-অনুৰাধা শৰ্মা পূজাৰী |
“অসমৰ যিসকল লোকে বাতৰিকাকত, আলোচনী নিয়মীয়াকৈ পঢ়ে, তেখেতসকলে বিশ্বজিৎ চক্ৰৱৰ্তী নামৰ এজন লেখকৰ লিখা নিশ্চয় পঢ়িছে| বিশ্বজিৎ চক্ৰৱৰ্তী বামপন্থাৰ আদৰ্শৰে অনুপ্ৰাণিত যদিও মুক্ত চিন্তাত বিশ্বাসী| তেখেত এসময়ত যোৰহাটৰ বাংলা মাধ্যমৰ বিদ্যালয় লক্ষী ইউনিয়নৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল আৰু সেই বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল| অত্যন্ত অধ্যয়নপিপাসু এই ব্যক্তিজনে বাৰ্ধ্যকৰ শাৰীৰিক সমস্যা আওকাণ কৰি বাছ আৰু অটোৰিক্সাত মহানগৰত নানা কাম-কাজ কৰি ফুৰে| জেপত লৈ ফুৰে কিছু প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী| ইয়াৰ কাৰণ, এবাৰ এখন বাছৰ পৰা নামোতে, এজন মানুহক আঘাতপ্ৰাপ্ত অৱস্থাত পাইছিল আৰু তেওঁৰ কিলাকুটিৰ পৰা অহৰহ ওলোৱা তেজ বন্ধ কৰিবলৈ, বাছখনৰ ‘ফাষ্ট এইড’ বক্সটোত একো নাছিল| চক্ৰৱৰ্তীয়ে এই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী হৈ সেই দিনাৰ পৰাই হঠাতে দুখ পোৱা পথচাৰীক সহায় কৰিব পৰাকৈ প্ৰাথমিক চিকিৎসাৰ কেইপদমান বস্তু কান্ধৰ মোনাত লৈ ফুৰা কামটো আৰম্ভ কৰিলে| দেশৰ বিভিন্ন সমস্যাৰ প্ৰতি সদাসচেতন ব্যক্তিজনে অলপতে মোৰ ওচৰলৈ এখন গোহাৰি পত্ৰ লৈ আহিলে| সেইখন পঢ়ি সহমত থাকিলে তলত এটা চহী দিবলৈ ক’লে| এনে ধৰণৰ বিভিন্ন সমস্যাৰ গোহাৰিপত্ৰ তেখেতে আগেয়েও লৈ আহিছিল| এইবাৰৰ গোহাৰিপত্ৰখন আছিল অসমীয়া ভাষা শিকা সম্পৰ্কত| এই গোহাৰিখনত লিখা আছিল অসমত থকা প্ৰতিটো পৰিয়ালে অন্ততঃ এখনকৈ অসমীয়া বাতৰিকাকত ঘৰত ৰখাটো অভ্যাস কৰক| অসমীয়া মানুহৰ পৰিয়ালবোৰতো যিহেতুকে অসমীয়া ভাষা চৰ্চা হ্ৰাস পাইছে, সেয়েহে অসমীয়া বাতৰিকাকত এখন ৰাখিলে ল’ৰা-ছোৱালীয়ে প্ৰথমে অনিচ্ছা প্ৰকাশ কৰিলেও এদিন সেই কাকতখন পঢ়িবলৈ বাধ্য হ’ব| দ্বিতীয়তে প্ৰত্যেক চহৰীয়া এপাৰ্টমেণ্ট আৰু চুবুৰিবোৰত, সপ্তাহত এটা বন্ধ বাৰত, ল’ৰা-ছোৱালীক গল্প-কবিতা অসমীয়া ভাষাত লিখা-পঢ়া কৰাত উদগনি দিয়া আৰু অসমীয়া গীত, কবিতা গোৱা বা আবৃত্তি কৰাত উতসাহ জনাবলৈ আহ্বান দিয়া হৈছে| গোহাৰিখনৰ মতে, নিজৰ ঘৰত যেতিয়ালৈকে অসমীয়া আখৰ চকুৰ আগত দেখি নাথাকিব, তেতিয়ালৈকে অসমীয়া ভাষা-সংস্কৃতিৰ চৰ্চা নহ’ব| অন্যথা আমাৰ সন্তানসকলে মাতৃভাষা নাজানে বুলি দোষ দি লাভ নাই| এই গোহাৰিৰ তলত অসমৰ বহু যশস্বী মানুহৰ চহী সংগ্ৰহ কৰা দেখিলো| ইয়াৰ পিছত চক্ৰৱৰ্তীদেৱে অটো ভাড়া কৰি বহু এপাৰ্টমেণ্ট, চুবুৰীয়া ঘৰত এই গোহাৰিপত্ৰবোৰ অকলেই বিলালে| ‘যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলোৰে’ নীতিত বিশ্বাস কৰি বিশ্বজিৎ চক্ৰৱৰ্তীয়ে এই কামবোৰ কাকো ভ্ৰূক্ষেপ নকৰি অকলে কৰি ফুৰে| অৱধাৰিতভাৱে সেয়ে বিশ্বজিৎ চক্ৰৱৰ্তীক অলপতে লগ পাই সুধিলো, আপুনি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে কি কয়? হিন্দু বাংলাদেশী থকাটো বিচাৰে নেকি? তেখেতে তৎক্ষণাতে ক’লে ‘কেতিয়াও নিবিচাৰো| বিদেশী বিদেশীয়েই| ধৰ্মৰ ভিত্তিত এই প্ৰসংগ আনি দেশৰ চৰকাৰে যি মাৰাত্মক ভুল কৰিবলৈ গৈছে, তাৰ বিষম ফল অধিক ভোগ কৰিব এতিয়া অসমৰ মানুহে| সাম্প্ৰদায়িকতা, জাতিসংঘাত আৰম্ভ হ’ব|’ এনে ধৰণে চিন্তা কৰা অসমৰ মাটি, পানী, বায়ুত মিলি যোৱা হাজাৰজন শিক্ষিত বাঙালী অসমত আছে|”
########
141.
যুগ-যুগান্তৰ মেৰুদণ্ড পোন জাতি বিচাৰো
বেদব্ৰত মিশ্ৰ
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰত কাঠৰ ব্যৱসায় কৰিছিল। বৈবাহিক সম্পৰ্ক স্থাপন হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ সৈতে।
ড৹ বাণীকান্ত কাকতি, ড৹ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ পৰামৰ্শ অনুসৰি গৱেষণা কৰি অসমীয়া ভাষাৰ বৈজ্ঞানিক ভেটি স্থাপন কৰিছিল।
আমি উল্লেখ কৰা দুগৰাকী মনীষীৰ কথা প্ৰথম প্ৰসংগতে অনাৰ বিষয়টো হ’ল নিজৰ জন্মভূমি, মাতৃভাষাক জীৱনত কিমান অগ্ৰাধিকাৰ দিছিল। অগাধ, অকৃত্ৰিম, আন্তৰিক ভালপোৱাৰ বাবেই সমগ্ৰ অসমীয়া জাতিটোক তাহানি বাংলা ভাষাৰ আগ্ৰাসনৰপৰা আমাক মুক্ত কৰাই থৈ গ’ল। যাৰ বাবে আজি আমি গৰ্বেৰে অসমীয়া বুলি ক’ব পৰা হ’লো। এক নিজস্ব পৰিচয় পালো।
বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী আছিল। তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে মেধি ডাঙৰীয়াক দিল্লীলৈ তলব কৰিলে। তেতিয়া হেনো মেধি ডাঙৰীয়াই খবৰ দি পঠিয়ালে যে তেওঁ অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ কামত ব্যস্ত হৈ আছে আৰু ব্যস্ততাপূৰ্ণ কাৰ্যসূচী আছে, গতিকে দিল্লীলৈ যাব নোৱাৰে। উল্লেখনীয় যে দুয়োগৰাকী অৰ্থাৎ নেহৰু আৰু মেধি কংগ্ৰেছ দলৰে আছিল। মেধি ডাঙৰীয়াৰ কথাত বোলে প্ৰধানমন্ত্ৰী নেহৰু যথেষ্ট ক্ষুণ্ণ হ’ল আৰু ততাতৈয়াকৈ মুখ্যমন্ত্ৰী পদৰপৰা আঁতৰাই তেতিয়াৰ মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিলে। কংগ্ৰেছী হৈও অসমীয়াৰ স্বাভিমান কঢ়িয়াই লৈ ফুৰা মেধি ডাঙৰীয়াৰ ব্যক্তিত্ব চাওক।
ঠিক তেনেদৰে পৰৱৰ্তী সময়ৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াৰ ক্ষেত্ৰতো হেনো একে দশা হৈছিল। অসমীয়া স্বাভিমান থকা দেখি কংগ্ৰেছী লবীয়ে হেনো তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিছিল।
সত্তৰ দশকৰ আৰম্ভণিৰপৰা বৃহত্তৰ অসমীয়া সমাজখন ভাঙিবলৈ এখ পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা হ’ল। ষাঠিৰ দশকৰ শেষত সত্তৰৰ দশকৰ আৰম্ভণিত কংগ্ৰেছ দলক বিভাজিত কৰি ইন্দিৰা গান্ধী কংগ্ৰেছৰ সৰ্বময় একছত্ৰীৰূপে মূৰ দাঙি উঠিল।
সত্তৰৰ দশকৰ আৰম্ভণিৰপৰাই অসমৰ বিভিন্ন প্ৰেক্ষাপট সলনি কৰাত উঠি-পৰি লাগিল কংগ্ৰেছ দল চৰকাৰ। হুৰমূৰকৈ নিশাৰ ভিতৰত শ্বিলঙৰপৰা ৰাজধানী দিছপুৰলৈ নমাই অনা হ’ল। ইয়াৰ নেতৃত্ব ল’লে তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই। দিছপুৰত থকা চাহপাতৰ গুদামঘৰ চূণ তেল দি ৰাজধানীক ৰূপ দিয়া হ’ল। ৰাজনৈতিক ক্ষমতাৰ হাত ধৰি এচাম বিত্তশালীৰ জন্ম হ’ল— জন্ম দিয়া হ’ল।
জনতাৰ চৰকাৰ নাম দি তেতিয়াৰ কংগ্ৰেছ চৰকাৰে কি কৰা নাই চাওক। ইতিমধ্যে ১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণা কৰিলে ইন্দিৰা গান্ধীয়ে। তাৰ পিছত কংগ্ৰেছ চৰকাৰক কোনে মাতে, জৰুৰী অৱস্থাৰ দোহাই দি শৰৎ সিংহ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনৰ কাৰ্যকাল এবছৰতকৈ অধিক কাল বঢ়াই লোৱা হ’ল।
শৰৎ সিংহৰ চৰকাৰৰ কালতেই গুৱাহাটী বিশ্ববিদ্যালয়ত পুলিচ বাহিনী প্ৰথমবাৰৰ বাবে সোমাল। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত অসূয়া-অপ্ৰীতিৰ ভাব জগাই দি ৰং চোৱাৰ খেল আৰম্ভ কৰা হ’ল। প্ৰশাসনত সম্পূৰ্ণ ৰাজনৈতিক হস্তক্ষেপ আৰম্ভ কৰা হ’ল, শিক্ষাক ৰাজনীতিকৰণৰ মাজলৈ নিয়া হ’ল, এচাম বিষয়াক দুৰ্নীতি কৰিবলৈ এৰি দিয়া হ’ল, বহিৰাগত বণিয়াই অসমৰ ইমূৰৰপৰা সিমূৰলৈ বৃহত্তৰ অসমৰ মাটি পানীৰ দামত কিনি হস্তগত কৰাত উদ্গনি দিয়া হ’ল, ঠিকা-ঠুকলি, চাকৰি এচাম মানুহে পোৱা হ’ল— যিয়েই কোনো কাম নকৰি ৰাইজৰ ধনেৰে সম্পত্তিশালী-ক্ষমতাশালী হ’ল।
গুৱাহাটীখনত আমি দেখিলো মূল আৰু প্ৰধান অঞ্চলবোৰৰ মাটি বহিৰাগত বণিয়াই কম মূল্যত অসমীয়াৰ আৱেগক ব্লেকমেইল কৰি কিনি ল’লে।
দেশত জৰুৰী অৱস্থাৰ দোহাই দি সংবাদ পত্ৰ চেন্সৰ কৰা হ’ল। চিলিং আইনৰ অচিলাৰে অসমীয়াৰ মাটি বহিৰাগত বণিয়াক দিয়া হ’ল, বেপাৰ-বাণিজ্যত বহিৰাগত বণিয়াৰ দপদপনি বাঢ়িল, জাত-পাতৰ বিভাজন কৰি প্ৰশাসন দুৰ্বল কৰা হ’ল, বাংলাদেশী আহিয়েই থাকিল কংগ্ৰেছ চৰকাৰৰ উদ্যোগত।
দিল্লীৰ নিৰ্দেশত অৰ্থাৎ ইন্দিৰা গান্ধীৰ মৰ্জিত দিছপুৰৰ চৰকাৰে উঠা-বহা কৰি বৃহত্তৰ অসমীয়া সুন্দৰ সমাজখনক তিল তিলকৈ থানবান কৰাৰ গভীৰ কূট-কৌশলৰ মূল বীজ ৰোপণ কৰি দিয়া হ’ল। ইয়াৰ হোতা হৈ থাকিল শৰৎ চন্দ্ৰ সিংহ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ।
১৯৭২ চনৰ মাধ্যম আন্দোলন, ১৯৭৪ চনৰ খাদ্য আন্দোলন, ১৯৭৫ চনৰ কলেজ শিক্ষক সংস্থাৰ আন্দোলন আদিয়ে অসমখনৰ বৃহত্তৰ জনজীৱন অস্থিৰ কৰি তুলিলে। কংগ্ৰেছ চৰকাৰৰ কালত হোৱা এই আন্দোলন কংগ্ৰেছ দল-চৰকাৰৰ কূট-কৌশলৰ পূৰ্ণতা প্ৰাপ্তিৰ নমুনা।
বৃহত্তৰ অসমীয়াৰ ক্ষোভ বৃদ্ধি হৈ গৈ থাকিল। ১৯৭৯ চনত আৰম্ভ হ’ল বিশ্ব কঁপোৱা অসম আন্দোলন। অসমীয়াৰ প্ৰতি বঞ্চনা, দিল্লী চৰকাৰৰ শোষণৰ ৰাজনীতি, অসম ভূমিৰ অৰ্থনৈতিক স্বাধীনতা খৰ্ব কৰা আদি একাধিক কাৰণত জাতি-জনগোষ্ঠীয়ে বুজি পালে কেনেদৰে চূড়ান্ত বঞ্চনা কৰি থকা হৈছে। এইবিলাকৰ মূলতে আছিল কংগ্ৰেছ চৰকাৰ।
আমি উল্লেখ কৰি লেখা বিষয় বা যিসকল ৰাজনৈতিক নেতাৰ নাম উল্লেখ কৰিছো— ইয়াৰদ্বাৰা আমি কাকো অসন্মান প্ৰদৰ্শন কৰি কোৱা নাই। সন্মানসহকাৰে উল্লেখ কৰিছো। তেওঁলোকৰ ৰাজহুৱা জীৱনৰ কামবোৰৰ সম্পৰ্কত আমাৰ এক বিশ্লেষণ বা পৰ্যালোচনা। কাৰণ তেওঁলোকে সজ্ঞানে কৰা কামৰ বাবে বৃহত্তৰ অসমীয়া সমাজখন থানবান হৈ গৈছে। তেওঁলোকে থানবান কৰি অসমৰ প্ৰচুৰ সম্পদ, ঐশ্বৰ্য লুটি নিয়াত যথেষ্ট সফল হৈছে। তেওঁলোকে যি নেতিবাচক বা ক্ষতিকৰ বীজ ৰোপণ কৰিলে, ইয়াৰ ফল পৰৱৰ্তী পৰ্যায়ৰ প্ৰজন্মবিলাকে পদে পদে ভুঞ্জিব লগা হৈছে। অসমৰ ক্ষতি হৈছে প্ৰচুৰ। ইয়াৰ বাবেই হয়তো একাধিক সংগঠনে অসমৰ ইতিহাস ফঁহিয়াই দেখুৱাই অসম ভাৰতৰ অংগ নহয় বুলি যুক্তি প্ৰদৰ্শন কৰিছে।
মাতৃভূমিক ভাল পাবলৈ, মাতৃভূমিৰ বাবে কিবা কৰিবলৈ কোনেও শিকাব নালাগে, ই সদায় মানুহৰ অন্তৰৰপৰা অহা বিষয়। কোনোবা পক্ষৰ উদ্দেশ্য প্ৰণোদিত ভাল পোৱাৰ সংজ্ঞা আওৰাব লাগে বুলি কোনো কথা নাই।
প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমউন্নয়ন, কৃষ্টি-সংস্কৃতিৰ ক্ৰমবিকাশ, অৰ্থনৈতিক নিয়ন্ত্ৰণ, কৃষি ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল হোৱা আদি দিশবোৰেহে এটা জাতি বুলি চিনাকি দিব পাৰে।
যোৱা কেইবাটাও দশক জুৰি অসমৰ কিছুমান দৈন্য দিশ প্ৰকট হৈছে। সাহিত্য-সংস্কৃতি, অৰ্থনৈতিক, বৌদ্ধিক আদি দিশত বলিষ্ঠ ভূমিকা লৈ নেতৃত্ব দিব পৰা সৰ্বপক্ষ গ্ৰাহ্য, সৰ্বজনগ্ৰাহ্য নেতাৰ অভাৱ হৈছে। সৰ্বোপৰি সঁচা অৰ্থত জনতাৰ নেতাৰ অভাৱ হৈছে। কাকো কোনেও বিশ্বাস নকেৰ, সকলোৱে নিজৰ কথা কয়, গাইগুটীয়াকৈ চিন্তা কৰে, ‘লবী’ কৰি সকলো ক্ষেত্ৰতে কাম কৰে, নিজৰ লাভালাভটো আগতে চিন্তা কৰে— এইবিলাকহে হৈছে।
সামূহিক চিন্তাৰ অভাৱে সকলোৱে একেলগে বসবাস কৰিও কোনেও কাৰো আপোন হ’ব পৰা নাই। সকলোৱে সকলোৰে যেন শত্ৰুহে হৈছে।
আজিৰ দিনত বৃহত্তৰ অসমীয়া মানুহৰ মাটিৰ অধিকাৰ নাই, সম্পদৰ ওপৰত অধিকাৰ নাই, নিজৰ শৈলীৰে জীয়াই থকাৰ অধিকাৰ নাই— সঁচা অৰ্থত আছে কি?
অধিকাৰবিলাক পাবলৈ সাৰ্বিক উত্তৰণৰ বাট প্ৰশস্ত কৰিবলৈ হ’লে প্ৰতিটো জাতি-জনগোষ্ঠীৰ এক উমৈহতীয়া মঞ্চ লাগিব। যিখন মঞ্চৰ নাম শুনিলে মানুহে সমীহ কৰিব, ভয় কৰিব, ভাল পাব, ঐক্যবদ্ধ হোৱাৰ সামাজিক প্ৰেৰণা পাব। ইয়াৰ সমান্তৰালভাৱে জাতিৰ বাবে ত্যাগৰ মানসিকতাও দৃঢ়ভাৱে গঢ় লৈ উঠিব লাগিব।
নদী এখনক ভেটা দি সোঁত সলনি কৰিব পাৰি। এইটো কিন্তু সাময়িক প্ৰক্ৰিয়াহে। দীঘলীয়া সময়ৰ বাবে নহয়। নদীৰ স্বাভাৱিক গতিক যেতিয়া বাৰম্বাৰ বাধা দি থকা হ’ব ইয়াৰ পৰিণতি এটা সময়ত ভয়াৱহ হোৱা স্বাভাৱিক। ভয়াৱহ ৰূপে কাক ক’ত নিশ্চিহ্ন কৰে কোৱা টান। ভয়াৱহ ৰূপ কোনো পক্ষ, কাৰোৱেই কাম্য নহয়। কাম্য মাথোঁ এক মেৰুদণ্ড পোন জাতিৰ। কামেৰে পৰিচয় ৰাখিব পাৰিলেহে যুগ-যুগান্তৰ বৃহত্তৰ অসমীয়া জাতি হৈ থাকিব। পৰনিৰ্ভৰশীলতাই জাতিৰ পৰিচয় ধ্বংস হোৱাৰ সম্ভাৱনা-অৱকাশ অধিক।