-মনোজ বসুমতাৰী |
বিশ্ব পশু স্বাস্থ্য সংস্থা হৈছে বিশ্বব্যাপী পশুৰ স্বাস্থ্য উন্নীতকৰণৰ বাবে বিশ্ব সমুদায়ৰ মাজত গঠন হোৱা এক আন্ত: চৰকাৰী সংগঠন । ইয়াক ২০১৮ চনত বিশ্ব বাণিজ্য সংস্থাৰ প্ৰাসংগিক সংস্থা (Reference Organisation) হিচাবে স্বীকৃতি প্ৰদান কৰা হয় । বৰ্তমান বিশ্বৰ ১৮২ খন দেশ ইয়াৰ সদস্য ৰাষ্ট্ৰ হিচাবে আছে ।
OIE ৰ মুখ্য উদ্দেশ্য হৈছে গাহৰিৰ ক্ষিপ্ৰ আৰু অতি বিস্তৃত সংক্ৰমিত মহামাৰী ৰোগৰ বিস্তাৰ ৰোধ কৰা । অন্যান্য লক্ষ্য সমূহ হৈছে: বিজ্ঞানসন্মত তথ্য, স্বচ্ছতা, আন্তঃৰাষ্ট্ৰীয় অংগীকাৰ, মল-মূত্ৰজনিত ৰোগৰ পৰা নিৰাপত্তা, পশুপালন সেৱাৰ প্ৰসাৰ আৰু প্ৰচাৰ, খাদ্য নিৰাপত্তা আৰু পশুকল্যান ।
সাম্প্ৰতিক সময়ত OIE তালিকাভূক্ত ৰোগ সমূহক বিশ্বৰ পশুৰ ক্ষেত্ৰত স্বীকৃত ৰোগ হিচাবে গণ্য কৰা হয় । তালিকাখনত উল্লেখিত সংক্ৰমিত ৰোগবিলাকৰ বৈশিষ্টবোৰ এনেধৰণৰ:
১) এই ৰোগ সমূহ বিস্তাৰ হোৱাৰ ক্ষমতা অতি সাংঘাতিক । কোনো ভৌগোলিক সীমাৰেখাৰ কথা ইয়াত আহি নপৰে ।
২) জন স্বাস্থ্য আৰু অৰ্থ সামাজিক ক্ষেত্ৰত ই ভাবুকি স্বৰূপ হৈ পৰে ।
৩) আন্ত ৰাষ্ট্ৰীয় পশুখাদ্য আৰু পশুজাত সামগ্ৰীৰ বেহা বেপাৰৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অপৰিসীম ।
সাধাৰণতে পৃথিৱীৰ সকলো ঠাইতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা নাযায় । কিছুমান অঞ্চলত এই ৰোগ নহয় অথবা চৰকাৰী ভাবে কৰা নিয়ন্ত্ৰণৰ ফলত ইয়াক হয়তো একেবাৰে নিৰ্মূল কৰিব পৰা হৈছে । এনেৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগে স্থানীয় বিভাগীয় কৰ্তৃপক্ষক তাৎক্ষণিক ভাৱে খবৰ দিয়া উচিত ।
প্ৰচলিত নিয়ম অনুসৰি সাধাৰণতে বিশ্বৰ যি কোনো প্ৰান্ততে কোনো অচিন ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগে ইয়াক OIE ৰ তালিকাভূক্ত কৰা হয় আৰু ইয়াৰ প্ৰভাৱ আৰু পৰিণাম বুজিবৰ চেষ্টা কৰা হয় । উদাহৰণ স্বৰূপে যেতিয়া গাহৰিৰ Porcine Circovirus বা PMWS প্ৰথম চিনাক্ত কৰা হৈছিল তেতিয়া ইয়াক OIE ৰ তালিকাভূক্ত কৰা হৈছিল । কিন্তু যেতিয়া ই বিশ্বজুৰি মহামাৰী হিচাবে জনাজাত হ’ল – ই OIE ৰ তালিকাভূক্ত হৈ নাথাকিল ।
তলত দিয়া সংজ্ঞা অনুসৰি বিশ্বৰ গাহৰি উৎপাদন অঞ্চল সমূহক তিনিটা প্ৰধান ভাগত ভগোৱা হয়:
১) যি দেশ বা মহাদেশ এই ৰোগৰ পৰা একেবাৰে মুক্ত তেনে অঞ্চলক মুক্ত অঞ্চল অথবা FREE REGION বুলি কোৱা হয় ।
২) পৰিশিলিত অথবা FRINGE REGION বুলিলে এনে অঞ্চলৰ কথা বুজোৱা হয় যি সাধাৰণতে মুক্ত কিন্তু বাহিৰৰ পৰা পুনৰাই সংক্ৰমিত হোৱাৰ আশঙ্কা থাকে (য’ত বেমাৰৰ কাৰকবোৰ একেবাৰে সহজলভ্য) । এনে অঞ্চলত বিক্ষিপ্তভাবে বেমাৰৰ উৎপত্তি হব পাৰে । তেনেকুৱা হলে ইয়াক নিয়ন্ত্ৰণ কৰিব লগে বা আঁতৰাই পঠোৱাৰ ব্যবস্থা কৰিব লাগে । এইধৰণৰ অঞ্চলত এটা বছৰৰ ভিতৰত এনে প্ৰাদুৰ্ভাৱ কেইবাবাৰো হব পাৰে বা বহু বছৰৰ পাছতো হব পাৰে ।
৩) Enzootic বা মহামাৰীপ্ৰৱণ অঞ্চল হৈছে য’ত নেকি স্থায়ীভাবে গাহৰিৰ বেমাৰৰ প্ৰাদুৰ্ভাৱ থাকে । স্থায়ীভাৱে ই সংক্ৰমিত । এই সংক্ৰমণ মহামাৰী হিচাবে দেখা দিয়ে ।
OIE এ কোন দেশত কি ৰোগ হয় তাৰ এখন তালিকা প্ৰস্তুত কৰে । বিশ্বৰ সামগ্ৰিক পৰিবেশটো বৰ সঘনাই সলনি হৈ থাকে ।
কোনোবা দেশ মাৰী-মৰক মুক্ত হ’লেও টিকাকৰণ কাৰ্য্যসূচী অৱশ্যেই পালন কৰিব লাগে ।
বাণিজ্যিক লাভালাভৰ বাবে কৰা গাহৰি ফাৰ্ম সমূহ হয়তো বেমাৰ আজাৰৰ কাৰকৰ পৰা মুক্ত হ’ব পাৰে কিন্তু বন্য অথবা অপালিত বন্য গাহৰি বোৰ মহামাৰীৰ সংক্ৰমণৰ বাহক হিচাবেই থাকি যাব ।
উল্লেখযোগ্য কথাটো হ’ল যে এই ক্ষেত্ৰত OIE ৰ সদস্যভুক্ত দেশ সমূহৰ ভিতৰত কিছুমান দেশৰ কথাবোৰ সুন্দৰভাৱে গ্ৰহণযোগ্য, কিছুমানৰ গ্ৰহণযোগ্যই নহয় আৰু কিছুমানৰ নগণ্য সংখ্যক কথাহে গ্ৰহণযোগ্য । উত্তৰ বা দক্ষিণ আমেৰিকা, ইউৰোপীয় ইউনিয়নৰ দেশ সমূহ, অষ্ট্ৰেলিয়া বা নিউজিলেণ্ডৰ অধীনস্থ (The Antipodes) দেশ সমূহৰ পৰা আটাইতকৈ নিৰ্ভৰযোগ্য তথ্য পোৱা যায় ।
শেহতীয়া তথ্যৰ বাবে সকলোৱে OIE ই ৱেবছাইট চাব পাৰে । যি বিলাক ৰোগ OIE ৰ ৰোগৰ তালিকাভূক্ত – যিয়ে গাহৰিক সংক্ৰমিত কৰিব পাৰে – এনে বেমাৰৰ সবিশেষ চিত্ৰ সহকাৰে দিয়া আছে ।
[ শ্ৰী মনোজ বসুমতাৰী, প্ৰসিদ্ধ গাহৰি পালক,মুখ্য কাৰ্য্যবাহী বিষয়া আৰু সহ – প্ৰতিষ্ঠাপক, SFPL
প্ৰতিষ্ঠাপক,সভাপতি, উত্তৰ–পূৱ প্ৰগতিশীল গাহৰি পালক সংস্থা (NEPPFA)]