–অসমীয়া অনুবাদ: হৰকুমাৰ গোস্বামী |
ইছলাম আৰু জনগণৰ সংগ্ৰামৰ প্ৰশ্নটো পুনৰাই আলোচনাৰ কেন্দ্ৰীয় বিষয়বস্তুত পৰিণত হৈছে আফগানিস্তানৰ সাম্প্ৰতিক ঘটনা প্ৰবাহৰ পৰিপ্ৰেক্ষিতত। আফগানিস্তান নামক ভূখণ্ডটো অৱস্থিত প্ৰাচীন বাণিজ্যৰ ছিল্ক ৰুটত আৰু মধ্য প্ৰাচ্য তথা মধ্য এছিয়াৰ কেন্দ্ৰত। ৰণনীতিগত দিশৰ পৰা গুৰুত্বপূৰ্ণ এই ভূখণ্ডই আলেকজেণ্ডাৰ দা গ্ৰেট, আৰব মুছলিম, ছেঙ্গিজ খানৰ সামৰিক অভিযান যিদৰে প্ৰত্যক্ষ কৰিছে, ঠিক তেনেদৰে আধুনিক ঔপনিবেশিক শক্তি তথা সাম্ৰাজ্যবাদী ব্ৰিটিছ, ৰাছিয়া আৰু আমেৰিকাৰ দখলদাৰ বাহিনীৰ আগ্ৰাসনৰ চিকাৰ হৈছে। বিদেশী শক্তিক যুদ্ধত পৰাজিত কৰাই যে আফগান জনগণৰ জীৱন যাপনৰ প্ৰধান দিশ হৈ উঠিব সেয়া কোৱা বাহুল্য মাথো, কাৰণ আফগান সকলে কাৰো বশ্যতা স্বীকাৰ কৰিবলৈ যে শিকা নাই, সাম্ৰাজ্যবাদী আগ্ৰাসনৰ দীৰ্ঘ ইতিহাসে তাৰ সাক্ষ্য বহন কৰে। বন্দুকৰ নলেই যত ক্ষমতাৰ উৎস, তাত নাৰীৰ অধিকাৰৰ পশ্চিমীয়া লিবাৰটাৰিয়ান ধাৰণাই আফগান মহিলা সকলৰো সমৰ্থন পোৱাত ব্যৰ্থ। তালিব সকল অৰ্থাৎ মাদ্ৰাছাত পাঠ লোৱা দুখীয়া খেতিয়ক পৰিয়ালৰ ছাত্ৰ সকলৰ দৃষ্টিভংগীত শিপাই আছে মহিলাৰ আব্ৰু ৰক্ষাৰ পিউৰিটান ধাৰণা। তেওঁলোকৰ পৃথিৱী ভাৰতীয় উপ-মহাদেশৰ মাদ্ৰাছাকেন্দ্ৰিক ইছলাম তথা চুন্নী পাখটুনৱালা জীৱন দৰ্শনৰ সৈতে সংপৃক্ত। তালিবান সকলৰ জন্মই হৈছে পাহাৰ-জংঘল-পানী আৰু গাঁৱৰ ৰুক্ষ পৰিবেশত জীৱনক বাজি ৰাখি সাম্ৰাজ্যবাদী দখলদাৰ বাহিনীৰ বিৰুদ্ধে বোমা-বৰুদ-বন্দুকৰ যুদ্ধৰ লিপ্ত থকাৰ মাজত। আধুনিক পুঁজিবাদী বিশ্বৰ জটিলতা সম্পৰ্কে অনভিজ্ঞতা হেতু তালিবান সকল হব লগীয়া হৈছে অজস্ৰ ভুল-ভ্ৰান্তিৰ চিকাৰ। আমেৰিকান সাম্ৰাজ্যবাদ আৰু আই এছ আইৰ পৃষ্ঠপোষকতাপুষ্ট চৌদি কেন্দ্ৰিক প্ৰতিক্ৰিয়াশীল ইছলামী ভাৱধাৰাৰ খপ্পৰতো তেওঁলোক পৰিছে। দীৰ্ঘ কুৰি বছৰৰ আমেৰিকান সাম্ৰাজ্যবাদ বিৰোধী প্ৰত্যক্ষ জনযুদ্ধই তালিবান সকলক ক্ৰমশঃ ভুল-ভ্ৰান্তি সমূহ আঁতৰাই পৰিপক্কতা অর্জনৰ ফালে লৈ গৈছে। এনে প্ৰেক্ষাপটতেই চৌদিৰ পৰা আমদানিকৃত সেই ভাৱধাৰা ক্ৰমশঃ দুৰ্বল হৈছে আৰু দুৰ্বল হবলৈয়ো বাধ্য। বাধ্য হৈছে আফগানিস্তানৰ সামাজিক সম্পৰ্কবোৰৰ প্ৰভূত পৰিবৰ্তনৰ বাবে। সাম্ৰাজ্যবাদৰ বিৰুদ্ধে চলি থকা যুঁজখনক এক নিৰ্ণায়ক দিশা দিয়াৰ তাগিদতেই এইবাৰ তালিবান সকলে পাখটুনৱালাৰ জনজাতীয় সংকীৰ্ণতাৰ বাহিৰলৈ ওলাই আফগানিস্তানৰ বিভিন্ন জনগোষ্ঠীৰ ব্যাপক সমন্বয় গঢ়ি তুলিছে। যিসকলে পাঞ্চশিৰৰ ক্ষুদ্ৰ ভূখণ্ডত মাছুদ বাহিনীৰ তালিবান বিৰোধী প্ৰতিৰোধক দৃষ্টান্ত হিচাপে দেখুৱাবলৈ বিচাৰে, তেওঁলোকে মনত ৰখা উচিত যে তাজিক মুজাহিদ আৰু বিপ্লৱী নায়ক হিচাপে পৰিচিত আহমদ শ্বাহ মাছুদ জামাতে ইছলামৰ নেতা আছিল। নিপীড়ণৰ কাঠামোটো স্তৰীভূত আৰু পৰস্পৰ সংপৃক্ত। সাম্ৰাজ্যবাদী প্ৰত্যক্ষ শাসনৰ বিৰুদ্ধে সংগ্ৰামে স্তৰে স্তৰে সজ্জিত সকলোধৰণৰ নিপীড়ণৰ কাঠামোক প্ৰভাৱিত কৰে, আনকি নাৰী-পুৰুষৰ পিতৃতান্ত্রিক কাঠামোকো। ইছলাম ধৰ্মালম্বী কুৰ্দিছ মহিলাবাহিনীৰ আইছিছ বিৰোধী সশস্ত্ৰ সংগ্ৰাম পশ্চিমী দুনীয়াৰ এলিট ফেমিনিষ্ট সকলৰ কল্পনাৰ জগতৰ বাহিৰৰ। তালিবান সকল ক্ষমতালৈ অহাৰ ফলত ইছলামী কট্টৰবাদ বা ইছলামী সন্ত্ৰাসবাদৰ শ্ৰীবৃদ্ধি ঘটিব বুলিয়েই বহুতৰে ধাৰণা। তেওঁলোকে আনকি মহিলাসকলৰ অধিকাৰৰ প্ৰশ্নক সাম্ৰাজ্যবাদ বিৰোধী ৰাজনীতিৰ বাহিৰত এক সৰলৰৈখিক মতাদর্শগত বিষয় হিচাপে দেখে।
কোনো সন্ত্ৰাসবাদেই বিশেষ কোনো ৰাষ্ট্ৰ ক্ষমতা আৰু বিশেষকৈ সাম্ৰাজ্যবাদী ৰাষ্ট্ৰৰ পৰোক্ষ কিম্বা প্ৰত্যক্ষ পৃষ্ঠপোষকতা অবিহনে টিকি থাকিব নোৱাৰে। আনফালে মিলিটেণ্ট যুঁজাৰু বাহিনী (তেওঁলোকৰ মতাদৰ্শ যিয়েই নহওক কিয়) এটাই যদি জনগণৰ ওপৰত নিৰ্ভৰ কৰে আৰু জনগণৰ সক্ৰিয় সমৰ্থনক সাৰথি কৰি যুজঁ অব্যাহত ৰাখে, তেনে সেই বাহিনীক সন্ত্ৰাসবাদী বুলি আখ্যায়িত কৰিব পৰা নাযায়, কিয়নো সন্ত্ৰাসবাদৰ মূল কথাই হৈছে জনগণক সন্ত্ৰস্ত কৰা।
ইছলামৰ সার্বিক প্ৰভাৱ স্বত্বেও জনগণৰ প্ৰতিৰোধ সংগ্ৰামত বিশ্বজোৰা ইছলামী সন্ত্ৰাসবাদ এতিয়া ক্ৰমশঃ পিচহোহোকি গৈ থাকিব। কিয়? সেই আটাইবোৰ সন্ত্ৰাসবাদী শক্তি সৃষ্টি হৈছিল সাম্ৰাজ্যবাদী, বিশেষকৈ আমেৰিকাৰ স্বাৰ্থত তথা পৃষ্ঠপোষকতাত। আমেৰিকা-চৌদি এক্সিছৰ মানস পুত্ৰ হিচাপে ইছলামী ওৱাহাবি চালাফি কট্টৰপন্থী মতাদর্শক ব্যৱহাৰ কৰি যি ইছলামী সন্ত্রাসী দানব সৃষ্টি কৰা হৈছিল, আজিৰ তাৰিখত আমেৰিকাৰ বাবে সেই দানবৰ প্ৰয়োজন আৰু নাই। কিয়নো এতিয়া আমেৰিকাই বিশ্ব আধিপত্যৰ বাবে চীন-ৰাছিয়া অক্ষ শক্তিৰ প্ৰকৃত চেলেঞ্জক মোকবিলা কৰিব লাগিব।
আফগানিস্তানৰ চুন্নী ইছলামৰ জন্ম ভাৰতীয় ইছলামৰ ‘স্কুল অব থট’ৰ গৰ্ভত, এই কথা পাহৰিলে নচলিব আৰু এই উপ মহাদেশৰ প্ৰায় সৰ্বত্ৰ চুফি ইছলামৰ প্ৰভাৱো বিদ্যমান। চৌদিৰ হেজাৰ হেজাৰ যোদ্ধা আল কায়দাৰ জৰিয়তে আফগান:পাকিস্তান ভূ খণ্ডলৈ আহিছিল, লৈ আহিছিল কট্টৰপন্থী ট্রান্সেনডেন্টাল ইছলামক, প্ৰভাৱিত কৰিছিল তালিবানক, বিশেষকৈ পাকিস্তানত আই এছ আইৰ পৃষ্ঠপোষকতাত পাখটুন তালিবানক, কিন্তু আফগানিস্তানত তাৰ শিপা আছিল দুৰ্বল। আফগানিস্তানৰ দুখীয়া খেতিয়ক পৰিয়ালৰ তালিব অৰ্থাৎ ছাত্ৰ সকলৰ শিক্ষাৰ একমাত্ৰ ঠাই মাদ্ৰাছা, সেয়ে তেওঁলোকৰ মতাদৰ্শ ইছলাম। আশা কৰা যায়, বৰ্তমানৰ সাম্ৰাজ্যবাদ বিৰোধী যুঁজখনত আকৌ এবাৰ নতুনভাবে উঠি আহিব আফগান ইছলাম; পৰিত্যক্ত হব আমেৰিকাৰ পৃষ্ঠপোষকতাপুষ্ট চৌদি ওৱাহাবি চালাফি ইছলাম, যাৰ পূর্বাভাষ ইতিমধ্যেই দেখা গৈছে।
যি সন্ত্রাসী ইছলাম আমেৰিকাই জন্ম দিছিল, এতিয়া তাকেই সি হত্যা কৰিব ধৰিছে। ছোমালিয়াত নিজৰেই সৃষ্ট বাহিনীৰ বিৰুদ্ধে কাৰ্পেট বম্বিঙ কৰিছে, যত প্ৰাণ আহুতি দিব লগীয়া হৈছে দৰিদ্ৰতা দুৰ্ভিক্ষই কোঙা কৰা সাধাৰণ ছোমালিয়ান সকলেও। কিয়নো ছোমালিয়াত আমেৰিকাই এতিয়া বিচাৰিছে এখন পুতলা চৰকাৰ, যি চৰকাৰ আমেৰিকাৰ আঙুলিৰ ঠাৰত উঠা বহা কৰিব আৰু আঁকোৱালি লব আফ্ৰিকাত চীনক প্ৰতিহত কৰাৰ অৰ্থনৈতিক নীতি। স্ট্রেতেজিক দিশৰ পৰা ছোমালিয়া সেয়ে আজি আমেৰিকাৰ বাবে হৈ পৰিছে অতীব গুৰুত্বপূৰ্ণ।
আফগানিস্তানত ক্ষমতালৈ অহা তালিবান সকল যদি প্ৰতিক্ৰিয়াশীলত ৰূপান্তৰিত হয়, সেয়া হব বুৰ্জোৱা পথ অৱলম্বন কৰিয়েই, ইছলামৰ পথ আঁকোৱালি নহয়, ইছলামৰ পথত সেই সুযোগ তেনেই সীমিত।
সেয়ে ইছলামে যদি যুঁজিব লাগে, যুঁজিব লাগিব সাম্ৰাজ্যবাদৰ বিৰুদ্ধে। সাম্ৰাজ্যবাদৰ পৃষ্ঠপোষকতাত কাল্পনিক আৰু হুংকাৰ সৰ্বস্ব সন্ত্ৰাসবাদৰে নহয়, সেই যুজঁ হব লাগিব জনগণক লগত লৈ জনযুদ্ধ। সেয়ে আশা কৰা যায় বিশ্বজোৰা ইছলাম আকৌ তাৰ প্ৰগতিশীল ভূমিকাত অৱতীৰ্ণ হব, উভতি আহিব জনগণৰ সৈতে প্ৰতিক্ৰিয়াশীল ৰাষ্ট্ৰ ক্ষমতাৰ বিৰুদ্ধে, গণ অধিকাৰ প্ৰতিষ্ঠাৰ যুজত।