Search Result for 'মানস প্রতিম দত্ত'

থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয়

থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয় মানস প্রতিম দত্ত মানস প্রতিম দত্ত মৎস্য সম্পদৰ ক্ষেত্রত অসম অতিকে চহকী। অসমৰ বহু অঞ্চলৰ নামৰ সৈতে মাছৰ সংগতি দেখা পোৱা যায়। যেনে- মাছখোৱা, শিঙিমাৰী, শলমৰা, ...

Read more

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা, ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা মানস প্রতিম দত্ত মানস প্রতিম দত্ত পৰিৱেশ সাংবাদিকতা বা ইক’ জাৰ্নেলিজিম  শব্দটো মূলতঃ দুটা শব্দ ইক’ আৰু জাৰ্ণেলিজিমৰ সমষ্টি৷ এই শব্দ দুটাৰ ...

Read more

পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী মানস প্রতিম দত্ত মানস প্রতিম দত্ত পৰিৱেশক নাৰীৰ সৈতে তুলনা কৰা হয়৷ পৰিৱেশ নাৰীৰ দৰে মমতাময়ীও৷  পৃথিৱীত বহুকেইগৰাকী নাৰীয়ে পৰিৱেশ সুৰক্ষাৰ হকে মাত মাতি আন বহুজনৰ বাবে আদৰ্শ হিচাপে ঠিয় দিছে৷  তেনেকেইগৰাকীমানৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে এই লেখাত আলোকপাত কৰিব খোজা হৈছে৷ প্ৰকৃতি প্ৰেমৰ কথা ক’লেই আমাৰ মনলৈ প্ৰথমে আহে চিপ‌কো আন্দোলনৰ কথা৷  চিপকো শব্দৰ অৰ্থ হ’ল সাৱটি ধৰা৷ সত্তৰ দশকত আৰম্ভ হোৱা এই আন্দোলন কেৱল এক আন্দোলন নহয়, ই ভাৰতবৰ্ষৰ প্ৰতিজন মানুহক শিকাই যোৱা প্ৰকৃতি প্ৰেমৰ আদিপাঠ৷ সেই সময়ৰ অবিভক্ত উত্তৰ প্ৰদেশৰ তথা বৰ্তমানৰ উত্তৰাঞ্চলৰ এখন ৰেণী গাঁৱৰ গাঁওবাসীয়ে ওচৰৰ অৰণ্যৰ পৰা খৰি, ফলমূল আদি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছিল৷  এবাৰ এজন ঠিকাদাৰে সেই অৰণ্যৰ পৰা গছ কাটিবলৈ আহোঁতে গাঁৱৰ মহিলা মণ্ডলে গৌৰা দেৱীৰ নেতৃত্বত গছবোৰ সাৱটি ধৰি থাকিল আৰু গছবোৰ কটাত বাধা দিলে৷ ফলত ঠিকাদাৰ উভতি যাবলৈ বাধ্য হ’ল৷ চিপ্‌কো আন্দোলনৰ দৰেই অন্য এক আন্দোলন হৈছিল ১৮শতিকাত, ৰাজস্থানৰ প্ৰসন্ন খামকাৰ গাঁৱত৷ ৰজাই এটা দুৰ্গ সাজিবলৈ কাঠৰ প্ৰয়োজন হোৱাত বিষ্ণৈ সম্প্ৰদায় বাস কৰা গাঁওখনৰ কাষৰ অৰণ্যৰ পৰা গছ কাটিবলৈ নিৰ্দেশ দিছিল৷  কিন্তু গাঁৱৰ মানুহে অমৃতা দেৱীৰ নেতৃত্বত গছবোৰ বচাবলৈ গছবোৰ সাৱটি ধৰি আছিল৷ ফলত গছ কাটিবলৈ অহা সৈন্য সামান্তই সেই ঠাইৰ পৰা উভতি যাবলগীয়া হৈছিল৷ এই কাৰ্যত ৰজাৰ খং উঠিল আৰু যেনেকৈ নহ’লেও গছ কাটি কাঠ আনিবলৈ নিৰ্দেশ দিয়ে৷ উপায়হীন সৈন্য বাহিনীয়ে গাঁওবাসীক আক্ৰমণ কৰে আৰু প্ৰায় ৩৬৩ গৰাকী বিষ্ণৈ সম্প্ৰদায়ৰ আবাসীয়ে খেজৰী গছ ৰক্ষা কৰি প্ৰাণ দিবলগীয়া হৈছিল৷  পৰিৱেশ সংৰক্ষণত হাক্কানি জনজাতিৰ এগৰাকী মহীয়সী নাৰী তুলসী গৌড়াৰ ভূমিক সদায়ে প্রাত:স্মৰণীয় হৈ থাকিব। কৰ্ণাটকৰ উত্তৰ কানাড়াত অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে বসবাস কৰে এটি অন্যতম জনজাতি হাক্কানিসকল৷ হাহাক্কানি জনজাতিৰ গাঁও খনতে ১৯৪৪ চনত জন্ম গ্ৰহণ কৰে এগৰাকী কণমানিয়ে৷ মাক-দেউতাকে নাম ৰাখে তুলসী৷  ভাৰতীয় জনসমাজত ঔষধি গছ হিচাপে পৰিচিত তুলসী গছৰ নামৰ সৈতে জড়িত এইগৰাকী চিৰতৰুণীয়ে লাভ কৰিছে ২০২০বৰ্ষৰ সন্মানীয় পদ্মশ্রী সন্মান৷ ৮ নৱেম্বৰ ২০২১ তাৰিখে সেই সময়ৰ ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা পদ্ম সন্মান গ্ৰহণ কৰাৰ পাছৰে পৰা দেশবাসীৰ মাজত তেনেই এটি চিনাকি আৰু অনুপ্ৰেৰণাদায়ক ব্যক্তিত্ব হিচাপে পৰিচিত হৈ পৰা তুলসীৰ পিতৃমাতৃ খুবেই দুখীয়া আছিল৷  মাত্ৰ দুবছৰ বয়সতে পিতৃক হেৰুৱাই নিঠৰুৱা হৈ পৰা তুলসীয়ে কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ সক্ষম নহ’ল৷ অতি কম বয়সতে মাকৰ লগত কৰ্ণাটকৰ এখন স্থানীয় নাৰ্চাৰীত কাম কৰিবলৈ আৰম্ভ কৰে৷ অতি কম বয়সতে  গোবিন্দ গৌড়াৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা  তুলসীয়ে ৫০ বছৰ বয়সত স্বামীক হেৰুৱায়৷  ...

Read more

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা মানস প্রতিম দত্ত মানস প্রতিম দত্ত     অসম আৰু অসমীয়াৰ জন-জীৱন, সমাজ-সংস্কৃতি-ঐতিহ্যৰ এচোৱা সময় প্রতিনিধিত্ব কৰি অসমৰ জীয়া ছবি তুলি ধৰা সমাজ-বিজ্ঞানীজনেই হ’ল জনতাৰ শিল্পী, সুধাকণ্ঠ, ...

Read more

কোচ সংস্কৃতিত প্রকৃতি

-মানস প্রতিম দত্ত , নির্মল কোচ | প্রকৃতিৰ সুন্দৰতম সৃষ্টিসমূহৰ ভিতৰত অন্যতম - মানুহ। এই প্রকৃতিৰ সন্তান বাবেই প্রকৃতি-মানুহৰ এক সুদৃঢ় বান্ধোন আপোনা-আপুনি গঢ় লৈ উঠে। সেয়ে হয়তো প্রকৃতিৰ ভয়াবহ ৰূপ দেখা ...

Read more

ভাবিছিলোঁ কি! হ’ল কি!!

-মানস প্রতিম দত্ত | কেবৰ পৰা 'কা' হ’ল । অসমীয়াই ৰাজপথত চিঞৰি চিঞৰি শাসকযন্ত্রৰ বিৰুদ্ধে প্রতিবাদ কৰিলে। চৰকাৰী কর্তৃপক্ষৰ নির্দেশত অসমীয়া ডেকা-গাভৰুৱে প্রাণ হেৰুৱালে , আহত হ’ল। ইমানৰ অস্থিৰ সময়ৰ মাজতো লোকসভা ...

Read more

আমাজনৰ পৰা অসমলৈ কিমান দূৰ ?

-মানস প্রতিম দত্ত | কাকত-আলোচনীৰ পাতত, বিশেষকৈ গ্রীষ্ম ঋতুৰ সময়ছোৱাত প্রতি বছৰে আলোচনাৰ মজিয়ালৈ অহা বিষয়টোৱেই হ’ল প্রকৃতি। প্রতি বছৰে তাপমাত্রাৰ অত্যাধিক বৃদ্ধিয়ে জলবায়ুক প্রভাৱিত কৰি আহিছে। ইয়াক কেন্দ্র কৰি বিভিন্ন সময়ত ...

Read more

প্রকৃতি শিবিৰ

-মানস প্রতিম দত্ত | প্রকৃতিৰ নান্দনিক সৌন্দর্যই অনবৰতে সৌন্দর্যপিয়াসী সকলক আকর্ষিত কৰি ৰাখে। প্রকৃতিৰ অপৰূপ সৌন্দর্যই মন মুগ্ধ নকৰাকৈ থকা প্রাণী সমগ্র পৃথিৱীতে বিৰল। আমি পোনপটীয়া দর্শন নকৰা পর্যন্ত বিষয়বস্তু সম্পর্কীয় প্রকৃততথ্য ...

Read more

বন্দী মানুহঃ মুক্ত পৃথিৱী

-মানস প্রতিম দত্ত | চ’ত মাহ অহাৰে পৰা আমাৰ মনত এক বুজাব নোৱাৰা আনন্দই ঘৰ সাজে। কিমান দিনৰ পাছত যে যান্ত্রিক নগৰ এৰি পুনৰ গাঁৱৰ সুকোমল সেউজীয়াৰ সুবাস পাম তাৰেই ভাৱনা-বিলাসে আমাৰ ...

Read more

ডিম্বায়নিৰ পৰা ‘আণ্ডাৰ দ্য শাল ট্রী’লৈ

-মানস প্রতিম দত্ত | তেতিয়া সম্ভৱত: মই হাইস্কুলৰ ছাত্র । সাতসৰীৰ পাতত এটা অচিনাকী শব্দ পালোঁ-বাদুংদুপ্পা । নামটো নাটকৰ লগত জড়িত। শালগছৰ তলত নাটক হয়। মানুহে চায়। প্রকৃতিৰ নৈসর্গিকতা, নাটকৰ যাদুকৰী সন্মোহনত ...

Read more
Page 1 of 2 1 2

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
Exit mobile version