• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

ASSAMESE SECTION/Opinion

by Anjan Sarma
October 27, 2025
in ASSAMESE SECTION, History, World
Reading Time: 5 mins read
0
মৃতদেহৰ আকৌ অংগহানি কিহৰ?
Share on FacebookShare on TwitterShare on LinkedIn

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

[ক]

প্ৰথম মহাসমৰৰ অন্তত পৃথিৱীৰ যিবোৰ স্থানত পাৰমাণৱিক শক্তিৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ হৈছিল, সেই স্থানবোৰৰ অন্যতম জাৰ্মানীৰ গোটেনজেন বিশ্ববিদ্যালয়ত( The University of Göttingen is an internationally renowned research university. Founded in 1737 in the Age of Enlightenment, the University is committed to the values of social responsibility of science, democracy, tolerance and justice) এনে কিছু বিজ্ঞানী গোট খাইছিল যে তেওঁলোকৰ আভাৰে জ্যোতিষ্মান হৈ পৰিছিল সমগ্ৰ ইউৰোপ ৷ 

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
University of Göttingen

মেক্স বৰ্ন, প্লাংক, জেমছ, ফ্ৰাংক, ডেভিদ হিলবাৰ্ট, ৱাল্টাৰ নেষ্ট, অট’ হান, ৱাইজেকাৰ – এইধৰণৰ ভালেমান বিজ্ঞানভিক্ষুৰ বাবে গোটেনজেন বিশ্ববিদ্যালয় আছিল সাধনাৰ বেদী আৰু সেই সময়ত পৃথিৱীৰ সমস্ত বিশ্ববিদ্যালয়বোৰক গোটেনজেন বিশ্ববিদ্যালয়ে নেতৃত্ব দিব পৰা অৱস্থাত আছিল৷

RelatedPosts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026

বিশ্ববিদ্যালয়খনৰ কোঠাই কোঠাই বিৰাজমান আছিল নোবেল বঁটা বিজয়ী বহু বিজ্ঞানী, বিজ্ঞান সাধক৷ বিশ্ববিদ্যালয়ৰ কেণ্টিনৰ মেজবোৰকো এই বিজ্ঞানীসকলে চাহমেলৰ সময়ত কাগজৰ দৰে ব্যৱহাৰ কৰি নানান আঁক-বাক কৰিছিল, আৰু কাপ-প্লেটেৰে নহয়, মেজ ভৰি গৈছিল নানানটা অংকৰে৷  কেণ্টিনৰ পৰিচালকক বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কঠোৰ নিৰ্দেশ জাৰি কৰিছিল যে কতৃৰ্পক্ষৰ অনুমতি অবিহনে মেজবোৰৰ আঁক-বাক, অংকবোৰ পৰিচালকে মচি পেলাব নোৱাৰিব৷

কেতিয়াবা আকৌ অধ্যাপক-ছাত্ৰৰ অংক শেষ নহ’লে মাজৰাতিপৰ্যন্ত কেণ্টিন খুলি পৰিচালকে হামিয়াই থাকিব লাগিছিল আৰু কিবা কাৰণত অংকটো শেষ নহ’লে বা অসমাপ্ত হৈ থাকিলে পিছদিনা পুনৰ বেলেগ বিজ্ঞানী, অধ্যাপক, ছাত্ৰই  বা আগৰকেইজনেই সেই অংকটো শেষ কৰিছিল৷

বাটে-পথে দেখা গৈছিল আপোনবিভোৰ অধ্যাপক-ছাত্ৰৰ জ্ঞানান্বেষণ৷ আলোচনা৷ যুক্তি-তৰ্ক৷ মুঠতে গোটেনজেন বিশ্ববিদ্যালয় আছিল সমগ্ৰ বিশ্বৰ বাবে জ্ঞানান্বেষণৰ এক বিৰল তীৰ্থস্থান, উপাসনাৰ এক পৱিত্ৰ মন্দিৰ [অসমৰ বিশ্ববিদ্যালয়সমূহে তেনে এক পৰিৱেশ সৃষ্টি কেতিয়া বা কৰে!]৷

“প্ৰত্যেক ৰাষ্ট্ৰনায়কে ঈৰ্ষা কৰা নেপ’লিয়নে ঈৰ্ষা কৰিছিল চিজাৰক আৰু চিজাৰে ঈৰ্ষা কৰিছিল মহাবীৰ আলেকজেণ্ডাৰক আৰু ৩২৩ খ্ৰীষ্টপূৰ্বৰ জুন মাহৰ দহ তাৰিখে আলেকজেণ্ডাৰৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেওঁৰ বয়স আছিল মাথোঁ  তেত্ৰিশ বছৰ [গগৈ, মহন্ত, গোস্বামীহঁততকৈ বহু কনিষ্ঠ]৷ মৃত্যুবৰণ কৰাৰ কিছুদিন পিছত আলেকজেণ্ডাৰৰ দেহাৱশেষ নিবলৈ আলেকজেন্দ্ৰিয়াৰ পৰা যেতিয়া ৰাজপৰিয়ালৰ মানুহ বেবিলনলৈ আহিছিল আৰু দেহাৱশেষ বিচাৰিছিল তেতিয়া হেনো এটা বিশাল কোঠাৰ মুখ্য দুৱাৰখন খুলি দি আলেকজেন্দ্ৰিয়াৰ পৰা অহা ব্যক্তিসকলক কোৱা হৈছিল – ‘এই বিশাল কোঠাটোৰ ভিতৰতে হেজাৰ-বিজাৰ নৰকংকালৰ সৈতে একেলগে শুই আছে মহাবীৰ আলেকজেণ্ডাৰৰো কংকাল – বিচাৰি লৈ যাওক৷’”

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
হিটলাৰ

কিন্তু ইতিমধ্যে জাৰ্মানীৰ আকাশত ধূমকেতুৰ দৰে উদয় হোৱা হিটলাৰৰ কুখ্যাত ন্যাৎসী বাহিনীয়ে এই মন্দিৰৰ চূড়া চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ উদ্যত হৈছিল ৷

অপৰিসীম ইহুদি বিদ্বেষ আৰু সমগ্ৰ বিশ্বজয়ৰ সপোনত মদমত্ত হাতীৰ দৰে হৈ উঠা হিটলাৰৰ আঙুলিৰ এটিমাত্ৰ নিৰ্দেশত সেই সময়ত সমগ্ৰ ইউৰোপ থৰ্‌থৰ্‌কৈ কঁপিবলৈ আৰম্ভ কৰিছিল ৷

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
হিটলাৰ

নাৎসী বিষয়াই ইহুদী যুৱকৰ বুকুৰ ছালেৰে ‘টেবুল লেম্প’ৰ  ঢাকনী তৈয়াৰ কৰি পোলিছ যুৱকৰ মৃতদেহৰ পৰা আহৰণ কৰি চৰ্বিৰ তেলেৰে শলিতা জ্বলাই ঘৈণীয়েকক ‘টেবুল লেম্প’ উপহাৰ দিবলৈ আৰম্ভ কৰিছিল, হেজাৰ-বিজাৰ ইহুদিক গেছ চেম্বাৰত জীয়াই জীয়াই সুমুৱাই দি হত্যা কৰা হৈছিল ৷

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
হিটলাৰক ভগৱানৰ শাৰীত থিয় কৰাইছিল

গোৱেবলছৰ মিছা প্ৰচাৰে হিটলাৰক ভগৱানৰ শাৰীত থিয় কৰাইছিল, শিশুৰ কান্দোন আৰু টেংক-গোলাবৰ্ষণৰ শব্দৰে জাৰ্মানী হৈ পৰিছিল এক বধ্যভূমি; আৰু এইহেন পটভূমিতেই গোটেনজেন বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰিও ইহুদি বিদ্বেষৰ লেলিহান শিখা দাউদাউকৈ জ্বলি উঠিছিল ৷

বক্তৃতা মঞ্চৰ পৰা টানি-আঁজুৰি নমাই দিয়া হৈছিল বিংশ শতাব্দীৰ প্ৰবাদ পুৰুষ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনক ৷ কাৰণ তেওঁ ‘ইহুদি’!

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
এলবাৰ্ট আইনষ্টাইন

হিটলাৰক তোষামোদ কৰা এদল বিজ্ঞানীয়ে গোৱেবলছৰ নিৰ্দেশত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যে আইনষ্টাইনৰ ‘আপেক্ষিকতাবাদ’ হ’ল এটা ইহুদি ফাঁকি’! হিটলাৰৰ নিৰ্দেশ কঢ়িয়াই অনা এখন টেলিগ্ৰামৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয় কতৃৰ্পক্ষই সাতজন জ্যেষ্ঠ আৰু বিদগ্ধ অধ্যাপকক অনিচ্ছাসত্ত্বেও বৰ্খাস্ত কৰিবলগীয়া হৈছিল একমাত্ৰ এই অভিযোগত যে তেওঁলোক ‘ইহুদি’৷

উপৰিউক্ত কথাবোৰ এইবাবেই লিখিবলগীয়া হ’ল যাতে পাঠক সমাজে গোটেনজেন বিশ্ববিদ্যালয় সম্পৰ্কে আৰু সেইহেন বিশ্ববিদ্যালয়ৰ ওপৰত হিটলাৰ বাহিনীয়ে কৰা অত্যাচাৰ সম্পৰ্কে সামান্য আভাস এটা পাব পাৰে আৰু তাৰে ভিত্তিত এই কথা উপলব্ধি কৰিব পাৰে যে এনেবোৰ ঘটনা ঘটাৰ প্ৰায় এবছৰমান পিছত ঘটা বহুবোৰ ঘটনাৰ মাজৰ এটা ঘটনাৰ গুৰুত্ব– যিটো মই দাঙি  ধৰিবলৈ ওলাইছো এনেদৰে :

হিটলাৰৰ আমোলৰ জাৰ্মানীৰ বাৰ্লিন চহৰত এখন ভোজসভাত সেই সময়ৰ জাৰ্মানীৰ শিক্ষামন্ত্ৰী ৰাষ্ট-এ হঠাৎ তাত উপস্থিত থকা গোটেনজেন বিশ্ববিদ্যালয়ৰ শেষ দীপশিখা গণিতসাগৰ ডেভিদ হিলবাৰ্টক প্ৰশ্ন কৰিছিল ঃ ‘অধ্যাপক হিলবাৰ্ট, এই কথা সঁচানে যে ইহুদি বিতাড়নৰ ফলত আপোনালোকৰ বিশ্ববিদ্যালয়ৰ অংগহানি হৈছে?’ 

অধ্যাপক হিলবাৰ্টে লগে লগে উত্তৰ দিছিল – ‘নাই, কোনোধৰণৰ অংগহানি হোৱা নাই৷’ 

শিক্ষামন্ত্ৰীয়ে তেতিয়া উৎফুল্লিত হৈ কৈছিল – ‘তাকেই কওক! অথচ মানুহে কি কথাই যে কোৱা নাই!’ 

গণিতসাগৰ অধ্যাপক হিলবাৰ্টে কাল বিলম্ব নকৰাকৈ পুনৰ কৈছিল –‘মূৰ্খৰ কথাত কাণ নিদিব শিক্ষামন্ত্ৰী মহোদয়৷ অতীতৰ সেই গোটেনজেন আৰু নাই৷ মৃতদেহৰ আকৌ অংগহানি কিহৰ?’

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
গণিতসাগৰ ডেভিদ হিলবাৰ্ট

[খ]

বহু শোভাযাত্ৰা-মিটিং-সমাৱেশ হ’ল – অসমৰ উন্নতিৰ বাবে, ধৰ্ণা-পিকেটিং-অসম বন্ধ-পথবন্ধ বহু বহুবাৰ হ’ল – অসমৰ উন্নতিৰ বাবে, জজ খেলপথাৰ-দিঘলীপুখুৰীৰ পাৰ- উপায়ুক্তৰ কাৰ্যালয়-দিছপুৰ লাষ্টগেট-নতুন দিল্লীৰ বোট ক্লাব – সেই পৰ্যন্তই; অসমৰ উন্নতিৰ বাবে বহু বোমা বিস্ফোৰিত হ’ল, লাওখোলাৰ পৰা মগজু ছিটিকি ছিটিকি গ’ল৷

দেহৰ পৰা হাত-ভৰি-যৌনাংগ উফৰি গ’ল, বাৰুদৰ গন্ধই ছানি পেলালে সমগ্ৰ অসম আৰু এইবোৰৰ মাজে মাজে গুলীৰ শব্দ, মৃত্যুৰ সংবাদ, অপহৰণ, ধন সংগ্ৰহ, বিবৃতি, বোকা ছটিওৱাৰ নিকৃষ্ট ৰাজনীতি–সেই পৰ্যন্তই; সেইবাবেই শ শ মাইলজুৰি পৰি আছে আজি ‘সচেতন’ অসমীয়াৰ স্বদেশৰ অৰ্ধমৃত দেহ আৰু নিৰৱধি বৈ থাকিল শোণিতৰ তপ্ত নৈ ৷

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

গুলী আৰু মৃত্যু, মৃত্যু আৰু গুলীৰ সংবাদেই তথা খিলঞ্জীয়া মানুহৰ ওপৰত হৈ থকা প্ৰতাৰণাই আজিৰ অসমত ‘তেজৰে কমলাপতি পৰভাতে নিন্দ/ তেৰি চান্দ মুখ পেখো উঠৰে গোবিন্দ’ বাবেই আজি কিছুকাল পূৰ্বে বজালী উচ্ছতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত পঢ়ি থকা মোৰ ভতিজা ল’ৰা এজনে খুব সৰলভাৱে মোক কৈছিল যে বাতৰি কাকতৰ ‘খেলা’ পৃষ্ঠাটোৰ বাহিৰে বেলেগ পৃষ্ঠাবোৰ সি বহুমাহ ধৰি পঢ়াই নাই, কাৰণ পঢ়িলে মন বেয়া লাগে, কিতাপ-পত্ৰ পঢ়িবলৈ তথা একো কৰিবলৈ মন নোহোৱা হৈ যায় ৷

ভতিজা ল’ৰাৰ কথা সত্য৷ বাতৰি কাকত মেলিলেই মৃত্যুৰ সংবাদ, বোমা-গুলীৰ সংবাদ, প্ৰতাৰণা – অত্যাচাৰৰ সংবাদ, মৃত্যু আজি এটা হৃদয়বিদাৰক শব্দ নহয় – মৃত্যু আজি পৰিসংখ্যা, মাথোঁ পৰিসংখ্যা৷

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

কি এক অদ্ভুত পৰিস্থিতি! বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক আঁতৰি যাবলৈ আছুৰ হুংকাৰ, বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বীক আঁতৰাবলৈ উপাচাৰ্যক ঘেৰাও, অসমৰ শিক্ষক সমাজ ব্যস্ত লাষ্টগেটত, সময়ত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি নাই [বজাৰত পোৱা যায় ‘কুঁহিপাত সহায়িকা’], কোষাগাৰৰ সন্মুখত জীৰ্ণ-শীৰ্ণ জুৰুলা-জুপুৰা নাগৰিকৰ শাৰী, ভংগুৰ ৰাজপথ, বাছভাড়া বৃদ্ধি, বিশ লাখৰো অধিক শিক্ষিত নিবনুৱা, চৰকাৰী বিল বছৰ বছৰ ধৰি আদায় নোপোৱা বাবে ক্ষুদ্ৰ উদ্যোগত তলা, বিষাক্ত বুট খাই মৃত্যু, ভিটামিনৰ টোপাল গ্ৰহণ কৰি মৃত্যু, মৃত্যুৰ মুখত নিগম-নিকায়, জৰাজীৰ্ণ দলং, চিকিৎসালয়ত ঔষধ নাই, ঠিকাদাৰৰ বিল নাই, নিৰাপত্তা নাই, কমতাপুৰৰ বাবে আন্দোলন, এক অদ্ভুত পৰিৱেশ, তাৰ মাজে মাজে গুৱাহাটীত ফ্লেট ভঙা অভিযান, গুৱাহাটীৰ সৌন্দৰ্য বৃদ্ধিৰ অভিযান, অসম আন্দোলনৰ শতাধিক ছহিদৰ ৰক্তৰ বিনিময়ত দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা মহন্তৰ ৰাজনৈতিক ভৱিষ্যতৰ বিষয়ে ৰাজপথত ‘অবৈধ’ [!] বাংলাদেশী ৰিক্সাৱালাৰ মাজত হোৱা সৰৱ আলোচনাৰ ভিত্তিত ‘অসম চুক্তি’ৰ ভৱিষ্যৎ সম্পৰ্কে ‘সন্দিহান’ হৈ পৰা ছাত্ৰনেতাৰ ‘শেষ সকীয়নি’ বা বৃথা আস্ফালন, বানপানী, অস্ত্ৰৰ ঝনঝননি ইত্যাদিৰ মাজে মাজে ধুমুহাৰ গতিৰে পাৰ হৈ যায় মুখ্যমন্ত্ৰীৰ কনভয়, গাড়ীৰ ভিতৰত মুখ্যমন্ত্ৰীৰ হাঁহি, মুখ্যমন্ত্ৰীৰ হাঁহি দেখি একেখন গাড়ীতে ভ্ৰমণসঙ্গী হৈ যোৱা একান্ত অনুগত বিশ্বাসী হিমন্তৰ হাঁহি, সেই হাঁহিৰ উৎস হেনো দিল্লীৰ হাঁহি, বতাহত পতাকা কঁপে– মন্ত্ৰীৰ গাড়ীৰ ত্ৰিৰংগ পতাকা, অসমৰ উন্নতি!

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
মুখ্যমন্ত্ৰীৰ হাঁহি

এইবোৰ দেখি দেখি পঢ়ি শুনি শুনি মানুহৰ অনুভূতি আজি ভোটা হৈ পৰিছে আৰু চিন্তাশীলসকলৰো মগজুত পৰিৱেশ-পৰিস্থিতিয়ে সান্ধ্য আইন জাৰি কৰি দিছে বাবেই আজি মানুহে নিৰ্বিকাৰে কথাবোৰ হজম কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে৷ বাতৰি কাকতত প্ৰকাশিত বিভিন্ন সমস্যা সম্পৰ্কে আজিৰ অসমতো গণিতসাগৰ  হিলবাৰ্টৰ দৰেই ক’ব পাৰি – মৃতদেহৰ আকৌ অংগহানি কিহৰ?

কি এক পৰিস্থিতি!

কংগ্ৰেছে অসমক ভাল পায়, অগপই অসমক ভাল পায়, বিজেপিয়ে অসমক ভাল পায়, আলফাই অসমক ভাল পায়, ছাত্ৰ সন্থাই অসমক ভাল পায়, যুৱ-ছাত্ৰ পৰিষদে অসমক ভাল পায়, বি পি পি এফ দলেও অসমক ভাল পায়, অসম সাহিত্য সভাই অসমক ভাল পায়; কৰ্মচাৰী,আমোলা,শিল্পী,সাহিত্যিক,সাংবাদিক, সমাজকৰ্মীকে ধৰি সকলোৱে অসমক ভাল পায়;  অসম আৰু অসমৰ উন্নতিৰ বাবেই আৰু অসমৰ মানুহখিনিক বিশ্বৰ ভিতৰতেই শ্ৰেষ্ঠতম আসন দিবলৈকেই অসমত আজি ডজন ডজন সংগঠন, ডজন ডজন বাতৰিকাকত, শ শ বুদ্ধিজীৱী – তথাপি আজি অসমৰ এই অৱস্থা ৷

অসমৰ উন্নতিৰ বাবে ইমানবোৰ দল-সংগঠন-ব্যক্তি থাকোতে অসম আজি দোপতদোপে ওপৰলৈ উঠিব পাৰিব লাগিছিল, জনমূৰি আয় উৰ্দ্ধত থাকিব লাগিছিল, অসমখন ঋণৰ পৰা মুক্ত হ’ব লাগিছিল, অসমৰ উন্নতিৰ বাবে সকলোৱে দল-মত নিৰ্বিশেষে ঐক্যবদ্ধ হ’ব লাগিছিল, অসমৰ পৰিস্থিতি হৃদয়েৰে অনুভৱ কৰি এখন মঞ্চত ঐক্যবদ্ধ হৈ সাময়িকভাৱে সকলো দ্বন্দ্ব বাদ দি উমৈহতীয়া নূ্যনতম কাৰ্যসূচী (Common Minimum Programme) ঘোষণা কৰি আগবাঢ়িব লাগিছিল ৷

কিন্তু এনে হোৱাৰ আশা নাই এইবাবেই যে দলৰ বাবেই দল আৰু সংগঠনৰ বাবেই সংগঠন খুলি আত্মতৃপ্তি লাভ কৰাসকলে এতিয়াও শুনা নাই বিপন্ন অসমৰ আৰ্তনাদ আৰু নিজৰ বাহিৰে এওঁলোকে সকলোৰে ওজন কৰিছে৷ গতিকেই অতীতৰ গোটেনজেন আজি আৰু নাই! মৃতদেহৰ আকৌ অংগহানি কিহৰ?

আধুনিক প্ৰযুক্তিবিদ্যা, শিক্ষা, চেতনা সকলো ৰসাতলে যাওক, অসমৰ মানুহে যেনে-তেনে দিনবোৰ পাৰ কৰি থাকক, দৈনিক অসমীয়া যুৱকৰ শৰীৰ আৰু মনৰ চিতা জ্বলি থাকক, আজিৰ বিশ্বৰ মানচিত্ৰত অসম সৰ্বনিম্নত থাকক, হত্যালীলা চলি থাকক, প্ৰতাৰণা চলি থাকক… এইবোৰৰ মাজে মাজে কোনো বাধা নোপোৱাকৈ অন্ধ্ৰ-কাণপুৰৰ মাছ, দিল্লীৰ কণী, পঞ্জাব-হাৰিয়ানৰ দাইল, উত্তৰ প্ৰদেশ-বিহাৰৰ আলুৰে অসম ভৰি পৰা কাৰ্য চলি থাকক, বাংলাদেশ আৰু ভাৰতৰ অন্যান্য স্থানৰ পৰা অহৰ্নিশে অসম ভূমিলৈ মানুহ আহি থাকক তথা অসমৰ অৰ্থনীতি-ৰাজনীতিৰ নিৰ্ণায়ক শক্তি হৈ পৰি ‘বিনাযুদ্ধে’ অসম অধিকাৰ কৰি পেলাওক– এইবোৰ ‘তুচ্ছ’ কথা, সিংহাসনখনহে আচল কথা,  গাড়ীৰ ফলক আৰু ৰঙা লাইটটোহে আচল কথা – এইবোৰেহে দিব ‘অমৰত্ব’!

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
Photo by Krivec Ales on Pexels.com

ক্ষমতা আৰু অমৰত্ব! ৰজা পুষ্য বৰ্মনৰ পৰা ভাস্কৰ বৰ্মনলৈ, ব্ৰহ্মপালৰ পৰা জয়পাললৈ, সিন্ধুৰায়ৰ পৰা ইন্দ্ৰনাৰায়ণলৈ ডজন ডজন ৰজাই অতীতৰ কামৰূপ শাসন কৰিছিল; ৰজা বীৰপালকে ধৰি বহুকেইজন ৰজাই চুতীয়া ৰাজ্য শাসন কৰিছিল; বিশ্বসিংহৰ পৰা আৰম্ভ কৰি বহুজন ৰজাই কোচ ৰাজ্য শাসন কৰিছিল; চুকাফাৰ পৰা পুৰন্দৰ সিংহলৈ ভালেমান ৰজাই অসম শাসন কৰিছিল; চৈয়দ ছাৰ মহম্মদ চাদুল্লাৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তলৈ বহুকেইজন মুখ্যমন্ত্ৰীয়ে অসম শাসন কৰিছিল – কিন্তু আজিৰ অসম আৰু অসমবাসীয়ে কেইজনৰ কথা মনত ৰাখিছে [?] – মুখ্যমন্ত্ৰীয়ে চিন্তা কৰক ৷

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
নেপ’লিয়ন

প্ৰসংগক্ৰমে উল্লেখ কৰিব বিচাৰিছো, প্ৰত্যেক ৰাষ্ট্ৰনায়কে ঈৰ্ষা কৰা নেপ’লিয়নে ঈৰ্ষা কৰিছিল চিজাৰক আৰু চিজাৰে ঈৰ্ষা কৰিছিল মহাবীৰ আলেকজেণ্ডাৰক আৰু ৩২৩ খ্ৰীষ্টপূৰ্বৰ জুন মাহৰ দহ তাৰিখে আলেকজেণ্ডাৰৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেওঁৰ বয়স আছিল মাথোঁ  তেত্ৰিশ বছৰ !

মৃত্যুবৰণ কৰাৰ কিছুদিন পিছত আলেকজেণ্ডাৰৰ দেহাৱশেষ নিবলৈ আলেকজেন্দ্ৰিয়াৰ পৰা যেতিয়া ৰাজপৰিয়ালৰ মানুহ বেবিলনলৈ আহিছিল আৰু দেহাৱশেষ বিচাৰিছিল তেতিয়া হেনো এটা বিশাল কোঠাৰ মুখ্য দুৱাৰখন খুলি দি আলেকজেন্দ্ৰিয়াৰ পৰা অহা ব্যক্তিসকলক কোৱা হৈছিল – ‘এই বিশাল কোঠাটোৰ ভিতৰতে হেজাৰ-বিজাৰ নৰকংকালৰ সৈতে একেলগে শুই আছে মহাবীৰ আলেকজেণ্ডাৰৰো কংকাল – বিচাৰি লৈ যাওক৷’

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
আলেকজেণ্ডাৰ

অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ উন্নতিৰ বাবে দল-সংগঠন-সন্থা-পৰিষদ গঠন কৰা অসমপ্ৰেমী ৰথী-মহাৰথীসকলে খন্তেক বিৰতি লওক, গভীৰভাৱে অসমৰ কথা চিন্তা কৰক, ধ্যান কৰক, ঐক্যবদ্ধ হওক, অন্তৰৰ গভীৰতম তলিৰ পৰা যত্ন কৰক – কিজানিবা অৰ্ধমৃত অসমৰ প্ৰাণ সঞ্চাৰ হয়েই৷ ক’ৰবাত পঢ়া মনত পৰে – ‘Politician thinks of the next election; a statesman, of the next generation.’

অসমৰ মানুহে কামনা কৰিছে, আপোনালোক পেছাদাৰী ৰাজনীতিবিদৰ পৰিৱৰ্তে হৈ পৰক প্ৰকৃতাৰ্থত একো একোজন অসমপ্ৰেমী নেতা – যিয়ে সক্ষম হ’ব অসমৰ প্ৰাণ সঞ্চাৰ কৰিবলৈ৷

Media 1

[ বি: দ্ৰ: এই লেখাটো আজিৰ পৰা প্ৰায় ১৯ বছৰৰ পূৰ্বে অসমীয়া প্ৰতিদিন কাকতৰ ৩ জুলাই, ২০০৬ সংখ্যাত প্ৰকাশ পাইছিল ]

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা
ASSAMESE SECTION

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

by Sanghamitra Kashyap
March 7, 2026
0

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা সংঘমিত্ৰা কাশ্যপ সেইদিনা এটা বাতৰিত পঢ়িলো যে ২৫ বছৰীয়া এগৰাকী কৰ্মৰত মহিলা অনবৰতে ওচৰৰ চুবুৰীয়াই...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d