আমেৰিকা
• দিলীপ দৈমাৰী
যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰিছে যে আমেৰিকাৰ সৈন্যবাহিনীৰ গোপন অভিযানৰ ফলত মৃত্যু হৈছে আই-এছ মূৰব্বীৰ, প্ৰকৃততে চিৰিয়াৰ মেলানৰ পৰা প্ৰকাশিত বাৰ্তা অনুসৰি আমেৰিকাৰ সৈন্যবাহিনীৰ হাতত ধৰা পৰাৰ আশংকা কৰি পৰিয়াল-সহ নিজকে নিঃশেষ কৰি দিলে আই-এছ মূৰব্বী আবু ইব্ৰাহিম অল-হাছিমি অল-কুৰেছিয়ে।
আমেৰিকাৰ প্ৰতিৰক্ষা বাহিনীৰ কাৰ্যালয় পেন্টাগনৰ পৰা সংবাদ সচিব জন কিৰবিয়ে দাবী কৰিছে যে আমেৰিকাৰ সৈন্যবাহিনীয়ে বুধবাৰে মাজনিশা উত্তৰ-পশ্চিম চিৰিয়াত মূলতঃ জঙ্গী অল-কায়দাৰ বিৰুদ্ধে চলোৱা এক সন্ত্ৰাসবিৰোধী অভিযানত আই-এছ মূৰব্বীৰ মৃত্যু হয়।
এই অভিযানৰ পিছত চিৰিয়াৰ উদ্ধাৰকৰ্মী সকলে জনাইছে যে আক্ৰমণ আৰম্ভ হোৱাৰ পিছত এটা বিস্ফোৰণ ঘটে আৰু সেই বিস্ফোৰণৰ ফলত ১৩ জনৰ মৃত্যু হয়। সেই কেইজনৰ ভিতৰত ৬ জন শিশু আৰু ৪ গৰাকী মহিলা আছে। পিছলৈ গম পোৱা যায় যে নিহত সকলৰ মাজত আই-এছ মূৰব্বী আবু ইব্ৰাহিম অল-হাছিমি অল-কুৰেছি আৰু তেওঁৰ পত্নী তথা শিশুও আছে। ইৰাকৰ নাগৰিক আবু ইব্ৰাহিম অল-হাছিমি অল-কুৰেছিয়ে চিৰিয়াৰ পৰা আই-এছক নেতৃত্ব দিছিল বুলি বাৰ্তা আহিছে। ২০১৯ চনৰ অক্টোবৰত চিৰিয়াত আমেৰিকাৰ অভিযানৰ সময়ত আই-এছ মূৰব্বী আবু বকৰ আল-বাগদাদি নিহত হয় আৰু তেতিয়াৰ পৰাই ইব্ৰাহিম অল-হাছিমি অল-কুৰেছিয়ে নেতৃত্বত আছিল। ০৪-০২-২০২২