লক্ষ্যধৰ চৌধুৰী
কুমাৰ দীপক দাস
অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক ,নাট্যকাৰ ,অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ তথা শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ,অসম সাহিত্য সভাৰ গোৰেশ্বৰ অধিবেশনৰ সভাপতি আৰু অসম নাট্য সন্মিলনৰ নলবাৰী অধিবেশনৰ সভাপতি লক্ষ্যধৰ চৌধুৰীদেৱৰ আজি স্মৃতি দিৱস ৷
আমাৰ অতি শ্ৰদ্ধা আৰু আদৰৰ এই গৰাকী মহান ব্যক্তিৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বৃহত্তৰ অসমৰ বিশেষকৈ সাহিত্য সংস্কৃতি ক্ষেত্ৰত তেখেতৰ অৱদান শ্ৰদ্ধাৰে সুৱৰিছোঁ ৷
লক্ষ্যধৰ চৌধুৰী (১৯১৪ -২০০০ )
লক্ষ্যধৰ চৌধুৰীদেৱে ১৯৩৯ চনত উত্তৰ গুৱাহাটীৰ আউনিআটী মাধ্যমিক বিদ্যালয়ত এজন শিক্ষক হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ লক্ষধৰ চৌধুৰীৰ জীৱনতো বাৰুকৈয়ে পৰিছিল। ১৯৪২ চনত তেওঁ শিক্ষকতা বৃত্তি ত্যাগ কৰি স্বাধীনতা আন্দোলনত পূৰ্ণোদ্যমে জঁপিয়াই পৰে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বহুবাৰ আত্মগোপনো কৰিব লগা হয়। আন্দোলনৰ সময়চোৱাত লক্ষ্যধৰ চৌধুৰীয়দেৱে জয় প্ৰকাশ নাৰায়ন, অৰুণা আছফ আলী, অচ্যুত পটৱৰ্দ্ধন, ৰাম মনোহৰ লোহিয়া আদিৰ দৰে বিখ্যাত ব্যক্তিৰ সান্নিধ্যলৈ আহে আৰু সমাজবাদৰ প্ৰতি গভীৰভাবে আকৃষ্ট হৈছিল ৷
খুব কম বয়সতে অভিনেতা হিচাপে সুখ্যাতি অৰ্জন কৰা লক্ষ্যধৰ চৌধুৰীদেৱে ছাত্ৰাৱস্থাতেই কামাখ্যানাথ ঠাকুৰ, জলতিৰাম লহকৰ আদিৰ দৰে নাট্যকাৰৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। নৱম শ্ৰেনীত পঢ়ি থাকোঁতেই তেওঁ ‘একলব্য’ নামৰ এখনি নাট ৰচনা কৰি নিজৰ প্ৰতিভাৰ ইংগিত দিছিল। তেওঁৰ ৰচিত উল্লেখযোগ্য নাটকবোৰ হ’ল ‘ৰক্ষা কুমাৰ’, ‘আলিবাবা’, ‘ওমলা ঘৰ’, ‘নিমিলা অংক’, ‘যৱনিকাৰ আঁৰে আঁৰে’ ইত্যাদি। তেওঁৰ গদ্য সাহিত্যই অসমীয়া সাহিত্য জগতত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁৰ গল্পসমূহ চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত মাহেকীয়া অসমীয়া আলোচনী ‘প্ৰকাশ’ত নিয়মিয়াকৈ প্ৰকাশিত হৈছিল। লক্ষ্যধৰ চৌধুৰীৰ প্ৰথম প্ৰকাশিত গল্পটি হৈছে ‘চণ্ডিকাই’। তেওঁৰ দুখন উল্লেখযোগ্য গল্প সংকলন হ’ল ‘মানুহ বিছাৰি’ আৰু ‘মইনামতি’। তেওঁৰ প্ৰকাশিত অন্যান্য পুথিসমূহ হ’ল ‘ৰাজনীতিৰ অ আ ক খ’, ‘মোৰ অভিনেতা জীৱনৰ কাহিনী’ ইত্যাদি।
ৰংমহলৰ অস্থায়ী মঞ্চসজ্জাৰ পৰা আৰম্ভ কৰি কুমাৰ ভাস্কৰ নাট্য মন্দিৰলৈ এক সূদীৰ্ঘ বাট অতিক্ৰম কৰা লক্ষ্যধৰ চৌধুৰীয়ে নাট্য জগতৰ উপৰিও অসমীয়া বোলছবি জগততো নিজৰ বলিষ্ঠ অভিনয়ৰে অভিনয় প্ৰতিভাৰ নিদৰ্শন দেখুৱাই থৈ যাবলৈ সক্ষম হৈছিল। ১৯৫৫ চনৰ ১৬ ছেপ্তেম্বৰত মুক্তি দিয়া ‘নিমিলা অংক’ আৰু ১৯৪৭ চনৰ ১৫ এপ্ৰিলত মুক্তিপ্ৰাপ্ত ‘বদন বৰফুকন’ তেখেতে অভিনয় কৰা দুখন উল্লেখযোগ্য অসমীয়া চলচ্চিত্ৰ। ‘নিমিলা অংক’ ছবিখনৰ পৰিচালকো আছিল লক্ষ্যধৰ চৌধুৰী। ১৯৬১ চনত মুক্তিপ্ৰাপ্ত ‘লাচিত বৰফুকন’ কথাছবিখন লক্ষ্যধৰ চৌধুৰীদেৱে শ্ৰদ্ধাৰ প্ৰবীণ ফুকনৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিল।৮৫ বছৰ বয়সতো তেওঁ ঠিকনা নামৰ স্বৰচিত নাট এখনিৰ মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকক চমক দিবলৈ সক্ষম হৈছিল।
নাট সংকলন
০ একলব্য,
০ ৰক্ষ কুমাৰ শ্ৰীকৃষ্ণ,
০ আলিবাবা,
০ ওমলাঘৰ,
০ নিমিলা অংক,
০ যৱনিকাৰ আৰে আৰে,
০ দাতাকৰ্ণ,
০ এনিশাৰ অতিথি,
০ ঠিকনা
গ্ৰন্থ সংকলন
০ অনুভৱ,
০ মইনামতী,
০ ভিন্নজন ভিন্ন মন,
০ মানুহ বিচাৰি,
০ চণ্ডিকাই
অন্যান্য পুথি
০ ৰাজনীতিৰ অ আ ক খ,
০ মোৰ অভিনেতা জীৱনৰ কাহিনী
অসমীয়া সাহিত্য জগতত তেখেতে আগবঢ়াই থৈ যোৱা অৱদানসমূহৰ বাবে তেখেতৰ জন্মদিনটোক ‘কিতাপৰ দিন’ (Day of Books) হিচাপে উদ্যাপন কৰি অহা হৈছে ৷ পুণ: এই পূণ্যাত্মাৰ প্ৰতি আমাৰ ভক্তিভৰা সেৱা যাচিলোঁ ৷
(তথ্য সংগৃহিত )
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)