– কাবেৰী গোস্বামী |
তাই হাতখন খেপিয়াই
বাট দেখুওৱা হাত,
খোপনি ধৰাৰ হাত,
অলৌগুটি তলৌগুটি খেলাৰ হাত
মাত নোহোৱাকৈ সাহস দিয়া হাত
কিন্তু হাতৰো হেৰাবলৈ থাকে অযুত অজুহাত/
ভীৰত হেৰাইছে,
গৰা খহিছে,
এৰাবাৰীত ওলাইছে ভুত
নিচুকনি গীততো টোপনি নহা হয়
অভিমানত ওলমে মুখ/
বিজ্ঞাপনত হাতৰ ছৱি
ক’ৰবাত যদি ৰাজনীতি
ক’ৰবাত জিলিকে ‘টানিস্ক’ৰ মেহেংগা আঙঠি/
জ্যোতিষীৰ হাতৰ ব্যৱসায়
অথবা গৰীৱৰ দুহাতৰ আয়/
হাতেই হাত
অথচ ধৰি থকা হাতখনৰহে হেৰাবলৈ অযুত অজুহাত….//