-মহাবাহুৰ মেজৰ পৰা |
ৰাৱণেই আছিল প্ৰথম আকাশচাৰীঃ
পাঁচ বছৰৰ ভিতৰত প্ৰমাণ কৰিব শ্ৰীলংকাই
কথাতে কয়, বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ…!
২০১৪ চনৰ অক্টোবৰ মাহৰ কথা। নতুন প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে মুম্বাইত বিজ্ঞানীসকলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁৰ স্বভাৱসুলভ ভঙ্গীৰে অকম্পিত কন্ঠৰে এইকথা এনেদৰে ঘোষণা কৰি সকলোকে চমকৃত কৰিলে যে ‘আমাৰ ভাৰত এসময়ত কি আছিল, তাকে লৈ আমি চিকিৎসা বিজ্ঞানৰ জগতত গৰ্ব কৰিব পাৰো।’ নিজৰ বক্তব্যৰ ন্যায্যতা প্ৰতিপন্ন কৰিবলৈ মোডীয়ে কৈছিল,’ মহাভাৰতৰ বৰ্ণনা অনুসৰি কৰ্ণৰ জন্ম মাতৃগৰ্ভত হোৱা নাছিল। ইয়াৰ অৰ্থ হ’ল সেই সময়ৰ ভাৰতত জেনেটিক চাইন্স আছিল। গতিকে কৰ্ণৰ জন্ম মাতৃগৰ্ভত নোহোৱাকৈ সম্ভৱ হৈছিল।’ বিজ্ঞানীসকলৰ সেই সভাত সেইদিনা মোডী ডাঙৰীয়াই সজোৰে কৈছিল, ‘ আমি ভগৱান গণেশক পূজা কৰো। অৰ্থাৎ, সেই সময়ত কোনোবা নহয় কোনোবা প্লাষ্টিক চাৰ্জন আছিল – যিয়ে দেৱতাৰ শৰীৰত হাতীৰ মূৰ লগাই লৈ প্লাষ্টিক চাৰ্জাৰী কৰিছিল।’
এইবাৰ বেলেগ দেশৰ কথা শুনক। মোডী ডাঙৰীয়াৰ দৰেই একে ভাৱনাৰে বিধৌত শ্ৰীলংকাৰ চৰকাৰে সম্প্ৰতি ঘোষণা কৰিছে যে তেওঁলোকে অহা পাঁচ বছৰৰ ভিতৰত প্ৰমাণ কৰিব – বিশ্বৰ প্ৰথম আকাশচাৰী আছিল ৰাৱণ। হয়, ৰামায়ণৰ ৰাৱণ! এফালে অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ ( নক্সা সলনি কৰা হৈছে, অধিক উচ্চ হ’ব বুলি জানিব পৰা গৈছে) হৈছে, আৰু অইনপিনে শ্ৰীলংকাৰ চৰকাৰো জাগ্ৰত হৈছে। শ্ৰীলংকাৰ চৰকাৰে দাবী কৰিছে যে ৰাৱণেই সৰ্বপ্ৰথমবাৰৰ বাবে আকাশত উৰিব পৰা বিদ্যা আয়ত্ত্ব কৰিছিল আৰু সেই কথা অহা পাঁচ বছৰৰ ভিতৰত প্ৰমাণ কৰা হ’ব।
মহাকাব্য ৰামায়ণত লংকাধিপতি ৰাক্ষসৰাজ ৰাৱণ সাত্ত্বিক ব্ৰাহ্মণ হলেও ভাৰতৰ বাবে খলনায়ক; কিন্তু শ্ৰীলংকাৰ ইতিহাসত ৰাৱণ বিদগ্ধ পন্ডিত তথা বিচক্ষণ শাসক হিচাপে পৰিচিত! ভাৰতত ৰামৰ নামটোৰে যিদৰে শ্ৰদ্ধামিহলি ভাবাৱেগ সৃষ্টি হয়, শ্ৰীলংকাত একে ভাবাৱেগ সৃষ্টি হয় ৰাৱণৰ নামটোৰে। ইয়াৰ মাজত বিভিন্ন আঙ্গিক থাকিলেও মূলতঃ এয়াই সাধখৰণ ধাৰণা। ৰামায়ণত বৰ্ণনা কৰা হৈছে যে বহু হাজাৰ বছৰ আগতে শ্ৰীলংকাৰ পৰা নিজৰ পুষ্পক ৰথৰ দ্বাৰা বায়ুপথেৰে ভাৰতৰ ভূ-খন্ডত লংকাধিপতি ৰাৱণে প্ৰৱেশ কৰিছিল। প্ৰায় ৫০০০/৬০০০ বছৰ আগতে ৰাৱণে কিদৰে আকাশেৰে উৰি ভাৰতত পদাৰ্পণ কৰিছিল, সেই প্ৰযুক্তি শ্ৰীলংকাৰ চৰকাৰে উদ্ঘাটন কৰি দিব অহা পাঁচ বছৰৰ ভিতৰত।
সম্প্ৰতি শ্ৰীলংকাৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ দ্বাৰা সংবাদ মাধ্যমত এক বিজ্ঞাপন দি দেশবাসীক এই আহ্বান জনোৱা হৈছে যে কেৱল শ্ৰীলংকাতেই নহয়, বিশ্বৰ যি কোনো প্ৰান্তত কোনো ব্যক্তিৰ হাতত ৰাৱণৰ বায়ুপথ ভ্ৰমণ সম্পৰ্কীয় বা পুষ্পক ৰথ সম্পৰ্কীয় কোনো তথ্য বা নথি-পত্ৰ থাকিলে সেয়া অৱিলম্বে সংশ্লিষ্ট মন্ত্ৰালয়ক অৱগত কৰাব লাগে। এই প্ৰকল্পৰ নামাকৰণ কৰা হৈছে – ‘মহাৰাজ ৰাৱণ আৰু প্ৰাচীনকালত আকাশপথেৰে কৰা অধুনালুপ্ত যাত্ৰাপথ।’ এই প্ৰকল্পৰ অধীনত যথেষ্ট পৰিমাণে নথি-পত্ৰ জমা হ’লে তাৰে ভিত্তিত শ্ৰীলংকাৰ ঐতিহাসিক স্থলবোৰত গৱেষণা চলাব শ্ৰীলংকাৰ পুৰাতাত্ত্বিক বিভাগে। শ্ৰীলংকাৰ চৰকাৰে বিশেষভাৱে ভাৰতৰ ৰামভক্ত সকলৰ পৰাও নথি-পত্ৰ পাবলৈ ভিতৰি ভিতৰি আশা কৰিছে, যিহেতু তেনে নথি-পত্ৰৰ আধাৰতেই ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়েও ৰামৰ অস্তিত্ব তথা ৰাম মন্দিৰৰ ন্যায্যতা মানি লবলৈ বাধ্য হ’ল – গতিকে ৰাম যদি সত্য, ৰাৱণৰ পুষ্পক ৰথৰ আকাশ যাত্ৰাও সত্য! সেয়েহে নথি-পত্ৰ আশা কৰিছে যাতে তেওঁলোকৰ মহান ৰাৱণক উপযুক্ত সন্মান প্ৰদৰ্শন কৰিব পাৰে। সম্প্ৰতি শ্ৰীলংকাৰ অসামৰিক বিমান পৰিষদৰ প্ৰাক্তন ভাইচ-চেয়াৰমেন শশী দনতুঙ্গাই কলম্বোৰ পৰা জনাইছে যে ‘ মহাৰাজ সন্মানীয় ৰাৱণ এক ক্ষণজন্মা প্ৰতিভা আছিল। তেৱেঁই প্ৰথম ব্যক্তি, যিজনাই আকাশত উৰিছিল। তেওঁ আছিল নভশ্চৰ। এয়া মাথোঁ পৌৰাণিক আখ্যান নহয়, ই সত্য। এই বিষয়ে সবিস্তাৰে গৱেষণা কৰাৰ প্ৰয়োজন আছে। অহা পাঁচ বছৰৰ ভিতৰত আমি সেই কথা প্ৰমাণ কৰিম।’