• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 5, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Journalism

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

ড০ সুনীল পৱন বৰুৱা

by Anjan Sarma
September 12, 2023
in Journalism, History, Media, Newspaper
Reading Time: 10 mins read
0
অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা
Share on FacebookShare on TwitterShare on LinkedIn

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

175+ Years of Media in Assam & Beyond

ড০ সুনীল পৱন বৰুৱা

Sunil Pawan Barua
ড০ সুনীল পৱন বৰুৱা

ভাৰতত ইংৰাজ শাসক বণিক গোষ্ঠী আৰু আন শ্বেতাংগ গোষ্ঠীৰ মাজত দেখা দিয়া সংঘৰ্ষৰ মাজেদিয়েই দুশ বছৰ অতিক্ৰম কৰা সাংবাদিকতাৰ বুৰঞ্জী আৰম্ভ হয়।

অৱশ্যে প্ৰাৰম্ভিক সময়ছোৱাত ইংৰাজী ভাষাত প্রকাশিত আৰু সম্পাদিত কাকতসমূহৰ সীমিত পৰিধিত ঘাইকৈ বিদেশী শ্বেতাংগসকলৰ গোষ্টীগত বিবাদ তথা স্বাৰ্থইহে প্ৰাধান্য লাভ কৰিছিল, সাধাৰণভাৱে থলুৱা ভাৰতীয়সকলৰ সমস্যা অথবা অনুভূতিয়ে ঠাই পোৱা নাছিল। দেশীয় পৃষ্ঠপোষকতাত গঢ়ি উঠি সাংবাদিকতাৰ মাধ্যমতহে প্ৰকৃত অৰ্থত থলুৱা ৰাইজৰ স্বাৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ কাম আৰম্ভ হ’ল।

ইংৰাজ চৰকাৰেও ইংৰাজ মাজত থকা মৌলিক পাৰ্থক্য দেখা পালে। ইয়াৰ লগে লগে আৰম্ভ হ’ল সুদীৰ্ঘ কালজোৰা বিদেশী চৰকাৰ আৰু পৰাধীন ভাৰতৰ সংবাদ পত্ৰসমূহৰ মাজত একপ্ৰকাৰৰ শীতল যুদ্ধ, যিটো সময়ে সময়ে প্ৰত্যক্ষ সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল। এইটো এক চিৰন্তন সত্য যে বাতৰিকাকতৰ অবাধ স্বাধীনতা আৰু বিদেশী শাসন দুয়োটা কেতিয়াও একেলগে তিষ্টি থাকিব নোৱাৰে।

স্বাভাৱিকভাৱেই স্বাধীনচিতীয়া বাতৰিকাকত আৰু শাসক গোষ্ঠীৰ মাজত বুজাপৰাৰ কোনো থল নাথাকে, কিয়নো পৰাধীন দেশ এখনত বাতৰিকাকতৰ মূল কৰ্তব্যই হৈছে অন্যায়-অবিচাৰ, শোষণ আৰু কুশাসনৰ বিৰুদ্ধে জনমতক সংগঠিত কৰা আৰু এই ক্ষেত্ৰত প্ৰকৃত পথৰ সন্ধান দিয়া। এনে পৰিস্থিতিত ইংৰাজ চৰকাৰেও সময়ে সময়ে দমনমূলক আইন জাৰি কৰি বিৰোধী জনমতক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু দেশৰ স্বাধীনতা লাভলৈকে এই চেষ্টা অব্যাহত আছিল।

RelatedPosts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026

১৮৮৫ খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ লগে লগে ভাৰতৰ সাংবাদিকতাই এক নতুন অধ্যায়ত প্ৰৱেশ কৰে আৰু ইয়াৰ প্ৰকৃত জাতীয়তাবাদী ধাৰাটো প্ৰৱৰ্তিত হয়। কুৰি শতিকাৰ প্ৰথম দশকতে স্বদেশী আদৰ্শৰে অনুপ্ৰাণিত সম্বাসবাদী ৰাজনীতিৰ সূচনা হোৱাত সাংবাদিকতাৰ বুৰঞ্জীতো তাৰ প্রভাৱ পৰে৷

বংগ-ভংগ আন্দোলন আৰু স্বদেশী আদৰ্শৰ মুখপত্ৰ ‘যুগান্তৰ’ কাকতে মূলতে ভাৰতৰ সাংবাদিকতাত সংগ্ৰামী ধাৰাটোৰ ভেটি স্থাপন আৰু ইয়াৰ লগতে ভাৰতৰ ৰাজনীতিতো যুগান্তৰৰ সূচনা কৰিলে।

সেই প্ৰসংগতে উনুকিয়াব পাৰি যে “১৯০৬ চনৰ মাৰ্চ মাহত অৰ্থাৎ বংগ-ভংগৰ পাঁচ মাহৰ পিছত ‘যুগান্তৰ’ নামৰ সাপ্তাহিক কাকত এখন ৰাস্তাৰ মোড়ে মোড়ে যুৱকসকলে বিক্ৰী কৰা দেখা গ’ল। যি পঢ়িছিল তেওঁলোক চমক খাই উঠিল– ইয়াৰ ভাব আৰু ভাষা ‘হিতবাদী’, ‘বংগবাঈ’, ‘সঞ্জীৱনী’ প্ৰভৃতি সাপ্তাহিকৰ পৰা সম্পূৰ্ণ পৃথক। শাৰীৰিক শক্তিৰদ্বাৰা ভাৰতত ব্ৰিটিছ সাম্রাজ্য ধ্বংস কৰিব লাগিব, হত্যা পাপ নহয়–গীতাত স্বয়ং শ্ৰীকৃষ্ণই অৰ্জুনক হত্যাৰ বাবে প্ৰৰোচিত কৰিছিল; আত্মা অমৰ–এই শিক্ষা দি ‘যুগান্তৰে’ যুৱকসকলক মৃত্যুহীন কৰি গঢ়ি তোলাৰ প্ৰয়াসী”১; কিন্তু চৰকাৰৰ তীব্ৰ দমনমূলক নীতিৰ ফলত মাত্ৰ দুবছৰৰ পিছতে ‘যুগান্তৰ’ৰ মৃত্যু হয়।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা
অম্বিকাগিৰী ৰায়চৌধুৰী

          ভাৰতীয় সংবাদপত্ৰৰ বুৰঞ্জীৰ প্ৰথমছোৱাৰ লগত তুলনা কৰিলে অসমত এই ক্ষেত্ৰত সংঘাতৰ পৰিৱৰ্তে সহযোগিতাইহে প্ৰাধান্য লাভ কৰা দেখা যায়। উনবিংশ শতিকাৰ প্ৰায় দ্বিতীয় ভাগত অৰুনোদইৰ জন্মৰে পৰা পৰৱৰ্তী চাৰিটা দশকত অসমীয়া সাংবাদিকতাই প্ৰকৃত অৰ্থত জনমত গঠনত বিশেষ অৰিহণা যোগাব পৰা নাছিল৷ হেমচন্দ্ৰ বৰুৱা (১৮৩৫-১৮৯৬) সম্পাদিত ‘আসাম নিউচ’ (১৮৮২-১৮৮৫) প্ৰকাশৰ মাজেদিহে অসমীয়া সাংবাদিকতাত আধুনিকতাৰ পাতনি মেল খাইছিল।

কুৰি শতিকাৰ আৰম্ভণিতে প্রকাশিত মথুৰা মোহন বৰুৱাৰ (১৮৬৩-১৯১৯) দ্বাৰা সম্পাদিত ইংৰাজী সাপ্তাহিক কাকত ‘অডভোকেট অব আসামে’ (১৯০৫-১৯১২) জাতীয়তাবাদী ধাৰাটো প্ৰৱৰ্তন কৰিছিল। স্বদেশী আন্দোলনৰ প্রভাৱৰ পৰা সাধাৰণভাৱে অসম আঁতৰি থাকিল। মাথোন বংগদেশৰ পৰা গুৱাহাটীলৈ আশ্ৰয় বিচাৰি অহা কেইগৰাকীমান বিপ্লৱীৰ সান্নিধ্যই এমুঠিমান অসমীয়া যুৱককহে আকৃষ্ট কৰিছিল।

এনেদৰে স্বদেশী যুগত অসমকেশৰী আখ্যা পোৱা অম্বিকাগিৰী ৰায়চৌধুৰী (১৮৮৫-১৯৬৭)। স্বদেশী মন্ত্ৰৰ প্ৰভাৱেৰে ৰায়চৌধুৰীয়ে ১৯৩০৬ চনত তেওঁৰ প্ৰথম বিদ্ৰোহাত্মক নাট ‘বন্দিনী ভাৰত’ লিখি কটন কলেজিয়েট স্কুলত অভি নয় কৰিছিল আৰু তাৰ অভিনয় চলি থাকোতেই সেই নাট বাজেয়াপ্ত কৰা হৈছিল।

যিয়েই নহওক ইংৰাজ শাসন উচ্ছেদ আৰু স্বাধীনতা অৰ্জনৰ বাবে বংগদেশৰ বিপ্লৱীসকলৰ আহ্বানত অসমতো ‘এনাৰ্কিষ্ট’ দল খোলা হ’ল যদিও ইয়াৰ উদ্দেশ্য আছিল কিছু পৃথক৷২ বংগ-ভংগৰ বিষয়টো বাদ দি ‘এনাৰ্কিষ্ট’ দল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

দীঘলীপুখুৰীৰ পাৰত থকা ইউৰোপীয় নৈশ ক্লাবত অগ্নিসংযোগ, পূৰ্ববংগ আৰু অসমৰ প্ৰথম গৰাকী লেফটেনেণ্ট গৱৰ্ণৰ ছাৰ বেম্পফিল্ড ফুলাৰক হত্যাৰ চেষ্টা আদি এলানি বিক্ষিপ্ত সম্বাসবাদী কাৰ্যকলাপৰ মাজতে অসমত এনাৰ্কিষ্ট দলৰ প্ৰভাৱ স্তিমিত হৈ পৰিল।

কিন্তু স্বদেশী আন্দোলনত গ্ৰহণ কৰা ৰাজনৈতিক দীক্ষাই অম্বিকাগিৰী ৰায়চৌধুৰীক আজীৱন দেশৰ সেৱাত নিজকে উছৰ্গা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ইয়াৰ আলমতে সাংবাদিকতাৰ মাধ্যমত স্বাধীন ভাবেৰে নিজৰ মতাদৰ্শ ব্যক্ত কৰাৰ উদ্দেশ্য লৈ কুৰি শতিকাৰ দ্বিতীয় ভাগৰ সামৰণিত অসমীয়া সাংবাদিকতাত তেওঁ বলিষ্ঠ সংগ্ৰামী জাতীয়তাবাদৰ ধাৰাটো মুকলি কৰিছিল।

কিন্তু আচৰিত কথা হ’ল যে আপোচবিহীন সংগ্ৰামী যুৱক অম্বিকাগিৰীয়ে এনে এক সংবাদপত্ৰৰ যোগেদি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল য’ত ৰাজনীতিক সাৱধানেৰে আঁতৰাই ৰখা হৈছিল।

          সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত থকাৰ অপৰাধত ৰায়চৌধুৰীক ইংৰাজ চৰকাৰে গুৱাহাটীৰ পৰা বহিষ্কাৰ কৰি প্ৰায় সাত বছৰ কাল বৰপেটাত নজৰবন্দী কৰি ৰাখিছিল। ১৯০৮ চনৰ পৰা ১৯০৪ চনলৈকে তেওংৰ জন্মস্থান বৰপেটাত থকা সময়ছোৱা সাহিত্য চৰ্চা, সংগীত সাধনা আৰু অভিনয় আদিৰ মাজেদি পাৰ কৰিছিল। ইতিমধ্যে বিশ্বযুদ্ধ আৰম্ভ হোৱাত তেতিয়াৰ ভাৰতৰ বৰলাট লৰ্ড হাৰ্ডিপ্জে মিত্ৰশক্তিৰ পক্ষে ইচ্ছুক ভাৰতীয়সকলক যোগদান কৰিবলৈ আহ্বান জনাইছিল।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা
অম্বিকাগিৰী ৰায়চৌধুৰী

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰায়চৌধুৰীয়ে যুদ্ধত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। লৰ্ড হাৰ্ডিঞ্জেও তেওঁক ধন্যবাদ জনাই চিঠিৰ প্রাপ্তিষ্বীকাৰ কৰে। সেই চিঠি বৰপেটাৰ মহকুমা অধিপতি আৰু পুলিচ বিষয়াসকলক দেখুৱাই তাৰ নকল এটা ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘টাইমছ অব আসামত’ প্ৰকাশৰ ব্যৱস্থা কৰে।৩

এনেদৰে তেওঁ এনাৰ্কিষ্ট আখ্যাৰ পৰা নিষ্কৃতি লাভ কৰি সেই বছৰৰে নৱেম্বৰ মাহত ডিব্ৰুগড়লৈ যাত্ৰা কৰে। ১৯১৭ চনলৈকে তেওঁ ডিব্ৰুগড়ত আছিল। সমগ্ৰ পৃথিৱী জুৰি প্ৰথম মহাযুদ্ধ চলি থকাৰ এই সময়ছোৱাত অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰত্যক্ষভাৱে সাংবাদিকতাৰ জীৱন আৰম্ভ হয়। ১৯১০ চনত তেজপুৰ বান্ধৱ সমিতিয়ে ‘আসাম বান্ধব’ নামৰ এখনি মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল।

কবিৰাজ মহেশ্বৰ দেৱগোস্বামী আছিল ইয়াৰ প্রকাশক আৰু পণ্ডিত তাৰানাথ চক্ৰৱৰ্তী কাব্যবিনোদে কাকতখন সম্পাদনা কৰিছিল। ইয়াৰ ঘোষিত নীতি অনুসৰি কাকতখনত কোনো ধৰণৰ ‘ৰাজনৈতিক প্ৰবন্ধ’ অথবা ‘জাতীয় বিদ্বেষমূলক’ প্ৰবন্ধই ঠাই নাপাব। ‘আসাম বান্ধৱে’ আৰম্ভণিৰে পৰা আধুনিক অসমীয়া ভাষাৰ গঠনত নামনি অসমৰ কথিত ভাষাৰ স্থানীয় তথা বিশেষ পৰিচয় অক্ষুণ্ণ ৰখাৰ ওপৰত গুৰুত্ব দি আহিছিল।

প্ৰথম বছৰ অষ্টম সংখ্যাৰ পৰা ‘আসাম বান্ধব’ৰ প্ৰকাশ তেজপুৰৰ পৰা ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হয় আৰু গংগাৰাম চৌধুৰীয়ে প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰে। সেই সময়ত ডিব্ৰুগড়ৰ বিশিষ্ট নাগৰিক ডাঃ হৰেকৃষ্ণ দাস, কালীৰাম মেধি, ভাৰত চন্দ্ৰ দাস আদি লোকসকলে কাকতখনৰ পৃষ্ঠপোষকতা কৰিছিল। ‘আসাম বান্ধৱ’ প্ৰকাশৰ লগত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শিক্ষাবিদ শৰৎ চন্দ্ৰ গোস্বামীও (১৮৮৭-১৯৪৫) বিশেষভাৱে জড়িত হৈ পৰিছিল৷

স্বৰ্গীয় গোস্বামীদেৱৰ মতে-“বাঁহী আৰু আসাম বান্ধৱৰ মাজত উজনীয়া নামনীয়া ভাষা লৈ যি প্রচণ্ড তৰ্ক আৰু অনেক সময়ত বীভৎস গালা-গালি, বিশেষকৈ বেজবৰুৱাৰ ফালৰ পৰা-তাৰ প্ৰতি মোৰ মন বৰ বিৰূপ আছিল। আৰু এনে তৰ্ক আৰু খৰিয়াল ভাষাৰ উন্নতিৰ পক্ষে হানিকাৰক বুলি মোৰ বিশ্বাস আছিল। সেই বিশ্বাস এতিয়াও আছে। ফলত ময়ো চাকৰি কৰি ‘আসাম বান্ধৱ’ চলাবলৈ কেইশমান টকা দিছিলো৷”৪

          কোৱা বাহুল্য যে কাকতখনৰ ঘোষিত নীতিৰ লগত সমসাময়িক আন আন কাকতৰ অমিল ঘটাত ‘আসাম বান্ধৱ’ৰ লগত বাদ-বিসম্বাদত লিপ্ত হৈ পৰে। এই প্ৰসংগত লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত ‘বাঁহী’ আৰু ‘আসাম বান্ধব’ৰ মাজত সৃষ্টি হোৱা বাদানুবাদে অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ বুৰঞ্জীত সাময়িকভাৱে এক তিক্ততাপূৰ্ণ আৰু বিদ্বেষৰ মনোভাৱ সৃষ্টি কৰিছিল।

এৰা-ধৰাকৈ প্ৰায় নবছৰ প্ৰকাশ হোৱাৰ পিছত লক্ষ্মীকান্ত মিশ্ৰ ভাগৱতীৰ সম্পাদনাৰ সময়ছোৱাত ‘আসাম বান্ধব’ৰ প্ৰকাশন বন্ধ হৈ পৰে৷ অৱশ্যে প্ৰকাশৰ আৰম্ভণিৰ পৰা সামৰণিলৈকে কাকতখনৰ মূল নীতিৰ ক্ষেত্ৰত কোনো সালসলনি ঘটা নাছিল৷৫ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হোৱাৰে পৰা ডাঃ হৰেকৃষ্ণ দাসে ঘাইকৈ কাকতখন চলোৱাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিছিল।

এনে সময়তে ডাঃ দাসৰ পৰিচিত অম্বিকাগিৰী ৰায়চৌধুৰী ডিব্ৰুগড়ত উপস্থিত হোৱাত তেওঁ ‘আসাম বান্ধব’ কাকতৰ সহকাৰী সম্পাদক হিচাপে যোগদান কৰে৷ ইতিমধ্যে সম্পাদক তাৰানাথ চক্ৰৱৰ্তা দীঘলীয়া সময়ৰ বাবে ছুটী লৈ কামৰূপৰ ঘৰলৈ যোৱাত ডাঃ হৰেকৃষ্ণ দাসৰ তত্ত্বাৱধানত ‘আসাম বান্ধৱ’ৰ সম্পাদনাৰ দায়িত্ব ৰায়চৌধুৰীৰ ওপৰতে অৰ্পণ কৰা হৈছিল। সেই সময়ত ভাষা প্ৰয়োগক কেন্দ্ৰ কৰি ‘বাঁহী’ৰ লগত চলা বাদানুবাদ পূৰ্ণ পৰ্য্যায়ত উপনীত হৈছিল।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা
175 Years of Media in Assam & Beyond, published by Mahabahu ( Powered by Powershift)

এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ হাত সাৰিবলৈ ৰায়চৌধুৰীয়ে ডাঃ হৰেকৃষ্ণ দাসক প্ৰস্তাৱ দিছিল যে প্ৰতিষ্ঠাৱান লিখে, ‘আসাম বান্ধব’ৰ ঠাঁচত কাট-কুট নকৰাকৈ ছপোৱা উচিত হ’ব। কিন্তু ডাঃ দাস এই কথাত সন্মত নহ’’ল। ইমানতে কাকতখনৰ লগত ৰায়চৌধুৰীৰ সম্পৰ্কৰ ওৰ পৰিল৷ ‘আসাম বান্ধব’ৰ দায়িত্ব ত্যাগ কৰি নিজে ভবামতে এখন কাকত উলিয়াবলৈ ১৯১৭ চনৰ মে’ মাহত তেওঁ গুৱাহাটীলৈ যাত্ৰা কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, একে সময়তে নীলমণি ফুকন (১৮৮০-১৯৭৮) সম্পাদিত ‘আলোচনী’ (১৯০৯-১৯১৭) কাকতৰ সহকাৰী সম্পাদক পৰৱৰ্তী কালত অসমীয়া সাংবাদিকতাৰ বুৰঞ্জীত অতি বিশিষ্ট সেৱা আগবঢ়োৱা লক্ষ্মীনাথ ফুকনে (১৮৯৭-১৯৭৫) ডিব্ৰুগড় ত্যাগ কৰি নতুন পথৰ সন্ধানত ভৰি দিছিল।

দুয়োগৰাকী লোকে ইতিমধ্যে লাভ কৰা সাংবাদিকতাৰ অভিজ্ঞতাৰে গুৱাহাটীৰ পৰা এখন উচ্চ শ্ৰেণীৰ মাহেকীয়া কাকত উলিয়াবলৈ সংকল্প কৰিছিল। প্ৰায় এবছৰৰ পিছত নৱ প্ৰতিষ্ঠিত অৰুণা প্ৰেছৰ পৰা এখন ভিন্ন মতৰ মাহেকীয়া কাকত ওলাল ঠিকেই, কিন্তু এই প্ৰচেষ্টাত লক্ষ্মীনাথ ফুকন অংশীদাৰ নহ’ল।

          অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰবল ইচ্ছাশক্তি আৰু সংগ্ৰামী জীৱনৰ প্রতীক আছিল অৰুণা প্ৰেছ৷ এই অৰুণা প্ৰেছেই আছিল তেওঁৰ সাহিত্যিক, সাংবাদিক আৰু ৰাজনৈতিক জীৱন দৰ্শনৰ মূল ক্ষেত্ৰ। অৰুণা প্ৰেছৰ জন্ম বৃত্তান্তও আছিল বিচিত্ৰ৷ বাস্তৱিকতে এই প্ৰেছৰ জন্মৰ লগে লগেই তেওঁৰ মৃত্যু পৰ্য্যন্ত একেৰাহে গুৱাহাটী তেওঁৰ প্রধান কৰ্মস্থলীালৈ ৰূপান্তৰিত হৈ পৰিল।

ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ আহিয়েই ৰায়চৌধুৰী এটা প্ৰেছ প্ৰতিষ্ঠা কৰাৰ কামত ব্ৰতী হ’ল। বিভিন্নজনৰ লগত তেওঁ পৰামৰ্শ কৰিলে। গুৱাহাটীত প্ৰতিষ্ঠিত পূৰ্বৰ প্ৰেছসমূহে বেয়া ধৰণে ব্যৱসায়িক ক্ষতিৰ সন্মুখীন হোৱাৰ কথা দোহাৰি বেছিভাগ লোকে তেওঁক নিৰুৎসাহিত কৰিলে। কিন্তু ৰায়চৌধুৰী আছিল নিজ সংকল্পত অটল। উল্লেখযোগ্য যে নিজাববীয়াকৈ প্ৰেছ এটা প্ৰতিষ্ঠাৰ কাম আৰম্ভ কৰোতে তেওঁৰ হাতত মূলধন আছিল মাথোন দুটকা।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ভাৰতীয় সংবাদ জগতত প্রথম জাতীয় সংবাদ-পত্ৰৰ পৰিচয় বহন কৰা ১৮৬৮ খ্ৰীষ্টাব্দৰ ২০ ফেব্ৰুৱাৰিত প্রকাশিত ‘অমৃত বাজাৰ পত্ৰিকা’ ছপা হৈছিল ৩২ টকা মূল্যৰ এটা মুদ্ৰা যন্ত্ৰত। অৰুণা প্ৰেছ আছিল গুৱাহাটীত প্ৰতিষ্ঠিত চত্তুৰ্থ প্ৰেছ৷ ১৮৭২ খ্ৰীষ্টাব্দত প্ৰথম প্ৰতিষ্ঠিত চিদানন্দ প্ৰেছৰ পৰা গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰথম কাকত ‘আসাম মিহিৰ’ প্ৰকাশ হৈছিল।

অৰুণা প্ৰেছত ব্যৱহাৰ কৰা দুটা হেণ্ড মেচিনৰ এটাত ১৯০৫ চনত প্রতিষ্ঠিত ভিক্তোৰিয়া প্ৰেছত মথুৰা মোহন বৰুৱা সম্পাদিত ‘এডভোকেট অব আসাম’ প্ৰকাশিত হৈছিল। ইয়াৰ পূৰ্বে এই মেচিনটো বৰপেটাৰ ‘শাস্ত্ৰ প্ৰকাশ প্ৰেছ’ৰ পৰা আন হৈছিল। ঘটনাক্ৰমে অৰুণা প্ৰেছৰ আনটো মেচিনো বৰপেটাৰ পৰা যোগাৰ কৰা হৈছিল। যিয়েই নহওক, দুয়োটা মেচিন হাত বাগৰি পুনৰ বৰপেটাৰে কৃতী সন্তান ৰায়চৌধুৰীৰ জিম্মালৈ আহিল।

সেই সময়ত গুৱাহাটীত একমাত্ৰ প্ৰেছ হোৱাৰ বাবে ভালেমান লোকে ব্যক্তিগত কাম-কাজ অৰুণা প্ৰেছত কৰাইছিল। অসহযোগ আন্দোলনৰ সময়ত কংগ্ৰেছ দলেও প্ৰায়বোৰ সাংগঠনিক ছপা কাম অৰুণা প্ৰেছতে কৰাইছিল। স্বয়ং ইংৰাজ চৰকাৰেও ১৯২০ চনত অসমৰ প্ৰথমখন ভোটাৰ তালিকাৰ আৰ্হি অৰুণা প্ৰেছতে ছপা কৰি উলিয়াইছিল। দুৰ্ভাগ্যক্ৰমে অসহযোগ আন্দোলনৰ সময়ছোৱাত ১৯২১ চনৰ ১০ মাৰ্চত অৰুণা প্ৰেছ জুইত জাহ গ’ল।

ইয়াৰ লগতে ৰায়চৌধুৰীৰ ভালেমান হাতে লিখা পুথিৰ পাণ্ডুলিপিও ভস্মীভূত হ’ল। ১৯২২ চনত জেলৰ পৰা মুক্তি হৈ তেওঁ পুনৰ অৰুণা প্ৰেছ গঢ়ি তুলিলে আৰু প্ৰায় তিনি দশক কাল নানা আলৈ-আহুকালৰ মাজত খণ্ডিত ৰূপত তেওঁৰ প্রধান কৰ্মভূমি হিচাপে জোৰা-তাপলিৰ মাজেদি বৰ্তি থাকি অৱশেষত ই সম্পূৰ্ণ বন্ধ হৈ পৰিল।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

এই প্ৰসংগত ৰায়চৌধুৰীৰ নিজা বক্তব্য হ’ল–“এইদৰেই, মই মাত্ৰ দুটকা মূলধন লৈ বুকুৰ তেজেৰে প্ৰতিষ্ঠা কৰা, যি ‘অৰুণা প্ৰেছ’ৰ শক্তিৰেই চেতনা, ডেকা অসম, কংগ্ৰেছ, সংৰক্ষিণী সভা, শিক্ষা, প্ৰচাৰ সমিতি, স্বদেশী কিনক সংগ, শুদ্ধি সংগঠন, শ্ৰীহটবাদ আন্দোলন, অসমীয়া জাতিৰ সংগঠন, গ্ৰুপিং বিৰোধ, অসম পাকিস্তানৰ পৰা ৰক্ষাৰ আন্দোলন আদিৰে সমগ্ৰ অসম ব্যাপী আলোড়নৰ ঢৌ তুলিবলৈ সক্ষম হৈছিলো সেই অৰুণা প্ৰেছৰ সমাধি ঘটিল।

মোৰ জীৱন-ব্যাপী সংগ্ৰাম ব্যৰ্থতাৰ বেদনাত পোত গ’ল৷” ৰায়চৌধুৰীৰ পত্নী কৌশল্যা দেৱীৰ দৃষ্টিত প্ৰেছটো ‘প্ৰকৃততে তেখেতৰ মনত সৰু ঘৰুৱা শিল্প এটাৰ দৰে আছিল।’ অৰুণা প্ৰেছ প্রতিষ্ঠা হোৱাৰ প্ৰায় পাঁচ বছৰমানৰ পিছত তেওঁৰ বিয়া হৈছিল।

প্ৰেছৰ কামত ৰায়চৌধুৰীৰ লগত বয়সৰ যথেষ্ট ব্যৱধান থকা ফুলকুমলীয়া নৱ-বিৱাহিতা পত্নী, পিছলৈ তেওঁৰ নাবালিকা কন্যা, একমাত্ৰ পুত্ৰ সকলোকে কামত লগাইছিল, ঘৰলৈ অহা আলহী আনকি সম্বন্ধত সন্মানীয় ব্যক্তি শহুৰ ঁকালীচৰণ চৌধুৰীও ইয়াৰ পৰা বাদ পৰা নাছিল। পুৱাৰ পৰা বিয়লি দুই-তিনি বজালৈকে আৰু সন্ধিয়াৰ পৰা নিশা দুই বজালৈকে তেওঁ প্ৰেছত কাম কৰিছিল।

এই কথা প্ৰণিধানযোগ্য যে ৰায়চৌধুৰীৰ বিপদসংকুল কঠোৰ সংগ্রামী জীৱনৰ স্বেচ্ছাই অংশীদাৰ হোৱা তেওঁৰ পত্নীৰ লগত ঘটা বৈবাহিক সম্বন্ধও কিছু অগতানুগতিক আছিল। বাস্তৱিকতে তেওঁৰ সাংবাদিক জীৱনৰ নিজ হাতৰ প্ৰথম ফচল ‘চেতনা’ৰ প্ৰভাৱতে এই সম্বন্ধ স্থিৰ হৈছিল৷৮

          প্ৰথমছোৱাত অনেক আলৈ-আহুকাল অতিক্ৰম কৰি অৰুণা প্ৰেছ প্ৰতিষ্ঠাৰ এবছৰমানৰ ভিতৰতে ৰায়চৌধুৰীৰ আৰ্থিক অৱস্থা কিছু পৰিমাণে টনকিয়াল হৈ পৰিল৷ এইবাৰ তেওঁ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপ দিয়াৰ কাৰ্যত আগবাঢ়িল ভাৰালৈ অনা এটা ক্ষুদ্ৰ হেণ্ড মেচিনেৰে ১৯১৮ চনত প্ৰতিষ্ঠিত এই অৰুণা প্ৰেছে অসমীয়া সাংবাদিকতাৰ বুৰঞ্জীতো নতুন অধ্যায়ৰ সূচনা কৰিলে।

‘উত্তিষ্ঠিত জাগ্ৰত প্ৰাপ্য ৱৰান নিবোধত’– ভাৰতীয় দৰ্শনৰ মূল শিকনি উপনিষদৰ এই বাণী শিৰৰ ভূষণ হিচাপে লৈ ১৯১৯ চনৰ ছেপ্টেম্বৰ মাহত (১৮৪১ শক ভাদ) “ভাৰতীয় মহা জাতীয়তাবাদৰ লগত নিবিড় সামঞ্জস্য ৰক্ষা কৰি অসমীয়া জাতীয়তাবাদৰ নিচান শিৰত তুলি লৈ” মাহেকীয়া চেতনা কাকত প্ৰকাশিত হয়। চন্দ্ৰনাথ শৰ্মা বি.এল, আৰু অম্বিকাচৰণ ৰায়চৌধুৰী (পিচলৈ অম্বিকাগিৰী ৰায়চৌধুৰী) ৷

কাকতখন প্রকাশ কৰিছিল অম্বিকাচৰণ ৰায়চৌধুৰীয়ে আৰু অসমৰ ছপা শিল্পৰ লগত জড়িত অন্যতম প্ৰধান ব্যক্তি দুতিৰাম মেধিয়ে প্ৰিণ্টাৰৰ দায়িত্ব বহন কৰিছিল। অসমীয়া ৰাজনৈতিক জীৱনলৈ আগবঢ়োৱা বহুমূলীয়া সেৱাৰ বাবে দেশপ্ৰাণ অখ্যাৰে বিভূষিত চন্দ্ৰনাথ শৰ্মা (১৮৮৯-১৯২২) আছিল সেই সময়ত আসাম এছোচিয়েচনৰ সহকাৰী সম্পাদক। দুৰ্ভাগ্যক্ৰমে ‘চেতনা’ প্ৰকাশ হোৱাৰ তিনি বছৰৰ পিছত ভৰ ডেকা বয়সতে তেওঁৰ মৃত্যু হয়।

প্ৰথম সংখ্যা চেতনাৰ ৪৮ পৃষ্ঠাৰ ভিতৰত আঠোটা পৃষ্ঠা কাকতখনৰ উদ্দেশ্য আৰু লক্ষ্য সম্বন্ধে বিৱৰণত ব্যয় কৰা হৈছিল। “ভাৰতীয় মহাজাতিৰ বিশিষ্ট বিৰাট ঠেঙুলি অসমীয়া (কামৰূপী) জাতিয়ে মাথোন পূৰ্ব গৌৰৱ প্ৰচাৰতে আবদ্ধ নাথাকি প্ৰাচীন সভ্য জাতি সমূহে নিজৰ দুৰ্বলতা আঁতৰাই কেনে পন্থা হাতত লৈছিল”, সেই কথা উনুকিয়াই বৰ্তমান অৱস্থাত সেই মতে অসমীয়া জাতিৰ সন্মুখত আহি পৰা কৰ্তব্যৰ কথা সোঁৱৰাই দিয়া হৈছিল ৷

অসমীয়াৰ লক্ষ্য আৰু উদ্দেশ্য সম্বন্ধে কোৱা হৈছিল–“অসমীয়া জাতিয়ে স্পষ্টকৈ বুজিব লাগিব যে, দেশৰ জাতীয় স্বাৰ্থৰ আগত ব্যক্তিগত স্বাৰ্থ অতি হীন, দেশৰ জাতীয় গৌৰৱৰ আগত নিজৰ সাম্প্ৰদায়িক আৰু ব্যক্তিগত স্বাৰ্থ অতি ঠেক, দেশৰ জাতীয় গৌৰৱৰ মংগলৰ তুলনাত ব্যক্তিগত আৰু সাম্প্ৰদায়িক মংগল অতি তুচ্ছ। অসমীয়া জাতিয়ে বুজিব লাগিব যে, জাতীয় যজ্ঞ সম্পাদনত নিজৰ জীৱন বলি দিয়াটো অতি সজ কথা, ইয়াত ধৰ্ম-কৰ্ম প্রামতাৰ সম্পূৰ্ণ গৌৰৱ স্থিৰ থাকে। অসমীয়া জাতিয়ে বুজিব লাগিব যে, জাতীয় ভাব-সম্পদ, চিন্তা-সম্পদ, সংস্কৃতি-সম্পদৰ ওচৰত আন সকলো ভাৱ, চিন্তা সংস্কৃতিৰ ধাৰা সম্পূৰ্ণ বিজাতীয়, সেইবোৰক অৰ্থাৎ এই বিজাতীয় ভাব চিন্তা সংস্কৃতিৰ ধাৰাত অনুপ্ৰাণিত হৈ চলিলে অসমীয়াই নিজত্ব হেৰুৱাই বিজাতীয় হৈ পৰিব। …অসমীয়া জাতিয়ে বুজিব লাগিব, জাতীয় মংগলৰ নিমিত্তে সমাজনীতিৰ দৰকাৰ, জাতীয় মংগলৰ বাবে ৰাজনীতিৰ প্ৰয়োজন, জাতিৰ মেৰুদণ্ড শক্তিশালীকৈ সবল ৰাখিবলৈকে কৃষি, শিল্প, শ্রম, বাণিজ্য ব্যৱসায় প্ৰধান অস্ত, জাতীয় সম্পদ বঢ়াবলৈকে দৰ্শন, বিজ্ঞান, সাহিত্য, জ্যোতিৰ্বিদ্যা আদি মূল্যৱান অলংকাৰ। ইত্যাদিৰ সহায়েৰে অসমীয়াৰ জাতীয়তাবোধৰ আহল-বহল, ডাঙৰ-দীঘল ৰাজ আলি বান্ধি তুলিবলৈ আগবাঢ়িম, যাতে জাতীয়তাবোধ যেতিয়া শকত-আৱত হৈ বীৰ দৰ্পেৰে আদৰ্শৰ ফালে লক্ষ্য ৰাখি চলিবৰ সময় আহিব, তেতিয়া এই ৰাজআলি ঠেক বুলি যাতে সি উজুটি খাই পৰিব নালাগে, এই সত্যৰ সৌন্দৰ্য বঢ়োৱাটোহে ‘চেতনা’ৰ ঘাই লক্ষ্য ৷৯

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

          সাধাৰণভাৱে ‘চেতনা’ত সম্পাদকৰ আলোচনা, দেশ-বিদেশৰ বাতৰি, পোৱা কিতাপৰ সক্ষেপ পৰিচয়, নানা কথা, বাদ-প্ৰতিবাদ, আলোচনা, প্রকাশিত হৈছিল। অৱশ্যে ‘চেতনা’ প্রকাশৰ প্ৰথমছোৱাত এই ৰীতি আছিল কিছু বেলেগ৷ উদাহৰণস্বৰূপে চেতনাৰ প্ৰথম বছৰ দ্বিতীয় সংখ্যাৰ বিষয়বস্তু আছিল এনেধৰণৰ ;পুৰণি অসমীয়া সাহিত্য বাণীকান্ত কাকতি, প্রশ্ন উত্তৰ-শ্ৰীৰত্নকান্ত বৰকাকতি, বৰ্তমান অসমীয়া সাহিত্য 51ং.8., ফটোগ্ৰাফৰ ৰহস্য, অসমত বৌদ্ধ ধৰ্মাৱলম্বী চাম জাতি, মাধুৰী (কবিতা), স্মৃতি (কবিতা), যোৰহাটত হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী সভা উপলক্ষে শ্ৰীযুত শৰৎ চন্দ্ৰ গোস্বামীৰ বক্তৃতা, বিশ্ব নাট্য, সম্পাদকীয়–দেশৰ অৱস্থা-জাতীয়তাৰ মূল-মনুষ্যত্ব কি-অসমত জাতীয় সমস্যা- বিলাতত অসমৰ প্রতিনিধি, সাহিত্যৰ কথা, শুধৰণি।

কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অম্বিকা বৰা, ৰত্নকান্ত বৰকাকতি, কমলাকান্ত ভট্টাচাৰ্য, শৰৎ চন্দ্ৰ গোস্বামী, মহামহোপধ্যায় ধীৰেশ্বৰাচাৰ্য্য, সূৰ্য্যকুমাৰ ভূঞা, বাণীকান্ত কাকতি, ৰজনীকান্ত বৰদলৈ আদি সমসাময়িক বিশিষ্ট লোকসকলে ‘চেতনা’ৰ লগত সহযোগ কৰিছিল। ‘চেতনা’ই লিখকসকলক কোনো মাননি দিব পৰা নাছিল আৰু তাৰ বাবে সম্পাদকে আফ্ষেপ প্ৰকাশ কৰিছিল। ‘চেতনা’ই অসমীয়া স্বাৰ্থ গ্ৰাহকৰ বৰঙণিৰ ওপৰতে কাকতখনে নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

দ্বিতীয় বছৰত এনে ধৰণৰ গ্ৰাহকৰ সংখ্যা দুহেজাৰতকৈ ওপৰ আছিল যিটো সেই সময়ৰ পটভূমিত অসমীয়া কাকত-আলোচনীৰ বাবে যথেষ্ট উৎসাহজনক বুলি ধাৰণা কৰা হৈছিল। ৰায়চৌধুৰীৰ মতে, “সেই সময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ উচিত সুৰটো ৰাইজক যোগান ধৰিবলৈ চেতনাৰ বাহিৰে আন কাকত নাছিল বাবেই” অসমীয়া ৰাইজৰ মাজত চেতনাৰ জনপ্ৰিয়তা বাঢ়ি গৈছিল। তদুপৰি “প্রথম সংখ্যা ‘চেতনাত প্ৰাচাৰ কৰা তাৰ উদ্দেশ্য, লক্ষ্য, আদৰ্শ আৰু সংগ্ৰামশীলতা জ্ঞাপক জাতীয়তাৰ বাণীয়ে সকলোৰে মন আকৰ্ষণ কৰিলে। এই কথা স্পষ্ট জাতীয়তাবাদৰ আভাস নাছিল আৰু তাৰ বাবে সংগ্ৰামশীলতাৰ কোনো প্ৰকাৰৰ উৎসুক্য নাছিল। সকলো ফালৰপৰা উৎসাহপূৰ্ণ চিঠি-পত্ৰ পাবলৈ ধৰিলো।”১০

১৯২৭ চনলৈকে ‘চেতনা’ প্রায় সাত বছৰ চলিছিল। অসহযোগ আন্দোলনৰ সময়ত ৰায়চৌধুৰীয়ে কাৰাবাস খাটোতে কিছুদিনৰ বাবে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ‘মিলন’ৰ প্ৰথম সম্পাদক গৰ্গনাৰায়ণ চৌধুৰীয়ে ‘চেতনা’ সম্পাদনা কৰিছিল। প্ৰথম অৱস্থাত চেতনাই যথেষ্ট লাভৰ মুখ দেখিছিল যদিও পিছলৈ বিভিন্ন কাৰণত কাকতখনৰ প্ৰায় দুহেজাৰ দুশ টকা ক্ষতি হৈছিল৷১১

          ব্যাপক আৰ্থিক ক্ষতি আৰু লগতে চৰকাৰী দমন নীতিৰ সন্মুখীন হৈ ‘চেতনা’ৰ প্রকাশন বন্ধ হোৱাৰ কেইমাহমানৰ পূৰ্বে ১৯২৬ চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১ তম অধিৱেশন বহিছিল অম্বিকাগিৰী ৰায়চৌধুৰী তেতিয়া আছিল কংগ্ৰেছ দলৰ সক্ৰিয় সদস্য।

পাণ্ডু কংগ্ৰেছত উপস্থিত হোৱা সমগ্ৰ ভাৰতৰ জনপ্ৰতিনিধিসকলক “বন্দোকি ছন্দেৰে সমাগত বিৰাট নৰনাৰায়ণ ৰূপ” গীতেৰে উদাত্ত কণ্ঠেৰে আদৰণি জনোৱাৰ বছৰটোত তেওঁ অসমীয়া জাতীয়তাবাদৰ প্ৰাণ প্ৰতিষ্ঠা আৰু আঞ্চলিক ৰাজনীতিৰ ভেটি স্থাপন কৰি “অসম সংৰক্ষিণী সভা” স্থাপন কৰিছিল। গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ গোস্বামীদেৱৰ সভাপতিত্বত কংগ্ৰেছ অধিৱেশনৰ মঞ্চতে এই সভাৰ প্রথম অধিৱেশন বহিছিল।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

অসম আৰু অসমীয়াৰ সকলো প্ৰকাৰৰ স্বাৰ্থ সংৰক্ষণ কৰাৰ দৃঢ়তাৰে প্ৰতিষ্ঠা কৰা সংৰক্ষিমী সভাৰ উদ্দেশ্য আৰু পৰিধি বহল হোৱাত ১৯৩৫ চনত এই সভা অসম জাতীয় মহাসভাৰূপে পুনৰ গঠিত হয়। এই সংগঠনৰ বিশেষত্ব হ’ল যে কংগ্ৰেছৰ লগত পোনপটীয়াভাৱে সম্পৰ্ক ত্যাগ নকৰাকৈয়ে ৰায়চৌধুৰীয়ে ‘সংৰক্ষিণী মতবাদ’ প্রতিষ্ঠা কৰিছিল।

স্বাধীনতা আন্দোলনৰ শেষ স্তৰত সমাজবাদী আদৰ্শৰে প্ৰভাৱান্বিত অনেক বিশিষ্ট কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দলৰ ভিতৰতে সুকীয়া ৰাজনৈতিক গোট গঠন কৰিছিল। সেই দিশৰ পৰা ভিন্ন নীতিৰে ৰায়চৌধুৰীয়েও পিছলৈ সম্পূৰ্ণ অসমীয়াৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে স্বাধীনতা আন্দোলনৰ প্ৰথত খোজ পেলাবলৈ স্থিৰ কৰিছিল।

          উল্লেখযোগ্য যে স্বাধীনতাৰ দিন চমু চাপি অহাৰ লগে লগে অসমৰ বেছিভাগ কাকত-আলোচনীৰ মাজতে অস্বস্তি আৰু শংকাৰ ভাব এটা ফুটি উঠিছিল। ইয়াৰ মূল কাৰণ হ’ল সেই সময়ত “বহিৰাগতৰ সমস্যা”ই অসমৰ ৰাজনীতি, অৰ্থনীতি আৰু সাংস্কৃতিক জীৱনক বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল। ফলত অসমলৈ চলি থকা অবিৰত জনপ্ৰব্ৰজনত ৰাজ্যখনৰ সুকীয়া অস্তিত্ব বিপন্ন হোৱাৰ শংকাই মূল স্বাধীনতাৰ প্ৰশ্নটো সময়ে সময়ে তল পেলাই দিয়াৰ চিন ফুটি উঠিছিল।

বাস্তৱিকতে বংগদেশ বিভাজনৰ ফলত অসমক পূৰ্ববংগৰ লগত সাঙুৰি এখন নতুন প্ৰদেশ সৃষ্টি কৰাৰ পৰাই এই সমস্যাৰ উদ্ধৱ হৈছিল। পিছত বংগ বিভাজনৰ প্রস্তাৱ ৰদ কৰি অসমৰ সুকীয়া অস্তিত্ব ঘ্ৰাই অনা হ’ল যদিও চিলেট (শ্ৰীহট্ট) জিলাখন দেশ বিভাজনৰ সময়লৈকে অসমৰ লগত থাকি যোৱাত সমস্যাটো চলি থাকে। প্ৰকৃতপক্ষে ত্ৰিশৰ দশকৰ পৰাই জনমত গঠনত এই সমস্যাটোৱে প্ৰাধান্য লাভ কৰিবলৈ ধৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৯৩৫-৩৬ চনৰ বাতৰিকাকতৰ মাধ্যমত প্রকাশ পোৱা জনমতৰ ৰেহৰূপ চাই প্ৰাদেশিক ব্ৰিটিছ চৰকাৰে অভিমত দিছিল যে সাধাৰণভাৱে প্ৰেছৰ সুৰ আছিল নৰম ৷ চিলেটা আৰু অসমীয়াসকলে সংঘৰ্ষত লিপ্ত হোৱা বিষয়সমূহৰ মাজতহে ঘাইকৈ সাময়িক উন্মাদনা (hysteria) আবদ্ধ হৈ আছিল।১২ বাতৰিকাকতৰ নৰম সুৰ বুলি কওঁতে সাধাৰণভাৱে ইংৰাজ বিদ্বেষী বিৰোধী ৰাজনীতিৰ কথাকে বুজোৱা হৈছিল।

ইতিমধ্যে অসহযোগ আন্দোলন আৰম্ভ হওঁতে ভাৰতৰ আন আন প্ৰদেশৰ দৰে অসমতো ইংৰাজ চৰকাৰে বাতৰিকাকতৰ প্রতি কঠোৰ মনোভাৱ গ্রহণ কৰিছিল। স্বাধীনতা আন্দোলনৰ সমান্তৰালভাৱে অম্বিকাগিৰী ৰায়চৌধুৰী আৰু তেওঁৰ মতবাদৰ সমৰ্থকসকলে অসম সংৰক্ষিণী সভা আৰু অসম জাতীয় মহাসভাৰ যোগেদি পূৰ্ববংগৰ পৰা অবাধ পৰিৱ্ৰজন, অসমৰ অনাবাদী মাটি দখল, ওচৰৰ অসমীয়া গাঁৱৰ ওপৰত পমুৱাৰ অত্যাচাৰ, বঙলা ভাষাৰ ক্ৰমবৰ্ধমান প্রভাৱ, অসমীয়াৰ আসন্ন বিপদৰ প্রতি উদাসীনতা, তেওঁলোকৰ মাজত স্বদেশপ্ৰীতি আৰু এক্যভাৱ সৃষ্টি, নিয়মানুবৰ্তিতা আৰু সংযমৰ প্ৰৱৰ্তন, লীগ মন্ত্ৰীসভাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে শক্তি আহৰণ কৰা, ডমিচাইল্ড প্ৰশ্ন, শ্ৰীহট বিচ্ছেদ, আত্মৰক্ষা বাহিনী গঠন, চেঞ্চাচ সমস্যা আৰু সৰ্বশেষত অসমীয়া খিলঞ্জীয়া লোকৰ সকলো স্বাৰ্থ সংৰক্ষণ এই সকলোবোৰ বিষয়ে জনমত গঢ় দিবলৈ চেষ্টা কৰিছিল আৰু শাখা-প্ৰশাখা স্থাপন কৰি সাধ্যানুসাৰে কাৰ্যকৰী ব্যৱস্থা লোৱাৰো ব্যৱস্থা কৰিছিল।১৩

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

অসমৰ সংবাদ জগতত জনমত গঠনৰ বাবে চলি থকা এনে এক পটভূমিতে ১৯৩৫ চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ সম্পাদনাত অৰুণা প্ৰেছৰ পৰা দ্বিতীয় কাকত ‘ডেকা অসম’ প্ৰকাশিত হয়।

          কাকতখনৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ‘ডেকা অসম’ৰ প্ৰথম বছৰ প্রথম সংখ্যাত (সোমবাৰ, ৩০ আহাৰ ১৯৭৫ শক) নিৱেদন শীৰ্ষক নিবন্ধত কোৱা হৈছিল যে উচ্চ-নীচ, ধনী-নিধনী, জাতি-ধৰ্ম নিৰ্বিশেষে অসমীয়া জাতি সংগঠন সম্বন্ধে “সংৰক্ষিণী সভা”ৰ যি লক্ষ্য, তাৰ মুখপত্ৰ ‘ডেকা অসম’ৰো সেয়ে লক্ষ্য। … ‘ডেকা অসমে’ যিদৰে অসমত অসমীয়াৰ সবল জাতীয় অস্তিত্ব প্ৰতিষ্ঠা কৰি তোলাৰ ফালে ঘাইকৈ মনোযোগ ৰাখি চলিব সেইদৰে ভাৰতৰ বহল জাতীয় স্বাৰ্থৰ লগতো বিশেষভাৱে সংশ্ৰৱ ৰাখি তাত অসমীয়াৰ সত্তা স্থায়ী কৰি তুলিবৰ চেষ্টা কৰিব৷

কিন্তু অসমীয়াৰ জাতীয় জীৱন পৰিপুষ্টিৰ অনুকূল কাৰ্যৰ ফালে ঘাইকৈ চকু ৰাখি চলিব।… জাতিৰ ভগ্ন স্বাস্থ্য উদ্ধাৰৰ উদ্দেশ্য ডেকা অসমে অকল নৰ্দমা পৰীক্ষক (ড্ৰেইন ইলপেক্টৰ) হৈ অসমীয়া জাতিৰ আগত সমাজসেৱাৰ মহান আদৰ্শও দাঙি ধৰিবলৈ দিহা কৰিব। …দেশবাসীয়ে ডেকা অসমক বাতৰি কাকতৰ শাৰীত লৈ বিচাৰ নকৰি জাতি সংগঠন আৰু সংৰক্ষণ বিষয়ক ক্ষুদ্ৰ পত্ৰিকা বুলি ধৰিলেহে উচিত হ’ব। … ‘ডেকা অসম’ৰ পণ-হয় অসমীয়া জাতিৰ সম্পূৰ্ণ জীৱন লাভ নহয় সম্পূৰ্ণ মৰণত তাৰ নিৰ্বাণ লাভ। আধা জীৱন আধা মৰণ ‘ডেকা অসম’ৰ সাধনা নহয়।

          নিজৰ ঘোষিত নীতি আৰু আদৰ্শ যিমান দূৰ সম্ভৱ প্ৰতিফলিত কৰি ‘ডেকা অসমে’ সাপণ্ডাহিক পষেকীয়া আদি ভিন্‌ ভিন্‌ ৰূপত ১৯৩৫ চনৰ পৰা ১৯৪৪ চনলৈকে প্ৰায় নিয়মীয়াকৈ চলি আছিল। কাকতখনৰ নিজস্ব চৰিত্ৰ সম্পৰ্কে ৰায়চৌধুৰীৰ এগৰাকী গুণমুগ্ধ অথচ চোকা সমালোচকৰ অভিমত প্রণিধানযোগ্য। তেওঁৰ দৃষ্টিত-“ডেকা অসমখন সৰ্বসাধাৰণে ভবা বিধৰ সাপ্তাহিক বাতৰি কাকত নহয়।

ইয়াত সম্পাদকীয় প্রবন্ধ এটাহে থাকে। সেইটোৱেই ইমূৰৰ পৰা সিমূৰলৈ গোটেই কাগজখন জুৰি লয়। তাতে ঠায়ে ঠায়ে চাব হেডিং একোটা দিয়া হয়। ৰায়চৌধুৰীয়ে প্ৰেছতে বহি সম্পাদকীয়টো লিখে । এখিলা এখিলাকৈ পাত কম্পজিটৰক দি থাকে৷ কাচিৎহে খালি ঠাই পূৰণ কৰিবলৈ দুই-এটা বা- বাতৰি দিয়ে। যদি কম্পজিটৰে আহি কয়, ষ্টিক পূৰা নহ’ল, তেন্তে তেওঁ নিজে ষ্টিক লৈ কেছৰ কাষত বহি বাকীখিনি যোৰা লগাই দিয়ে।

আগত কপি নাই, মনলৈ যি আহে তাকে কম্পজ কৰি পেলায়। অম্বিকাগিৰীৰ সম্পাদকীয় হ’ল একপ্ৰকাৰ এটা বক্তৃতা। চোলাৰ জেপত থকা টুকুৰা কাগজ দুই-এখনত কিবা কথা টুকি থোৱা পালে কেতিয়াবা ব্যৱহাৰ কৰে। নহ’লে নাই, এনেয়ে লিখি যায়। ই যেন থিয়েটাৰ কৰোতে কোনোবা অভিনেতাৰ মুখত ওলোৱা স্বগত উক্তি ৷’’১৪

          উপৰিউক্ত কথাখিনিয়ে থূলমূলকৈ ৰায়চৌধুৰীৰ সাংবাদিকতা সম্বন্ধে এটা স্পষ্ট ধাৰণা দিয়াত সহায় কৰিব। এনেদৰে ‘অর্থকষ্ট’ আৰু সম্পাদকৰ বাৰ্ধক্যজনিত কাৰণত বছৰত কেতিয়াবা মাথোন এটা সংখ্যা হ’লেও কাকতখন চলি আছিল। বিশেষ সমস্যা একোটাক কেন্দ্ৰ কৰি বিশেষ বিশেষ সময়ত পিছলৈ ‘ডেকা অসমে’ মাজে মাজে ভূমুকি মৰাৰ কাৰণ হ’ল যে ৰায়চোধুৰীয়ে তেওঁৰ অগতানুগতিক ভিন্ন মতক উপযুক্তভাৱে সঁহাৰি জনাব পৰা কাকত-আলোচনী সততে বিচাৰি নাপাইছিল।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

‘ডেকা অসম’ত প্ৰকাশিত- ‘বৰপেটাত অসমীয়া মৰিল’, ‘আগতে জাতীয় ঘৰ জাতীয় অস্তিত্ব ৰক্ষা কৰক’, ‘অসমক হিংসা কৰিছে কোনে বেছি (বৃহত্তৰ বংগদেশৰ সপোন)’, ‘বংগ সাম্ৰাজ্য বিস্তাৰত অসম চৰকাৰৰ আত্মসমৰ্পণৰ নমুনা’, ‘দুৰ্নীতিৰে জনকল্যাণ ৰাষ্ট্ৰ গঠনৰ জঘন্য মনোভাৱ ত্যাগ কৰক’, ‘ট্ৰাইবেলক অসমৰ ভাৰ দিয়ক’, ‘পেটৰ খাদ্যতো পৰা কাঢ়ি নি ইমিগ্রেণ্টক দিয়া’, ‘পাকিস্তানৰ গৰাহত পৰা বৰপেটাৰ আৰ্তনাদ’ আদি বাতৰি আৰু মন্তব্যৰ শিৰোনামাসমূহে কোনো ধৰণৰ আঁৰ-বেৰ নোহোৱাকৈ পোনপটীয়াভাৱে সেই সময়ৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ স্বৰূপ উদঙাই দেখুৱাইছিল।

কিন্তু কেৱল অসমৰ সমস্যা লৈয়ে তেওঁ সকলো সময়তে ব্যস্ত আছিলে বুলি ভাবিলে ভুল কৰা হ’ব। অসম জাতীয় মহাসভাৰ বাণী সাৰোগত কৰি ‘ডেকা অসমে’ “কুইট ইণ্ডিয়া, কুইট এচিয়া আৰু কুইট আসাম” ধ্বনি দিছিল। এই সম্পৰ্কত ব্যাখ্যা আগবঢ়াই ‘ডেকা অসম’ৰ সম্পাদকীয়ত কোৱা হৈছিল–“নিজস্ব মুক্তিৰ লগত বিশ্ব মুক্তিৰ নেৰানেপেৰা ঘনিষ্ঠ সম্বন্ধ। যি মুহূৰ্তত মানুহে নিজস্ব মুক্তিৰ বাবে অধীনতাৰ বিৰুদ্ধে দেহমনৰ সকলো শক্তি প্রয়োগ কৰে, সেই মুহূৰ্তত, সি জনাকৈয়ে হোক বা নজনাকৈয়ে হওক, তাৰ দৰে দলিত নিষ্পেষিত মানৱ সমষ্টিৰ মুক্তিৰ সপোনটোও তাৰ আকাংক্ষাত প্ৰতিফলিত হৈ উঠে। সেইবাবে তাৰ নিজস্ব মুক্তি প্ৰয়াসৰ লগতে তাৰ সীমাৰ বাহিৰৰ বন্ধনত আৰ্তনাদ তুলি পৰি থকাখিনিৰ মুক্তিৰ বাবেও সি ওকালতি কৰিবলগীয়াত পৰে। ভাৰতে আজি তাৰ নিজস্ব মুক্তি যুদ্ধত ঘাইকৈ লিপ্ত থাকিও, ইণ্ডোনেছিয়া, ইণ্ডোচীন, ব্ৰহ্মদেশ আদিৰ মুক্তিৰ বাবে সমান জোৰেৰে সুৰ ফুটাই “ভাৰত ত্যাগ”ৰ লগতে “এচিয়া ত্যাগ”ৰ যুদ্ধ গীতটো গোৱাৰ কাৰণো এয়ে ৷ নিজস্ব মুক্তিৰ সুৰত বিশ্ব মুক্তিৰ সুৰটো নুফুটিলে, তেনে মুক্তিৰ আকাংক্ষাতো প্রামহীন স্বাৰ্থপৰতাৰ অংগঘাতী বিদ্ৰুপত পৰি ব্যস্থ হয়।১৫

          অসমীয়া ভাষাত প্রকাশিত কাকত-আলোচনীসমূহৰ ভিতৰত নিচেই কমসংখ্যক কাকতেহে সংৰক্ষিণী মতবাদক মুকলিভাৱে সমৰ্থন জনাইছিল। অৱশ্যে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰশ্নটো পোনপটীয়াকৈ আওকাণ নকৰিলেও এই ক্ষেত্ৰত কিছু পৰিমাণে সাৱধানতা অৱলম্বন কৰিছিল। এই ক্ষেত্ৰত মাথোন শিৱপ্ৰসাদ বৰুৱা প্রতিষ্ঠিত আৰু নীলমণি ফুকন সম্পাদিত ‘দৈনিক বাতৰি’য়েহে মুকলিভাৱে সংৰক্ষিণী নীতি প্ৰচাৰ কৰিছিল।

এনে অৱস্থাত অসম দেশ অসমীয়াৰ বাবেহে বুলি ঘোষণা কৰা ‘দৈনিক বাতৰি’য়ে ‘ডেকা অসম’ প্রকাশ পোৱাত বিশেষভাৱে আনন্দ প্রকাশ কৰিছিল। অৱশ্যে বেণুধৰ শৰ্মা সম্পাদিত ‘তৰুণ অসম’তো অসম প্ৰেমৰ নিজস্ব সুৰ এটা ফুটি উঠিছিল। বাগ্মীবৰ নীলমণি ফুকনৰ মতে “অসম কেশৰী অম্বিকাগিৰীৰ ‘চেতনা’ আৰু ‘ডেকা অসম’ৰ কলেবৰ কিটো আছিল? কিন্তু কলিজাটোৱে কাকতখন জিনি আছিল।”

প্ৰকৃতপক্ষে সম্পাদকীয়সমূহেই আছিল কাকত দুখনৰ মূল সম্পদ। স্থিতি আৰু ভৱিষ্যতৰ স্বৰূপ সম্বন্ধে সকীয়াই আছিল। সেই দিশৰ পৰা চালে অসমীয়া জাতিগঠন প্রক্ৰিয়াত এই লিখনিসমূহক একো একোখন মূল্যৱান দলিল হিচাপে অভিহিত কৰিব পাৰি। ভাৰতীয়ৰ স্বৰাজ আৰু অসমীয়াৰ স্বৰাজ (চেতনা, ২য় বছৰ ১৯২০ চন), আত্মচেতনাহীনতাৰ পৰিণাম আত্মবিলোপ (ডেকা অসম, ৬ষ্ট বছৰ ১৯৪০ চন) অসমীয়াক কি লাগে আৰু কি নালাগে (ডেকা অসম, ৪ৰ্থ বছৰ ১৯৩৮), জাতীয়তা আৰু মহাজাতীয়তা (ডেকা অসম, ১ম বছৰ ১৯৩৫) আদি লিখনিসমূহত অসমীয়াৰ অস্তিত্ব, নেতৃত্বৰ ব্যৰ্থতা আৰু বৰ্তমান অৱস্থাত তেওঁলোকৰ কৰ্তব্য সম্বন্ধে বিশদ ব্যাখ্যা আগবঢ়োৱা হৈছে।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

এই প্ৰসংগত বিশ্ব ইতিহাস সম্বন্ধে থকা তেওঁৰ স্পষ্ট ধাৰণাৰ কথাও প্ৰকাশ পাইছে। আন্তৰ্জাতিকতাবাদ সম্বন্ধে থকা সমসাময়িক ধাৰণাক কঠোৰভাৱে সমালোচনা কৰি তেওঁ প্রকাশ কৰিছিল যে আত্মৰক্ষাৰ বাবে প্ৰবল জাতীয় ভাব লাগে৷ (ডেকা অসম, ৪ৰ্থ বছৰ ১৯৩৮ চন) ৷ তেওঁ বিশ্বাস কৰিছিল, “আন্তৰ্জাতিক ৰাষ্ট্ৰ বা মানৱতন্ত্ৰ (চেতনা, ২য় বছৰ ১৯২০ চন) শীৰ্ষক লিখনিত আগতীয়াকৈ মহামানৱতন্ত্ৰৰ প্ৰতিষ্ঠাৰ সপোনেৰে তেওঁ এখনি আঁচনি দাঙি ধৰিছিল।

মৌলিক চিন্তাৰ অবিহনে এনে ধৰণৰ কল্পনা সকলোৰে বাবে সম্ভৱ নহয়। স্বাধীনতাৰ দুবছৰৰ পূৰ্বে ১৯৪৫ চনত ‘ডেকা অসমে’ “দলাদলিত মাতৃভূমিৰ সৰ্বনাশ” শীৰ্ষক সম্পাদকীয়ত “অৰ্থহীন নেতৃত্বৰ উৎকট মোহৰ” পৰা আঁতৰি থাকিবলৈ যুৱক-যুৱতীসকলৰ প্ৰতি আগবঢ়োৱা সাৱধান বাণীৰ প্ৰাসংগিকতা আজিও অটুট হৈ আছে।

এই সাৱধান বাণীৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক সতৰ্ক কৰি ডেকা অসমে কৈছিল, — ব্যক্তিগত, শ্ৰেণীগত আৰু সম্প্ৰদায়গত নানা স্বাৰ্থত জড়ীভূত বৰ্তমান পকা নেতাসকলৰ কথা নকওঁ, ভৱিষ্যৎ নেতা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰো এই দলাদলিৰ অন্ধতাই আমাৰ জাতিৰ, জাতীয় ঘৰৰ সৰ্বনাশ ক্ৰমে ওচৰ চপাইহে আনিছে।

          (১) বহিৰাক্ৰমণৰ প্ৰচণ্ডতাই আমাৰ সোণৰ জন্মভূমিৰ চতুঃসীমা ভেদ কৰি মৰ্মস্থলকো অধিকাৰ কৰিলেহি।

          (২) অসমীয়াৰ জাতীয় ঘৰৰ পকা খুঁটাকেইটা বহিৰাক্ৰমণৰ আঘাতত হালি পৰিল৷

          (৩) অসমীয়াৰ জাতীয় ঘৰত তাৰ নিজ ভাষাতকৈ আন ভাষাৰ প্ৰতিপত্তি বেছি হ’ল।

          (৪) অসমীয়াৰ বাবে তাৰ নিজ ঘৰত ঠাইৰ নাটনি হ’লে।

          (৫) অনা-অসমীয়াৰ অসংখ্য বেংক, ইস্সিয়ৰেঞ্চ কোম্পানীয়ে অসমীয়াৰ আৰ্থিক ক্ষেত্ৰ ছাটি পেলালে৷

          (৬) অসমৰ বেহা-বেপাৰ, কাম-কাজ, চাকৰি-বাকৰিৰ ক্ষেত্ৰত অসমীয়া চিটিকি পৰিল।

          (৭) অসমৰ ভৱিষ্যৎ জাতি গঠনৰ শ্ৰম শিল্পৰ ক্ষেত্ৰবলাক অনা-অসমীয়াৰ অধিকাৰত পৰিল।

          (৮) অসমীয়া জাতি হিন্দু-মুছলমান, বামুণ-অবামুণ, কেওঁট-কলিতা, ট্ৰাইবেল-চিডিউল্ড, আহোম-চুতীয়া, কোঁচ-কাটনী আদিত ছিনভিন দুৰ্বল হ’ল। অথচ, জাতিটোৰ এই দুৰৱস্থাটোলৈ আওকাণ কৰি, নিজ ভৱিষ্যতলৈ চকু জপাই অৰ্থহীন নেতৃত্বৰ উৎকট মোহত আশাধাৰী। কিন্তু নিজ দেশখন আনে ছাটি পেলালে, নিজ জাতীয় মানুহ কেগণ্ডা ক্ষেত্ৰৰ অভাৱত অস্তিত্ব নোহোৱা হ’লে, তেওঁলোকে ভৱিষ্যৎ নেতৃত্ব চলাব কাৰ আৰু কিহৰ ওপৰত? মাত্র ‘ইজম শ্লৌগনে’ আনৰ ওপৰত নেতৃত্ব কৰি দিবলৈ এৰি দিবনে? স্থিৰকৈ চিন্তা কৰি অসমীয়া ছাত্ৰ-ছাত্ৰী সমাজে গোট বান্ধি আন সকলো “ইজম” বাদ দি মাত্ৰ “এচামিজম” বা অসমীয়াবাদক মনে-প্ৰাণে সাৱটি ধৰক।”

          সংবাদ মাধ্যম যে জনসংযোগৰ বলিষ্ঠ মাধ্যম সেই কথা তেওঁ অতি ভালদৰে উপলব্ধি কৰিছিল। সেয়েহে ৰাজ্যখনে সন্মুখীন হোৱা জ্বলন্ত সমস্যাসমূহৰ লগত জনসাধাৰণক পৰিচিত কৰি দিবলৈ সাংবাদিক হিচাপে ৰায়চৌধুৰীয়ে তেওঁৰ সম্পাদনাত প্রকাশিত কাকতক সম্পূৰ্ণভআৱে ব্যৱহাৰ কৰিছিল। আনকি গ্ৰুপিঙৰ পৰা অসমখন ৰক্ষা কৰিবলৈ তেওঁ কলিকতাৰ পৰা প্ৰকাশিত বাংলা কাকতৰ সহায় বিচাৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল।৷১৬

          সংবাদ-পত্ৰৰ লগত ইয়াৰ পৰিচালকগৰাকীৰ সম্পৰ্ক নিৰ্ণয় কৰিবলৈ যাওঁতে এই কথাত সততে গুৰুত্ব দিয়া হয় যে কাকতখনৰ সাধুতা অথবা    অসাধুতা ঘাইকৈ নিৰ্ভৰ কৰে ইয়াৰ পৰিচালকজনৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত৷ এই সততাৰ পটভূমিত অম্বিকাগিৰী ৰায়চৌধুৰীৰ চাৰিত্ৰিক বৈশিষ্ট্য বিশ্লেষণ নকৰাকৈ তেওঁৰদ্বাৰা সম্পাদিত কাকত আৰু তেওঁৰ সাংবাদিকতাৰ বৈশিষ্ট্যতাৰ বিষয়ে কৰা যিকোনো আলোচনা আধৰুৱা হৈ থাকিব।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

ৰায়চৌধুৰী আছিল জীৱন যুদ্ধত এজন আপোচবিহীন সংগ্ৰামী। তেওঁৰ সকলো কথা পোনপটীয়া। গোপনীয় বুলি কোনো কথা নাই৷ কোনো ধৰণৰ ভণ্ডামিক তেওঁ প্ৰশ্ৰয় নিদিয়ে। বাস্তৱিকতে সাধাৰণ অৰ্থত জনপ্ৰিয় হ’বলৈ যিবোৰ গুণৰ প্ৰয়োজন তেওঁৰ বাবে সেইবোৰৰ অভাৱ ঘটিছিল৷ ৰাজনৈতিক জীৱনতো তৎকালীনভাৱে যি অভিনয়ৰ প্ৰয়োজন সেয়া তেওঁৰ নাছিল।

কিন্তু মাত-কথা, আচাৰ-ব্যৱহাৰত বাহিৰত কঠোৰ হ’লেও তেওঁৰ মনটো আছিল শিশুৰ দৰে কোমল। অতি সহজে ভাৱাবেগত উথলি উঠে। ভাৰতীয় সংস্কৃতিয়ে সত্যৰ ওপৰত যুগে যুগে গুৰুত্ব দি আহিছে। অথচ অপ্ৰিয় হ’লে সত্যও প্ৰকাশ কৰিবলৈ নিষেধ কৰিছে। কিন্তু অপ্ৰ‌িয় সত্য প্ৰকাশ কৰাত যেন ৰায়চৌধুৰীৰ তুলনা নাই।

তেওঁ নিজেই কৈছে, আৰু কাম কৰা নাই। সাহিত্যিক, সামাজিক, ৰাজনৈতিক, ৰাজহুৱা, কোনো ক্ষেত্ৰতেই লুকঢাককৈ চলাটো অৰ্থাৎ ৰাজহুৱা জীৱনৰ ভিতৰত এটা আৰু বাহিৰত আন এটা বুলি চলিবলৈ মই ভাল নাপাওঁ। লোকৰঞ্জনকাৰিতা বা জনপ্ৰিয়তা অৰ্জন কৰালৈ দৃষ্টি ৰাখি অৰ্থাৎ কোনোবাই মোক ভাল বোলক নাইবা মোক মৰম কৰক বা ঘৃণা কৰক বুলি ভাবি চিন্তা আৰু কৰ্মপ্রবাহত চলা ধাতু মোৰ নহয়। মনত যেতিয়া যি ভাবৰ উদয় হয় আৰু আত্মপ্ৰকাশৰ বাবে যিহে উকমুক লগায় তাকেই তেতিয়া, ভাষাৰ কোনো বন্ধনলৈকে ভ্ৰক্ষেপ নকৰি, নিখুঁতকৈ ৰূপ দিবলৈকে যত্ন কৰো–জনপ্ৰিয়তা বা অপ্য়তালৈ লক্ষ্য নাৰাখি৷”১৭

প্ৰকৃতপক্ষে অম্বিকাগিৰী ৰায়চৌধুৰীৰ সাংবাদিকতা আছিল যেন তেওঁৰ ব্যক্তিগত চৰিত্ৰৰ ফটোকপি৷ আধুনিক ৰীতি অনুসৰি সংবাদ-পত্ৰত থাকিব লাগে সৰ্বাধিক পৰিমাণৰ সংবাদ তথ্য আৰু সকলোতকৈ কম থাকিব লাগে মন্তব্য। এই আপ্তবাক্য মানি চলিলে দেখা যায় যে তেওঁৰ সাংবাদিকতাই সুবিধা পালেই এনে নীতিৰ পৰা ফালৰি কাটি যাবলৈ চেষ্টা কৰিছিল। তেওঁৰ জীৱন নিৰ্বাহৰ দৰেই সাংবাদিকতাও আছিল অগতানুগতিক। প্ৰথমতে প্রকাশিত ‘চেতনা’ৰ ক্ষেত্রত এনেধৰণৰ নীতি-নিয়ম কিছু পৰিমাণে মানি চলিলেও ‘ডেকা অসম’ৰ ক্ষেত্ৰত তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা দেখা গৈছিল।

          সাংবাদিকে কোনো ক্ষেত্ৰতে সাহিত্যৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা পাহৰি থাকিব নোৱাৰে। এই কথা মনত ৰাখিলে সাম্প্ৰতিক কালত সংবাদ-পত্ৰসমূহ মাথোন কিছুমান বিক্ষিপ্ত সংবাদৰ মাজতে সীমাবদ্ধ হৈ থকাৰ প্ৰশ্ন নুঠে। ইফালে সাংবাদিকৰ কামৰ পৰিধি বৃদ্ধি হোৱাৰ লগে লগে সাহিত্যিক আৰু সাংবাদিকৰ মাজত থকা মৌলিক পাৰ্থক্যও ক্ৰমশঃ হাস পাই আহিছে। বৰ্তমান সময়ত সাংবাদিকৰ লিখনিক সকলো সময়তে পঢ়াৰ পিছত পেলনীয়া কাকত বুলি গণ্য কৰিব নোৱাৰি৷

সাংবাদিকধৰ্মী ৰচনায়ো অনেক সময়ত উচ্চ পৰ্যায়ৰ সাহিত্যৰ মৰ্যাদা লাভ কৰি আহিছে। পৃথিৱীৰ দেশে দেশে অনেক সফল সাংবাদিক হৈ পৰিছে প্ৰতিষ্ঠিত সাহিত্যিক। ভাৰতবৰ্ষৰ সাংবাদিকতাৰ ক্ষেত্ৰতো তেনে উদাহৰণ অনেক আছে। অসমীয়া সাংবাদিকতাও ইয়াৰ ব্যতিক্ৰম নহয়। অসমীয়া সাংবাদিকতাৰ বাটকটীয়া সকলো প্ৰতি গৰাকীয়েই অসমীয়া সাহিত্যৰো একো গৰাকী নিষ্ঠাৱান সেৱক হোৱাৰ বাবে তেওঁলোকৰ জীৱনত সাহিত্য আৰু সাংবাদিকতা একেলগে আগবাঢ়িছিল।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

এক কথাত ক’বলৈ হ’লে সংবাদপত্ৰৰ মাজেদিয়েই গৰিষ্ঠ সংখ্যক অসমীয়া সাহিত্যিকে প্ৰতিষ্ঠা লাভ কৰিছিল। উদাহৰণস্বৰূপে অম্বিকাগিৰী ৰায়চৌধুৰীৰ সাহিত্যৰ কথাকে উনুকিয়াব পাৰি। তেওঁৰদ্বাৰা সম্পাদিত ‘চেতনা’ আৰু ‘ডেকা অসম’ৰ প্ৰকাশিত সম্পাদকীয় সমূহেই ‘আহুতি’ নামৰ গ্ৰন্থত অন্তৰ্ভুক্ত হৈছে। ‘আহুতি’ৰ বিষয়বস্তু উচ্চ স্তৰৰ সাহিত্য কৰ্ম হিচাপে স্বীকৃতি দি বিশ্ববিদ্যালয়ৰ সাহিত্য বিষয়ত পাঠ্যপুথি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। দৰাচলতে ৰায়চৌধুৰীৰ মাজত সোমাই থকা সাহিত্যিক প্ৰতিভাই তেওঁৰ বলিষ্ঠ সাংবাদিকতাত ভালে পৰিমাণে সহায় কৰিছে। ৰায়চৌধুৰী সম্পাদিত চেতনাতে ৰজনীকান্ত বৰদলৈৰ প্ৰখ্যাত বুৰঞ্জীমূলক উপন্যাস ‘দন্দুৱাদ্ৰোহ’ ছোৱাচোৱাকৈ প্ৰকাশ পাইছিল।

          অৰুনোদইৰ পৰা অসমীয়া সংবাদ-পত্ৰ ভাষাৰ উপযুক্ত ব্যৱহাৰ লৈ অনেক বাদানুবাদৰ সৃষ্টি হৈছে । আসাম নিউচ (১৮৮২-১৮৮৫), আসাম বন্ধু (১৮৮৫-১৮৮৬), আসাম বন্তি (১৯০০-১৯৪৪), উষা (১৯০৭-১৯১৫), বাঁহী (১৯০৯-১৯৪৫), আসাম বান্ধৱ (১৯১০-১৯১৯), অসমীয়া (১৯১৮-১৯৫৮), বাতৰি (১৯৩০-১৯৩৬), তৰুণ অসম (১৯৩৯-১৯৪২) আদি কাকতে নিজস্ব আৰ্হিৰ ভাষা এটা প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল।

তাৰবাবে সময়ে সময়ে উত্তপ্ত বাক-বিতণ্ডাৰো সৃষ্টি হৈছিল। কিন্তু সাংবাদিকতাত ভাষা সম্বন্ধে ৰায়চৌধুৰীৰ কোনো ধৰণৰ গোড়ামি নাছিল ৷ ইয়াক মাথোন ভাব প্ৰকাশৰ মাধ্যম হিচাপেহে গণ্য কৰা হৈছিল। আন আন দিশলৈ তেওঁ বিশেষ সজাগ নাছিল। যদিও তেওঁৰ লিখনিত যথেষ্ট পৰিমাণৰ কামৰূপী শব্দ ব্যৱহৃত হৈছিল কিন্তু এই লৈ তেওঁ কোনো ধৰণৰ নিজস্ব ৰীতি এটা প্ৰৱৰ্তন কৰিবলৈ কৰা চেষ্টা চকুত নপৰে। এনেধৰণৰ কঠোৰতা তেওঁ সমৰ্থন কৰা নাছিল বাবেই ‘আসাম বান্ধৱ’ৰ লগত সংশ্ৰৱ ত্যাগ কৰিছিল। অৱশ্যে মাজে সময়ে তেওঁ ব্যৱহাৰ কৰা অগতানুগতিকভাৱে ভাষাই আমোদৰো খোৰাক যোগাইছিল৷১৮

          অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মলগ্নৰে পৰা দেশখনৰ ইতিহাস যেন তেওঁৰ জীৱনৰ লগত সাঙোৰ খাই আছে। তেওঁৰ জন্মৰ বছৰটোতে জাতীয়তাবাদী চিন্তাধাৰাৰ প্ৰতীকস্বৰূপ সাংগঠনিক ৰূপত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। ভৰ যৌৱনত ভৰি দিওঁতেই সমগ্ৰ ভাৰত কঁপাই তোলা বংগ ভংগ অথবা স্বদেশী আন্দোলনে তেওঁক দেশমাতৃৰ সেৱাত জীৱন উছৰ্গা কৰা সম্তাসবাদী মুক্তিযোদ্ধালৈ ৰূপান্তৰিত কৰিছিল।

সন্ত্ৰাসবাদী ত্যাগ কৰি অসমীয়া সাংবাদিকতাৰ সংগ্ৰামী ধাৰাটোৰ নেতৃত্ব দিবলৈ ‘চেতনা’ প্রকাশৰ সময়তে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশ জুৰি আৰম্ভ হোৱা অহিংস অসহযোগ আন্দোলনত জঁপিয়াই পৰি তেওঁ কাৰাবাস খাটিছিল। ১৯২৬ চনত মহাভাৰতীয় সংস্কৃতিৰ প্ৰতিনিধিসকলক পাণ্ডু কংগ্ৰেছত উদাত্ত কণ্ঠেৰে আদৰণি জনোৱাৰ বছৰটোতে অসমীয়া আঞ্চলিকতাবাদৰ বীজ ৰোপণ কৰি তেওঁ সংৰক্ষিণী সভা প্ৰতিষ্ঠা কৰিছিল।

১৯৩৫ চনত ভাৰত শাসন আইনৰ প্ৰৱৰ্তনে প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰতিষ্ঠাৰ যোগেদি ভাৰতবৰ্ষক স্বাধীনতাৰ পথত আৰু এখোজ আগুৱাই নিয়াৰ বছৰটোতে, তেওঁৰ সাংবাদিকতাৰ পূৰঠ চিন্তাৰে সংৰক্ষিণী সভাৰ মুখপত্ৰ ‘ডেকা অসম’ৰ জন্ম দি অসমীয়া জাতীয়তাবাদৰ ধ্বজা উৰুৱাইছিল। আশ্চৰ্যকৰভাৱে তেওঁৰ সপোনে যেন বাস্তৱত ৰূপ লৈ প্ৰকৃতাৰ্থত অসমীয়াৰ প্রতিনিধি বুলি দাবী কৰা, আঞ্চলিক ৰাজনৈতিক দলে অসমত শাসনভাৰ গ্রহণ কৰিছিল।

‘অসমখন গে’ল’ বুলি ওৰেটো জীৱন ধৰি ঘৰে-বাহিৰে, বাটে-ঘাটে, হাটে-বজাৰে, অসমীয়া ৰাইজক বিশেষকৈ ডেকাসকলক তেওঁ তিৰস্কাৰ কৰি ফুৰিছিল। যাৰ বাবে তেওঁ অনেকৰ অপ্ৰিয় আৰু উপহাসৰ পাত্ৰ হৈছিল। তেওঁ দাঙি ধৰা ৰাজনৈতিক মতবাদৰ বাবে কোনোৱে উগ্র জাতীয়তাবাদী, সংকীৰ্ণ দেশপ্ৰেমিক, কোনোৱে অসমৰ হিটলাৰ, কোনোৱে আকৌ বঙাল খেদা আন্দোলনৰ নেতা বুলি উপলুঙা কৰিছিল।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

অৱশ্যে পিছলৈ তেওঁ নিভাঁজ দেশপ্ৰেমৰ সত্য উপলব্ধি কৰি অনেকে আক্ষেপ প্ৰকাশো কৰিছিল। প্ৰথম অৱস্থাত তেওঁৰ জীৱন দৰ্শনত সঁহাৰি দিব নোখোজা এগৰাকী অসমীয়া ডেকা বুদ্ধিজীৱীয়ে এই প্ৰসংগত লাভ কৰা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কৈছিল, “সেইদিনা যেন মোৰ মাজত সমগ্ৰ অসমীয়া জাতিটোৰ মুখামুখি হৈ থিয় দিছিল। স্বদেশ আৰু স্বজাতিৰ কাৰণে তেওঁ সমস্ত জীৱন যি অপৰিমেয় বেদনা বহন কৰি লৈ ফুৰিছিল তাকে তেওঁ মোৰ আগত ঢালি দিব খুজিছিল আৰু অসমীয়া জাতিয়ে তেওঁৰ কথালৈ কৰ্ণপাত নকৰি মুখ ঘূৰাই নিয়াৰ দৰে, ময়ো অক্ষমণীয় মূৰ্খতাবশতঃ তেওঁক অৱজ্ঞা কৰি আঁতৰি গৈছিলো। এই পাপৰ প্ৰায়শ্চিত্ত আমি সকলোৱে এদিন কৰিবই লাগিব৷”১৯

চীনত জাতীয়তাবাদী ভাবধাৰাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা ডাঃ চান ইয়েট চেনৰ সম্বন্ধে কোৱা হয় যে জীৱিত চানতকৈ মৃত চান ইয়েট চেন অধিক শক্তিশালী। জাতীয়তাবাদী আন্দোলনৰ ফলশ্ৰুতি হিচাপে ১৯১১ চনত চীন দেশত ৰাজতন্ত্ৰৰ পতন ঘটি জাতীয়তাবাদী গণৰাজ্য এখন গটন হৈছিল যদিও চীনা জনসাধাৰণে তেওঁৰ নীতি আৰু আদৰ্শ ভালদৰে বুজিব পৰা নাছিল।

ফলত জাতীয়তাবাদী চীনদেশত দেখা দিলে অনৈক্য, গৃহযুদ্ধ আৰু সীমাহীন বেমেজালি৷ বাস্তৱিকতে চান ইয়েট চেনৰ মৃত্যুৰ পিছতহে চীনা জনসাধাৰণে তেওঁৰ নীতি-আদৰ্শ আৰু জাতীয়তাবাদী এক্যৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিব পাৰিলে আৰু এনে উপলব্ধিৰ মাজতে চীন দেশত জাতীয় এঁক্য প্ৰতিষ্ঠাৰ কাম সম্ভৱ হৈ পৰিছিল।

অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ভাৰতৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ বিচৰা অসমীয়া জাতীয়তাবাদৰ লগত পোনপটীয়াভাৱে হয়তো এই ঘটনাক তুলনা কৰিব নোৱাৰি। কিন্তু এটা ক্ষেত্ৰত দুয়োটাৰ মাজত বিশেষ মিল আছে। কিন্তু এটা ক্ষেত্ৰত দুয়োটাৰ মাজত বিশেষ মিল আছে। সেইটো হৈছে জীৱিত কালত ৰায়চৌধুৰীৰ ৰাজনৈতিক দৰ্শন অথবা সংৰক্ষিণী নীতিয়ে বিশেষ সঁহাৰি নেপালে৷ এমুঠিমান দৃঢ়মনা অসমপ্ৰেমীৰ মাজতে তেওঁৰ নীতি আৰু আদৰ্শ সীমাবদ্ধ হৈ থাকিল।

কিয়নো সেই সময়ত পৰাধীনতাৰ শিকলি খোল খোৱাৰ সপোনত বিভোৰ হৈ থকা অসমীয়া ৰাইজে তেওংৰ সাৱধান বাণীলৈ কৰ্ণপাত কৰা নাছিল৷ স্বাধীনতাৰ ৰ’দ-কাচনিত বহি নৱলব্ধ মুক্তিৰ উম লোৱাৰ সময়তো, অসমীয়া ৰাইজে সৰ্বভাৰতীয় দৃষ্টিভংগীৰে ৰাজ্যখনৰ সমস্যাসমূহ অনুধাৱন কৰিবলৈ চেষ্টা কৰাত, বহিৰাগতৰ হেঁচাত অসমৰ সংস্কৃতি আৰু অর্থনীতি বিপৰ্যস্ত হোৱাৰ আশংকাকো অমূলক বুলি নাকচ কৰিছিল।

কিন্তু ঘটনাক্ৰমে সৰ্বভাৰতীয় নেতৃত্বৰ অৱহেলা, ৰাজ্যখনৰ সমস্যাসমূহ সমাধানৰ বাবে প্রয়োজনীয় তৎপৰতাৰ অভাৱ, চুবুৰীয়া ৰাষ্ট্ৰত দেখা দিয়া অশান্ত পৰিস্থিতিত যি মুহূৰ্ততে ভৱিষ্যদ্ৰষ্টা হিচাপে ৰায়চৌধুৰীৰ সন্দেহ আৰু শংকা সত্যত পৰিণত হৈ পৰিল, আৰু সেই মুহূৰ্ততে অম্বিকাগিৰীৰ মহাভাৰতীয় সংস্কৃতিৰ প্ৰধান অংশৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলোৱা অসমীয়া জাতীয়তাবাদৰ প্ৰাসংগিকতায়ো নতুন ৰূপত সাৰ পাই উঠিল।

সুপ্ত অসমীয়া ৰাইজক নিজৰ অধিকাৰ সম্বন্ধে সচেতন কৰিবলৈ ব্যাকুল হৈ কৰা, তেওঁৰ জীৱনজোৰা সাধনাই অৱশেষত সাফল্যৰ মুখ দেখিলে ৷ অসমীয়া সাংবাদিকতাৰ বুৰঞ্জীত এই সত্যই ৰায়চৌধুৰীৰ স্থান নিৰূপণ কৰিব। এই ক্ষেত্ৰত ‘চেতনা’ আৰু ‘ডেকা অসম’ক অসমীয়া জাতীয়তাবাদী ধ্যান-ধাৰণাৰ দুটা মাইলৰ খুঁটিৰূপে গণ্য কৰিব পাৰি। সত্তৰ দশকৰ সামৰণিৰ পৰা ভালেমান অসমীয়া কাকতে ‘চেতনা’ আৰু ‘ডেকা অসম’ৰ নীতিক পোনপটীয়াভাৱে অনুসৰণ কৰাত লাগিল।

          উনবিংশ শতিকাৰ প্ৰথম ভাগত এগৰাকী বিতৰ্কিত ৰাজনীতিজ্ঞই ইউৰোপৰ ৰাজনীতিত ব্যাপক প্রভাৱ বিস্তাৰ কৰিছিল। কিন্তু শেহত ব্যৰ্থতাৰ মাজেদি এই কথা প্ৰতীয়মান হৈছিল যে প্ৰকৃতপক্ষে এক ভাগৰুৱা ভীৰু প্ৰজন্মৰ বাবেহে তেওঁৰ নেতৃত্ব আৱশ্যক। যি কাৰণত তেওঁ আক্ষেপ কৰি কৈছিল যে পৃথিৱীলৈ হয় তেওঁ সোনকালে আহিল নহয় তেওঁৰ অহাত অধিক পলম ঘটিল।

ইতিহাসৰ পুনৰাবৃত্তি ঘটে। অসমৰ ক্ষুদ্ৰ পৰিসৰত অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱনতো ভিন্ন ৰূপত সেই কথাৰে পুনৰাবৃত্তি ঘটিল। বাস্তৱিকতে অসমৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰত তেওঁৰ উপস্থিতি যেন কিছু আগতীয়া হ’ল। সেই কথা তেওঁ নিজেও হয়তো বুজি পাইছিল। যি কাৰণত প্রয়োজনীয় সঁহাৰিৰ অভাৱত ১৯২৭ চনত ‘চেতনা’ কাকতখন বন্ধ হৈ যোৱাত ইয়াৰ ‘ৰাজনৈতিক মত আৰু সামাজিক মত অগ্ৰগামী হোৱা’ বুলি তেওঁ আক্ষেপ কৰিছিল।

অম্বিকাগিৰী ৰায়চৌধুৰী আৰু অসমীয়া সাংবাদিকতা

প্ৰাসংগিক টোকা ;

১। তারাপদ পাল-ভারতের সংবাদপত্ৰ (সাহিত্য সদন, কলিকতা, ১৯৭২), পৃ. ১৪৭-১৪৮

২। সত্যেন্দ্ৰনাথ শৰ্মা (সম্পাদিত)–অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাৱলী (অসম প্রকাশন পৰিষদ, ১৯৮৬), পৃ. ৬৫৯

৩। ঐ-পৃ. ৬৬৯

৪। শৰৎচন্দ্ৰ গোস্বামী-অসম সাহিত্য সভা পত্ৰিকা (নতুন প্ৰকাশ, ২য়-৩য় সংখ্যা ১৮৭৪ শক)

৫। আসাম বান্ধৱ-৯ম বছৰ, ১২শ সংখ্যা (মে’ ১৯১৯ চন)

৬। ৰচনাৱলী-পৃ. ৬৮৭

৭। ঐ – পৃ. ৭২৯

৮। অম্বিকাগিৰী ৰায়চৌধুৰী (সংকলন) অসম প্ৰকাশন পৰিষদ (১৯৮৬), পৃ. ১৪৬

৯ ৷ ৰচনাৱলী-পৃ. ৭০৮-৭০৯

১০ ৷ ঐ- পৃ. ৭১১

১১ ৷ চেতনা–৭ম বছৰ, ১২সংখ্যা

১২ ৷ Report on the Administration of the Province of Assam, for the year 1935-1936 (Shillong 1936)

১৩ ৷ ৰচনাৱলী–পৃ. ০.১১

১৪ ৷ অম্বিকাগিৰী–পৃ. ১৮৫

১৫ ৷ ৰচনাৱলী-পৃ. ৬১৪

১৬ ৷ অম্বিকাগিৰী–পৃ. ৬৩-৬৪

১৭ ৷ ৰচনাৱলী–পৃ্‌. ৭৪৯

১৮ ৷ অম্বিকাগিৰী–পৃ. ১৪৮

১৯ । ঐ – পৃ. ১০৯

[This article is published in the Mahabahu‘s historical book 175 Years of media in Assam & Beyond]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics
Climate Change

A Historical Inquiry into Climate and Environment in Assam

by Anjan Sarma
March 5, 2026
0

A Historical Inquiry into Climate and Environment in Assam ANJAN SARMA Assam’s environmental history is inseparable from the life of...

Read moreDetails
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
বুৰঞ্জীবোধ

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

February 24, 2026
নাম শুনিলেই যাৰ….

Yandabo to 2026 Crossroads : Lost Sovereignty, Broken Accords, and Fading Regional Dreams!

February 24, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

February 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 4, 2026
HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d