মৃত্যু সচাই শিল্প জানো!
সংগীতা দাস
![মৃত্যু সচাই শিল্প জানো? 2 Sangita Das](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/02/Sangita-Das.jpg?resize=112%2C112&ssl=1)
কেইমাহ মান আগৰ কথা । মই চাকৰি কৰি থকা গাঁওখনত খুব হৈ হাল্লা হৈ থকাত মনটো খু-দুৱাই আছিল উৎসুকতাত । মানুহৰ জুম, পুলিচ-চিপাহী ভালেমান দেখি অলপ ওলাই আহি চকিদাৰ দাদাজনক সুধিলো-ঘটনা কি ?
তেওঁ সেইখন গাঁৱৰে বাবে তেওঁকে সোধাটো যুগুত বুলি ভাবিলো।
দাদা কি হৈছে ? কিয় ইমান মানুহ ? ইমান কান্দোন কাৰ ?
মোৰ এজাউৰি প্ৰশ্নৰ মূৰত তেওঁ এটা নিৰুদ্বেগ উত্তৰ দি কলে, গাঁৱত বেয়া মাইকী এজনী আছিল , সকলোকে ঔষধ কৰি ফুৰে, সেয়ে গাঁৱৰ মানুহে মাৰি পেলালে ।
মোৰ মূৰটো হঠাৎ আচন্দ্ৰাই কৰি উঠিল, মানুহ এগৰাকীক হত্যা কৰি পেলোৱাটো ইমান সহজ কথা হব পাৰে ?
জীৱন ইমান মূল্যহীন নে !
কিমান কলুষিত মানসিকতা লৈ জীয়াই আছোঁ আমি!
যিখন পৃথিৱীত ভাৰতৰ নাৰীয়ে মহাকাশত দপদপাই ফুৰিছে , বহুজাতিক কোম্পানীৰ পৰিচালনা কৰিছে, পুৰুষৰ সমানে সমানে মল্লযুদ্ধ কৰিছে,সকলো কৰিছে, সেই একে দেশতে নাৰীক কোবাই ঘপিয়াই হত্যা কৰা হৈছে ।
কাৰণ তাই ডাইনী !!!
![মৃত্যু সচাই শিল্প জানো? 3 মৃত্যু সচাই শিল্প জানো?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/02/pexels-photo-5435274.jpeg?resize=366%2C244&ssl=1)
মুমূৰ্ষ অৱস্থাত পুলিচে গণপ্ৰহাৰৰ পৰা উদ্ধাৰ কৰা তেজে তুমৰলি ‘ডাইনী‘জনী (!!)ক উঠাই আনিলে , ডিঙি কাটি চুলিকোচাত ধৰি ছেদ কৰা মুণ্ড টো লৈ উত্তাল বন্য আনন্দত বলিয়া হৈ পৰা মনুহজাকক দেখিলে মোৰ কষ্ট হয় কবলৈ যে আমি সভ্য দেশৰ নাৰী!
ডাইনী ধাৰণাটোৰ উৎস যদিও নতুন নহয় তথাপিও একবিংশ শতিকাত প্ৰচলিত ডাইনী হত্যা, নৰবলি, গণপ্ৰহাৰ আদিৰ দৰে ঘটনা আজিৰ সভ্য সমাজৰ বাবে চৰম লজ্জাজনক। অসমৰ জনজাতি অধ্যুষিত অনগ্ৰসৰ অঞ্চলত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি যদিও গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলতো ইয়াৰ প্ৰাদুৰ্ভাৱ কম বুলিব নোৱাৰি। মই দেখা ঘটনাটো গুৱাহাটী মহানগৰৰ মাত্ৰ কেই কিলোমিটাৰ মান হে আঁতৰত ঘটা।
পুতৌজনক স্বাস্থ্য অবস্থা, অন্ধবিশ্বাস ৰ দুৰাৰোগ্য শিপা, অশিক্ষা তথা নাৰীৰ প্ৰতি থকা সন্মান বোধৰ অভাৱৰ বাবে ডাইনী দৰে বিভ্ৰান্ত ধাৰণা আমাৰ সমাজত এতিয়াও বিৰাজমান ।
চৰকাৰে উন্নয়ন যিমানে নকৰক কিয় এই কথা ধুৰূপ যে ভালেসংখ্যক গ্ৰামাঞ্চল উপযুক্ত চিকিৎসা সেৱাৰ পৰা বহুযোজন নিলগত। চিকিৎসাৰ নূন্যতম সুবিধাৰ পৰা বঞ্চিত এই ঠাইসমূহত মানসিক ৰোগ সচেতনতা প্ৰায় শূণ্য।
![মৃত্যু সচাই শিল্প জানো? 4 মৃত্যু সচাই শিল্প জানো?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/02/pexels-photo-5435272.jpeg?resize=315%2C210&ssl=1)
বিজ্ঞানসন্মত জ্ঞানৰ অভাৱ বাবেই তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে তথাকথিত আচাৰ্য , বেজ ,অথবা কোনো ফকীৰে । এইচামে বিভিন্ন জন্ম বিসংগতি, মানসিক ৰোগ আদিবোৰ বিষয়ক ধৰ্মৰ প্ৰলেপ দি বিকৃত কাহিনী কিছুমান ৰচনা কৰি সৰ্বসাধাৰণ মানুহখিনিৰ বিশ্বাসক বিপথগামী কৰে। ব্যক্তিগত আখেজ বা লোভ আদিৰ বাবেও কাৰোবাক ডাইনী সজোৱাটো নুই কৰিব নোৱাৰি ।
চিকিৎসা ব্যৱস্থাৰ লগতে শিক্ষা ব্যৱস্থাও ভালেমান ঠাইত ভেকোভাওঁনাহে মাথোন। নাৰী শিক্ষাৰ অমনযোগিতা চাবলৈ হলে চৰ অঞ্চল , চাহ জজাতিসকলৰ অধ্যুষিত এলেকাসমূহৰ ওপৰত অলপ চকু দিলেই গম পোৱা যাব যে শিক্ষাৰ প্ৰতি কিমান আগ্ৰহ জন্মোৱা হৈছে ।
অৱশ্যে এচাম মানুহৰ শিক্ষাতকৈ জীৱিকা বেছি গুৰুত্বপূৰ্ণ হৈ পৰে । দৰিদ্ৰতাৰ তলত বাস কৰা এনে পৰিয়ালসমূহত কিতাপতকৈ ভাতৰ মূল্য বেছি বাবে নিজে নিজেই শিক্ষা বিলাসিকতাৰ পৰা আঁতৰি আহে ।
ভালেমান ঠাইত নাৰীৰ প্ৰতি নূন্যতম সন্মানবোধ নাই মানুহৰ। ছোৱালী মানেই বোজা। পৰিয়ালৰ অমনোযোগিতা অপুষ্টিৰ গ্ৰাসত জৰাজীৰ্ণ নাৰীয়েই শৰীৰ মনৰ ভাৰসাম্য হেৰুৱাই ডাইনী ৰূপ লয়।
প্ৰত্যক্ষ ৰূপত ধৰ্ম জড়িত হৈ থকা বাবেই জনজাতীয় এলেকাত ডাইনী ধাৰণা নিৰ্মূল কৰাটো যথেষ্ঠ কষ্টসাধ্য হৈ পৰিছে। যদিও কষ্টকৰ তথাপিও কিছুমান বিশেষ পদক্ষেপ, যেনে – গাঁওবোৰত উন্নত চিকিৎসা সজাগতা, দৰকাৰ হলে গাঁৱে গাঁৱে , ঘৰে ঘৰে গৈ দলবদ্ধ ভাবে চিকিৎসা সম্পৰ্কীয়, অন্ধবিশ্বাস বিৰোধী সজাগতা বঢ়োৱা ।
![মৃত্যু সচাই শিল্প জানো? 5 teach dice ornament on table](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/02/pexels-photo-301926.jpeg?resize=390%2C259&ssl=1)
শিক্ষাৰ প্ৰসাৰৰ লগতে প্ৰিণ্ট তথা টেলিভিছন মিডিয়াৰ সক্ৰিয় সহযোগ গুৰুত্বপূৰ্ণ।
চৰকাৰৰ কৰণীয় হ’ল দোষীক কঠোৰৰ পৰা কঠোৰতম দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে কাৰ্যকৰী আইন প্ৰবৰ্তন কৰা । এই বিষয়ত কাম কৰা সমাজকৰ্মী সকলক আৰ্থিক তথা মানসিক ভাৱে সহায় কৰাটো আমাৰ নৈতিক দায়িত্ব ।
তাৰোপৰি ভিত্তিহীন অন্ধবিশ্বাস লৈ ফুৰা মানুহক উপযুক্ত শিক্ষা আৰু জ্ঞানৰ যোগান ধৰাটো আমি নিজৰ মাজৰ পৰাও যিকোনো সময়ত সম্পন্ন কৰিব পাৰোঁ ।
![মৃত্যু সচাই শিল্প জানো? 6 witch hunting](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/02/witch-hunting.jpg?resize=496%2C305&ssl=1)
[সংগীতা দাস,মনোবিজ্ঞানী]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)