ভাৰতত নিবনুৱা
প্ৰত্যেকৰে বেংকৰ একাউন্টত ১৫ লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি আছিল। বছৰি কোটি কোটি নিবনুৱা যুৱকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল। প্ৰতিশ্ৰুতি নাছিল কি!
কিন্তু ২ মে’ ২০২২ তাৰিখ সোমবাৰে উপদেষ্টা সংস্থা ‘চেন্টাৰ ফৰ মণিটৰিং ইন্ডিয়ান ইক’নমি'( চি.এম.আই.ই)-য়ে জনালে যে ভাৰতত নিবনুৱাৰ সংখ্যা এপ্ৰিল মাহত আৰু অধিক বাঢ়ি ৭.৮৩% হৈ পৰিছে। ইয়াৰ আগৰ মাহত এই হাৰ ৭.৬০% আছিল।
চি.এম.আই.ই-ৰ পৰিসংখ্যাই জনাইছে, এপ্ৰিল মাহত নিবনুৱাৰ হাৰৰ শীৰ্ষত আছে হাৰিয়ানা – ৩৪.৫% ; দ্বিতীয় স্থানত ৰাজস্থান – ২৮.৮% । গাওঁ অঞ্চলৰ তুলনাত চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে।
নগৰত নিবনুৱাৰ হাৰ মাৰ্চত আছিল ৮.২৮% । এপ্ৰিলত বাঢ়ি হৈ পৰিল ৯.২২% । গাওঁ অঞ্চলত নিবনুৱাৰ হাৰ মাৰ্চত আছিল ৭.১৮% , এপ্ৰিলত বাঢ়ি হ’ল ৭.২৯%।
বিশেষজ্ঞসকলে দাবী কৰিছে যে মূল্যবৃদ্ধিৰ লেকাম ধৰিব নোৱৰাৰ বাবেই অৰ্থনীতিৰ অৱস্থা তথৈবচ হৈ পৰিছে। পণ্যৰ দাম হু হু কৈ বাঢ়ি থকাৰ ফলত সাধাৰণ মানুহৰ ক্ষেত্ৰত সেইবোৰৰ চাহিদা কমি গৈছে আৰু তাৰেই প্ৰভাৱ উৎপাদন ক্ষেত্ৰত পৰিছে। ব্যয় কমাবলৈ বহুত সংস্থাই উৎপাদন আৰু পৰিসেৱাৰ ক্ষেত্ৰত কৰ্মচাৰী/কৰ্মীৰ সংখ্যা হ্ৰাস কৰিবলৈ বাধ্য হৈছে। গতিকে কৰ্মী নিয়োগ ৰুদ্ধ হৈছে। অথচ হু হু কৈ বাঢ়িছে নিবনুৱাৰ সংখ্যা।
02-05-2022 [ Headline image: Dazeinfo.com]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.