ঢাকি পেলোৱা হ’ল টিয়েনমেন স্কোৱেৰৰ অন্তিম স্মাৰক
•অৰবিন্দ ৰাভা
গণতন্ত্ৰক হত্যা কৰা ‘অস্বস্তিকৰ’ ইতিহাসৰ চিন-মোকাম মচিবলৈ চীন অত্যন্ত তৎপৰ হৈ পৰিছে আৰু তাৰেই প্ৰমাণ হিচাপে এইবাৰ হংকঙত নিঃশ্চিহ্ন কৰি পেলোৱা হ’ল টিয়েনমেন স্কোৱেৰৰ ঐতিহাসিক বিক্ষোভৰ অন্তিম চিহ্ন। হংকং বিশ্ববিদ্যালয়ৰ সমীপৰ এখন পদপথত অংকন কৰা কেলিগ্ৰাফিৰ জৰিয়তে ১৯৮৯ চনৰ ঐতিহাসিক বেইজিঙৰ টিয়েনমেন স্কোৱেৰত হোৱা গণতান্ত্ৰিক বিদ্ৰোহৰ ছহিদ সকলক স্মৰণ কৰা হৈছিল আৰু প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীসকলে সেই কেলিগ্ৰাফিত নতুনকৈ ৰং সানি আছিল। বি.বি.চি.ৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি ইতিমধ্যে যোৱা শনিবাৰে ( ২৯-০১-২০২২) বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সেই কেলিগ্ৰাফিৰ ওপৰত ধাতুৰ পাত বহুৱাই ঢাকি পেলায়। বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কৈছে যে সংস্কাৰৰ অংশ হিচাপে তেনে কাৰ্য কৰা হৈছে। কিন্তু এনে পদক্ষেপৰ কাৰণ সকলোৰে বাবে সুস্পষ্ট। বিগত কেইবছৰমান ধৰি স্বায়ত্বশাসিত হংকঙৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰিছে চীনে আৰু তাৰেই নিদৰ্শন হিচাপে হংকঙৰ পৰা এটা পিছত এটাকৈ নিঃশ্চিহ্ন কৰা হৈছে গণতন্ত্ৰৰ প্ৰতীক হিচাপে গণ্য হোৱা সকলো বিষয়।যোৱা ডিচেম্বৰ মাহত হংকঙৰ লিংলান বিশ্ববিদ্যালয় আৰু চাইনিজ ইউনিভাৰ্ছিটি অফ হংকঙৰ পৰা টিয়েনমেনৰ ইতিহাস সম্পৰ্কীয় সকলো স্মাৰক, প্ৰতীকী ভাস্কৰ্য মচি পেলোৱা হৈছিল। নিশাৰ ভিতৰতেই নোহোৱা কৰি পেলোৱা হৈছিল ‘পিলাৰ অফ শ্বেম’ নামৰ দীৰ্ঘ স্তম্ভটো। সেই স্তম্ভত অজস্ৰ খোদাই আছিল টিয়েনমেন স্কোৱেৰত মৃত্যুবৰণ কৰা বহুতৰ মূৰ্তি। ৰাতিপুৱাই দেখা গৈছিল সেই স্তম্ভৰ চিন-মোকাম নাই! সেই ঘটনাক লৈ হংকঙত ক্ষোভত ফাটি পৰিছিল ছাত্ৰ-ছাত্ৰী সকল। এতিয়া ঢাকি পেলোৱা হ’ল টিয়েনমেন স্কোৱেৰৰ ইতিহাস বহন কৰা ঐতিহাসিক কেলিগ্ৰাফি।
pic: BBC