোনাক জোকাৰি দিব পাৰে । লৈ যাব পাৰে ফুলনি বা মৰুভূমিলৈ…
হীৰুদাক মই খৰ্বকায় মানুহহে পাহাৰৰ চুড়ালৈ চোৱাৰ দৰেই জুমি চাওঁ । কিজানি দেখা পাওঁ ।
কাৰণ, হীৰুদা ওখতকৈয়ো ওখ ।
…সদ্যপ্ৰয়াত চিত্ৰশিল্পী বেণুমিশ্ৰ আৰু হিৰুদাই পান বজাৰৰ এখন টিনৰ ছালৰ তলত অলপ হেৰী খায় । ৰাতি দুয়ো দুপিনে ঢাপলি মেলে । এদিন হালিজালি আগবঢ়া হীৰেন ভট্টাচাৰ্যক কলে- হীৰু, পাৰিবানে যাবলৈ !?
উত্তৰত কি কব পাৰে বাৰু কওঁকচোন !
হীৰুদাই কৈছিল, ” সাপে অকাইপকাই যায় । গাঁতত সোমাওঁতে কিন্তু পোনে পোনে সোমায় !”- ইমান বেছি তীক্ষ্ণ আছিল তেখেত । অথচ প্ৰতি মুহূৰ্তত কবিৰ দেহ বা মনত বোকা মাটিৰ গোন্ধই মলমলাই থাকে ।
এবাৰ হীৰুদাক কলো, হীৰুদা বলক ফুৰিব যাওঁ ।
কলৈ ?
উমানন্দ ।
ব’লা ।
হীৰুদা ওলাল । কছাৰী ঘাটৰ পৰা ভুতভূতিৰে গৈ নামিলো উমানন্দত । বেছ কিছু সময় তেখেতে তাত নিৰৱতাৰ সৈতে কথা পাতিছিল । নিৰৱে । ৰ লাগি চাই থাকিছিল উমানন্দৰ সোধ বগা বালি বা খৰালিত কোনো ৰূপহীৰ সৰু কঁকাল যেন হোৱা লুইতৰ সুঁতি ।…
উমানন্দৰ সোণালী বান্দৰক লৈ আলোচনা হৈছিল । মনলৈ প্ৰশ্ন আহিছিল- উমানন্দলৈ আহিল কৰপৰা ইহঁত !? -হীৰুদাই কৈছিল-” সাঁতুৰী আহিবও পাৰে ।”
“বান্দৰে সাঁতুৰিব পাৰে জানো হীৰুদা !?”
“পাৰে । বান্দৰে মিছা কব নোৱাৰে । মিছা মানুহে কব পাৰে ।”
অলপ ৰৈ হীৰুদাই কৈছিল-“মনোজ, ঝাল মুড়ি খাওঁ দিয়া !”
হীৰুদাই উমানন্দত ঝাল মুড়ি, ভেল মুড়ি খাইছিল । মোৰ আজিও মনত আছে ।
নিজৰ অমূল্য অনুভৱেৰে সকলোকে ধুৱাই ৰাখিব পৰা কবিৰ ভৰিৰ খোজবোৰ প্ৰতিটো খৰালিত, উমানন্দৰ বালিত মই আজিও বিচাৰো । উমানন্দত আজিও মই হীৰুদাৰ মনৰ গোন্ধ পাওঁ ।