৪ কোটি বছৰৰ প্ৰাচীন তিমি
লিমা (পেৰু) : পেৰুত চাৰিখন ভৰিযুক্ত এটা তিমিৰ জীৱাশ্ম আৱিষ্কাৰ হৈছে। বিজ্ঞানীসকলে কৈছে যে জীৱাশ্মটো ৪ কোটি ৩০ লাখ বছৰ পূৰ্বৰ। তিমিৰ বিৱৰ্তন আৰু প্ৰসাৰণ সম্পৰ্কে জ্ঞাত হোৱাৰ ক্ষেত্ৰত এই জীৱাশ্মৰপৰা সহায় পোৱা যাব।
আন্তৰ্জাতিক সাময়িকী ‘কাৰেণ্ট জাৰ্নাল’-অত গৱেষণামূলক নিবন্ধ প্ৰকাশ হৈছে এই সম্পৰ্কে। জীৱাশ্ম বিজ্ঞানীসকলে জনাইছে যে ৪ মিটাৰ দৈর্ঘৰ এনে তিমিয়ে সাঁতুৰিব পৰাৰ লগতে খোজ কাঢ়িবলৈও সক্ষম হৈছিল।
এনে তিমিৰ ভৰিত আঙুলি আৰু নখ আছিল। গধুৰ শৰীৰ বহন কৰিছিল চাৰিখন ভৰিয়ে।
জীৱাশ্মৰপৰা এনে তিমিৰ শক্তিশালী নেজ থকাৰ অস্তিত্বৰ বিষয়েও জনা গৈছে। এই উভচৰ তিমিৰ সৈতে ‘বিভাৰ’ৰ তুলনা হয়।
‘ৰয়েল বেলজিয়াম ইন্সটিটিউট অৱ নেচাৰেল ছায়েন্সেছ’ৰ বিজ্ঞানী আৰু গৱেষণাপত্ৰৰ লেখক ড০ অলিভিৰ ল্যামবাৰ্টে কৈছে যে ভাৰতীয় উপ-মহাদেশৰ বাহিৰত সন্ধান লাভ কৰা তিমিৰ জীৱাশ্মৰ ভিতৰত সবাতোকৈ পূৰ্ণাংগ নমুনা এইটোৱেই।
পেৰুৰ প্ৰশান্ত মহাসাগৰীয় উপকূল এলেকাত এই জীৱাশ্মৰ সন্ধান পোৱা যায়।
নেদাৰলেণ্ড, পেৰু, ফ্ৰান্স, ইটালীৰ এদল জীৱাশ্ম বিশেষজ্ঞই এই তিমিৰ সন্ধান পায়। তেওঁলোকে এই জীৱাশ্মৰ নাম থৈছে ‘পেৰোগোচেটাছ প্যাচিফিকাছ’। ইয়াৰ অৰ্থ হ’ল প্ৰশান্ত মহাসাগৰলৈ অহা ভ্ৰমণকাৰী তিমি। বিজ্ঞানীসকলৰ ধাৰণা—প্ৰায় ৫ কোটি বছৰ আগতে দক্ষিণ এছিয়াত তিমিৰ প্ৰথম বিকাশ হয়। লাহে লাহে সেইবোৰৰ দেহ সাঁতোৰাৰ বাবে উপযোগী হৈ উঠে। ইয়াৰপিছত তিমিবোৰৰ আৱাস উত্তৰ আফ্ৰিকা আৰু উত্তৰ আমেৰিকালৈ বিস্তৃত হয়।
লণ্ডনৰ ‘নেচাৰেল হিষ্ট্ৰি মিউজিয়াম’ৰ প্ৰাচীন তিমি গৱেষক ত্ৰাভিচ পাৰ্কে কৈছে যে তিমি হ’ল বিৱৰ্তনৰ উৎকৃষ্ট উদাহৰণ। তিমি হ’ল মহাসাগৰ বিজয় কৰা প্ৰাণী।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.