–ডা° সুকৃতি চৌধুৰী |
[জাপানৰ পৰা মহাবাহুলৈ-২১]
আপুনি কিতাপ পঢ়ি ভাল পায়৷ পৃথিৱীৰ বিভিন্ন দেশৰ বহুতো লেখকৰ লেখা আপুনি পঢ়িছে৷ অন্ততঃ তেওঁলোৰৰ গ্ৰন্থ পৰ্যালোচনা খবৰ- কাগজত আপুনি নিশ্চয় পঢ়ে৷
কিন্ত জানেনে ভাৰতীয় লেখক সকলৰ বাদে আমি পঢ়া বিদেশী লেখক সকলৰ সৰহভাগেই হয় ইউৰোপীয় অন্যথা আমেৰিকান৷ অথচ ইউৰোপ আৰু আমেৰিকাৰ বাহিৰতো সাহিত্যৰ এখন বিৰাট জগত আছে৷
উদাহৰণ স্বৰূপে আমি সৰহভাগ মানুহেই পাকিস্তানৰ সিপাৰে থকা ইৰানৰ সাহিত্যৰ ভু কে নাপাওঁ৷ ইৰানৰ কবি ৰোমীৰ কালজয়ী কবিতাসমূহে তেওঁক কেৱল ইৰানতেই নহয়, সমগ্ৰ বিশ্বতে উচ্চ আসন দিছে৷ ৰোমীৰ কবিতা অসমীয়া লৈ অনুবাদ হোৱা নাই বুলিয়েই মোৰ ধাৰণা৷ মই গোৰখপুৰত থাকোতে ৰোমীৰ কবিতাৰ হিন্দী অনুবাদ পঢ়ি শিহৰিত হৈছিলো৷পিছত ইংৰাজী অনুবাদো পঢ়িছিলো যদিও হিন্দী অনুবাদটোহে কবিতাৰ আচল ভাৱৰ বেছি ওচৰ-চপা আছিল যেন লাগে৷ আমি আৰবৰ সাহিত্যৰ কথা ভাবো ইৰানৰ সমৃদ্ধিশালী সাহিত্যলৈ সময় কৰিব নোৱাৰো৷
উচ্চ স্তৰৰ সাহিত্য আছে নিউজিলেণ্ডৰো৷ বিশেষতঃ মাউৰী জনগোষ্ঠীৰ সাধুবোৰ অ’তি মনোৰম৷ অথচ অষ্ট্ৰেলিয়াৰ সাহিত্যৰ প্ৰতি আগ্ৰহী হৈ নিউজিলেণ্ডক আওকাণ কৰো৷
কিন্ত আমি প্ৰায় মনতেই নেপেলোৱা সাহিত্য হ’ল : আফ্ৰিকাৰ সাহিত্য৷ আফ্ৰিকাৰ বৈচিত্ৰ্যময় সংস্কৃতি, পৰম্পৰা, বিচিত্ৰ প্ৰকৃতিৰ দ্বাৰা বিধৌত সাহিত্য সম্ভাৰ অ’তি ৰমনীয়৷
মই কানপুৰত পঢ়ি থাকোতে প্ৰবাসী ভাৰতীয় ব্যৱসায়ী শ্ৰীযুত ৰমেশ জগদীপ চোলাংকীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা তেওঁৰ পুত্ৰ এতিয়া সৰগবাসী ডা° আনিকেত ৰমেশ চোলাংকীলৈ পঠিওৱা সেই মহাদেশৰ সাহিত্যৰ অসংখ্য কিতাপৰ অধিকাৰ অৱশেষত মই পাইছিলো_____
আফ্ৰিকাৰ সাহিত্যৰ ওপৰত যদি ক’বলৈ দিয়া হয়, তেনেহ’লে বহুতো খণ্ডৰ বৃহৎ গ্ৰন্থ শৃংখল হ’বগৈ৷ আফ্ৰিকাৰ লোক সাহিত্য অ’তি সমৃদ্ধিশালী মনোৰম৷ ফেচবুকত ইমান দীঘলীয়া আলোচনা কৰাটো সম্ভৱ নহয়৷ আপোনালোকে আশীৰ্বাদ দিলে আফ্ৰিকাৰ সাহিত্য সম্ভাৰ ভৱিষ্যতে অসমীয়ালৈ অনুবাদ কৰিম বুলি ভাবি থৈছো৷
আজি মোৰ জোলোঙাত আপোনালোকৈ আফ্ৰিকাৰ দুজনমান মহান লেখকৰ অতিশয় চমু পৰিচয় লৈ আনিছো৷ মই মাত্ৰ উল্লেখহে কৰিলো বুলি ক’ব পাৰে৷ কাৰণ এই সকলৰ এজনৰ বিষয়েও বিস্তাৰিতভাৱে ক’বলৈ গ’লে বহুখণ্ডৰ চিৰিজ লিখিব লিগিব৷
(১) চিনুৱা আচেবে (Chinua Achebe):-
———————————————————
চিনুৱা আচেবেৰ জন্ম হৈছিল ১৯৩০ চনৰ ১৬ নৱেম্বৰৰ দিনা নাইজেৰিয়াত আৰু মৃত্যু হয় ২১ মাৰ্চ ২০১৩ চনত আমেৰিকাৰ বোষ্টনত৷ তেখেতক আধুনিক আফ্ৰিকীয় সাহিত্যৰ most dominant figure বুলি কোৱা হয়৷ একেধাৰে কবি, ঔপন্যাসিক আৰু সাহিত্য সমালোচক চিনুৱা আচেবেই তেওঁৰ লেখা সমুখৰ মাজেৰে বৰ্ণবৈষম্যবাদৰ প্ৰকৃত ছবিখন উদঙাই দিছিল৷ চিনুৱা আচেবে সৰ্বপ্ৰথম জোচেফ কনৰাডৰ Heart of darkness খনৰ কালজয়ী আলোচনাৰ মাজেৰে লাইম লাইটলৈ আহে৷ চিনুৱা আচেবেৰ অ’তিশয় সুখপাঠ্য কিতাপখন হ’ল: Things fall apart. ইয়াত তেওঁ বৰ্ণবৈষম্যবাদৰ প্ৰকৃত ছবিখন বৰ সুন্দৰৰৈ ফুটাই তুলিছে৷
(২) নেলচন মেণ্ডেলা
——————————-
নেলচন মেণ্ডেলাৰ বিষয়ে এটা সৰু পেৰেগ্ৰাফত ক’ব পাৰে জানো? তেখেতে বৰ্ণবৈষম্যবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে শক্তিশালী ৰূপত কলম চনাই গৈছিল৷ নেলচন মেণ্ডেলাৰ আত্মজীৱনী Long walk to freedom কিতাপখন প্ৰতিজন শিক্ষিত মানুহেই পঢ়া উচিত৷ইয়াৰ বাদেও Prison letters of Nelson Mandela এখন কালজয়ী কিতাপ৷
(৩) বুচি এমেচেটা (Buchi Amecheta)
——————————————————-
বুচি এমেচেটা (Buchi Amecheta) আছিল আফ্ৰিকাৰ শক্তিসালী মহিলা লেখিকা৷ লিঙ্গবৈষম্যৰ বিৰুদ্ধে শক্তিশালী কণ্ঠৰে প্ৰতিবাদ কৰা বুচি এমেচেটাৰ ২৫ জুলাই ১৯৪৪ চনত নাইজেৰিয়াৰ লাগচত জন্ম হয়৷ তেখেতৰ মৃত্যু হয় ২০১৭ চনৰ ২৫ জানুৱাৰীৰ দিনা লণ্ডনত৷ তেখেতে ২০ খনতকৈও বেছি কালজয়ী কিতাপ লিখি বিশ্ববাসীৰ হৃদয় জয় কৰিছিল৷ তেখেতৰ কিতাপ সমূহৰ ভিতৰত Second class citizen, The bride price, The slave girl, The joys of motherhood আদি সমূহ প্ৰধান৷ প্ৰতিখন উপন্যাসতেই তেখেতে আফ্ৰিকাৰ নাৰীৰ ওপৰত হোৱা শোষণ, অত্যাচাৰ আৰু বৈষম্য আৰু সামাজিক কু-প্ৰথা সমূহ উদঙাই দিছিল৷ তেখেতৰ ভাষা ইমানেই সুমধুৰ যে কিতাপখন হাতত ল’লে খাৱন-শোৱন সকলো পাহৰিব৷ বুচি এমেচেটাই একমাত্ৰ লেখিকা যাৰ প্ৰত্যেকখন কিতাপেই পঢ়িছিলো বুলি মই দাবী কৰিব পাৰো৷ প্ৰতিটো শাৰীয়েই হৃদয়ত খলকনি তুলিছিল৷ তেওঁৰ দ্বাৰা সৃষ্ট চৰিত্ৰ সমূহ এনে হয় যে এইসমূহে জীৱনত দুখ-কষ্টৰ মাজেৰে শিক্ষা আৰু অভিজ্ঞতা আহৰণ কৰি সকলোকে আগুৱাই লৈ যায়৷
(৪) অ’ল চইনকা (Wole Soyinka):
————————————————-
অ’ল চইনকাৰ জন্ম ১৩ জুলাই ১৯৩৪ চনত নাইজেৰিয়াৰ আবেওকুটা নামৰ ঠাইত৷ তেখেতে ১৯৮৬ চনত সাহিত্যৰ নোবেল বটা লাভ কৰে৷ সাহিত্যৰ নোবেল পুৰস্কাৰ পোৱা তেখেতেই আছিল প্ৰথমজন আফ্ৰিকীয় লেখক৷
The Telephone Conversation নামৰ তেওঁৰ যিখন কালজয়ী সৃষ্টি সেইখন পঢ়ি মোৰ দৰে সামান্য পাঠিকা তিনিদিন মানলৈকে ভাৱ বিভোৰ হৈ আছিলো৷ এজন আফ্ৰিকাৰ মানুহৰ সৈতে এগৰাকী পাশ্চাত্যৰ মহিলাৰ টেলিফোনত সংযোগ হয়৷ তাৰ পিছত কাহিনীটো এনেদৰে আগবাঢ়ে যে আপুনি আন এখন মনৰ জগতত সোমাই পৰিব৷
মই কানপুৰত পঢ়ি থকা কালত নাট্যকাৰ ফাৰুক চিদ্দিকীৰ”তুমহাৰী অমৃতা” নামৰ এখন কালজয়ী নাটক চাইছিলো৷ নাটকখনত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ বন্ধুত্ব হয় আৰু তেওঁলোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম হ’ল টেলিফোন৷ গোটেই জীৱন একেবাৰে বৃদ্ধ অৱস্থালৈকে তেওঁলোকৰ এই বন্ধুত্ব অক্ষুণ্ণ থাকে৷ জীৱনৰ প্ৰতিটো বয়সৰ প্ৰত্যেকটো কথা মানুহজনে পুৰুষৰ দৃষ্টিৰে আৰু মহিলা গৰাকীয়ে নাৰীৰ দৃষ্টিৰে ব্যাখ্যা কৰি যায়৷ এই নাটকখনৰ দৰে নাৰী আৰু পুৰুষে নিজৰ সুক্ষ্মতম অনুভৱবোৰ এজনে আনজনক কোৱা কোনো নাটক চোৱা মনত নপৰে৷পঢ়িবলৈ পাইছো যে মুম্বাইত এই নাটকখনত যেতিয়া ফাৰুক শ্বেখ আৰু শ্বাবানা আজমীয়ে ষ্টেজত অভিনয় কৰিছিল তেতিয়া হেনো বলীউডৰ ডাঙৰ ডাঙৰ পৰিচালক /অভিনেতা সকলোৰে মুখৰ মাত হেৰাইছিল৷ আপোনালোকে মন কৰিলে “তুমহাৰী অমৃতা” নাটকখন নেটত বিচাৰি চাব পাৰে৷
মোৰ এনে লাগে যে, ফাৰুক চিদ্দিকীৰ “তুমহাৰী অমৃতা” নাটকখনৰ কাহিনীটো অ’ল চইনকাৰ The Telephone Conversation ৰ কাহিনীটোৰ দ্বাৰা প্ৰেৰিত হৈছে৷
অ’ল চইনকাৰ আনবোৰ কিতাপৰ ভিতৰত The Lion and the Jewel while for Zia, With Love, Lady Babua আদি সমূহ প্ৰধান৷
চইনকাৰ লেখাৰ শৈলী ইমান সহজ কথা-বতৰাৰ দৰে যে পাঠকে কাহিনীৰ ভিতৰলৈ সোমাই সহজেই ৰস আস্বাদন কৰিব পাৰে৷ তদুপৰি প্ৰতিটো শাৰীতেই মনলৈ আহে what next what next what next_______
(৫) নুৰুদ্দিন ফাৰাহ (Nuruddin Farah)
——————————————————–
১৯৪৫ চনৰ ২৪ নবেম্বৰৰ দিনা চোমালিয়াৰ বাইদোৱা নামৰ ঠাইত নুৰুদ্দিন ফাৰাহৰ জন্ম৷তেখেতে দুৰ্ভিক্ষগ্ৰস্ত চোমালিয়াৰ প্ৰকৃত ছবিখন লেখাবোৰৰ মাজেৰে দাঙি ধৰিছে৷ ১৯৭০ চনত প্ৰকাশ হোৱা তেখেতৰ From the crooked rib নামৰ কিতাপখন জগদ্বিখ্যাত৷ আজিৰ তাৰিখত নুৰুদ্দিন ফাৰাহেই হ’ল আফ্ৰিকাৰ সৰ্বাধিক চৰ্চিত লেখক৷