বটদ্ৰৱাৰ ঘটনা
মৃণাল কুমাৰ মিশ্ৰ
সাম্প্ৰতিক খবৰ বুলিলে আজিও দিনটোতো বটদ্ৰৱাৰ ঘটনাই মগজুৰ অধিকাংশ অধিকাৰ কৰি ৰাখিছে। কথাটো বহু ধৰণে বিচাৰ কৰি চাব পাৰি যদিও এই ঘটনাটো এটা সাধাৰণ আইন-শৃংখলাজনিত ঘটনাৰ ৰূপত চৰকাৰে ভাবি থাকিলে এটা সময়ত ফিৰিঙতিৰ পৰা খাণ্ডৱদাহৰ দৰে ঘটনা হ’বলৈ বেছি সময় নালাগিব।
গতিকে যথাযথ গুৰুত্ব সহকাৰে চৰকাৰে ঘটনাটোৰ তদন্ত নিৰপেক্ষভাৱে কৰি দোষীক উপযুক্ত শাস্তি দিয়াটোৱেই এই মুহূৰ্তত সময়ৰ দাবী। কিন্তু নিৰপেক্ষ তদন্ত কৰিব কোনে ? আইনৰ গৰাকী আৰক্ষীয়ে নে আইন হাতত তুলি লোৱা জনসাধাৰণৰ প্ৰতিনিধিয়ে ?
আমাৰ বোধেৰে ন্যায়িক তদন্ত অবিহনে এই ঘটনাৰ পূৰ্ণ বিচাৰ হোৱাৰ আশা নাই। অভিযোগ-প্ৰতিঅভিযোগৰ মাজত সকলো পক্ষ এতিয়া সাঙোৰ খাই পৰিছে। বিনা বিচাৰে আৰক্ষীয়ে শাস্তি প্ৰদান কৰি নিৰীহক হত্যা কৰাৰ বিপৰীতে জনসাধাৰণে আইন হাতত তুলি লৈ চৰকাৰী সম্পত্তিৰ ক্ষতি কৰাটো― দুয়োটাই সমানেই গুৰুত্বপূৰ্ণ অভিযোগ।
ঘটনাৰ মূল উৎস আছিল আৰক্ষীৰ জিম্মাত এজনৰ মৃত্যু। কিন্তু এই সম্পৰ্কে চৰকাৰ আৰু মৃতকৰ পৰিয়ালৰ ভাষ্য সম্পূৰ্ণ বিপৰীত। সৰ্বসাধাৰণ ৰাইজৰ আস্থা-বিশ্বাস হেৰুৱাই পেলোৱা আৰক্ষীৰ ওপৰত জানো ভৰসা কৰিব পাৰি? আৰক্ষীৰ ওপৰত আস্থাহীনতাৰ এই পৰিবেশৰ জন্ম জানো চৰকাৰে আৰক্ষীৰ হাতত অতিৰিক্ত ক্ষমতাৰ জৰিয়তে সৃষ্টি কৰা নাই ?
হয়তো এই পুলিচৰাজৰ অৱসান ঘটোৱাৰ বাবেই জিগনেশ মেৱানীৰ গোচৰত বৰপেটাৰ ন্যায়িক দণ্ডাধীশগৰাকীয়ে আৰক্ষী থানাৰ ভিতৰে-বাহিৰে চি-চি-টি-ভি সংস্থাপন কৰাৰ পৰামৰ্শ দিছিল। চৰকাৰৰ সদিচ্ছা থকা হলে আৰু সেইমতে যথাযথ ব্যৱস্থা লোৱাহেতেন আজি বটদ্ৰৱা ঘটনাৰ সত্যাসত্য উদঘাটনত নিশ্চয়কৈ সহায় হলহেতেঁন।
“ঘটনাৰ মূল উৎস আছিল আৰক্ষীৰ জিম্মাত এজনৰ মৃত্যু। কিন্তু এই সম্পৰ্কে চৰকাৰ আৰু মৃতকৰ পৰিয়ালৰ ভাষ্য সম্পূৰ্ণ বিপৰীত। সৰ্বসাধাৰণ ৰাইজৰ আস্থা-বিশ্বাস হেৰুৱাই পেলোৱা আৰক্ষীৰ ওপৰত জানো ভৰসা কৰিব পাৰি? আৰক্ষীৰ ওপৰত আস্থাহীনতাৰ এই পৰিবেশৰ জন্ম জানো চৰকাৰে আৰক্ষীৰ হাতত অতিৰিক্ত ক্ষমতাৰ জৰিয়তে সৃষ্টি কৰা নাই ?”
মানুহৰ ধৈৰ্যচ্যুতিৰ ফলশ্ৰুতিত সংঘটিত মূল ঘটনাতো তল পেলাই আৰক্ষী প্ৰশাসনে এতিয়া আইন ৰক্ষকৰ দায়িত্বত থাকি জিঘাংসা আৰু প্ৰতিশোধ পৰায়ন নীতি লোৱা দেখা গৈছে। অৰ্থাৎ এটা অন্যায় ৰোধৰ নামত আন এক অন্যায় আচৰণ।
এইবাৰ এই কাম উন্মত্ত জনতাই নহয়, কৰিছে ক্ষমতাৰে মদমত্ত আৰক্ষী প্ৰশাসনে ! এইক্ষেত্ৰত ‘স্বাধীন দেশ’ৰ পুলিচ আৰু বৃটিচৰাজৰ পুলিচৰ মাজত কিবা পাৰ্থক্য থাকিল নে?
এই সমস্ত কথাখিনি চালি-জাৰি চাই এই মুহূৰ্তত মনলৈ অহা কথাটো হ’ল― কথাবোৰ মুঠেও ভাললৈ হোৱা নাই। কথাবোৰ জাত-পাত, ভাষা-সংস্কৃতি, সংখ্যালঘু-সংখ্যাগুৰু আদি দৃষ্টিৰে চোৱাৰ সলনি সম্পূৰ্ণ এক নিৰপেক্ষ দৃষ্টিৰে বিচাৰ কৰি চোৱাটো সকলোপক্ষৰে বাবেই অতি প্ৰয়োজন।
এই ক্ষেত্ৰত বিশিষ্ট বুদ্ধিজীৱী অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ এই কথাখিনিৰ লগত আমিও একমত―
“বটদ্ৰৱাৰ ঘটনাই কি অশনি সংকেত দিছে আমি বাৰু ধৰিব পাৰিছো নে ? ৰাইজ মনত ৰাখিব জুইৰ কোনো জাতপাত, ধৰ্ম, বৰ্ণ বা লিংগ নাই ৷ এই জুইয়ে চৌপাশৰ সকলোকে পুৰিব। দূৰত থাকি কথাৰ উচটনি দিয়া আৰু জুইৰ মাজেৰে ক্ষমতাৰ ৰাজনীতি কৰা সকলক এই জুইয়ে ঢুকি নাপায়। জুইয়ে যিসকলক দহিব তেওঁলোকৰ স্থানত ৰৈ কথাবোৰ ভাৱক। একেখন পথাৰ আৰু একেখন বজাৰত নিতৌ লগ হোৱা মানুহেহে বুজিব এনে জুইয়ে মানুহক আৰু সমাজক কেনেকৈ দহে। সেয়েহে জ্বলি থকা জুইত ঘিঁউ নাঢালিব। এই জুই ক্ষমতাৰ আৰু ন্যস্ত স্বাৰ্থৰ পৰা আঁতৰত থাকি সুস্থ মগজু আৰু সম্প্ৰীতিৰে ৰোধ কৰিব লাগিব৷ এই জুই ৰুধিবই লাগিব” ৷
23-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.