ৰেকৰ্ড ভংগ কৰিলে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিয়ে
তনয় চক্ৰৱৰ্তী
বিগত ৮ বছৰৰ ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড সৃষ্টি কৰিলে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ( Retail Inflation)য়ে। মাৰ্চ মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৯৫% ; এপ্ৰিলত একেজাপে বৃদ্ধি হ’ল ৭.৭৯%। এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে, যোৱাকালি বৃহস্পতিবাৰে।
কিন্তু কিয় এনে মুদ্ৰাস্ফীতি? প্ৰকৃততে বিগত কেইমাহমানত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ লগতে নিত্য প্ৰয়োজনীয় বহুত সামগ্ৰীৰ দাম তীব্ৰ গতিৰে বৃদ্ধি পাইছে। খোৱা তেলৰ পৰা আৰম্ভ কৰি নেমুটেঙালৈ, কুকুৰাৰ মঙহৰ পৰা বেকাৰীৰ বিস্কুটলৈ – খাদ্য-সামগ্ৰীৰ মূল্য সাধাৰণ মানুহৰ হাতৰ বাহিৰলৈ গতি কৰিছে। এনে পৰিস্থিতিত মুদ্ৰাস্ফীতি যে হ্ৰাস নহ’ব, সেয়া অৱধাৰিত আছিল।
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া-ৰ গৱৰ্ণৰেও তেনে আশংকাই কৰিছিল। এপ্ৰিল মাহৰ মুদ্ৰাস্ফীতিয়ে সেয়ে তেওঁক বিস্মিত কৰিব পৰা নাই। যোৱা মাহৰ নিৰিখত মুদ্ৰাস্ফীতি বাঢ়িছে ০.৮৪%। বিগত কেইটামান মাহত মুদ্ৰাস্ফীতি কিদৰে বাঢ়িছে, তাৰে প্ৰমাণ এনে পৰিসংখ্যাই ডাঙি ধৰিছে।
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বান্ধি দিয়া মুদ্ৰাস্ফীতিৰ ঊৰ্দ্ধসীমা হ’ল ৬%। টলাৰেন্স বেন্ড হ’ল ২-৬%। সেই সীমা পাৰ হৈছে যোৱা ৪ মাহত। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল যথাক্ৰমে ৬.০১% আৰু ৬.০৭%।
খাদ্যসামগ্ৰীৰ ক্ষেত্ৰতো একেই ছৱি। এপ্ৰিলত মূল্যবৃদ্ধিৰ হাৰ হৈছে ৮.৩৮%! এই হাৰ মাৰ্চ মাহত(৭.৬৮%)কৈ ০.৭% অধিক। যোৱা বছৰ এপ্ৰিলত এই হাৰ আছিল মাত্ৰ ১.৯৬% !