-গৌতম শৰ্মা |
মধ্যযুগৰ ভাৰতবৰ্ষত আঞ্চলিক ইতিহাসৰ বিকাশ অতিশয় মন কৰিবলগীয়া। এই বিশেষ সময়ছোৱাত হিন্দী, বাংলা, উৰিয়া, মাৰাঠী, ৰাজস্থানী, অসমীয়া, তামিল, সংস্কৃত আদিৰ সাহিত্যই প্ৰগতিৰ চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। উদাহৰণস্বৰূপে, অসমত বুৰঞ্জী সাহিত্য, ৰাজপুত চাৰণসকলৰ চাৰণগীত, মহাৰাষ্ট্ৰৰ বাখৰ আদি সৃষ্টিসমূহে ইতিহাস তথা ঐতিহাসিক সাহিত্যৰ অতি ওচৰ চাপি গৈছিল। যিসমূহ আঞ্চলিক পৰম্পৰাই সমকালীন ভাৰতবৰ্ষৰ প্ৰদেশবোৰৰ তথা আঞ্চলিক অঞ্চলবোৰৰ ইতিহাস চৰ্চা, সংৰক্ষণ তথা তেওঁলোকৰ ইতিহাসপ্ৰীতি সম্পৰ্কে আমাক অৱগত কৰাইছে। সেয়েহে এইসমূহ ঐতিহাসিক চৰিত্ৰপ্ৰধান আঞ্চলিক ইতিহাস লিখাৰ পৰম্পৰাৰ অবিহনে মধ্যযুগৰ ইতিহাসতত্ব সদায় আধৰুৱা।
সমসাময়িক ভাৰতৰ এই আঞ্চলিক পৰম্পৰাবোৰৰ অন্যতম এক পৰম্পৰা আছিল মহাৰাষ্ট্ৰৰ বাখৰ পৰম্পৰা। এই বাখৰবোৰ মাৰাঠী সাহিত্যৰ অভিন্ন অংগ; যিসমূহ মাৰাঠী গদ্যতেই লিখা হৈছিল। প্ৰায় দুশতকৈয়ো অধিক বাখৰ ১৭ শ শতিকাৰপৰা ১৮ শ শতিকাৰ ভিতৰত লিখা হৈছিল। মাৰাঠা বীৰ শিৱাজী ৰাজত্বৰ আগৰেপৰাই এইসমূহ লিখা হৈছিল। মাৰাঠা জাতিৰ ইতিহাস উদ্ধাৰত এই বাখৰবোৰৰ যথেষ্ট গুৰুত্ব আছে।
বাখৰবোৰৰ উৎপত্তি সম্পৰ্কত পণ্ডিতসকলে বিভিন্ন মত দিয়া দেখা যায়। গৰিষ্ঠসংখ্যক পণ্ডিতৰ মতে, বাখৰ শব্দটোৰ মূল আৰবীক শব্দ ‘খবৰ’ শব্দৰ পৰা আহিছে। ঐতিহাসিক এছ.এন. যোশীৰ ভাষাত, বাখৰ শব্দটো পাৰ্ছী ভাষাৰ শব্দ ‘খায়ৰ’ বা ‘বাখয়ৰ’ৰ পৰা আহিছে। অন্যহাতেদি, বাপুজি সংপালে বাখৰ শব্দটো সংস্কৃত ভাষাৰ ‘আখ্যয়িক’ শব্দৰ পৰাহে আহিছে বুলি মতপোষণ কৰিছে, যাৰ অৰ্থ গল্প। যি নহওক, এই বাখৰবোৰৰ প্ৰধান বৈশিষ্ট্য হ’ল এইবোৰ গদ্যত লিখা হৈছিল, য’ত ৰাজনৈতিক, ঐতিহাসিক চৰিত্ৰ দেখা পোৱা গৈছিল, য’ত মাৰাঠাসকলৰ দেশপ্ৰেমিকতা প্ৰকাশ পাইছে। ইয়াৰ উপৰিও ইয়াত মাৰাঠাসকলে গ্ৰহণ কৰা কেতবোৰ পৰম্পৰা, ঐশ্বৰিক শক্তিৰ ওপৰত থকা বিশ্বাস আদিবোৰৰ কথাও প্ৰতিফলিত হৈছিল। প্ৰথম অৱস্থাত এই বাখৰসমূহ মাৰাঠীত লিখা হৈছিল যদিও পিছলৈ পাৰ্ছী আৰু সংস্কৃত গদ্যটো এইসমূহ পোৱা গৈছে।
বাখৰবোৰৰ ইতিহাস তথা ৰচনাকাল সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতৰ অমিল দেখা যায়। গদ্যত লিখা ‘মহিকাৱটিছি বাখৰ’ৰ দ্বিতীয় আৰু তৃতীয় অধ্যায় কেশবাচাৰ্যই ৰচনা কৰি উলিয়াইছিল। ১৫ শ আৰু ১৬ শ শতিকাত ৰচিত এই বাখৰবোৰৰ ৰচনাৰ বাবে তিনিজন বিখ্যাত পণ্ডিত ক্ৰমে- ভগৱান, দত্ত আৰু কেশবাচাৰ্যৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁলোকৰ ৰচনাত মাৰাঠাসকলক এক কৰাত আটাইতকৈ পুৰণি প্ৰয়াসৰ কথা পোৱা যায়। তদুপৰি ই মাৰাঠাসকলৰ বাহমনী ৰাজ্যৰ শাসনৰ প্ৰতি থকা বিৰুদ্ধাচৰণৰ কথাও উল্লেখ কৰিছে। সৰ্বমুঠ ২০০ বাখৰৰ অৱস্থিতি কথা পণ্ডিতসকলে উল্লেখ কৰিছে। ‘সুভাষদ বাখৰ’, ‘৯১ কালামি বাখৰ’ আৰু ‘আজনীয়াপাত্ৰ বাখৰ’ৰ লগতে আন বহু বাখৰেই ১৭৬০ আৰু ১৮৫০ খৃষ্টাব্দৰ ভিতৰত ৰচনা কৰা হৈছিল; যিচোৱা সময়ত মাৰাঠা পেছোৱাসকলে মাৰাঠা ৰাজ্যৰ শাসনকাৰ্য পৰিচালনা কৰি আছিল। মাৰঠা বীৰ শিৱাজীৰ জীৱন আৰু শাসনৰ ওপৰত কেতবোৰ বাখৰ (সৰ্বমুঠ এঘাৰ) ৰচনা কৰা হৈছিল।
শিৱাজী জীৱন আৰু কৃতিত্বৰ নিৰ্ভৰযোগ্য ৰচনা লিপিবদ্ধ কৰাত বিশেষকৈ সুভাষদ বাখৰৰ গুৰুত্ব অপৰিসীম। উল্লেখযোগ্য যে, ১৫ ৰপৰা ১৬ শ শতিকাৰ মাজভাগত ভগৱান, দত্ত আৰু কেশবাচাৰ্যই ৰচনা কৰা ‘মহিকাৱটিছি বাখৰ’ত মাৰঠা জনগণৰ বাহমনী শাসনৰ প্ৰতি থকা বিৰুদ্ধাচৰণৰ কথা পোনপ্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল। খৃষ্টীয় ১৬৯৪ ত জিঞ্জী দুৰ্গত শিৱাজীৰ ৰাজসভাৰ এজন অন্যতম সভাসদ কৃষ্ণাজী অনন্তই ৰচনা কৰা ‘সুভাষদ বাখৰ’ত শিৱাজীৰ জীৱনৰ বিষয়ে বহু কথাই জনা যায়। ১৪ শ শতিকাত কেতবোৰ অজ্ঞাত লেখকৰ দ্বাৰা ‘৯১ কালামি বাখৰ’ ৰচনা কৰা হৈছিল। শাহু ৰাজসভাত থকা মলহৰ ৰামৰাওৰ দ্বাৰা খৃষ্টীয় ১৮১১ ত ‘চিটনিছ বাখৰ’ নামৰ এবিধ বাখৰ ৰচনা কৰা হৈছিল। অন্যহাতেদি, কৃষ্ণাজী ভিনায়ক সাহানিয়ে খৃষ্টীয় ১৮১৮ ত ৰচনা কৰা ‘পেছোৱানচি বাখৰ’ত মাৰাঠা পেছোৱাসকলৰ ইতিহাস সম্পৰ্কীয় বহু তথ্য পোৱা যায়। ১৮ শ শতিকাত ৰচিত ‘ভৌচাহিবানস বাখৰ’ত ১৭৬১ চনত সংঘটিত হোৱা তৃতীয় পানিপথ যুদ্ধৰ বিৱৰণ পোৱা গৈছে।
উল্লেখযোগ্য যে, প্ৰথমাৱস্থাত সৰহসংখ্যক ঐতিহাসিকেই এই মাৰাঠী, পাৰ্ছী আৰু সংস্কৃত ভাষাত লিখা এই বাখৰবোৰক ইতিহাস ৰচনাৰ নিৰ্ভৰযোগ্য উৎস তথা সমল হিচাপে ল’বলৈ টান পাইছিল। ইয়াৰ মূলতে এইসমূহত থকা অতিমাত্ৰা সাহিত্যিক গুণ। অৱশ্যে বৰ্তমান সময়ত এই বাখৰ সাহিত্যক নতুনকৈ চোৱা হৈছে। শেহতীয়াকৈ, পণ্ডিত জেমস গ্ৰাণ্ট দুফে এই বাখৰবোৰৰ ওপৰত ভিত্তি কৰিয়েই তেওঁৰ বিখ্যাত ‘হিষ্টি অফ মাৰাঠা’ প্ৰণয়ন কৰি উলিয়াইছে। পণ্ডিত শংকৰ গোপালেও বাখৰবোৰক নিৰ্ভৰযোগ্য ঐতিহাসিক সমল বুলি মন্তব্য কৰিছে। সেয়েহে এই সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰি এই বাখৰ পৰম্পৰাক আমি বহু এক মূল্যৱান ঐতিহাসিক পৰম্পৰা হিচাপে অভিহিত কৰিব পাৰোঁ।