ভিক্ষাবৃত্তিৰ বাবে লাইচেন্স
• তনয় চক্ৰৱৰ্তী
চুইডেনৰ এখন চহৰত ভিক্ষাবৃত্তিক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে সেইখন চহৰৰ কৰ্তৃপক্ষই। কিন্তু চৰ্ত আৰোপ কৰা হৈছে সেই আনুষ্ঠানিকতাত। য’তে ত’তে ভিক্ষাৰ জোলোঙা লৈ বহিলে নহ’ব, ভিক্ষাবৃত্তিৰ বাবে সংগ্ৰহ কৰিব লাগিব লাইচেন্স! ঘটনাটো অদ্ভুত যেন লাগিলেও এনে ঘটনা ঘটিছে চুইডেনৰ এচকিলস্টুনা চহৰখনত। বৈধ পৰিচয় পত্ৰ দাখিল কৰি অনলাইনৰ দ্বাৰা বা পুলিচ থানালৈ গৈ ভিক্ষাবৃত্তিৰ বাবে আবেদন কৰিব পাৰিব ভিক্ষাৰী সকলে। লাইচেন্সৰ ম্যাদ থাকিব তিনিমাহলৈ। স্টকহোমৰ পশ্চিমৰ এচকিলস্টুনাত যদি কাৰোবাক লাইচেন্স নোহোৱাকৈ ভিক্ষা খোজা দেখা যায়, তেনেহ’লে সেই অবৈধ ভিক্ষাৰীয়ে জৰিমনা হিচাপে ৪০০০ ক্ৰোনা বা ভাৰতীয় মুদ্ৰাৰে ৩৩০০০ টকা পৰ্যন্ত গণি গণি পৰিশোধ কৰিব লাগিব। চুইডেনৰ বহুত চহৰত ভিক্ষাবৃত্তি বে-আইনী। ২০১৮ চনৰ শেষৰ ফালে চুইডেনৰ স্কনে প্ৰদেশত ভিক্ষাবৃত্তি নিষিদ্ধ কৰি আদেশ জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে। কেইবছৰমান ধৰি বিষয়টোক লৈ মোকৰ্দমা চলাৰ পিছত ভিক্ষাবৃত্তিক নিষিদ্ধ কৰি ৰায় দি শীৰ্ষতম আদালতে কৈছিল যে জনজীৱনৰ অসুবিধা আতৰ কৰিবলৈ তেনে ৰায় দিয়া হৈছে। আদালতৰ সেই ৰায়ৰ পিছত স্কনেৰ আৰ্হি লৈ বহুকেইখন প্ৰদেশত ভিক্ষাবৃত্তি নিষিদ্ধ কৰা হৈছিল। কিন্তু এচকিলস্টুনাত নিয়ম সুকীয়া। এচকিলস্টুনাত এতিয়া ভিক্ষা কৰিব বিচাৰিলে লাইচেন্স ল’ব লাগিব! চুইডেনৰ মুদ্ৰা ২৫০ ক্ৰ’না বা ভাৰতীয় মুদ্ৰাৰে ২০২৪ টকা খৰচ কৰি লাইচেন্স ল’ব লাগিব। কিন্তু ইয়াকে লৈ এতিয়া সীমাহীন বিতৰ্ক আৰম্ভ হৈছে। বহুতৰে মতে এই ব্যৱস্থাই ভিক্ষাবৃত্তিক উৎসাহ দিছে। ভিক্ষা কৰাৰ আইনী অধিকাৰ দিয়া হৈছে। বিশেষকৈ ৰোমানিয়া আৰু বুলগেৰিয়াৰ পৰা চুইডেনলৈ অহা জনসাধাৰণৰ একাংশই এই ব্যৱস্থাৰ দ্বাৰা লাভান্বিত হ’ব! বিতৰ্ক সৃষ্টি হোৱা স্বত্বেও সংশ্লিষ্ট কৰ্তৃপক্ষই ভিন্ন যুক্তি ডাঙি ধৰি কৈছে যে চহৰৰ কিমান মানুহে ভিক্ষাবৃত্তি কৰি জীৱন যাপন কৰে, সেই সম্পৰ্কে তথ্য সংগ্ৰহ কৰিবলৈ এনেধৰণৰ উদ্যোগ লোৱা হৈছে। কেৱল সেয়ে নহয়, এই তথ্যৰ মাধ্যমেৰে সকলোৰে সহায় হ’ব বুলিয়েই এনে উদ্যোগ লোৱা হৈছে। কৰ্তৃপক্ষই কৈছে যে পকেটৰ ধন খৰচ কৰি লাইচেন্স ল’বলৈ বহুতেই অপাৰগতা প্ৰদৰ্শন কৰিছে আৰু লাইচেন্স নোহোৱাকৈ ভিক্ষা বিচাৰি মোটা অংকৰ জৰিমনা ভৰিব লগীয়া হৈছে। গতিকে, লাইচেন্স সংকটৰ বাবে বহুতেই ভিক্ষাবৃত্তি ত্যাগ কৰিবলৈ বাধ্য হৈ এতিয়া ফল-মূল বিক্ৰী, ফুল বিক্ৰী বা অইন কামত নিজকে নিয়োজিত কৰিবলৈ আৰম্ভ কৰিছে।