-মহাবাহু |
[৩০০০ কিলোমিটাৰ দূৰত্বৰপৰা ৫ জি প্ৰযুক্তিৰ সাহায্যেৰে মগজুৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন!!’
বেইজিং (চীন) : টেলিমেডিচিনৰ ক্ষেত্ৰখনত অনন্য নজিৰ স্থাপন কৰিলে চীনে। ৩০০০ কিলোমিটাৰ দূৰত্বৰপৰাই মগজুৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে চীনৰ চিকিৎসকে। এই কাৰ্যৰদ্বাৰাই এক যুগান্তকাৰী নিৰ্দশন দাঙি ধৰিবলৈ চীন সক্ষম হ’ল। লিং ঝিপেই হ’ল চীনৰ স্বনামধন্য চিকিৎসক। তেখেত হ’ল স্নায়ুৰোগ বিশেষজ্ঞ। চীনৰ ৰাজধানী বেইজিং-অৰ ‘পি-অল-এ জেনেৰেল হস্পিটেল’ত এক বিশেষ ধৰণৰ অত্যাধুনিক ম’বাইল ফোন আৰু ৫-জি প্ৰযুক্তিৰ সাহায্যেৰে ৩০০০ কিলোমিটাৰ দূৰত্বৰ, চীন দেশৰ দক্ষিণতম প্ৰান্তত অৱস্থিত হাইনান দ্বীপৰ ‘চান্যা চিটি’ৰপৰা এক অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে লিং ঝিপেই। ৰোগী আছিল বেইজিং-অৰ চিকিৎসালয়ত, আৰু লিং ঝিপেই আছিল চীনৰ অইন এক প্ৰান্তত, ১৮৬৪ মাইল দূৰৈত (প্ৰায় ৩০০০ কিলোমিটাৰ)।
দুৰূহ পাৰ্কিনচন্স ৰোগত আক্ৰান্ত ৰোগীজনক ৩০০০ কিলোমিটাৰ দূৰত্বৰপৰাই টেলিমেডিচিনৰ সাহায্যেৰে, আক্ৰান্ত ব্যক্তিৰ মগজুত ‘ডিপ ব্ৰেইন ষ্টিমুলেছন’ (ডি-বি-এছ) প্ৰতিষ্ঠাপন কৰে চিকিৎসক লিং মহোদয়ে। ৰোগী আৰু চিকিৎসক দুয়ো আছিল বিশাল চীনৰ দুই প্ৰান্তত, অথচ উন্নততম ম’বাইল আৰু কম্পিউটাৰ-ইণ্টাৰনেটৰ মাধ্যমেৰে অতি সফলতাৰে চীনত সম্পন্ন হ’ল ‘ৰবটিক চাৰ্জাৰী’! কেৱল চীন দেশতেই নহয়, সমগ্ৰ বিশ্বতেই এই ধৰণৰ ঘটনা এয়াই প্ৰথম বুলি বেইজিঙে দাবী কৰিছে। নিৰ্ভৰযোগ্য সূত্ৰৰপৰা পোৱা তথ্য অনুসৰি ‘চান্যা চিটি’ত নিজৰ বাসভৱনত বহি ৰাতিপুৱা ৯ বজাত অস্ত্ৰোপচাৰ আৰম্ভ কৰে লিং ডাঙৰীয়াই। প্ৰায় ৩ ঘণ্টা ধৰি অস্ত্ৰোপচাৰ হয়। ৫-জি প্ৰযুক্তিৰে নিজৰ কাম আৰম্ভ কৰে চিকিৎসকগৰাকীয়ে। ৰোগী তেতিয়া অচেতন হৈ আছিল বেইজিং-অৰ চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষত। সেই প্ৰযুক্তিৰ সাহায্যেৰেই নিখুঁতভাৱে ৰবটিক চাৰ্জাৰী সমাপ্ত কৰে চিকিৎসকে। ৩০০০ কিলোমিটাৰ দূৰৰপৰাই ৰবটটোক তেওঁ পৰিচালনা কৰে আৰু অস্ত্ৰোপচাৰৰ সমাপ্তিৰ পিছত জ্ঞান উভতি অহা ৰোগীয়ে কয় যে তেওঁ সুস্থ! স্থানীয় সংবাদ মাধ্যম ‘চি-জি-টি-এন’-অক লিং ঝিপেই কয় যে ‘ৰোগীক চিকিৎসা কৰাৰ স্বাৰ্থত মই প্ৰায়েই বেইজিঙৰপৰা হাইনানলৈ অহা-যোৱা কৰিবলগীয়া হয়। হাইনানত থকা অৱস্থাতেই জ্ঞাত হওঁ যে বেইজিঙৰ পি-এল-এ হস্পিটেলত মোৰেই এগৰাকী ৰোগীক ভৰ্তি কৰা হৈছে আৰু অবিলম্বে তেওঁৰ মগজুৰ ভিতৰত ‘ডি-বি-এছ’ প্ৰতিষ্ঠাপন কৰা জৰুৰী। ইমান কম সময়ৰ ভিতৰত ৰোগীজনৰ বাবে বেইজিঙৰপৰা হাইনানলৈ উৰি অহা সম্ভৱ নহয়। গতিকে এনে ক্ষেত্ৰত ৫-জি নেটৱৰ্কে সকলো সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হয়। কাৰণ, ইমান দ্ৰুতগতিৰ ইণ্টাৰনেট সংযোগ অবিহনে ৰিমোট কণ্ট্ৰ’লৰদ্বাৰা অস্ত্ৰোপচাৰ সম্ভৱপৰ নাছিল। ৪-জি প্ৰযুক্তিৰে এয়া অসম্ভৱ। মোৰ অনুভৱৰ বিষয়ে ক’বলৈ হ’লে ৩০০০ কিলোমিটাৰ দূৰৈত বহি এজন ৰোগীৰ মগজুত অস্ত্ৰোপচাৰ কৰাৰ কথা ভাবিয়েই এক অনন্য শিহৰণ হৈছিল! ডাক্তৰ লিং-এ কয় যে— ‘‘টেলিমেডিচিন’ৰ সাহায্যেৰে অস্ত্ৰোপচাৰ ইতিপূৰ্বেও হৈছে। ইয়াৰ পূৰ্বে মাদ্ৰিদ আৰু আমেৰিকাতো হৈছে। কিন্তু সেইবোৰ হৈছিল অতি বিলাসবহুল চিকিৎসালয়ত। তদুপৰি ভৌগোলিক দূৰত্ব একেবাৰে কম আছিল।’’