-মহাবাহুৰ মেজৰ পৰা… |
ৰবীনহুড! ধনীৰ ভৰাল লুন্ঠন কৰি দুখীয়াক বিলাইছিল ৰবীনহুডে। সেই ৰবীনহুডৰ নামেৰেই গঠন কৰা হৈছিল ‘ৰবীনহুড আৰ্মী’। এই ৰবীনহুড আৰ্মীয়ে ধন সংগ্ৰহ নকৰে, তেওঁলোকে খাদ্য সংগ্ৰহ কৰে। সংগ্ৰহ কৰা খাদ্য নিৰন্ন মানুহৰ মুখত তুলি দিয়ে এই ৰবীনহুড আৰ্মীয়ে। সমগ্ৰ বছৰ ধৰি এই সংস্থাই খাদ্য সংগ্ৰহৰ কামকেই কৰে অতি নিষ্ঠাৰে, এই সংস্থা বা ৰবীনহুড আৰ্মী হ’ল ‘জিৰো ফান্ড অৰ্গেনাইজেশ্ব্যন’।
মূলতঃ হোটেল, ৰেষ্টোৰা আদিৰ উদ্বৃত্ত খাদ্য এওঁলোকে সংগ্ৰহ কৰে। ‘লক-ডাউন’ৰ সময়ছোৱাত এই কাম কৰিবলৈ তেওঁলোকৰ অতি সমস্যা হৈছিল, কাৰণ হোটেল, ৰেষ্টোৰা সকলোবোৰ বন্ধ আছিল। ‘আন-লক’ পৰ্ব আৰম্ভ হ’ল যদি হোটেল -ৰেষ্টোৰা নুখুলিল। গতিকে উদ্বৃত্ত খাদ্য ক’ত পাব! সমস্যা হ’ল যদিও আন-লক পৰ্বৰ পিছত ‘মিছন থাৰ্টি মিলিয়ন’ নাম দি জুলাই-আগষ্টৰ বাবে নিজৰ লক্ষ্য স্থিৰ কৰি পেলাইছিল ৰবীনহুড আৰ্মীয়ে। এই লক্ষ্যৰে তেওঁলোকে ১০ খন দেশৰ ৩ কোটি অতি দৰিদ্ৰ মানুহৰ মুখত খাদ্য তুলি দিয়াৰ সঙ্কল্প লৈছিল আৰু সামান্য লক্ষ্যচ্যুত হলেও যোৱা ৬ সপ্তাহ পৰ্যন্ত ২ কোটি ৩২ লাখ মানুহৰ মুখত খাদ্য তুলি দিবলৈ তেওঁলোক সফল হৈছে। এই কঠিন কৰ’নাক্ৰান্ত কালত মানুহে মানুহৰ লগত পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰি নিঃসঙ্গ জীৱন যাপন কৰিছে আৰু একেসময়তে খাদ্য সংকট তথা অৰ্থ-সংকট হৈছে। লক্ষ লক্ষ মানুহ কৰ্মচ্যুত হৈছে। খাদ্য হৈ পৰিছে মূল সমস্যা। বহুতেই বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছে যদিও শিৰোনামলৈ অনিবাৰ্যভাবে ৰবীনহুড আৰ্মীও আহিছে। ১ জুলাইৰ পৰা ১৬ আগষ্টলৈ , ৬ সপ্তাহত ৩ কোটি মানুহৰ সেৱাৰ বাবে নামি পৰা ৰবীনহুডৰ প্ৰায় ৬০০০০ সদস্যই কেৱল ভাৰতবৰ্ষতেই নহয়, বাহৰেইন, বৎচোৱানা, মালয়েছিয়া, নেপাল, উগাণ্ডা, শ্ৰীলংকা আৰু পাকিস্তানতো একেসময়তে কাম কৰিছে। কোনো চৰকাৰী সাহায্য নোহোৱাকৈ, কোনোধৰণৰ কৰ্পোৰেট ফান্ডিং নোহোৱাকৈ ভাবি-চিন্তি পৰিকল্পনা কৰি যোগাৰ কৰা খাদ্য তেওঁলোকে ২ কোটি ৩২ লাখ মানুহৰ মুখত তুলি দিছে। ৬ বছৰ আগতে, অৰ্থাৎ ২০১৪ চনত ৰবীনহুড আৰ্মীৰ জন্ম হয়। প্ৰতিষ্ঠাতাৰ নাম নীল ঘোষ, দিল্লীৰ বাসিন্দা। কেইজনমান বন্ধুৰ লগতে গৃহহীন ১৫০ জন মানুহ লগত লৈ তেওঁলোকৰ যাত্ৰা আৰম্ভ হৈছিল। লাহে লাহে সদস্য বৃদ্ধি হৈ ২৩১৪ জন হৈছিল আৰু পিছলৈ ভাৰতৰ বাহিৰতো সদস্য অন্তৰ্ভূক্ত কৰি ২০১৬ চনৰ পৰা বিদেশতো কাম আৰম্ভ কৰে। পথৰ শিশুৰ বাবে খাদ্য আৰু শিক্ষাৰ হেতুকে গঠন কৰা হয় ‘ৰবীনহুড একাডেমী’। বৰ্তমান ৰবীনহুড আৰ্মীৰ সদস্যৰ সংখ্যা হ’ল ৫৮৪০০ জন। এই সমূহ সদস্য বিয়পি কৰ্ম কৰি আছে ১৮২ খন চহৰত। অথচ ৬ বছৰ আগতে মাত্ৰ স্থানীয় স্তৰতেই সীমাবদ্ধ আছিল এওঁলোক। তেতিয়া মাথোঁ এজনৰ উদ্বৃত্ত খাদ্যৰে অইন এজনৰ ক্ষুধা নিবাৰণ কৰা হৈছিল। লন্ডনৰ ‘দ্যা গাৰ্জিয়ান’ নামৰ দৈনিক কাকতখনৰ সেতে হোৱা এক সাক্ষাৎকাৰত নীল ঘোষে কৈছে যে ভাৰতত এই কাম খুব সহজেই কৰিব পাৰি, আৰু ই অতি প্ৰয়োজনীয়। দিল্লীৰ আৰু আশে-পাশে থকা ৩০ খনৰো অধিক ৰেষ্টোৰা ৰবীনহুড আৰ্মীৰ সৈতে জড়িত আৰু তেওঁলোকৰ পৰা বিয়াৰ বতৰত প্ৰচুৰ উদ্বৃত্ত খাদ্য সংগ্ৰহ কৰিব পাৰি। এক প্ৰতিবেদন অনুসৰি ভাৰতত সমগ্ৰ বছৰত ১ কোটি বিয়াৰ অনুষ্ঠান হয়। এই বিয়াবোৰত প্ৰায় ১০% ৰ পৰা ২০% খাদ্য নষ্ট হয়। হিচাব কৰিলে উদ্বৃত্ত খাদ্যৰ মূল্য প্ৰায় ১৪০০ কোটি আমেৰিকান ডলাৰ! ৰবীনহুড বাহিনীয়ে এনে উদ্বৃত্ত খাদ্য সংগ্ৰহ কৰে। এবাৰ হায়দৰাবাদৰ এখন বিয়াৰ উদ্বৃত্ত খাদ্য সংগ্ৰহ কৰি তেওঁলোকে ৯৭০ জন নিৰন্নক খুৱাইছিল। নীল ঘোষে কৈছে যে ৰাষ্ট্ৰসংঘৰ হিচাপমতে ভাৰতত ক্ষুধাৰ্ত মানুহৰ সংখ্যা অতি বেছি। ২০১৯ চনত বিশ্ব ক্ষুধা সূচক অনুসৰি ১০৫ খন দেশৰ ২০২ নম্বৰত আছিল ভাৰতবৰ্ষ! এইক্ষেত্ৰত ভাৰত নেপাল, বাংলাদেশ, পাকিস্তানৰো তলত ! গতিকে ৰবীনহুড আৰ্মী ভাৰতৰ বাবে অতি প্ৰয়োজনীয়।