স্বীকাৰোক্তি
সংগ্ৰহঃ পংকজ কুমাৰ নেওগ
হঠাৎ কলিং বেল বজা শুনা পাই বয়স্ক মহিলা গৰাকীয়ে সন্মুখৰ দুৱাৰখন খুলি দিলে। দুৱাৰৰ মুখত এজন অশীতিপৰ বৃদ্ধ ৰৈ আছিল। বৃদ্ধজনৰ সমগ্ৰ মুখমণ্ডল শোতোৰা শোতোৰ যেন তেওঁ বহু ইতিহাসৰ সাক্ষী। মানুহজন কিছু চাপৰ আৰু বয়সৰ ভৰত এফালে বেঁকা হৈ পৰিছে। দুৱাৰখন খোলাৰ পিছত ইজনে সিজনলৈ কিছু সময় চাই ৰ’ল।
বৃদ্ধজনে প্ৰথমে মাত লগালে – “আপুনিয়েই চোফিয়া মিলাৰ নে?”
: হয়, আপুনি কোন? মই চিনি পোৱা নাই।
: কৈছো বাৰু। তাৰ আগেয়ে কওকচোন, আপুনি পল মিলাৰৰ জীয়ৰী হয়নে নহয়?
: হয়, দেউতাৰ নাম পল আছিল। পিছে আপুনি কোন?
: মোৰ নাম ইভান। মই আপোনাৰ দেউতাৰ হত্যাকাৰী।
উত্তৰ শুনি বৃদ্ধা চোফিয়াই ভেবা-চেকা খালে।
: কি..কি ক’লে?
: হয়, আপুনি ঠিকেই শুনিছে। মই ইভান চেকভস্কি। আপোনাৰ দেউতাৰ হত্যাকাৰী।
: কি আবোল-তাবোল বকিছে?
: সঁচা কথা কৈছোঁ, সেইবোৰ অনেক কথা। মই ভিতৰলৈ আহিব পাৰোঁনে?
: ভিতৰলৈ? অ’ ঠিক আছে..আহক!
কিছু যেন অনিচ্ছুকভাৱে চোফিয়াই ইভানক ভিতৰলৈ আহিবলৈ অনুমতি দিলে। ইভানক চোফাত বহিবলৈ দি চোফিয়া ওপৰ মহলালৈ গ’ল আৰু পোছাকযোৰ সলনি কৰি কিছু সময়ৰ পাছত আকৌ তললৈ নামি আহিল।
বৃদ্ধ ইভানে ক’লে –
: এজন ৯৫ বছৰীয়া লোকক আপুনি ভয় কৰিছে! কিয়, হত্যাকাৰী বাবে?
: নাই, মই অলপো ভয় কৰা নাই।
: তেনেহলে পকেটত ৰিভলভাৰ কিয়?
: আপুনি কেনেকৈ গম পালে মোৰ সৈতে ৰিভলভাৰ থকা বুলি?
বৃদ্ধ ইভানে ক’বলৈ আৰম্ভ কৰিলে – “মই ৰাছিয়ান মিলিটেৰীত আছিলোঁ, চেকেণ্ড ৱৰ্লড ৱাৰ ভেটেৰান। আমাক সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছিল। আপুনি এনে কোনো বেয়া পোছাক পৰিধান কৰা নাছিল যে আকৌ এবাৰ সেই পোছাক সলাবলগীয়া হ’ল। ওপৰ মহলাৰ পৰা চিৰিৰে নামি আহোঁতে আপোনাৰ সোঁহাতখন স্বাভাৱিক ভাবে আছিল কিন্তু বাওঁ হাতখনেৰে মাজে মাজে পকেটটো পৰীক্ষা কৰিছিল। আপোনাৰ বাওঁ পকেটত কিবা এটা লুকাই থোৱা আছে তাত কোনো সন্দেহ নাই। মুখৰ উদ্বিগ্নতাও আপুনি লুকাই ৰাখিব পৰা নাই”। কথাষাৰ শুনি চোফিয়া অতি অপ্ৰস্তুত হ’ল।
বৃদ্ধ ইভানে ক’বলৈ ধৰে – “এই দিনটোৰ বাবে মই যোৱা সত্তৰ বছৰ অপেক্ষা কৰি আছিলোঁ”। চোফাৰ পৰা খুব লাহে লাহে উঠি গৈ ইভান এখন ফটোৰ তলত থিয় হ’ল। চোফিয়াৰ দৃষ্টি ইভানৰ ওপৰত নিবদ্ধ। ফটোখন ভালকৈ নিৰীক্ষণ কৰি উঠি চোফিয়াৰ ফালে নোচোৱাকৈয়ে ইভানে ক’লে –
: এখেতেই আপোনাৰ দেউতা পল, নহয় জানোঁ?
: হয়, চোফিয়াই উত্তৰ দিলে।
তললৈ মূৰ কৰি বহি থকা চকীখনলৈ ইভান ধীৰে ধীৰে উভতি আহিল। হাতদুখন নমস্কাৰৰ ভঙ্গীত টেবুলৰ ওপৰত থলে। ওচৰতেই থোৱা আছিল ফুলৰ থোপাটো। টেবুলৰ সিটো মূৰে চোফিয়া।
বৃদ্ধ ইভানে আকৌ ক’বলৈ আৰম্ভ কৰিলে – “আজিৰ পৰা প্ৰায় ৭০ বছৰৰ আগেয়ে সেই দিনটো আছিল ১৯৪১ চনৰ ২৯ নৱেম্বৰ। কিছুদিনৰ আগেয়ে জাৰ্মানীয়ে ৰাছিয়া আক্ৰমণ কৰিছে। মস্কোৰ ওচৰলৈকে জাৰ্মান সৈন্য আহি পাইছিল। মই সেইদিনা বাকীবোৰৰ পৰা কিছু পৃথক হৈ পৰিছিলোঁ। প্ৰচণ্ড শীত, হাড় কঁপোৱা বতাহ বলি আছিল আৰু মই যিমান পাৰোঁ খৰকৈ সেনা ছাউনীৰ ফালে খোজ কাঢ়ি আহি আছিলোঁ। হঠাতে ওলোটা ফালৰ পৰা এজন জাৰ্মান সৈনিক আহি থকা দেখা পাওঁ। তেওঁৱো আছিল অকলে। অলপ দূৰৈত আছিলোঁ যদিও ইজনে সিজনক দেখি আৰু সচকিত হৈ একে সময়তে পৰস্পৰক গুলি চালনা কৰোঁ। জাৰ্মান সৈনিকজনৰ গুলি মোৰ সোঁবাহুত লাগে আৰু মোৰ বন্দুকৰ গুলি তেওঁৰ বুকু ভেদ কৰি ওলাই যায়।
প্ৰচণ্ড বেদনাত কেঁকাই কেঁকাই মই নিজৰ বাহুত এটা বেণ্ডেজ বান্ধি লৈ মৃত জাৰ্মান সৈনিকজনৰ ফালে আগুৱাই গ’লোঁ। তেওঁৰ পকেটৰ পৰা এটা ৱালেট আৰু এখন পৰিচয় পত্ৰ পাওঁ। তেওঁৰ পৰিচয় পত্ৰত পল মিলাৰ নামটো লিখা আছিল। ৱালেটটো খুলি কিছু পইচা আৰু ফটো এখন দেখোঁ।”
কথাখিনি কৈ ইভানে নিজৰ কামিজৰ হাতখন কোঁচাই চোফিয়াক দাগ এটা দেখুৱায়। সেইটো আছিল পলে গুলি চলোৱাৰ দাগ। কামিজৰ হাতখন ঠিক কৰি এইবাৰ তেওঁ পেন্টৰ পকেটৰ পৰা কাগজেৰে মেৰুওৱা সৰু পেকেট এটা উলিয়ায়। পেকেটটো অতি সন্তপৰ্ণে খোলাৰ পাছত এটা বিবৰ্ণ ৱালেট, এখন অস্পষ্ট হৈ পৰা ক’লা-বগা ফটো আৰু এখন পৰিচয় পত্ৰ ওলাই পৰে। পৰিচয় পত্ৰখনে হালধীয়া ৰং লৈছিল। ৱালেটটো চামৰাৰ আছিল যদিও এতিয়া সম্পূৰ্ণ ফাটি-ছিটি এখন মানচিত্ৰৰ দৰে হৈ পৰিছে। ফটোখনত চোফিয়াৰ দেউতাক পল থিয় হৈ এখন হাতত কেঁচুৱা এটি লৈ আছে। সোঁ হাতখন যুৱতী এগৰাকীৰ কান্ধত।
চোফিয়াই ফটোখন হাতত লৈ তলমূৰকৈ বহুত সময় সেইখনলৈ চাই ৰ’ল। অৱশেষত তেওঁৰ মাত ওলাল – “ফটোখনত এইয়া মোৰ মা ক্ৰিষ্টা। পোন্ধৰ বছৰৰ আগতে তেওঁৰ মৃত্যু হৈছে আৰু দেউতাৰ কোলাত সেইয়া মই। অলপ সময় ৰৈ চোফিয়াই আকৌ কৈ গ’ল – “মই অতি দুঃখিত। দেউতা যুদ্ধলৈ ওলাই যোৱাৰ পাছত আমি বহুত দিনলৈ তেওঁৰ কোনো বাতৰি পোৱা নাছিলোঁ। ভাবিছিলোঁ ৰাছিয়াই ক’ৰবাত বন্দী কৰি ৰাখিছে। যুদ্ধ শেষ হোৱাৰ পাছত সকলো বন্দীক মুকলি কৰি দিয়াৰ পাছতো দেউতা ঘৰলৈ উভতি নাহিল। আমি তেওঁক অনেক বিচাৰিলোঁ কিন্তু কোনেও একো সন্ধান দিব নোৱাৰিলে। তথাপিও আমি অনেক আশাৰে অপেক্ষা কৰিছিলোঁ। মায়ে বিশ্বাস কৰিছিল এদিন নহয় এদিন দেউতা নিশ্চয় উভতি আহিব। দেউতাৰ অনুপস্থিতি আমি বৰকৈ অনুভৱ কৰিছিলোঁ। জীৱনত আমাৰ এটা শূণ্যতা আছিল আৰু সেই শূণ্যতা কেতিয়াও পূৰণ নহ’ল। আজি এই ৭৫ বছৰ বয়সতো সেই শূণ্যতা মোৰ হৃদয়ত সমানে বিৰাজ কৰিছে।” চোফিয়াই চকুৰ পানী মচিলে। কিছু সময় নীৰৱতাৰ পাছত বৃদ্ধ ইভানে আকৌ ক’বলৈ আৰম্ভ কৰিল – “আমি আপোনাৰ দেউতাৰ মৃতদেহ জাৰ্মান চৰকাৰক উভোতাই দিবলৈ যথেষ্ট চেষ্টা কৰিছিলোঁ কিন্তু অজ্ঞাত কাৰণত সেইয়া সম্ভৱপৰ হৈ নুঠিল। অৱশেষত মস্কোত আমাৰ ঘৰৰ ওচৰতে তেওঁক সমাধিস্থ কৰা হয়। মই নিজহাতে তেওঁক সমাধিস্থ কৰিছোঁ। সেই দিনটো মোৰ এতিয়াও স্পষ্টকৈ মনত আছে। আমাৰ দুজনৰ যিকোনো এজনৰ বাবেহে বচা সম্ভৱপৰ আছিল আৰু সৌভাগ্য বা দুৰ্ভাগ্যবশতঃ মই জীয়াই থাকিলোঁ। কিন্তু তেওঁৰ পকেটত পোৱা ফটোখনে মোক জোকাৰি গ’ল। বিশ্বাস কৰক মই বহুত দিন ৰাতি শুব পৰা নাছিলোঁ। সেই সৰু ছোৱালীজনীৰ মুখখনে মোক বাৰে বাৰে বিচলিত কৰি তুলিছিল।”
কিছু সময় মূৰ তল কৰি ইভান বহি ৰ’ল। দুয়োজনেই নিশ্চুপ। চোফিয়াই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে দেউতাকৰ হত্যাকাৰীৰ মুখামুখিকৈ তেওঁ বহি আছে। দেউতাকক চোফিয়াৰ ভালকৈ মনত নাই। দেউতাক যুদ্ধলৈ যোৱাৰ সময়ত চোফিয়া আছিল মাত্ৰ পাঁচ বছৰীয়া, এটা ধূসৰ স্মৃতি। বহুদিন পৰি থকা কিতাপ এখনৰ ওপৰত জমা হোৱা ধূলিৰ দৰে দেউতাকৰ স্মৃতিত আৱৰণ এটা পৰিছে। চকু দুটা মুদি ৭৫ বছৰীয়া চোফিয়াই পুৰণি কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে।
বৃদ্ধ ইভানে পুনৰ ক’বলৈ আৰম্ভ কৰে – “যোৱা সত্তৰ বছৰ ধৰি প্ৰতি দেওবাৰে মই পলৰ সমাধিত ফুলৰ থোপা দি আহিছোঁ। যেতিয়াই মই তেওঁৰ সমাধিলৈ যাওঁ কোনোবাই যেন মোক প্ৰশ্ন কৰে – ‘কি হ’ল ইভান, আমাৰ পৰিয়ালটোৰ কিবা সন্ধান পালানে?’ মই অনেক বিচাৰিলোঁ, জাৰ্মানীৰ দূতাৱাসতো খা-খবৰ কৰিলোঁ কিন্তু সকলো ফুটুকাৰ ফেন।” ইভান এইবাৰ কিছু সময় ৰ’ল। কথা কৈ তেওঁ ক্লান্ত হৈ পৰিছিল। চোফিয়াই পানী এগিলাচ আনি দিয়াত কঁপি থকা হাত দুখনেৰে গিলাচটো ধৰি লাহে লাহে পানীখিনি খাবলৈ ধৰে। পানী গিলাচ শেষ কৰি ইভানে এইবাৰ আৰু এখন ফটো পকেটৰ পৰা উলিয়ায়। ফটোখন যথেষ্ট নতুন। সেইখন আছিল এটা সমাধিৰ ফটো – তাত পল মিলাৰ নামটো খোদাই কৰা আছে।
ইভানে ক’লে –“মোৰ বন্ধু এজনৰ নাতিয়েক জাৰ্মানীত ইতিহাসৰ অধ্যাপক। দ্বিতীয় বিশ্বযুদ্ধৰ সম্বন্ধে অনেক গৱেষণা কৰিছে। অনেক চেষ্টা কৰাৰ পাছত অৱশেষত পলৰ পৰিয়ালৰ সন্ধান পোৱা গ’ল। তেওঁৰ পৰাই মই ঠিকনাটো লাভ কৰিছোঁ।”
ইভান আৰু চোফিয়াৰ মাজত কথা-বতৰা স্তিমিত হৈ আহিল। মাজে মাজে দুই এটা কথা-বতৰা, মাজে মাজে অস্বস্তিকৰ নীৰৱতা। সেই নিস্তব্ধতাক এৰাব খুজিও যেন এৰাব পৰা নাই কোনোজনে। বাৰে বাৰে সেই নীৰৱতা উভতি আহিছে। ইভানে ইমান সময় ফুলৰ থোপাটো টেবুলতে পেলাই থৈছিল। এইবাৰ তেওঁ চোফিয়াক প্ৰশ্ন কৰিলে –“মই এই ফুলৰ থোপা আপোনাৰ দেউতাৰ ফটোখনৰ তলত থব পাৰোনে?”
চোফিয়াই মূৰ দুপিয়াই সন্মতি জনালে। চকী খনৰ পৰা থৰক বৰককৈ আৰু লাহে লাহে উঠি গৈ কঁপা কঁপা হাতেৰে প্ৰায় চাৰি প্ৰজন্মৰ আগৰ এজন ন্যুব্জ বৃদ্ধই ফুলৰ থোপাটো নি ফটোখনৰ তলত থলে। ফটোখনৰ তলতে মূৰ দোৱাই তেওঁ কিছু সময় থিয় হৈ ৰ’ল।
হঠাতে কলিং বেলটো বাজি উঠিল। চোফিয়াই দুৱাৰখন খুলি দিয়াৰ লগে লগে সৰু ল’ৰা এটা ভিতৰলৈ সোমাই আহিল। কান্ধত তাৰ স্কুলৰ বেগ। চোফিয়াক শিশুজনে প্ৰশ্ন কৰিলে – “আইতা, এখেত কোন?”
কিছু সময় মনে মনে থকাৰ পাছত চোফিয়াই উত্তৰ দিলে – “তোমাৰ আজো ককাৰ বন্ধু।” ইভান লাহে লাহে উঠি আহি শিশুজনৰ কাষত বহিল।
: মোৰ নাতি, চোফিয়াই ক’লে। কঁপা কঁপা হাতেৰে ইভানে লৰাজনৰ মুখখনত মৰমেৰে হাত ফুৰাই সুধিলে – ডাঙৰ হৈ কি হ’বা, সোণ?
: মই এজন সৈনিক হ’ম। এটা খেলনা বন্দুক উলিয়াই ল’ৰাজনে ইভানৰ ফালে টোৱাই দেখুৱালে।
: বিষাদহীন দুখ আৰু একাকীত্বৰ বাহিৰে যুদ্ধই একো নিদিয়ে, সোণ। যুদ্ধত অৱশেষত কোনেও নিজিকে।
শিশুজনে ইভানৰ মুখলৈ এবাৰ চাই তেওঁৰ কথাষাৰ যেন বুজিবলৈ চেষ্টা কৰিলে। পুতলা বন্দুকটো লৈ সি আকৌ ইফালে সিফালে দৌৰি খেলত ব্যস্ত হৈ পৰিল। চোফিয়াই নাতিয়েকক নিজৰ কোঠালৈ যাবলৈ ক’লে। বিদায় ল’বলৈ এইবাৰ ইভান চকীৰ পৰা উঠি লাহে লাহে থিয় হ’ল।
: এই জীৱনত যিটো কামৰ বাবে ইমান দিন জীয়াই আছিলোঁ সেই কাম অৱশেষত সমাধা হ’ল।
: অনুগ্ৰহ কৰি কিবা এটা খাই যাওঁক, চোফিয়াই ক’লে।
: পিতৃ হত্যাকাৰীক আপুনি খুৱাব খুজিছে?
: আপুনি হত্যাকাৰী নহয়। যি সকলে যুদ্ধ আৰম্ভ কৰিছিল তেওঁলোকহে হত্যাকাৰী।
: দেশৰ হকে বহুতো কৰ্তব্য কৰিব লগীয়া হয়। নিজৰ বিবেকৰ সৈতেও কেতিয়াবা কৰ্তব্য কৰিব লাগে। আজিলৈ আহোঁ। এতিয়া মই শান্তিত মৰিব পাৰিম।
বৃদ্ধ ইভানে দুৱাৰৰ ফালে খোজ ল’লে। ছুটি ছুটি খোজেৰে থৰক বৰককৈ দুৱাৰখনেদি ওলাই যায় জীৰ্ণ শীৰ্ণ প্ৰাচীন এক শৰীৰ যেন পৃথিৱীৰ ধূসৰ ইতিহাসৰ অতি বিবৰ্ণ এখন শুকান পাত। বাহিৰত গধূলিৰ শেষ আলোক। দুৱাৰ মেলি পিছফালৰ পৰা চাই পঠিৱাওতে চোফিয়াই দেখা পায় ধীৰে ধীৰে সৰু হৈ অৱশেষত দিগন্তত বিলীন হৈ পৰা এটা ক’লা অবয়ৱ। উভতি আহি চোফিয়া দেউতাকৰ ফটোখনৰ তলত থিয় হ’ল। সতেজ ফুলৰ গোন্ধেৰে গোটেই ঘৰ আমোল মোলাইছে। চোফিয়াৰ কাণত যেন তেতিয়াও বাজি আছে বৃদ্ধ ইভানৰ কথাবোৰ..!!
[পংকজ কুমাৰ নেওগ,মাস্কাট, চুলতানেট অব ওমান,০৭ ফেব্ৰুৱাৰী, ২০২২ চন]