-মৌচুমী ফুকন |
এটি শিশুৰ জন্মৰ পৰা ছয়বছৰ বয়সলৈকে প্ৰায় সকলো খিনি বিকাশ হোৱা দেখা যায়। এই বিকাশৰ সময়ছোৱাৰ পৰিৱৰ্তনবোৰ অভিভাৱকসকলে জনাটো খুউব প্ৰয়োজন।
কিছুমান বিষয় নতুন নহয় যদিও দিনে দিনে বাঢ়ি অহা Autism, Speech Delay, Communication Problm ইত্যাদিবোৰৰ কাৰণে এই কথাখিনি মই জনাবলৈ বিছাৰিছো। এই অসুবিধাবোৰ নতুন নহয় যদিও আমি এতিয়াও এই বিষয়ে ভালকৈ নাজানো। এটি শিশু জন্মৰ পৰা ছয় বছৰ বয়সলৈকে হবলগা বিকাশ-
০ -৩ মাহৰ সময়ত: এই সময়খিনিত এটি শিশুৱে হাঁহিব পৰা হয়, গলটো চিধা হয়, ইফালে সিফালে ঘূৰিব পৰা হয়, সৰু সৰু শব্দত চাব আৰম্ভ কৰে।
৬ মাহৰ সময়ত: কোনো এটা বস্তু ধৰিব পৰা হয়, জোৰকৈ হাঁহিব পৰা হয়, মাকক চিনিব পৰা হয়, কলকলনি আৰম্ভ হয়, মুখলৈ বস্তু নিব পৰা হয়, ঘূৰিব পৰা হয়।
৯ মাহৰ সময়ত: কোনো শব্দ বা আনে কোৱাবোৰ অনুসৰণ কৰে, নিজে বহিব পৰা হয়, কৌতুহলী হোৱা দেখা যায়, বুঢ়া আঙুলিৰ সহায়ত বস্তু নিজে ধৰিব পৰা হয়।
১০মাহ- ১ বছৰৰ সময়চোৱাত: মামা, দাদা ইত্যাদি শব্দবোৰ কব পৰা হয়, নিজে থিয় দিব পৰা হয়, সৰু সৰু কথাবোৰ যেনে নাখাবা, নাযাবা, এইফালে আহা ইত্যাদি কথাবোৰ মানিব পৰা হয়, কাপোৰ পিন্ধাৰ সময়ত নিজে সহযোগ কৰিব পৰা হয়।
১-১/২ বছৰৰ সময়ত: খোজ কাঢ়িব পৰা হয়, দৌৰিব পৰা হয়, প্ৰয়োজনবোৰ দেখুৱাব পৰা হয়, নিজে নিজে Scribbles কৰিব পৰা হয়।
২বছৰৰ সময়ত: দুই তিনিটা শব্দৰে বাক্য কব পৰা হয় যেনে- পানী খাম, ভোক লাগিছে, ছৱি চাই বস্তু দেখুৱাব পৰা হয়, শৰীৰৰ অংগবোৰ দেখাব পৰা হয়, খেলাত সহযোগ কৰিব পৰা হয়।
৩বছৰৰ সময়চোৱাত: নিজৰ Experience Relate কৰিব পৰা হয়। যেনে আজি মই ফুৰিব গৈছিলো, তাত মই এজন বন্ধু লগ পালো ইত্যাদি। প্ৰশ্ন সুধিব পৰা হয়, কিয় হয়, কেনেকৈ ইত্যাদি, নিজে খোৱা বস্তু লব পৰা হয়, পেচাৱ পায়খানা লাগিলে কব পৰা হয়।
৪বছৰৰ সময়চোৱাত: বুটাম নিজে লগাব পৰা হয়,ঠাণ্ডা, গৰম বুজি পোৱা হয়, বেলেগ লৰা ছোৱালীৰ লগত খেলিব পৰা হয়, সাধু কব পৰা হয়।
৫বছৰৰ সময়চোৱাত: সৰু সৰু ছৱি আকিঁব পৰা হয়, কাপোৰ পিন্ধিব পৰা হয়, সৰু সৰু প্ৰশ্নৰ উত্তৰ দিব পৰা হয়।
৬বছৰৰ সময়চোৱাত: প্ৰাথমিক ৰংৰ নাম কব পৰা হয়, সৰু সৰু শব্দবোৰ লিখিব পৰা হয় ইত্যাদি ।
এই কথাখিনি এইকাৰণে মই জনালো যে বহু অভিভাৱকে এইবোৰ নজনাৰ কাৰণেও বহু অসুবিধাৰ সন্মুখীন হব লগা হয়। ওপৰত দিয়া খিনিৰ দৰে যদি বয়স হিচাপত শিশুটিৰ বিকাশ নোহোৱা যেন পাইছে যিমান পাৰে সোনকালে Clinical Psychologist ৰ লগত এই বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন।।
(সমাপ্ত)
[ লেখিকা এগৰাকী সমাজ সেৱিকা, ৰাষ্ট্ৰীয় জনসহযোগ আৰু শিশুবিকাশ সংস্হাৰউ উত্তৰপূৰ্ব্বাঞ্চলীয় আঞ্চলিক কেন্দ্ৰ গুৱাহাটী (নিপচদ), জৱাহৰনগৰ, খানাপাৰা, গুৱাহাটী-২২]