–অৰবিন্দ ৰাভা
বিশ্বৰ উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে ৰণ দিবলৈ এক অস্ত্ৰৰ উদ্ভাৱন কৰিছে ইজৰাইলৰ এক প্ৰতিষ্ঠানে। এই উদ্ভাৱন চমকপ্ৰদ। উষ্ণতা হ্ৰাস কৰিবলৈ কাৰ্বন-ডাই-অক্সাইড শোষণৰ বাবে এক অনন্য পদ্ধতি অৱলম্বন কৰি প্ৰতিষ্ঠানটোৱে এনে এবিধ বেলুন আৱিষ্কাৰ কৰিছে, যি বেলুনে বায়ুমণ্ডলৰ ওপৰৰ স্তৰৰ পৰা কাৰ্বন ডাই অক্সাইডক একেবাৰে বস্তাত বন্দী কৰি ভূ-পৃষ্ঠলৈ লৈ আহিব পাৰিব।
জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ হ’ল কাৰ্বন ডাই অক্সাইডৰ অতিৰিক্ত নি:সৰণ। জীৱাশ্ম -ইন্ধনৰ অতিমাত্ৰা ব্যৱহাৰৰ উপৰিও মানুহৰ দ্বাৰা সৃষ্ট নানান উৎসৰ পৰা বিপুল পৰিমাণৰ কাৰ্বন বায়ুমন্ডললৈ নিৰ্গত হৈ থাকে। বায়ুমণ্ডলৰ পৰা এনে কাৰ্বন ডাই অক্সাইড কমোৱাৰ এক উপায় হ’ল সেই কাৰ্বন ডাই অক্সাইডক শোষণ কৰা। নিৰ্দিষ্ট তাপমাত্ৰাত বায়ুমণ্ডলৰ পৰা কাৰ্বন শোষণৰ যিবোৰ পদ্ধতি প্ৰচলিত হৈ আছে, সেইবোৰ অতি ব্যয়বহুল। কিন্তু ইজৰাইলৰ ‘ষ্টাৰ্ট আপ’ প্ৰতিষ্ঠান ‘হাই হোপচ্ লেবৰেটৰী’য়ে দাবী কৰিছে যে তেওঁলোকৰ দ্বাৰা তৈয়াৰী বেলুনে অপেক্ষাকৃত ভাবে কম ব্যয়ত বায়ুমণ্ডলৰ ওপৰৰ স্তৰৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰিব পাৰিব।
বায়ুমণ্ডলৰ ওপৰৰ স্তৰত এনে কাৰ্বন প্ৰায় ঘনীভূত অৱস্থাত থাকে। বিভিন্ন সময়ত পৰিৱেশ বিজ্ঞানীসকলে ভূ-পৃষ্ঠৰ ঠিক ওপৰৰ কাৰ্বন ডাই অক্সাইডৰ চাদৰখনকেই পৰিৱেশৰ বৰ্তমানৰ সৰ্বনাশৰ মূল বুলি চিহ্নিত কৰিছে। কাৰণ ভূ-পৃষ্ঠৰ ঠিক ওপৰত থকা এনে কাৰ্বন ডাই অক্সাইডৰ চাদৰ ভেদ কৰি অক্সিজেন গেছ প্ৰৱেশ কৰিবই নোৱাৰে। হাই হোপচ্ লেবৰেটৰীৰ প্ৰধান কাৰ্যকৰ্তা নাডাভ ম্যানচডোৰ্ভ-এ ৰয়টাৰ্ছক জনাইছে যে ‘আশ্বৰ্যকৰ বিষয় হ’ল, প্ৰায় ঘনীভূত গেছক ধাৰণ কৰা বহুত বেছি সহজ। মাইনাচ ৮০ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত কাৰ্বন গোট মাৰিবলৈ ধৰে। আমাৰ মূৰৰ ওপৰৰ পৰা ৯ মাইল উচ্চতাত কেৱল এনে তাপমাত্ৰাত কাৰ্বন পোৱা যায়।’
নাভাদ-এ কয় যে তেওঁলোকৰ প্ৰতিষ্ঠানৰ ক্ষুদ্ৰ পৰিসৰত তেওঁলোকৰ দ্বাৰা আৱিষ্কৃত পদ্ধতিটোৰ পৰীক্ষা চলাই থকা হৈছে। গেছ পৰিপূৰ্ণ বেলুনৰ সৈতে এটা কাৰ্বন ধাৰণ যন্ত্ৰ বা বাকচ যুক্ত কৰি বায়ুমণ্ডলত এৰি দিয়া হৈছিল। তাৰপিছত সেই বেলুন সংলগ্ন যন্ত্ৰই বায়ুমণ্ডলৰ পৰা হিমায়িত কাৰ্বন পৃথক কৰি পৃথিৱীলৈ লৈ আহিবলৈ সক্ষম হয়। এই কাৰ্বন পুনৰ ব্যৱহাৰযোগ্য বুলিও তেওঁ দাবী কৰে।
হাই হোপচ্ -অৰ আশা, আগন্তুক দুই বছৰৰ ভিতৰত তেওঁলোকে ডাঙৰ আকাৰৰ বেলুন তৈয়াৰ কৰি উৎক্ষেপণ কৰিব পাৰিব আৰু সেয়া সম্ভৱ হ’লে প্ৰতিদিনে প্ৰতিটো বেলুনে এক টনকৈ কাৰ্বন শোষণ কৰিব পাৰিব। এনে বেলুনত খৰচ ১০০ ডলাৰতকৈ কম হ’ব আৰু বৰ্তমানৰ পদ্ধতিতকৈ এই ব্যয় বহুত কম বুলিও তেওঁ সদৰি কৰে।