চানডুবি-জৰামুখুৰীয়াত এৰাতি
অনিতা নাথ
চানডুবি।
বৃটিছ চাহাবে য’ত sun ডুব যোৱা দেখিছিল সেই চানডুবি নে চাঁদ সদাগৰৰ সোণ-ৰূপেৰে ভৰা নাও ডুব যোৱা চানডুবি নে চাঁদ সদাগৰে মাছ মৰা ডুবি! নাম লৈ বিভিন্ন মতবাদ আছে।
১৮৯৭ চনত হোৱা এক প্রৱল ভূঁইকঁপত সৃষ্টি হোৱা এই চানডুবি এখন প্রাকৃতিক বিল। গুৱাহাটী মহানগৰীৰ পৰা কেৱল ৬৪ কিলোমিটাৰ নিলগত গছ-গছনিৰে পৰিবেষ্টিত এক নির্মল পৰিবেশৰ মাজত এই বিল।
সপ্তাহৰ শেষৰ দুদিন বন্ধ। মানুহজনে চানডুবিৰ পৰা ফুৰি অহাৰ প্রস্তাৱ দিয়াত মই ভালেই পালোঁ। আমাৰ গুৱাহাটীৰ ঘৰৰ পৰা ৰাতিপুৱা ১০.২০ মান বজাত ওলাইছিলোঁ। গুগুল মেপ আৰু বাটৰ মানুহৰ পৰা পোৱা বিভিন্ন শুদ্ধ আৰু অশুদ্ধ নির্দেশ মানি হোৱা কিছু বিলৈৰ অন্তত দুপৰীয়া এক মান বজাত বিলৰ পাৰ পালোগৈ।
বিলৰ পাৰত ঠিয় হৈয়ে মন ভৰি গ’ল। গাড়ীৰ পার্কিং টিকট, নাৱৰ টিকট আদি লোৱা হয় মানে মই চাৰিওফালে প্রকৃতিৰ সৌন্দর্য উপভোগ কৰিবলৈ ল’লোঁ। বিলৰ সিপাৰে সৌৱা Jungle Camp। তাতে আমাৰ নিশাটো কটোৱাৰ কথা। গাড়ী এইপাৰে এৰি নাৱেৰে যাব লাগিব কেম্পলৈ। কান্ধত বেগ লৈ নাৱত উঠিলোগৈ। গুলপীয়া ভেটফুলেৰে ভৰি থকা বিলৰ বুকুত আমাৰ ডিঙা উটুৱাই দিলে নাৱৰীয়া দিগন্তই।
ৰঙা, নীলা, হালধীয়া, নানা ৰঙৰ বহুতো ডিঙা। ওপৰত বগা ডাৱৰে খেলা কৰা নীলা আকাশ। চাৰিওফালে বগলী, শৰালী হাঁহ, পানী কাউৰী আদি নানা চৰাইৰ কলৰৱ। বিলৰ পানী হাতেৰে চুই চালোঁ। মন কৰিলোঁ পানীৰ তলত শেলাই জাতীয় কিছুমান ডাঙৰ ডাঙৰ গছ, যেন পানীৰ তলতো এখন হাবি। ভেকুলী, মাছ আদিয়ে পানীত টুবুং টুবং কৰি আছে। সোনকালেই সিপাৰ পালোগৈ।
এয়া “জাংগল কেম্প”। দেখিলোঁ কিছুমান ধুনীয়া ধুনীয়া মাটিৰ কুটিৰ। তাৰেই এটা হ’ব আমাৰ নিশাটোৰ ঠিকনা। কামচৰাই, নীলকণ্ঠ, শৰালী হাঁহ, কাঠৰোকা আদি নামাকৰণ কৰা হৈছে কুটিৰকেইটাৰ। টেন্টত আৰু চাং ঘৰতো থকাৰ ব্যৱস্থা আছে।
আমি “ৰিচেপছন”ত গৈ বসন্ত ৰাভাক লগ পালোঁ। মোৰ মানুহজনৰ ভোক লাগিছিল। দুপৰীয়াৰ আহাৰ সোনকালে দিব পাৰিবনে বুলি সোধাত বসন্তই বোলে “আপোনালোকে মুখ-হাত ধুই আহক, মই ভাত দি আছোঁ”। আমাক কামচৰাই নামৰ কুটিৰটো দিয়া হৈছে। তাত সোমাই, বেগ থৈ, মুখ-হাত ধোঁও মানে বসন্তই বাহিৰৰ পৰা মাত দিলে, “ভাত দিছোঁ, বাইদেউ; আহক”।
খোৱা ঠাইকণলৈ গৈ দেখিলোঁ ওপৰত বাঁহ-খেৰৰ চালি, চাৰিওফালে খোলা, আধালৈকে বাঁহৰ বেৰ গাঠি থৈছে—বিল খন চাই চাই খাব পৰাকৈ। মই ক’লোঁ আমি চিমেন্ট ইটাৰে গাঠি এনেই ইমান খৰচ কৰিলোঁ, এনেকৈ দেখোন বেছি ভালহে লাগিছে। এওঁ বোলে ঘৰলৈ গৈ এতিয়া আকৌ খেৰ বাঁহৰ ডাইনিং ৰুম সাজোঁ বুলি নকবা।
বাঁহৰ এখন চকোৱাৰ সিপাৰে মন কৰিলোঁ কেইগৰাকীমান মহিলাই ৰ’দত বহি চাহ হাতত লৈ কথা পতাত ব্যস্ত। খুব সম্ভৱ তেওঁলোকেই ৰন্ধা-বঢ়া কৰিছিল। ওচৰতে শিশু কেইটামানে খেলা ধূলা কৰি আছে। বিলাহী পোৰা পিটিকা, বেঙেনা পোৰা পিটিকা, আলু পিটিকা, কলদিলৰ ভাজি, আলু ৰঙালাউ তৰকাৰী, দাইল, চালাদ, চাটনি আদিৰে বসন্তই আদৰেৰে যতনাই দিয়া ভাত কেইটা বৰ তৃপ্তিৰে খালোঁ।
ভাত কেইটা খাই অলপ পৰ জিৰণি লৈ আমি ওলাই আহিলোঁ বিলৰ পাৰতে অলপ বহোঁ বুলি। জাংগল কেম্প মানে জাংগল কেম্প। এখন সৰু হাবিৰ মাজতে যেন এই কেম্প। শাল গছ বেছিকৈ আছে – শালনীয়ে বুলিব পাৰি।
ফাগুন মাহত গছৰ পাতবোৰ পকিছে। সেইবাবে হাবিখনে সোণালী ৰূপ লৈছে। কাঠৰ বেঞ্চ কেইবাখনো বনাই থোৱা আছে। বহুত বেছি মানুহৰ ভিৰ নাই। ডেকা কেইজনমানে অহা যোৱা পথটোত ক্রিকেট খেলিছে। কাষতে সৌখন জৰামুখুৰীয়া গাওঁ। কিছুপৰ বহাৰ পিছত লাহে লাহে আমাৰ খোজ গাওঁখনৰ ফালে আগবাঢ়িব ধৰিলে।
জৰামুখুৰীয়া গাওঁ।
আধুনিক যান্ত্রিকতাৰ পৰা মুক্ত সহজ সৰল ৰাভা লোকসকলৰ মৰমত পালিত এখন প্রদূষণমুক্ত গাওঁ। আবেলিৰ কোমল ৰ’দ আৰু পাতল বতাহ গাত লৈ গাঁৱলীয়া জীৱনৰ ছবি উপভোগ কৰিবলৈ ওলালোঁ। দুয়োকাষে পথাৰ, মাজে মাজে মানুহৰ ঘৰ। লক্ষ্য কৰিলোঁ কি সুন্দৰ আৰু পৰিপাতি ঘৰ-দুৱাৰবোৰ, কেঁচাই হওক বা পকাই হওক। ডাঙৰ চোতালবোৰ মিহিকৈ সাৰি-মুচি থোৱা আছে। কোনোৱে চোতালত বাঁহ চাঁচি আছে। সুন্দৰ বাঁহৰ কামৰ নিদর্শন দেখিবলৈ পোৱা গ’ল।
প্রায় সকলোৰে ঘৰৰ আগফালৰ জেওৰা, জপনা আদি বাঁহৰ। আগৰ দিনত অনেকৰ ঘৰত ব্যৱহাৰ হোৱা আৰু আজিৰ দিনত প্রায় হেৰাই যাব ধৰা নঙলাৰ প্রয়োগ দেখিলোঁ। চহৰত একোটা ডাঙৰ ঘৰৰ সমুখৰ প্রকাণ্ড লোহাৰ গেইট দেখিলেই ভাৱ হয় যে “প্রৱেশ নিষেধ” আৰু এই নঙলাই যেন সকলোকে সহজ স্বাগতম জনাইছে। দুই এঘৰে পর্যটক আলহীক ৰাখিবৰ বাবে ব্যৱস্থা কৰা দেখিলোঁ।
পথাৰ এতিয়া শুকান। গৰু চৰি আছে। মাজে মাজে সৰু জুৰি একোটা বৈ গৈছে পথাৰৰ মাজেৰে। জুৰিৰ ওপৰত কাঠৰ সাঁকো। নিজান পথাৰত কোনোবাজনী গৰুৰ ডিঙিত গৃহস্থই বন্ধা টিলিঙাৰ টিলিং টিলিং শব্দ।
নীলাভ আকাশৰ গাত ৰঙা ফাকু চটিয়াই লাহে লাহে বেলি মাৰ গ’ল। মাছমৰীয়া দুজনমানে বিলত জাল পাতিছে। সন্ধিয়াৰ নিজান বিলত নাওখনৰ এমূৰে নাৱৰীয়াজন নীৰৱে, অকলশৰে বহি আছে, যেন ধ্যানমগ্ন। নাওখনৰ আনটো মূৰ অলপ দাঙ খাই আছে। আকাশত জাকে জাকে ভাটৌ, হাইঠা, শৰালী হাঁহ আদি পক্ষীৰ ঘৰমুৱা যাত্রা।
কিছু দীঘল দীঘল কৈ উশাহ ল’লোঁ । কিজানি অলপ সৰহকৈ অম্লজান সুমুৱাই আনিব পাৰোঁ! “কামচৰাই”লৈ ঘূৰি আহি পাওঁতে অলপ আন্ধাৰেই হ’ল।
বাৰান্দাখনতে অলপ সময় বহিলোঁ। মিহিকৈ মাটিৰে লিপি থোৱা বাৰান্দা। সন্মুখত জবা এজোপা ফুলি আছে। চাহ একাপ পোৱা হ’লে বৰ ভাল আছিল। ৰাতিৰ ডিউটিত থকা ল’ৰা এজনক কোৱাত বৰ ধুনীয়াকৈ পকৰী আৰু গৰম চাহ আনি দিলে। পুনৰ হাবি যেন ঠাইখিনিত খোজ কঢ়া আৰু গছৰ তলত, বিলৰ পাৰত বহা। ল’ৰাহঁতে ঠাণ্ডাত জুই পুৱাব পৰাকৈ ঠায়ে ঠায়ে জুইৰ ব্যৱস্থা কৰিছে।
পূর্ণিমা নহয় যদিও জোনাক ৰাতি। জোনায়ে বিলৰ পানীত সাঁতুৰাৰ দৃশ্য উপভোগ কৰিলোঁ। কাঠৰ বেঞ্চবোৰৰ লগতে গাড়ীৰ টায়াৰ ব্যৱহাৰ কৰি সজা ঝুলনাও আছে। জোনাক ৰাতি, সন্মুখত চানডুবি বিল, বিলৰ পানীত আকৌ জোনৰ সাঁতোৰ..…আৰু ফাগুনৰ ভাল লগা, পাতলীয়া ঠাণ্ডা….নাই, আৰু বয়সৰ কথা ভাবি খোকোজা লাগি থাকিলে নহ’ব……ঝুলনাত বহিলোঁ আৰু হেঁপাহ পলুৱাই ঝুলি ল’লোঁ। লগতে গুনগুনালোঁ…..
অ’ জিৰি জিৰি নিজৰা ব’ব
জোনাকে তাত সাঁতুৰিব
তোমাৰ আৰু মোৰ
মিলনো তাৰ পাৰতে হ’ব……
ইয়াত উচ্চ স্বৰত সংগীত বজোৱা, মদ্যপান কৰা, প্লাষ্টিক আদি পেলাই লেতেৰা কৰা আদি নিষেধ বুলি সতর্কবাণী লিখি থোৱা আছে। তথাপিও দুই এযোৰ আধুনিক প্রেমিক প্রেমিকাই মদ-মাংস খাই অশালীন ৰূপ ধাৰণ কৰা দেখা গ’ল। আধুনিকতা নহয়, বোধকৰোঁ অত্যাধুনিকতাই কেতিয়াবা বিৰক্তি জন্মায়। ৰাতিৰ আহাৰ খাই অলপ ঘূৰি পকি আমাৰ পজাটিলৈ ওভতিলোঁ।
ৰাতিৰ আহাৰৰ লগত এবিধ শাক আছিল। শাকৰ চাটনি বুলিম নে চালাদ বুলিম বুজি নাপালোঁ, কিন্তু খাই বৰ ভাল লাগিল। খুব মিহিকৈ কাটি নিমখ, তেল, জলকীয়া, পিঁয়াজ দি হাতেৰে কেৱল ভালকৈ মোহাৰি দিছে যেন লাগিল। সম্ভৱত: লাইশাকৰ লগতে আৰু অন্য কিবা শাক মিহলি কৰি দিছে।
ৰাতিপুৱাই পুনৰ ওলাই আহিলোঁ গাঁওখনত খোজ কাঢ়িবলৈ। আগদিনা আবেলি আহোঁতে মন কৰিছিলোঁ পথত ঠায়ে ঠায়ে গোবৰ পৰি থকা। কিন্তু এতিয়া গোবৰতো নায়েই, ক’তো এখিলা সৰা পাতো নাই। গাঁৱৰ লোকসকলে পুৱাই নিজৰ চোতাল ঘৰ পৰিস্কাৰ কৰাৰ লগতে পথটোও সাৰি চাফা কৰিলে। এঠাইত মন কৰিলোঁ নিজৰাৰ দৰে পানী আহি আছে আৰু গাভৰু এজনীয়ে পাথৰ এটাৰ ওপৰত কাপোৰ ধুইছে।
বছৰৰ এই সময়ত পথবোৰ শুকান, কিন্তু গাড়ী মটৰৰ বিশেষ অহা-যোৱা নাই বাবে ধূলি উৰা নাই। কেৱল মাজে মাজে একোখন মটৰচাইকেল যায়। এঠাইত সৰু ল’ৰা-ছোৱালী এহালে চাইকেল চলাইছে, আৰু ডাঙৰ মানুহ দুজনে দুই শিশুৰ ওপৰত চকু দি বাটত খোজ দিছে। কিছুমান অংশত সুন্দৰ পকী পথ, পকী পথৰ কাষত পাহাৰ। নির্মল প্রাকৃতিক পৰিৱেশৰ মাজত গাঁৱৰ মাজেৰে বহুদূৰ আগবাঢ়ি গ’লোঁ।
কেম্পলৈ ঘূৰি আহি ৰাতিপুৱাৰ আহাৰ খাই ঘৰলৈ আহিবলৈ সাজু হ’লোঁ। যোৱাকালিৰ নাৱৰীয়া দিগন্তয়েই আহিল আমাক নিবলৈ। এইবাৰ ঘূৰি আহোঁতে দিগন্তক কোৱাত বিলখনত নাৱেৰে কিছু দূৰলৈ ফুৰালে।
এইপাৰে আহি দেখিলোঁ স্থানীয় মানুহে সৰুকৈ এখন বজাৰ দিছে। আমলখি, শিলিখা, চাউল, হালধি, জালুক, লাউ, কোমোৰা, অমিতা, বাহাক তিতা, আদি বিবিধ বস্তু। খৰিকাত দিয়া গাহৰি মাংস কেইবাখন দোকানত দেখিলোঁ। বিলত ফুৰি আহি খাবলৈ বুলি দুজনমানে ভাত-মাংস ৰান্ধি থ’বলৈ কোৱা দেখিলোঁ।
আমিও গছৰ তলত এখন সৰু দোকান দিয়া মহিলা এগৰাকীৰ পৰা চাহ, পিঠা খালোঁ। দুই এপদ বস্তুও কিনিলোঁ…..মূল্য সুলভ।
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)