-প্ৰণামীকা বৰা |
প্ৰজাতি এটাই প্ৰকৃতিৰ সৈতে শান্তিপূর্ণভাবে সহাৱস্থান কৰি স্বাভাবিক জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় পৰিস্থিতিক পৰিৱেশ বোলা হয়। পৰিৱেশ সম্পৰ্কত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চিন্তা-চৰ্চা ১৯৬২ চনৰ আগলৈকে একেবাৰে সীমিত আছিল। ১৯৬৬ চনত ৰাছেল কাৰ্ছনৰ দ্বাৰা প্ৰকাশিত ‘Silent Spring’ নামৰ গ্ৰন্থখনে এই দিশত নতুন দৃষ্টিভঙ্গীৰ প্ৰসাৰ ঘটায়।
১৯৭২ চনৰ ৫ জুন তাৰিখে ছুইডেনৰ ষ্টকহ’ম মহানগৰত ৰাষ্ট্ৰসংঘই মানৱ পৰিৱেশ সম্পৰ্কীয় এখন আন্তর্জাতিক সন্মিলন অনুষ্ঠিত কৰে। এই সন্মিলনে সমগ্র বিশ্বতে পৰিৱেশ শিক্ষা আৰু পৰিৱেশ অধ্যয়নৰ ওপৰত এক জনজাগৰণৰ সূচনা কৰে। সেয়ে ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়।
কেৱল বৃক্ষ-ৰোপণতেই বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্য সমাপ্ত নহয়।
উদ্দেশ্য হোৱা উচিত-
• পৰিৱেশ আৰু ইয়াৰ সমস্যা সম্পৰ্কত ব্যক্তি আৰু সমাজৰ বিভিন্ন গোট সমূহৰ মাজত সজাগতা আৰু সচেতনতাৰ ভাৱ জাগৃত কৰা।
• পৰিৱেশীয় সমস্যা সমূহ সমাধানৰ কৌশল উদ্ভাবন কৰাৰ বাবে চেষ্টা কৰা।
• প্ৰাকৃতিক সম্পদ সমূহৰ অনিয়ন্ত্রিত ব্যৱহাৰ আৰু জনসংখ্যা বিস্ফোৰণৰ কু-প্ৰভাৱ সম্পৰ্কে বুজি উঠাত সহায় কৰা।
উল্লেখযোগ্য যে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা নিজৰ সংবিধানত অন্তৰ্ভুক্ত কৰা বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষই প্ৰথম দেশ। ভাৰতৰ সংবিধানত সন্নিৱিষ্ট পৰিবেশ সুৰক্ষা সম্পৰ্কীয় আইন কেইখন হৈছে –
ক) ১৯৭২ চনৰ বন্যপ্ৰাণী( সংৰক্ষণ) আইন,
খ) ১৯৭৪ চনৰ বন (সংৰক্ষণ) আইন,
গ) ১৯৭৭ চনৰ পানী( প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ) শুক্ল আইন
ঘ) ১৯৮১ চনৰ বায়ু ( প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ) আইন
ঙ) ১৯৮৬ চনৰ পৰিৱেশ ( সুৰক্ষা) আইন আৰু
চ) ১৯৯১ চনৰ “পাব্লিক লায়েবিলিটি” বীমা আইন
প্ৰতিবছৰ বিশ্ব পৰিৱেশ দিৱসৰ এটা নিৰ্দিষ্ট বিষয় থাকে, এইবছৰৰ বিষয় “পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ”।
এই বিষয়ত বিভিন্ন মহাবিদ্যালয় আৰু অন্যান্য অনুষ্ঠানে এইবছৰ প্ৰৱন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখা পোৱা গৈছে। এই প্ৰচেষ্টা এক যোগাত্মক প্ৰচেষ্টা। পৰিৱেশ দিৱসৰ বিষয়সমূহৰ বিস্তৃত ৰূপত অধ্যয়ন হওঁক, চৰ্চা হওঁক!
বিশ্ব পৰিৱেশ দিৱসত এক নতুন চিন্তা কৰো আহক –
আপোনালোকে ৰুবলৈ অনা গছ পুলিটোৰ বৈজ্ঞানিক নাম জনাৰ চেষ্টা কৰো আহক। চৌপাশৰ পৰিৱেশৰ উদ্ভিদ আৰু প্ৰাণী সমূহৰ বৈজ্ঞানিক নাম জানিবলৈ চেষ্টা কৰো আহক! পৰিৱেশৰ সুৰক্ষাৰ হকে মাত মাতো আহক!