-ডা° সুকৃতি চৌধুৰী |
আধাকৈ জনাতকৈ হেনো নজনাকৈ থকাই ভাল ৷ তদুপৰি কোৱা হয় যে অল্পবিদ্যা ভয়ংকৰী ৷ আজিকালি মানুহে ইউ টিউবত চায়েই বিভিন্ন বিষয় শিকাৰ যত্ন কৰে ৷ কিন্ত ইয়াৰো এটা সীমা থাকিব লাগে ৷ ইউ টিউবৰ ভিডিও বনোৱা মানুহজনে সেই নিৰ্দিষ্ট বিষয়টোৰ কিমান জানে বা কিমান খিনি অধ্যয়ন কৰি একোটা বিষয়ে ভিডিও বনাইছে তাৰ তথ্য উল্লেখ কৰা নেথাকে ৷ তথ্যৰ উৎস কি সেই বিষয়েও ইউ টিউব নিমাত ৷ একেবাৰে নোহোৱা-নোপোজা কথা এটাৰো ভিডিও বনাই মচলা মাৰি দেখুৱাই মানুহৰ বাঃ বাঃ লোৱা দেখা যায় ৷ ইউ টিউবে মানুহৰ মাজত কিমান খিনি লৈ শিপাইছে তাৰ দুটা উদাহৰণ দাঙি ধৰিব খুজিলো —
উদাহৰণ -১ : এবাৰ কোনো এখন কন্ফাৰেন্সত ভাগ ল’বলৈ দিল্লী লৈ গৈ দিনটোৰ শেষত বজাৰ কৰিবলৈ লাজপত নগৰৰ চেন্ট্ৰেল মাৰ্কেট পালোগৈ ৷ ছোৱালী মানুহৰ মন ৷ লোভ সামৰিব নোৱাৰি লগাই নলগাই কেইবাযোৰো কাপোৰ কিনিলো ৷ ইয়ালৈ আহিলে মই পাকিস্তানৰ বিপনী খনলৈ নিশ্চয় যাওঁ ৷ ইয়াত পোৱা চুৰিডাৰৰ ডিজাইন অ’তি মনোৰম ৷ কাপোৰৰ গুণাগুণৰ কথাটো ক’বই নেলাগে ৷ ইমান সুক্ষ্মভাৱে ইমান চমৎকাৰ কাম কৰা থাকে যে এবাৰ ইয়াত সোমালে দাদাৰ বোলে প্ৰেছাৰ বাঢ়ি যায় ৷ কিমান দবাও ঠিক নাই যে ৷ মই নিজৰ হাতৰ পৰা জোৰ কৰি কাপোৰৰ দাম দিলেও ঘুৰি অহাৰ সময়ত জোৰ-জবৰদস্তি হাতত টকা গুজি দি ক’ব –“তই ধেৰ খৰচ কৰিলি ৷ এই টকা কেইটা লৈ যা ” ……..যি কি নহওক, ওপৰে ওপৰে চাবলৈ গ’লে গোটেই কথাটো আপোনাক কৈ শুনাব লগা বিশেষ একো নাছিল যদিও মোৰ আচল বিপদ আৰম্ভ হৈছিল AIIMS দিল্লীয়ে সেই নিশা থাকিবলৈ দিয়া থকা গেষ্ট ৰূমটো পাওঁতেহে ৷ কাপোৰে-কানিয়ে কিতাপে-পত্ৰই ভৰ্ত্তি মোৰ লগত লৈ যোৱা ট্ৰলি বেগটোত হেচি -হেচিও আৰু একো নধৰা হ’ল ৷ মই গাধীৰ মুৰত আৰু এটা যে বেগ কিনি আনিম, সেই কথা নেখেলালে ৷ কাৰণ মোৰ আকৰ্ষণ আছিল কেৱল কাপোৰ ৷ ইতিমধ্যে বহু ৰাতি হ’ল আৰু পুৱা সোণকালে মোৰ ফ্লাইট ৷ কি কৰো কি নকৰো ভাবি থাকি হঠাতে মুৰত খেলালে যে বেছি কাপোৰ কম ঠাইত কেনেকৈ ল’ব পাৰি তেনেকুৱা ভিডিও মই ইউ টিউবত চাই নলওঁ কিয় ? মই মুখেৰে আৰ্কিমিডিছৰ দৰে ইউৰেকা ইউৰেকা বুলি নক’লেও ’ৱাও সুকৃতি কিয়া বাত হ্যে ’ বুলি একেজাপে বিছনাত বহি ইউ টিউবত এনে বহু কেইটা ভিডিও বিচাৰি উলিয়ালো ৷ ভিডিও কেইটাত ইমান ধুনীয়াকৈ বেগ বা এটাচীৰ কম ঠাইত কেনেকৈ বেছি কাপোৰ ভৰাই ল’ব পাৰি তাৰ বৰ্ণনা দিয়া আছিল যে সেয়া চাই চাই মইয়ো সকলোবোৰ কাপোৰ আৰু আন সামগ্ৰী মোৰ ট্ৰলি বেগৰ উদৰস্থ কৰিবলৈ সক্ষম হ’লো ৷ অ এই কথা বেলেগ যে পুৱাই মোক সোণকালতে ল’বলৈ অহা দাদাই বেগৰ ওজন দেখি খঙতে –“শিলগুটি ভৰাই আনিছ নে কি ? বেগে মানুহে দুইটাকে দলিয়াই দিম” বুলি দিয়া ধমকটো শুনোতে মই মুখ টিপি হাঁহি আনফালে চাই আছিলো …..
উদাহৰণ-২ : দুবছৰমান আগতে খবৰ কাগজত পঢ়া এটা বাতৰিয়ে মোক হতবাক কৰি তুলিছিল ৷ বাতৰিটো আছিল এনেধৰণৰ –এজন ভদ্ৰলোকৰ পত্নীয়ে প্ৰসৱ যন্ত্ৰণাত কাতৰ হৈ পৰিছে ৷ কিন্ত পত্নীক হস্পিতাললৈ নিনি বা কোনো চিকিৎসক বা নাৰ্ছৰ সহায় নোলোৱাকৈ তেওঁ ইউটিউবত চাই-চায়েই নিজেই প্ৰসৱ কৰাবলৈ যত্ন কৰে ৷ মানুহজনৰ চিকিৎসা শাস্ত্ৰৰ সামান্য জ্ঞানো নাছিল আৰু কেচটো জটিল আছিল ৷ অৱশেষত প্ৰসুতি আৰু সন্তান দুয়োৰে মৃত্যু হ’ল ৷ঘটনাটো আছিল পশ্চিম বংগৰ ৷ ইউ টিউবৰ ভুল ব্যৱহাৰৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু কি হ’ব পাৰে ?
মই কৈ আছিলো আধা জনা কথাৰ বিষয়েহে ৷ মই নজনা কথা সমুদ্ৰতকৈও বিশাল ৷ আৰু আধা জনা বা আধাকৈ শুনা বা ছাঁ-পোহৰৰ দৰে অলপ জনা অলপ পাহৰি যোৱা কথাও এক সমুদ্ৰতকৈ কম নহয় ৷ হয়তো বহুতো কথা ভুলকৈয়ো জানো ৷ ক’ৰবাত বুজোতেও ভুল কৰিছো ৷ এনেকুৱা হ’বই পাৰে ৷ মোৰ ভুল দেখিলে তৎক্ষণাত আঙুলিয়াই দিব ৷ ইয়াৰ বাবে মই অকণো বেয়া নেপাওঁ ৷ বৰঞ্চ মোৰ হৃদয়ত আপোনাৰ প্ৰতি সন্মান আগতকৈ বাঢ়িহে যাব ৷ আইনষ্টাইনৰ দৰে মহান জ্ঞানী মনীষীয়েও জ্ঞান সাগৰৰ পাৰৰ দুটামান শিলগুটিহে বুটলিব পাৰিছে বুলি কৈছিল ৷ তেনেহ’লে মোৰ ক্ষুদ্ৰতা কিমান??
মোৰ এটা বদ অভ্যাস আছে যে লিখাৰ সময়ত মনত থকা কথাবোৰৰ যিসমূহ মনলৈ আহে তাকেই লিখি দিওঁ ৷ মই বিশ্বাস কৰো যে লিখা কামটো স্বতঃস্ফূৰ্ত /Spontaneous হ’ব লাগে ৷ কোনোদিনেই গুগুল /ইউটিউব বা আন কিতাপ বা মোৰ নোটবুকবোৰ নেচাওঁ ৷ কেতিয়াবা কাৎচিৎহে ডাটা টেবুল আদি বাধ্যত পৰি চাব লগাত পৰে ৷ হয়তো মই এলেহুৱা নে কি নেজানো ৷
মোৰ লেখাই আপোনালোকৰ যিমান মৰম পাইছে, আচলতে মই সিমান উপযুক্ত একোৱেই লিখিব পৰা নাই ৷ মই সাধাৰণতে কামৰ মাজে মাজে দুই-চাৰি মিনিট এক দুই লাইন লিখি “only me” option ত নিজৰ টাইম লাইনত চেভ কৰি থওঁ ৷ আকৌ দুই চাৰিমিনিট সময় পালে Edit কৰি আকৌ এক দুই লাইন ইয়াৰ লগত যোগ দিওঁ আৰু চেভ কৰো ৷ এনেকৈ লিখি চেভ কৰি গৈ গৈ এটা সময়ত এটা লেখা হৈ উঠেগৈ ৷ তেতিয়া ইয়াক কপি কৰি আনি পোষ্ট কৰো ৷ কেইদিনমান কোৱাৰাইন্টাইনত থকাৰ বাবে অৱশ্যে মোৰ হাতত বহুত সময় পাইছো ৷
শিকাৰ কোনো বয়স নাই ৷ আমি গোটেই জীৱনেই শিকিব লাগে ৷ ক’ৰ’বাত পঢ়িছিলো যে বাট্ৰাণ্ড ৰাছেলৰ বুঢ়ী আইতাকে ১০২ বছৰ বয়সত গ্ৰীক ভাষা শিকিছিল সেই ভাষাত লিখা ক্লাছিক কিতাপবোৰ পঢ়িবলৈ বোলে !! ওমৰেশ পুৰীৰ দৰে অভিনেতাই হেনো ৪০ বছৰ বয়সতহে কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ ডোনাল্ড ট্ৰাম্পৰ বয়স কিমান জানেনে ?
মোৰ অৱশ্যে এই কথা কোৱাৰ নৈতিক অধিকাৰ নাই যে ভাল লেখা এটা সৃষ্টি কৰিবলৈ মানুহে কিতাপ-পত্ৰ, নোটবুক,অভিধান, ব্যাকৰণৰ কিতাপ আৰু গুগল সকলো কাষতে ৰাখি ভালদৰে লিখাৰ প্ৰয়াস কৰিব লাগে ৷ মই এনেকৈ লিখাৰ বাবে নিজকে এতিয়াও মনাব পৰা নাই ৷ হৃদয়ৰ শব্দবোৰ মাথো টাইপ কৰি গৈছো আপোনাৰ বাবেই ৷ কিন্ত “এইচা কব তক চলেগা ?” নেজানো
বাৰু মোক কওঁকচোন আপুনি কিয় লিখে ? কিহে আপোনাক লিখিবলৈ উচটনি দিয়ে ?
দিনবোৰ শুভ হওক, আপোনাৰ হাঁহি সদায় মুখত লাগি থাকিব ৷