-মৃণাল কুমাৰ মিশ্ৰ |
এইখন প্ৰদেশত মানে আমাৰ অসম মুলুকত শিক্ষক হোৱাটো বাৰু অপৰাধ নেকি ? যোৱা দিনটোৰ বিধান সভাৰ মজিয়াত সেই বিভাগৰ মন্ত্ৰী মহোদয়ৰ কথা বতৰাৰ পৰা এনে এখন ছবিয়েই পৰিষ্ফুট হোৱা নাইনে ? আইন প্ৰণয়ন কৰাৰ বিষয়টো এক ল’ৰা-ধেমালিৰ পৰ্য্যায়লৈ নমাই অনাটোক তেওলোকৰ কৃতিত্ব বুলি ধৰিম নে চিন্তাৰ দৈন্য বুলি বুজিম। সংখ্যাগৰিষ্ঠৰ অহঙ্কাৰে মূৰত ধৰাৰ কাৰণে এনেধৰণে ওভতগোৰে নাচিবলৈ যদি তেখেতসকলক বিবেকে কৈছে তেন্তে আমাৰ আৰু ক’বলগা একোৱেই নাই। হিটলাৰৰ দিনৰ সুশাসন(?) অথবা মহম্মদ বিন টোগলকৰ দিনৰ সুশাসনৰ(?) কথা মনত পেলাই আমিও তেওলোকৰ একো একোজন উপযুক্ত প্ৰজা বুলি ভাবি নিজকে পতিয়ন নিয়াবলৈ চেষ্টা কৰিম।
শিক্ষক সকল সমাজৰ ধৰণী স্বৰূপ, তেখেতসকল সমাজৰ ভেটি নিৰ্মাতা বুলি আমি সৰুৰে পৰাই দেখি আহিছোঁ, বুজি আহিছোঁ, অনুভৱ কৰি আহিছোঁ। হয়, সকলো শিক্ষকৰ গাতেই হয়তো শিক্ষকৰ থাকিবলগীয়া গুণখিনি নাই। কিন্তু তাৰমানে এইটোও নহয় যে সকলো শিক্ষককেই ইয়াৰ বাবে জগৰীয়া কৰিম। বাচনি প্ৰক্ৰিয়াৰ ক্ৰুটিৰ বাবেই কিছুমান শিক্ষকৰ অযোগ্য ব্যক্তিও হয়তো শিক্ষকৰ ৰূপত আমি দেখি আহিছোঁ। তাৰবাবে জগৰীয়া নিশ্চয় সেই বাচনি প্ৰক্ৰিয়াত জড়িত লোকসকলহে । সমগ্ৰ শিক্ষক সমাজক আঙুলিয়াই তেখেতসকলক একপ্ৰকাৰ অপৰাধীৰ শাৰিত থিয় কৰাটো আমাৰ বোধেৰে এক ঢুকি নোপোৱা বিষয়। সকলো চৰকাৰী চাকৰিত থকাৰ দৰেই শিক্ষক সকলো বদলিকৰণ প্ৰক্ৰিয়াৰ আউটিত পৰে। তেন্তে শিক্ষকসকলৰ কাৰণে একোখন ঠাইত দহবছৰ চাকৰি কৰাৰ বাধ্যবাধকতা, দহবছৰ নোহোৱাকৈ বদলিৰ বাবে দৰ্খাস্ত কৰিলে তিনিবছৰ কাৰাদণ্ডৰ হাস্যকৰ ব্যৱস্থা আদিৰে এখন নতুন আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন আহিল ক’ৰপৰা ? শিক্ষা মন্ত্ৰীৰ ঘোষণাই আমাৰ দৰে সৰ্বসাধাৰণৰ চকু কপালত তুলিছে। শিক্ষক সকলো আন আন কৰ্মচাৰীৰ দৰেই একোজন চৰকাৰৰ দৰ্মহা পোৱা কৰ্মচাৰী। তেনে ক্ষেত্ৰত ভাৰতীয় আইন ব্যৱস্থাক প্ৰহসনত পৰিণত কৰি অকল শিক্ষকসকলক একোজন অপৰাধী ৰূপত কল্পনা কৰি এনে এখন আজৱ আইন প্ৰণয়ন কৰি আমাৰ শিক্ষামন্ত্ৰীয়ে কাললৈ খিয়াতি ৰাখি থৈ যোৱাৰ এই প্ৰচেষ্টাক আমি কি বুলি ক’ম বাৰু ? য’ত সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰেই এক নৱীকৰণৰ প্ৰয়োজন, তাত মাথোঁ শিক্ষকৰ বদলিকৰণৰ বিষয়টোতহে গুৰুত্ব প্ৰদান কৰাটো সঁচাকৈয়ে চিন্তাৰ বাটুলতাহে বুলি ভাবিবলৈ আমাক বাধ্য কৰাইছে।
শেষত, মাননীয় মন্ত্ৰী মহোদয়লৈ আমাৰ আহ্বান –
শিক্ষকসকলক শিক্ষক হৈয়ে থাকিব দিয়কচোন। তেওঁলোকক অপৰাধী নসজালেও আপোনাৰ গাদীখন সুৰক্ষিত হৈয়েই থাকিব।