• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tourism

মেৰবিল: জনশ্ৰুতিৰ পৰা পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ

TOURISM

by Gautam Sarmah
November 21, 2024
in Tourism, Climate Change, Travel
Reading Time: 4 mins read
0
মেৰবিল: জনশ্ৰুতিৰ পৰা পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ
Share on FacebookShare on TwitterShare on LinkedIn

মেৰবিল

গৌতম শৰ্মা

facebook 1656957197460 6949782201135487381
গৌতম শৰ্মা

আমাৰ চৌপাশৰ সেউজীয়া প্ৰকৃতিত উপলব্ধ অজস্ৰ সেউজ সম্পদক পৰ্যটনৰ বিকাশৰ প্ৰধান উৎস হিচাপে ল’ব পৰাটো আধুনিক বিশ্ববাসীৰ বৃহৎ এক সাফল্য; যাক আমি পৰিৱেশ পৰ্যটন বা ইক’টুৰিজিম নামেৰে নামকৰণ কৰিছোঁ ।

বিংশ শতিকাৰ শেষৰ পৰা অৰ্থাৎ ১৯৮০ চন মানৰপৰা বিশ্বত ক্ৰমাৎ প্ৰবলভাৱে জনপ্রিয় হৈ পৰা ইক’টুৰিজিম বিকাশৰ ক্ষেত্ৰত সম্প্ৰতি আমাৰ দেশখনো পিছপৰি ৰোৱা নাই । সাম্প্ৰতিক বিশ্বত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু লাভজনক হিচাপে বিবেচিত হোৱা পৰ্যটনবিধেই হৈছে এই পৰিৱেশ পৰ্যটন অৰ্থাৎ ইক’টুৰিজিম ।

বৈশিষ্ট্য তথা উদ্দেশ্যগত দিশৰ পৰা এই পৰ্যটনৰ প্ৰয়োজনীয়তা তথা ইতিবাচক ভূমিকা যথেষ্ট আছে । এটা কথা বিশেষভাৱে মনকৰিবলগীয়া যে, পৰ্যটন উদ্যোগৰ বিকাশৰ অন্তৰালত প্ৰকৃতিৰ অৱদানেই প্ৰথম তথা সৰহ । বিভিন্ন অধ্যয়ন আৰু গৱেষণাৰ পৰাও এটা কথা দেখদেখকৈ প্ৰমাণিত হৈছে যে ভৌতিক পৰিৱেশৰ ওপৰত পৰ্যটনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে ।

এতেকে এইসমূহ দিশৰপৰাও ক’বলৈ গ’লে পৰিৱেশ তথা প্ৰকৃতিৰ অবিহনে পৰ্যটন ক্ষেত্ৰখনৰ অস্তিত্বই কল্পনাহীন ।

পৰিৱেশ পৰ্যটন হৈছে পৰ্যটন ক্ষেত্ৰখনত নকৈ সংযোজিত হোৱা এক পৰ্যটন ।

এই পৰ্যটনৰ প্ৰধান উপাদান তিনিটা হৈছে পৰিৱেশ-প্ৰকৃতি, পৰ্যটন আৰু স্থানীয় বাসিন্দা ।

বিশ্ব পৰ্যটন সংস্থাই এই পৰ্যটনৰ সংজ্ঞা এনেদৰে দিছে “Ecotourism is that involves travelling to relatively undistributed natural areas with the specified object to studying admiring and enjoying nature and its wild plants and animals as well as existing cultural aspects found in the area.”

মেৰবিল: জনশ্ৰুতিৰ পৰা পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ

আকৌ ১৯৯১ চনত ‘Ecotourism Society’ য়ে সদৰী কৰা তথ্য অনুসৰি “Ecotourism is responsible travel to natural areas that conserves the environment and sustain of well being of local people.”

উপৰোক্ত সংজ্ঞাসমূহে এটা কথা স্পষ্ট কৰি দেখুৱাইছে যে, পৰিৱেশৰ ওপৰত একোধৰণেৰে ক্ষতিসাধন তথা প্ৰভাৱ বিস্তাৰ নকৰাকৈ পৰিৱেশৰ লগতে ইয়াৰ স্থানীয় লোকসকলৰো যাতে উন্নতি সাধন হয় তাৰ প্ৰতিও লক্ষ্য ৰাখি প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে চহকী ঠাইসমূহত পৰ্যটকসকলৰ আগমনৰ যোগেদি যি প্ৰকাৰৰ পৰ্যটন গঢ়ি উঠে সেয়াই হৈছে মূলতঃ ইক’টুৰিজিম অৰ্থাৎ পৰিৱেশ পৰ্যটন ।

এতেকে এই শ্ৰেণীৰ পৰ্যটনত অন্তৰ্ভুক্ত পৰ্যটকসকলৰো মূল উদ্দেশ্য হৈছে পৰিৱেশ-প্ৰকৃতিৰ একো অনিষ্ট নকৰাকৈ বৰঞ্চ এইসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ যোগেদি প্ৰকৃতিৰ ৰূপ-ৰস, সৌন্দৰ্য তথা ইয়াৰ নৈসৰ্গিকতাক উপভোগ কৰা ।

পূৰ্বেই উল্লেখ কৰি অহা হৈছে যে, পৰিৱেশ পৰ্যটন হৈছে পৰ্যটনৰ এটি নতুন ভাগ । ১৯৯৭ চনত ‘জৈৱ-বৈচিত্ৰৰ বাৰ্লিন ঘোষণা’ৰ যোগেদি এই পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এলানি গুৰুত্বপূৰ্ণ আলোচনা হৈছিল । এই আলোচনাৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি ২০০২ চনটোক ‘আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পৰ্যটন বৰ্ষ’ (International Ecotourism Year) হিচাপে ঘোষণা কৰা হৈছিল।

এই ঘোষণাৰ পাছতেই বিশ্বৰ বিভিন্ন দেশসমূহে পৰিৱেশ পৰ্যটনক নিজ নিজ দেশসমূহত থকা বিভিন্ন ইক’ জনসমূহৰ ক্ষেত্ৰত প্ৰয়োগ কৰি এইসমূহক পৰ্যটনৰ সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে ।

মেৰবিল: জনশ্ৰুতিৰ পৰা পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ

পৰিৱেশ পৰ্যটনৰ গুৰুত্বতা উপলব্ধি কৰি ভাৰতেও সমগ্ৰ দেশখনতে সিঁচৰতি হৈ থকা ইক’ জনসমূহক মুঠ ৬ টা ভাগত বিভক্ত কৰিছে; তাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল হৈছে এখন উল্লেখযোগ্য ক্ষেত্ৰ । ইয়াত অন্তৰ্ভুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান ঠাইসমূহ হৈছে গুৱাহাটী, কাজিৰঙা, মাজুলী, তেজপুৰ, শিৱসাগৰ, ভালুকপুং, শ্বিলং, চেৰাপুঞ্জী, ক’হিমা আৰু টাৱাং ।

উল্লেখিত উপৰোক্ত এই ইক’ জনসমূহৰ সমান্তৰালকৈ বহু ঠাইত পৰিৱেশ পৰ্যটনক বিকাশ তথা প্ৰতিনিধিত্ব কৰিব পৰা অন্যান্য বহু ইক’ জনবোৰ গঢ়ি উঠাটো এটা অতি মনকৰিবলগীয়া দিশ । এইক্ষেত্ৰত অজস্ৰ সেউজ সম্পদেৰে চহকী আমাৰ ৰাজ্যখনো পিছপৰি ৰোৱা নাই । অতি সাম্প্ৰতিক কালত এই ইক’ তথা পৰিৱেশ পৰ্যটনৰ চকুতলগা বিকাশ হোৱা অসমৰ তেনে এখন প্ৰধান ঠাই হৈছে ডিব্ৰুগড় জিলাৰ চাচনীৰ মেৰবিল ।

বৃহত্তৰ চাচনীবাসীৰ লগতে চৰকাৰী আৰু বেচৰকাৰী বহু ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ বলিষ্ঠ প্ৰচেষ্টাত গঢ় লৈ উঠা চাচনী মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ সৌন্দৰ্যই আজি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাটো অতিশয় মনকৰিবলগীয়া দিশ ।

আজিৰ দিনত এই চাচনী মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পটো এইকাৰণেই অতি গুৰুত্বপূৰ্ণ হৈছে – ই চাচনীৰ দৰে এটি অত্যন্ত পিছপৰা অঞ্চললৈ দেশী-বিদেশী পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিৱেশ পৰ্যটনক সমৃদ্ধ কৰি গঢ়িছে ।

দ্বিতীয়তে, এই প্ৰকল্পৰ অধীনত বৃহত্তৰ এটি অঞ্চলত পৰিৱেশ-প্ৰকৃতি সুৰক্ষিত হৈছে ।

তৃতীয়তে, চাচনী মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পই সেই অঞ্চলটোলৈ এক ইতিবাচক আৰ্থ-সামাজিক আৰু সাংস্কৃতিক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে ।

চতুৰ্থতে, এই বিশেষ ঠাইখন আজি অন্যান্য ঠাইৰ লোকসকলৰ বাবে প্ৰবল আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস হিচাপে থিয় দিছে ।

মেৰবিল: জনশ্ৰুতিৰ পৰা পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ

আমি জনাত এই প্ৰকল্পটো প্ৰতিষ্ঠা আৰু প্ৰগতিৰ হেতু আমি পূৰ্বে উল্লেখ কৰি অহাৰ দৰে ইয়াৰ স্থানীয় লোকসকলৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এতিয়ালৈকে ৫ কোটি টকা, অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা বিভিন্ন আঁচনিৰ অধীনত ৩ কোটি টকাৰ অৰ্থ সাহাৰ্য আগবঢ়োৱাৰ লগতে ডিব্ৰুগড় জিলাৰ DRDA বিভাগৰ ফালৰপৰাও এতিয়ালৈকে কেইবালাখো টকা ইয়াৰ উন্নতিৰ বাবে প্ৰদান কৰা হৈছে ।

তদুপৰি, অইল ইণ্ডিয়া লিমিটেডে পৰিৱেশৰ অনুকূল তিনিখন বিশেষ সৌৰ শক্তি চালিত বাহনো প্ৰদান কৰিছে । জৈৱ-বৈচিত্ৰ্যতাৰ হানি কৰিব পৰা সকলো দ্ৰৱ্য ইয়ালৈ অনাত বাধা দিয়াৰ লগতে এই বিশেষ ঠাইখনক বৰ্তমান এখন উল্লেখযোগ্য সাংস্কৃতিক কেন্দ্ৰ আৰু পক্ষী অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ এক সুন্দৰ প্ৰস্তাৱো উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰা হৈছে বুলিও আমি শেহতীয়াকৈ জানিব পাৰিছোঁ ।

উল্লেখযোগ্য যে, মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি মেৰবিল ঠাইখনৰ ঐতিহ্য সম্পৰ্কে জনাটো খুবেই আৱশ্যকীয় । যদিও মেৰবিল হৈছে প্ৰকৃতিৰ অনবদ্য অৱদান; হ’লেও ঠাইখনৰ ঐতিহ্য আৰু সৃষ্টিত অঞ্চলটোৰ ৰাইজৰ মাজত বিশ্বাস আৰু বিস্ময় বিজড়িত এক অতি জনপ্ৰিয় জনশ্ৰুতি প্ৰচলিত হৈ আছে ।

সেই অনুসৰি, ১৭ শ শতিকাত বুঢ়ীদিহিং নদীৰ পাৰৰ মহমাৰী নামৰ ঠাইখনত শ্ৰী শ্ৰী ৰাম নামৰ এজন বিদ্বান গোঁসাই আছিল । তেওঁৰ এখন সত্ৰ আছিল, আৰু তেওঁ শিষ্যসকলৰ মাজত ধৰ্ম প্ৰচাৰ আৰু জ্ঞান বিলোৱাৰ লগতে সকলোৰে মাজত শান্তি প্ৰতিষ্ঠা কৰিছিল ।

শ্ৰী শ্ৰী ৰাম গোঁসাইৰ দ্বীতি নামৰ এগৰাকী কন্যা আছিল, ডাঙৰ হোৱাৰ লগে লগে তাই উৎপতিয়া হৈ পৰে । যাৰ ফলত তাইৰ মাকে এদিন খঙতে তাইক জলদেৱতালৈ বিয়া দি দিম বুলি কৈ পেলাইছিল । দ্বীতি লাহে লাহে ডাঙৰ হৈ তাই অতুলনীয় সৌন্দৰ্যৰ গৰাকী হৈ পৰিল । তেনেতে এদিন দ্বীতিৰ মাকক জলদেৱতাই সপোনত দাইটক তেওঁলৈ বিয়া দিবলৈ বুলি অনুৰোধ কৰিলে । পিছদিনা মাকে ঘৰৰ লগতে ওচৰ-চুবুৰীয়া অন্যান্য লোকসকলক সেই সপোনটোৰ কথা ক’লে যদিও সকলোৱে তাক আওকাণ কৰিলে ।

পিছৰ ৰাতি দ্বীতিৰ দেউতাকেও সেই একেটা সপোনকেই দেখা পালে যদিও পুনৰবাৰ সকলোৱে তাক আওকাণ কৰিলে । জনশ্ৰুতি মতে, ইয়াৰ ফলত জলদেৱতাৰ কোপদৃষ্টিত গোটেই অঞ্চলটো এক ভয়ানক বানৰ কবলত পৰে । বানৰ বিভীষিকাত সকলো হেৰুৱাই শেষত গোঁসায়ে মহমাৰী এৰি তেওঁৰ শিষ্যসকলৰ সৈতে এটুকুৰা নতুন ঠাইলৈ গুচি গ’ল; আৰু তাতেই তেওঁ এখন নতুন সত্ৰ পাতে ।

এই নতুন ঠাইখনটো দ্বীতিৰ মাক-দেউতাকে সেই একেটা সপোনকেই দেখা পাবলৈ ধৰিলে; কিন্তু প্ৰতিবাৰেই তেওঁলোকে জলদেৱতাৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰি গ’ল । ফলত জলদেৱতাই তেওঁলোকৰ ওপৰত পুনৰবাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে বানেৰে পুনৰ সকলো বুৰাই পেলালে ।

শেষত উপায়হীন হৈ এই বান হোৱাৰ দুদিনৰ পিছত শ্ৰী শ্ৰী ৰাম গোঁসায়ে নিজৰ জীয়েকক জলদেৱতালৈ বিয়া দিবলৈ বাধ্য হ’ল । কথিত আছে, জলদেৱতাই হেনো গোঁসাই জীয়েকক বিয়া কৰাই নিবলৈ আহোঁতে মণি-মুকুতাখচিত, সোণৰ মুদ্ৰাসহ এখন সোণৰ নাৱত উঠি আহিছিল ।

অঞ্চলটোৰ ৰাইজৰ মাজত এইটো কথাও প্ৰচলিত আছে যে, যেতিয়া পিছত ইয়াৰ স্থানীয় লোকসকলে পথাৰত খেতি কৰিবলৈ হাল বাইছিল তেতিয়া বহু খেতিয়কে জলদেৱতাই লগত আনোতে পৰি যোৱা বহু সোণৰ মুদ্ৰা পথাৰবোৰত পোত গৈ থকাৰ পৰা উদ্ধাৰ কৰিছিল ।

যি নহওক, এই বিবাহৰ পিছত শ্ৰী শ্ৰী ৰাম গোঁসায়ে ঈশ্বৰক তেওঁলোকক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰাত তেওঁলোকে তেতিয়া বাসকৰা অঞ্চলটোৰ পশ্চিম দিশত এটুকুৰা বাম ঠাইৰ সৃষ্টি হয়; যিটো দিশত এটি সৰু পথো নিৰ্মাণ কৰা হৈছিল বুলি সকলোৱে মুখে মুখে কয় । উল্লেখযোগ্য যে, তেওঁলোকৰ মতে, নৱসৃষ্ট এই ঠাইখনেই আছিল হেনো আজিৰ মেৰবিল । বিজ্ঞানসন্মতভাৱে যিখিনি ঠাইক বুঢ়ীদিহিং নদীৰ ‘Ox bow lake’ হিচাপে সংপ্ৰতি জনা যায় ।

বৰ্তমান ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পৰা ৭০ কিলোমিটাৰ আৰু নাহৰকটীয়া টাউনৰ পৰা মাত্ৰ ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত চাচনী মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পই ১৫৫০ বিঘা মাটি আগুৰি আছে । ২০১০ চনত প্ৰতিষ্ঠিত এই প্ৰকল্পৰ অধীনত সম্প্ৰতি ২৫০ বিধ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, ২০০ প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ আবাসস্থল হিচাপে বিবেচিত হোৱাৰ লগতে বহু দুষ্পাপ্য জীৱ-জন্তু আৰু পোক-পতঙ্গৰো বসতিস্থল হিচাপে পৰিগণিত হৈছে ।

মেৰবিল হৈছে মূলতঃ এখন বিল; যিখন বিলক কেন্দ্ৰ কৰি এই ঠাইখন পৰিচিত ।

মেৰবিল: জনশ্ৰুতিৰ পৰা পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ

মেৰবিলৰ লগতে ইয়াৰ ওচৰে-পাজৰে সৰু-বৰ কেইবাখনো অন্যান্য বিলে এই অঞ্চলটোক সমৃদ্ধ কৰিছে । সেইসমূহৰ ভিতৰত গোধাবিল, দীঘলীবিল, দিচাংবিল, বামুণীবিল, গেলাবিল, চেঙিবিল টকৌবিল আদিয়েই প্রধান । তদুপৰি, এই বিশেষ অঞ্চলটোৰ আশে-পাশে থকা তিপাম ফাকে আৰু নামফাকে, জয়পুৰ বৰ্ষাৰণ্য, গাভৰু দলং, পিপেলাইন দলং, দিনীঘাট, বুঢ়ীদিহিং নদী আদিয়েও অঞ্চলটোক প্রকৃতিগতভাৱে চহকী কৰাত প্ৰভূত অৰিহণা যোগাইছে ।

এই মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ অধীনত ঠন ধৰি উঠা কেতবোৰ উল্লেখযোগ্য ভিন্ন শ্ৰেণীৰ উদ্ভিদ প্ৰজাতি হৈছে – কচু, কলমৌ, মেটেকা, বৰপুনি, ভেট, পদুম, সৰু শিঙৰী, বৰ শিঙৰী, হেলচ, জামু, মদাৰ, বগৰী, তামোল, ভিন্ন প্ৰজাতিৰ টেঙা, কঠাল, চতিয়না, শিলিখা, ঘোঁৰানিম, শাল, ঔ, নুনি ইত্যাদি ।

পাভ, গৰৈ, চেঙেলী, চেঙা, বৰ-চেঙা, চেনীপুঠী, কান্দুলী আদি থলুৱা মাছসমুহ প্ৰচুৰ ৰূপত পোৱাৰ লগতে কেৰ্কেটুৱা, নাহৰফুটুকী বাঘ, বান্দৰ, শিয়াল, হৰিণ, শহা, বনৰৌ আদি জীৱ-জন্তুবোৰো দেখিবলৈ পোৱা যায় ।

সৰীসৃপ জাতীয় প্ৰাণীৰ ভিতৰত ভিন্ন প্ৰজাতিৰ সাপ, কাছ, গুঁই, জেঠী আদিও আদৰ্শ আবাসস্থল মেৰবিল । অন্যহাতেদি, মেৰবিলখনত উলমূৰা, কাউৰী, পানীকাউৰী, বালিটোকা, চিনাহাঁহ, ডঁৰিক, জকণা, বনকুকুৰা, ভাটৌ, মইনা, কুলি, ফেঁচা, ফেঁচু, বৰটোকোলা, কণুৱা, সাৰেং, বগলী, বগ, কণামুচৰি, বতা, শগুণ, ৰাজহাঁহ, বুলবুলি, ইণ্ডিয়ান ৰবীন, ঢাপলিকা, ঘুটলুক, হঁয়কলি ইত্যাদি বহু চৰাই-চিৰিকটিৰেও মুক্তমনে বিচৰণ কৰি অহা দেখিবলৈ পোৱা গৈছে ।

যিবোৰে প্ৰকৃতিপ্ৰেমী, পৰিৱেশবিদ তথা পৰ্যটকসকলক সদায় ইয়ালৈ হাতবাউল দি মাতে । ইয়াৰ সমান্তৰালকৈ মেৰবিলত গৈ কৰা নৌকা বিহাৰ তথা জলযাত্ৰা আৰু থলুৱা খাদ্যসম্ভাৰত জুতি লোৱাৰ আনন্দই সুকীয়া ।

অতবোৰ সেউজ আৰু জৈৱ সম্পদেৰে চহকী মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পক কেন্দ্ৰকৰি মেৰবিল ঠাইখন আজি বহু সম্ভৱানৰে প্ৰকট হৈ পৰিছে যদিও অদ্যাপী বহু সমস্যাই সেই সম্ভাৱনাসমূহক নিস্তেজ কৰি ৰাখিছে ।

বিশেষকৈ উপযুক্ত প্ৰচাৰৰ অভাৱ, দুৰ্বল যাতায়ত আৰু যোগাযোগ ব্যৱস্থা, পৰ্যটকৰ উপযোগী উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত গাইডৰ অভাৱ, স্থানীয় তথা থলুৱা হস্ত উৎপাদিত সামগ্ৰীসমূহৰ বিক্ৰীৰ হেতু এখন বজাৰৰ অভাৱ লগতে মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ প্ৰৱেশ পথত এখন সুপৰিকল্পিত গেটৰ অভাৱ ইত্যাদিবোৰ হৈছে ইয়াৰ উন্নতি পথৰ প্ৰধান অন্তৰায় ।

যদি উপৰোক্ত সমস্যাসমূহক আঁতৰাই মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পক আৰু অধিক আটকধুনীয়াকৈ উপস্থাপন কৰিব পৰা যায় তেন্তে অদূৰ ভৱিষ্যতে মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পই আৰু নতুন-নতুন আশা-প্ৰত্যাশাসমূহ আমালৈ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আমাৰ দৃঢ়বিশ্বাস ।

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক । ফোন: +৯১৯৯৫৪০০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth
Climate Change

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

by Kakali Das
August 13, 2026
0

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth KAKALI DAS Insects are among the smallest...

Read moreDetails
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

Climate Change Is Quietly Stealing Our Sleep

August 12, 2026
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

Rivers at Risk: Climate-Induced Pressure, Conservation and Water Security in the Eastern Himalaya

August 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d