ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব
তনয় চক্ৰৱৰ্তী
যোৱা বছৰ(২০২১)ৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰপৰা সমগ্ৰ ভাৰত জুৰি সমস্ত গাড়ীৰ পৰা টোল টেক্স সংগ্ৰহ কৰিবলৈ ৰীতিমতে হুইপ জাৰি কৰি নিশাটোৰ ভিতৰতেই ‘ফাচ্টেগ’ ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰিছিল ভাৰত চৰকাৰে। টোল প্লাজাসমূহত নগদ ধনৰ লেনদেন সম্পূৰ্ণ বন্ধ কৰিবলৈ ‘ফাচ্টেগ’ৰ পথ বাচি লোৱা হৈছিল।
কিন্তু এবছৰ আৰু কেইটামান মাহ অতিক্ৰম হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰী নীতিন গাদকাৰীৰ কন্ঠত শুনিবলৈ পোৱা গৈছে বেলেগ কথা! এইবাৰ ‘ফাচ্টেগ’ ব্যৱস্থা পৰিহাৰ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।
ফাচ্টেগ বন্ধ কৰি টোল সংগ্ৰহৰ নতুন পদ্ধতি গ্ৰহণ কৰিবলৈ ইতিমধ্যে অগ্ৰসৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। ‘চেটেলাইট নেভিগেচন চিষ্টেম‘ বা উপগ্ৰহ ব্যৱহাৰ কৰি টোল টেক্স সংগ্ৰহ কৰাৰ বিষয়ে গুণা- গথা চলিছে নীতিন গাদকাৰীৰ বিভাগত।
নতুন দিল্লীৰ সূত্ৰৰ পৰা জানিব পৰা মতে ইতিমধ্যে পৰীক্ষামূলক ভাৱে টোল সংগ্ৰহৰ নতুন পদ্ধতিৰ ব্যৱহাৰ আৰম্ভ হৈ গৈছে।
কিন্তু সমগ্ৰ বিষয়টো আপাতত পৰীক্ষামূলক স্তৰতেই আছে। বাণিজ্যিক ৰূপায়ণৰ কামত এতিয়াও হাত দিয়া হোৱা নাই।
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰালয়ৰ সহযোগী সংস্থা চি.এছ.আই.আৰ.-অৰ বিশেষজ্ঞসকলে ইতিমধ্যে কেইবাবাৰো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো‘ৰ সৈতে বৈঠকত বহিছে।
নতুন পদ্ধতি অনুসৰি কোনখন গাড়ী ‘হাইৱে’ বা ৰাষ্ট্ৰীয় পথৰ ওপৰেৰে কিমান কিলোমিটাৰ চলিছে, সেয়া নিৰূপণ কৰি টেক্সৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হ’ব।
নতুন এই পদ্ধতি অনুসৰি হাইৱেৰ ওপৰেৰে গাড়ী যিমানেই অধিক চলিব, সিমানেই বেছি টোল টেক্স দিব লাগিব।
চি.এছ.আই.আৰ-অৰ পৰ্যবেক্ষণত ইতিমধ্যে ভাৰতৰ ৰাস্তাত পাইলট প্ৰজেক্টৰ কাম আৰম্ভ হৈ গৈছে।
নতুন এই পদ্ধতি অনুসৰি হাইৱেৰ ওপৰেৰে চলাচল কৰা গাড়ীৰ কিলোমিটাৰ জুখি লৈ টোল টেক্সৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হ’ব।
ইতিমধ্যে ইউৰোপত সফলভাৱে এই পদ্ধতিৰ প্ৰচলন হৈছে। ইউৰোপৰ সাফল্যৰ কথা ভাবিয়েই ভাৰতৰ ৰাস্তাতো একেই পদ্ধতিৰে টোল সংগ্ৰহ কৰাৰ বিষয়ে ভাবিছে ভাৰত চৰকাৰে। এই মুহুৰ্তত কোনো কোনো হাইৱেত সমগ্ৰ পথৰ বাবেই টোল টেক্স দিবলগীয়া হয়। কোনো গাড়ী টোল টেক্সৰ শেষ সীমা নোপোৱা স্বত্বেও সম্পূৰ্ণ টেক্স দিবলগীয়া হয়।
জাৰ্মানীৰ ৰাস্তাত চলাচল কৰা প্ৰায় ৯৮.৮% গাড়ীত ইতিমধ্যে চেটেলাইট নেভিগেচন চিষ্টেম সংযোজন কৰা হৈছে। টোল দিবলগীয়া ৰাস্তাত গাড়ী উঠাৰ লগে লগেই এনে চিষ্টেমে নিজাববীয়াকৈ টেক্সৰ হিচাব আৰম্ভ কৰে। পিছত যেতিয়া টোল দিবলগীয়া ৰাস্তখৰ পৰা গাড়ী আতৰি যায়, তেতিয়া দূৰত্ব হিচাব কৰি ধনখিনি গাড়ীৰ মালিকৰ পৰা বা চালকৰ একাউণ্টৰ পৰা কাটি লোৱা হয়।
“নতুন পদ্ধতি অনুসৰি কোনখন গাড়ী ‘হাইৱে’ বা ৰাষ্ট্ৰীয় পথৰ ওপৰেৰে কিমান কিলোমিটাৰ চলিছে, সেয়া নিৰূপণ কৰি টেক্সৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হ’ব। নতুন এই পদ্ধতি অনুসৰি হাইৱেৰ ওপৰেৰে গাড়ী যিমানেই অধিক চলিব, সিমানেই বেছি টোল টেক্স দিব লাগিব।চি.এছ.আই.আৰ-অৰ পৰ্যবেক্ষণত ইতিমধ্যে ভাৰতৰ ৰাস্তাত পাইলট প্ৰজেক্টৰ কাম আৰম্ভ হৈ গৈছে। নতুন এই পদ্ধতি অনুসৰি হাইৱেৰ ওপৰেৰে চলাচল কৰা গাড়ীৰ কিলোমিটাৰ জুখি লৈ টোল টেক্সৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হ’ব।”
ফাচ্টেগ একাউণ্টৰ পৰা যিদৰে টকা নিজাববীয়াকৈ কাটি লোৱা হয়, এই নতুন পদ্ধতি ব্যৱহাৰ কৰিও একেদৰেই টকা কাটি লোৱা হ’ব। এই সময়ত ভাৰতৰ ৯৭% গাড়ীত ফাচ্টেগ পদ্ধতিৰে টোল টেক্স সংগ্ৰহ কৰা হয়।
কিন্তু এই নতুন পদ্ধতি ব্যৱহাৰ কৰাৰ আগতে ভাৰতৰ পৰিবহন নীতি সলনি কৰিবলৈও পৰামৰ্শ দিছে বিজ্ঞানীসকলে। ইতিমধ্যে চি.এছ.আই.আৰ-অৰ বিশেষজ্ঞসকলে তাৰ বাবেই সঠিক তথ্য সংগ্ৰহ কৰা কাম আৰম্ভ কৰি দিছে। পাইলট প্ৰজেক্ট অনুসৰি ভাৰতৰ ১.৩৭ লাখ গাড়ীত নতুন এই চেটেলাইট নেভিগেচন চিষ্টেম ইনষ্টল কৰা হৈছে।
এই কামত ভাৰতক সহায় কৰিছে ৰাছিয়া আৰু দক্ষিণ কোৰিয়াৰ বিশেষজ্ঞসকলে। আগন্তুক কেই সপ্তাহমানৰ ভিতৰতে বিশেষজ্ঞ কমিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব পাৰে আৰু এই প্ৰতিবেদন লাভ কৰাৰ পিছত সেয়া বিবেচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় চৰকাৰে আগন্তুক আৰ্থিক বৰ্ষৰ আৰম্ভণিতেই ফাচ্টেগ ব্যৱস্থা পৰিহাৰ কৰি উপগ্ৰহৰ মাধ্যমেৰে টোল আদায় কৰিবলৈ আগ্ৰহী। ঠিক যিদৰে ২০২০ চনৰ ডিচেম্বৰ মাহৰ পৰা ফাচ্টেগ সম্পৰ্কে ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি ২০২১ চনৰ ফেব্ৰুৱাৰীত বাধ্যতামূলক কৰিছিল, একে পথেৰেই নতুন পদ্ধতি ব্যৱহাৰ কৰিবলৈ অগ্ৰসৰ হ’ব কেন্দ্ৰীয় চৰকাৰ। অহা ছেপ্তেম্বৰ মাহৰ পূৰ্বে পাইলট প্ৰজেক্টৰ কাম শেষ কৰিবলৈ বিচাৰিছে চি.এছ.আই.আৰ-অৰ বিজ্ঞানীসকলে।
যিসকলৰ ওপৰত এই নতুন টোল আদায়ৰ নীতিৰ গুৰু দায়িত্ব ন্যস্ত কৰা হৈছে, সেই ইছৰোৰ বিজ্ঞানীসকলে ইতিমধ্যে চি.এছ.আই.আৰ-ক সেউজ সংকেত দিছে।
কিন্তু যি সমস্যাৰ মাজত চি.এছ.আই.আৰ. পৰিছে, সেয়া হ’ল – বিদেশৰ গাড়ীৰ দৰে ভাৰতৰো প্ৰায় সকলো গাড়ীতেই ফাচ্টেগ সংযুক্ত কৰা হৈছে, কিন্তু পূৰণি গাড়ীবোৰক লৈ মূৰৰ কামোৰণি হৈছে। ইয়াকে লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰিবহন মন্ত্ৰালয়ৰ সৈতে অলপতে বৈঠকত বহিব চি.এছ.আই.আৰ.-অৰ বিজ্ঞানীসকলে।
১৭-০৫-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.