–ডা° সুকৃতি চৌধুৰী |
বহুতো সময়ত পেটত গেছ হৈ আমি সকলোৱেই কষ্ট পাব লগা হয় ৷ আজি ইয়াৰ বিষয়েই অকণমান কথা পাতো আহক:
পেটত গেছ হোৱাটোৱে আমাক বৰ অসহজ কৰে আৰু পেটটো ওফন্দি অহা যেন লাগে ৷ এনে অৱস্থাত পচা উগাৰ আহি মুখেৰে গেছ বাহিৰ হয় বা পায়ুদ্বাৰেদিও গেছ যায় ৷
আহাৰ খোৱাৰ সময়ত আমাৰ মুখেৰে খাদ্যৰ লগতে বায়ুও পেটলৈ যায় ৷ গেছ হ’বৰ বাবে এই কাৰণটোকেই যথেষ্ট বুলি ক’ব নোৱাৰি ৷ গেছ হোৱাৰ মূল কাৰণ হ’ল আমি খোৱা আহাৰৰ কিছু অংশ যদি অন্ত্ৰৰ (Intestine) দ্বাৰা ভালকৈ বিভাজিত হৈ হজম নোহোৱাকৈ থাকে, তেনেহ’লে ৰৈ যোৱা খাদ্যৰ অৱশিষ্টই গেছ উৎপাদন কৰে। উচ্চ স্তৰৰ আঁহযুক্ত খাদ্য (High-fibre food) যেনে -বন্ধাকবি আদি খোৱাৰ পিছত গেছ অনুভৱ হোৱা যথেষ্ট পৰিমাণে দেখা যায় ৷ আনহাতে গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ পৰাও বহুলোকৰ গেছ হয় ৷ কোনো খাদ্য হজম নহৈ সাধাৰণভাৱে গেছ হোৱাটো বৰ বেছি চিন্তাৰ কথা নহয় যদিও একো কাৰণ নোহোৱাকৈ হঠাতে পেটত গেছ হোৱা বা অত্যধিক গেছ কেইবাদিনলৈকো ভাল নোহোৱাকৈ থকাটো আন ৰোগৰ লক্ষণ হ’ব পাৰে যি আপোনাক গুৰুতৰ ক্ষতি কৰিবও পাৰে ৷ এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’বলৈ দেৰী নকৰিব ৷
যিকোনো এটা সমস্যাৰে সৈতে যুঁজি ইয়াক ঠিক কৰিব খুজিলে আমি সৰ্বপ্ৰথমে সমস্যাটোক বুজিব লাগিব ৷ ৰোগৰ ক্ষেত্ৰত এই কথাটো শতকৰা এশভাগেই সত্য ৷
এতিয়া আহকচোন আমি গেছৰ সমস্যাটোক ভালকৈ বুজাৰ চেষ্টা কৰো :
(১)আপোনাৰ যদি পেটত গেছ হৈ পচা উগাৰ আহি আছে আৰু ইয়াৰ লগতে বুকুৰ মাজত জ্বলা-পোৰা ভাৱ হৈছে, তেনেহ’লে আপোনাৰ Gastro-oesophageal reflux হ’ব পাৰে ৷ এনেকুৱা হ’লে পেটৰ ভিতৰৰ এচিদযুক্ত উপাদান খাদ্যনলীৰ ফালে উজাই আহি জ্বলা-পোৰা অনুভূত হোৱা, পচা উগাৰ অহা আদিবোৰ হয় ৷
যদি আপুনি Gastro-oesophageal reflux ত ভুগি আছে, তেনেহ’লে তলত দিয়া সাৱধানতাবোৰ লোৱা উচিত:-
(ক) খাদ্যৰ পৰিমাণ কমাই দি সঘনাই কেইবাবাৰো খাব
(খ) মচলাযুক্ত আৰু ভজা-পোৰা খাদ্য এৰাই চলক ৷
(গ) চৰ্বিযুক্ত খাদ্য নেখাব
(ঘ)চকলেট আৰু ক্ৰীম জাতীয় বস্তু পৰিহাৰ কৰক
(ঙ)গধূলি আঠমান বজাৰ ভিতৰতেই নিশাৰ আহাৰ খাব
(চ)কফি নেখাব
(ছ)মদ্যপান আৰু ধুম্ৰপান নকৰিব
(জ)আপোনাৰ যদি অত্যধিক শাৰীৰিক ওজন (obesity) তেনেহ’লে ওজন কমাবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিবই লাগিব
(ঝ)আহাৰ খোৱাৰ পিছত ব্যায়াম নকৰিব, ওপৰমুৱাকৈ নুশুব বা বেকা নহ’ব
(ঞ) ককালত টানকৈ বেল্ট নেবান্ধিব ৷ টান ককালৰ পেন্ট বা টানকৈ বন্ধা পাইজামা/পেটিকোট আদিৰ ৰচি –অলপ দিন বাদ দিয়কচোন ৷ ঢিলাকৈয়েই পিন্ধক ৰোগৰ পৰা উপশম পোৱালৈকে ৷
(ত)ৰাতি শুৱাৰ সময়ত মুৰৰ দিশটো কেইবাটাও গাৰু ব্যৱহাৰ কৰি ওখ কৰি ল’লে বুকুৰ জ্বলা-পোৰাৰ পৰা কিছু আৰাম পাব
এই সকলোবোৰ কৰাৰ লগতে আপুনি antacid জাতীয় সাধাৰণ ঔষধ খাব লগা হ’ব পাৰে ৷
যদিহে দুসপ্তাহ আপুনি ওপৰত কোৱা সকলোবোৰ সাৱধানতা লৈ আৰু ইয়াৰ লগতে antacid সেৱন কৰিও এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা নাই, তেনেহ’লে আপুনি নিশ্চিতভাৱে চিকিৎসকৰ কাষ চাপক ৷ স্বাস্থ্য পৰীক্ষা কৰি আন উপসৰ্গ নেপালে চিকিৎসকে এই ক্ষেত্ৰত সাধাৰণতে Ulcer-healing drugs জাতীয় ঔষধ দিয়ে যিবোৰে পেটত উৎপন্ন হোৱা এচিদ জাতীয় উপাদানৰ উৎপাদন হোৱাটো কম কৰি আপোনাৰ ৰোগৰ নিদান কৰে ৷
(২) এই যে কথাৰ মাজত আপুনি কেতিয়াবা কয় “আজি ভাত খাই উঠি পেটতো কিবা আপচেট (upset) লাগিছে “—মাজে-সময়ে বাৰু খাদ্য খাই উঠি পেটতো ভৰ্তি ভৰ্তি লগা বা অসহজ অনুভৱ হোৱা আদিবোৰ হয় নে কি আপোনাৰ ? —-এনে হোৱা মানে আপুনি খোৱা খাদ্য হজম হোৱা নাই যাৰ বাবে গেছ উৎপন্ন হৈছে ৷ খাদ্যৰ পৰিমাণ কমাই দি ঘনাই খাওঁক আৰু ফেন উঠা পানীয় (যেনে – বীয়েৰ) আদি পৰিহাৰ কৰক ৷ খুব সাধাৰণ দৃষ্টিৰে antacid ৰ বড়ি এটা ল’লেই আৰাম পাব লাগে ৷ যদিহে আপোনাৰ এনে হৈয়েই থাকে আৰু antacid ৰ বড়িয়েও বৰকৈ কাম নিদিয়ে, তেনেহ’লে শীঘ্ৰেই আপুনি চিকিৎসকৰ কাষ চাপিব লাগিব ৷ আপোনাৰ আন কিবা সমস্যা হ’ব পাৰে যিটো ভালদৰে স্বাস্থ্য পৰীক্ষা কৰিহে ক’ব পৰা যাব ৷
(৩) আপুনি বাৰু মাহজাতীয় খাদ্য বা বেছিকৈ পিয়াজ দিয়া খাদ্য খাই তাৰপিছত পেটত গেছ অনুভৱ কৰিছে নে কি ? বা যদি আপুনি বীয়েৰ পাণ কৰে, তেনেহ’লে পাণ কৰাৰ পিছত কি গেছ অনুভৱ কৰিছে নে কি ? — উচ্চ আহঁযুক্ত খাদ্য আৰু আৰু Yeast নামৰ মদ/ বীয়েৰ বনাওতে ব্যৱহাৰ হোৱা ভেঁকুৰ জাতীয় এককোষী উদ্ভিদে অন্ত্ৰ (intestine) ত গেছ উৎপন্ন হোৱাত অৱদান যোগায় ৷ চিন্তাৰ কাৰণ নাই ৷ নিৰ্দিষ্ট এটা সময়ৰ পিছত ভাল হৈ যাব ৷ বৰ বেছি গেছৰ সাধাৰণ এটা বড়ি ল’ব পাৰে ৷
(৪) আপোনাৰ যদি গেছ অনুভৱ হৈ তলপেটত খোচা-বিন্ধা কৰি থাকে বা বিষ উঠে যিটো পায়ুদ্বাৰেৰে গেছ নিৰ্গমণ হ’লেহে কমে আৰু এনেকুৱা যদি আপোনাৰ হৈয়েই থাকে তেনেহ’লে আপোনাৰ “Irritatable bowel syndrome” নামৰ সমস্যা হ’ব পাৰে ৷ Irritable bowel syndrome হ’লে ৰৈ ৰৈ পেটৰ বিষ উঠা, কোষ্ঠকাঠিণ্য হোৱা,গেছ হোৱা, ডায়েৰীয়া হোৱা আদি সমূহ উপসৰ্গই দেখা দিয়ে ৷ চিন্তা নকৰিব ৷ চিকিৎসকৰ পৰামৰ্শত আপুনি এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব ৷ চিকিৎসকে দিয়া পৰামৰ্শ মানি লৈ চলাৰ লগতে Irritable bowel syndrome হ’লে আপুনি তলৰ সাৱধানতা সমূহ লোৱা উচিত :
(ক) এখন খাদ্যৰ ডায়েৰী মেন্টেইন কৰক ৷ যি খাদ্য খাই আপুনি অসুবিধাত পৰে তৎক্ষণাত নোট কৰি থওঁক যাতে ভৱিষ্যতে ইয়াক এৰি চলিব পাৰে ৷
(খ) পেট ভৰাই নেখাব ৷ কমকৈ খাওক আৰু সঘনাই খাওক ৷
(গ)জ্বলা-মচলা আৰু ভজা-পোৰা আপোনাৰ খাদ্যৰ তালিকাৰ পৰা বাহিৰ কৰক
(ঘ) কোষ্ঠ্যকাঠিন্যতা থাকিলে আহঁযুক্ত খাদ্য বেছিকৈ খাব আৰু যথেষ্ট পৰিমাণে পানী খাব ৷ যদিহে ডায়েৰীয়া হৈ আছে, তেনেহ’লে কিন্ত আহঁযুক্ত খাদ্য নেখাব ৷
(ঙ) চাহ, কফি, ক’ল্ড ড্ৰিংকচ, বীয়েৰ আদি পেয় সমূহ বৰ্জন কৰক
(চ) ধুম্ৰপাণ ত্যাগ কৰক
(ছ) সদায় নিৰ্দিষ্ট সময়ত নিয়মীয়া খাদ্য খোৱাৰ অভ্যাস কৰক
(জ) Relaxation Exercise কৰিব যাতে আপোনাৰ চাপৰ পৰিমাণ (stress level) নিয়ন্ত্ৰণত থাকে
(ঝ) যেতিয়া বিৱৰ্ণ আৰু দুৰ্গন্ধযুক্ত শৌচ হয়, তেতিয়া ই সংকেত কৰে যে আপোনাৰ শৰীৰৰ হজম কৰা প্ৰণালীয়ে খাদ্যৰ পোষকদ্ৰব্য সমূহ গ্ৰহণ কৰাত অসমৰ্থ হৈছে। যাৰ ফলত ৰৈ যোৱা খাদ্যৰ অৱশিষ্ট সমূহে গেছ উৎপন্ন কৰিছে ৷ এনে ক্ষেত্ৰত আপুনি চিকিৎসকক দেখা কৰক ৷ চিকিৎসকে পৰীক্ষা কৰি আপোনাক দুবিধমান টেষ্ট কৰাবলৈ দিব পাৰে ৷ ইয়াৰ ওপৰত ভিত্তি কৰি আপোনাক চিকিৎসা কৰিব ৷
(৬) যদিহে আপুনি গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী খালে গেছ হয় তেনেহ’লে আপোনাৰ Lactose intolerance হ’ব পাৰে ৷ এনেকুৱা হ’লে sugar lactose আপোনাৰ শৰীৰে হজম কৰিব নোৱাৰা বাবেই ই অৱশিষ্ট খাদ্য হৈ গেছ উৎপন্ন কৰে ৷ যি সকল লোকৰ Lactose intolerance আছে তেওঁলোকে গাখীৰ বা দুগ্ধজাত সামগ্ৰী খালে পেটৰ বিষ আৰু ডায়েৰীয়াত ভোগা দেখা যায় ৷ Lactose intolerance সাধাৰণতে অস্থায়ী সমস্যা আৰু অন্ত্ৰৰ সংক্ৰমণৰ বাবে হয় ৷ কিন্ত বংশানুক্ৰমিক ভাৱে Lactose intolerance থকা লোকো আছে ৷ যদি আপোনাৰ গাখীৰ বা দুগ্ধজাত সামগ্ৰী খালেই পেটৰ সমস্যা হৈছে তেনেহ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওঁক ৷ আপোনাক দুটামান পৰীক্ষা কৰাই হয়তো খাদ্যৰ সালসলনি কৰিবলৈ দিব পাৰে ৷ আপুনি ডায়েটিচিয়ানৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন হ’ব পাৰে ৷
শেষত আপোনাৰ সুস্বাস্থ্যৰ কামনাৰে আজিলৈ নমস্কাৰ