-ডা° সুকৃতি চৌধুৰী |
আজি আপোনালোকক সংখ্যাতত্ত্বৰ ওপৰত পঢ়া কিতাপত পোৱা এটা বিশেষ কথা কৈ শুনাবলৈ মন গ’ল৷ সংখ্যাতত্ত্ব বা ইংৰাজীত ক’লে Numerology ৰ সৈতে মোৰ চিনাকি বহুত আগৰ দেই৷ মেট্ৰিক দি উঠাৰ পিছত তিনিমাহ মান সময়ৰ প্ৰথম অলপদিন ক’লৈ যাম কি কৰিম বুলি হোষ্টেল আৰু পি জিত থাকি আমনি লগাত এদিন অভিমান কৰি দাদাক ফোনতে বহুত কিবাকিবি ক’লো৷ ইচ্ এতিয়া ভাবি লাজ পাওঁ৷ বালিকা মনৰ কি যে অদ্ভুত দাবী কিছুমান আছিল৷ তেওঁ দুদিনমান পিছত মোৰ ওচৰলৈ আহিল৷ লগতে ৪/৫ খন মান কিতাপৰ এটা টোপোলা৷ …”নাই নাই মই নপঢ়ো, নপঢ়ো, আৰু জীৱনী, ভ্ৰমণ কাহিনী বা আন কিহবাৰ ওপৰত লিখা কিতাপ৷ আপুনি মোক ফুৰাব নিয়ক না ক’ৰবাত৷ ইমান বেয়া লাগে ইয়াত থাকি৷” তেওঁ শান্ত হৈ থাকিয়েই ক’লে : “তোক মই এই কিতাপ কেইখন পঢ়িবলৈ নহয়, কৰি চাবলৈহে আনিছো৷ ” মানে? —“এই কেইখন হ’ল সংখ্যাতত্ত্বৰ কিতাপ৷” দাদাই জানিছিল যে মই অংক কৰি খুউব ভাল পাওঁ৷ সেয়ে এই সংখ্যাতত্ত্বৰ কিতাপ৷ তেওঁ হোষ্টেলৰ দিনত হেনো এইবোৰ পঢ়িছিল৷ কিতাপবোৰত লিখা আছিল Mr_×××× আৰ কে বি হোষ্টেল, কটন কলেজ৷ ইতিমধ্যে তেওঁ হেনো এবাৰ প্লেনছেট কৰি আত্মা মাতি কিবা গণ্ডগোল হৈছিল, এইবোৰ কাহিনীও শুনাইছিল৷ মই চকু বহল কৰি শুনিছিলো৷ “মাতক না মোৰ দেতাক”___মই তেওঁক কুটুৰিছিলো৷ “ধেই এইবোৰ মই কাহানিবাই এৰিলো৷ মোৰ দাদাহঁতে গম পালে পিঠি ফালিব”🤣_____দাদা গৈছিলগৈ আৰু মই ডুব গৈছিলো সংখ্যাতত্ত্বৰ কিতাপত__________অংক কৰি কৰি আশ্চৰ্য হৈছিলো ৷ এইখন দেখোন নতুন পৃথিৱী৷ আৰু দুখনমান কিতাপ পিছত কিনিছিলো৷ লাহে লাহে সোমাই গৈছিলো বিষয়টোত——-
বাৰু বাদ৷ আপুনি জানেনে সংখ্যাতত্ত্বৰ দৃষ্টিত আপোনাৰ এটা বিশেষ নম্বৰ থাকে৷ এই নম্বৰটোক আপোনাৰ মূলাংক বুলি কয়৷ মূলাংক ১ ৰ পৰা ৯ ৰ ভিতৰত হয়৷ আপোনাৰ মূলাংক অনুসৰি জীৱনৰ বহুত কথা নিৰ্ভৰ কৰে৷ আজি আমি আপোনাৰ মূলাংক অনুসৰি সেই কিতাপবোৰত কোৱা এটা কথাহে আলোচনা কৰিম দেই৷ সেইটো হ’ল আপোনাৰ মূলাংক অনুসৰি আপোনাৰ মোবাইলৰ ৰিং ট’ন কেনে হ’লে জীৱনত সফলতা আৰু সুখ-শান্তি আহিব৷
কিন্ত তাৰ আগতে চাও আহকচোন মূলাংকনো কেনেকৈ উলিয়াব লাগে৷ মানে আপুনি কি দৰে জানিব যে আপোনাৰ মূলাংক কি?
এই অংকটো এনেদৰে কৰে:-
ধৰি লওক আপোনাৰ জন্মৰ চন তাৰিখ এনে ধৰনৰ:
প্ৰথমে গোটেই কেইটা সংখ্যা যোগ কৰক:
২+৬+0+৭+১+৯+৮+৪=৩৭
তাৰ পিছত উত্তৰটোৰ সংখ্যা দুটা আকৌ যোগ কৰক : ৩ +৭=১০
আকৌ এবাৰ উত্তৰটোৰ সংখ্যা দুটা যোগ কৰক:
১+০=১. তাৰমানে ২৬/০৭/১৯৮৪ ত জন্ম হোৱা মানুহজনৰ মূলাংক হ’ব ১.
মানুহৰ মূলাংক ১ ৰ পৰা ৯ ৰ ভিতৰতহে হ’ব পাৰে৷ সেয়ে যেতিয়ালৈকে ১ ৰ পৰা ৯ ৰ ভিতৰত single number নাহে তেতিয়ালৈকে আপুনি উত্তৰৰ সংখ্যা দুটা যোগ কৰি আহি থাকক যিদৰে মই উদাহৰণটোত দেখুৱালো৷ বুজিলেনে বাৰু৷ বহুত সহজ কিন্ত বিৰাট interesting৷
মূলাংকক ইংৰাজীত Life Number কয় দেই৷
এতিয়া আপোনাৰ মূলাংক কিমান হিচাপ কৰক আৰু তাৰ পিছত তলৰ কথাখিনি পঢ়কচোন:-
(১) আপোনাৰ মূলাংক যদি ১ বা ৩ বা ৯ হয় তেনহ’লে সংখ্যাতত্ত্বই কয় যে আপুনি সাহসী আৰু Risk ল’বলৈ ভয় নকৰা মানুহ৷ আপুনি সাধাৰণতে “প্ৰাণ যায় বচন না যায়” টাইপৰ হয়৷ মানে কথা দিলে মৰি-পৰি হ’লেও কথা ৰাখিবই৷ আপোনাৰ মোবাইৰ ৰিং টন উৎসাহ ভৰা গান, পশ্চিমীয়া জাজ্ সংগীতৰ ধ্বনি বা দেশভক্তিমূলক বিৰাট উৎসাহমূলক গাণ কৰিলে আপোনাৰ বাবে কল্যাণকৰ হ’ব বুলি সংখ্যাতত্ত্বই কয়৷
(২) আপোনাৰ মূলাংক যদি ২ বা ৭ হয় তেনেহ’লে সংখ্যাতত্ত্বই কয় যে আপুনি ৰোমাণ্টিক, আৱেগিক আৰু কল্পনাপ্ৰিয় মানুহ৷ আপোনাৰ মোবাইলৰ ৰিংটনটো বাবে love song অথবা চেতাৰ বা হাৰমনিয়ামৰ সুৰৰ ধ্বনি হোৱা উচিত বুলি সংখ্যাতত্ত্বই কয়৷কিন্তু এই লোক সকলে দুখ বা বিষাদৰ গান ৰিং টন কৰা অনুচিত৷
(৩) আপোনাৰ মূলাংক যদি ৫ বা ৬ হয় তেনেহ’লে আপুনি যুগৰ সৈতে বঢ়িয়াকৈ খাপ খাই চলিব জনা মানুহ৷ আপোনাৰ মোবাইলৰ ৰিংটন কোমল অৰ্থপুৰ্ণ গান হ’ব লাগে বুলি সংখ্যাতত্ত্বই কয়৷ মাউথ অৰ্গেন, মধুৰ সংগীত বা ভায়’লিনৰ সুৰ আপোনাৰ মোবাইলৰ ৰিংটন কৰিব পাৰে৷
(৪) আপোনাৰ মূলাংক যদি ৪ বা ৮ হয় তেনেহ’লে আপুনি জেদ থকা মানুহ দেই৷ সহজে আনৰ তলত থাকি বা আনৰ কথা মানি চলি “ভালো পাই না”🤣৷ কিবা কথা যদি জেদত লাগিল ৰইখা নাই আৰু পৰভু৷ আপুনি টিম ৱৰ্ক কৰাত বহুত পাকৈত৷ সংখ্যাতত্ত্বই কয় যে আপোনাৰ মোবাইলৰ ৰিংটন দেশ প্ৰেম বা আধ্যাত্মিক গান যাৰ মাজত তবলাবাদন বা চেতাৰ বাদন আছে ৰখা উচিত৷
উপসংহাৰঃ
=========
আকৌ কৈছো: বিশ্বাসে মিলয় হৰি তৰ্কে বহুদুৰ৷ আপুনি এই কথাবোৰ মুঠেও বিশ্বাস নকৰিলেও চলিব৷ এই কথাবোৰ মই একালত সংখ্যাতত্ত্বৰ কিতাপবোৰত পঢ়িছিলো৷ মই মুঠেই দাবী নকৰো যে লিখা কথাবোৰ হ’বই লাগিব৷ মাথো সংখ্যাতত্ত্বই কোৱা কিছুমান interesting কথা বুলিয়েই পঢ়িব৷ দয়া কৰি লিখা কথাবোৰ যেন বিতৰ্কৰ আওতালৈ নাযায়৷ যি সকলে এই কথাবোৰ জনাত আগ্ৰহী এই লেখাটো তেওঁলোকৰ বাবেই৷
বাকী মোৰ সৰল বিশ্বাস হ’ল: “মানুহে কঠোৰ পৰিশ্ৰমেৰে নিজৰ ভাগ্যক নিজেই গঢ় দিয়ে৷ মানুহৰ দৃঢ় নিশ্চয়ৰ আগত এভাৰেষ্ট শৃংগও চাপৰ হৈ যায়৷”