–অৰবিন্দ ৰাভা
বায়ুদূষণৰ বাবে আমাৰ হৃদপিণ্ড ক্ষতিগ্ৰস্ত হৈ পৰিছে। বৃদ্ধি হৈছে উচ্চ ৰক্তচাপৰ দৰে ৰোগ। বাঢ়িছে কিডনীৰ নানা জটিল ৰোগ। সাম্প্ৰতিক এক গৱেষণাই এই কথা সদৰি কৰিছে। গৱেষণা পত্ৰখন প্ৰকাশ কৰা হৈছে ‘আমেৰিকান চোছাইটি অফ নেফ্ৰোলজি(এ-এচ-এন)’-অৰ ‘কিডনি উইক ২০২১’ শীৰ্ষক সন্মিলনত, যোৱা ৪ নৱেম্বৰত।
গৱেষক সকলে পৰ্যবেক্ষণ কৰিছে যে দীৰ্ঘ দিন ধৰি কিডনিৰ অসুখত ভুগি থকা ( যাক কোৱা হয় ‘ক্ৰনিক কিডনি ডিজিজ’ বা ‘চিকেডি’), এনে প্ৰাপ্তবয়স্কৰ উচ্চ ৰক্তচাপৰ লগে লগে গেলেক্টিক প্ৰটিনৰ মাত্ৰাও বাঢ়ি গৈছে বায়ুমণ্ডলৰ দূষণৰ মাত্ৰাবৃদ্ধিৰ বাবে। এই গেলেক্টিক প্ৰটিনৰ পৰিমাণ শৰীৰত বৃদ্ধি হ’লেই হৃদপিণ্ডত গভীৰ ক্ষতৰ সৃষ্টি হয় আৰু সেই ক্ষত কোনোপধ্যেই নিৰাময় কৰা সম্ভৱ নহয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াৰ নাম হ’ল ‘মায়োকাৰ্ডিয়েল ফাইব্ৰোচিচ্’। মূল গৱেষক আমেৰিকাৰ ‘কেচ্ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ ইউনিভাৰচিটি’ৰ গৱেষক হাফছা তাৰিক-এ কৈছে যে ‘যেতিয়াই আমাৰ হৃদযন্ত্ৰত ফাইব্ৰোব্লাস্ট নামৰ এক বিশেষ ধৰণৰ কোষে কোলাজল তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই হয় মায়োকাৰ্ডিয়েল ফাইব্ৰোচিচ্। ফলত নানান ধৰণৰ হৃদৰোগত আক্ৰান্ত হ’বলগীয়া হয়। ই আমন্ত্ৰণ জনায় মৃত্যুক।’
গৱেষকসকলে পৰ্যবেক্ষণ কৰি গম পাইছে যে বায়ুত এক বিশেষ ধৰণৰ দূষণ কণা (পাৰ্টিকুলেট মেটাৰ ২.৫)ৰ পৰিমাণ বাঢ়িলেই এনে হয়। সেই কণা বতাহত কম পৰিমাণে থাকিলেও বা একেবাৰে নাথাকিলেও কিডনি, হৃদপিণ্ডৰ সিমান ক্ষতি নহয়। এতিয়া হৃদপিণ্ডৰ লগতে প্ৰচুৰ পৰিমাণে ক্ষতি কিডনিৰো হৈছে। গৱেষকসকলে দুবছৰ ধৰি প্ৰায় ১৫০০ ৰোগীক লৈ ক্লিনিকেল ট্ৰায়েল কৰি এইবিষয়ে জানিবলৈ সক্ষম হৈছে।