-মহাবাহু |
মেৰিলেণ্ট, বাল্টিমোৰ (আমেৰিকা) : এদিন বিদ্যালয়ৰ অধ্যক্ষই সৰু ছোৱালীজনীৰ অভিভাৱকক মাতি আনি কঠোৰ ভাষাৰে কৈছিল, ‘‘জনসাধাৰণৰ টকাৰে আপোনাৰ ছোৱালীজনীক পঢ়ুৱাই কি হ’ব? ময়ো জানো, আপুনিও জানে, সকলোৱে জানে যে তেওঁ সৰহদিন জীয়াই নাথাকে!’’ এইচ-আই-ভিৰে আক্ৰান্ত সেই ছোৱালীজনী আজি ৩৫ বছৰীয়া তৰুণী। তেওঁ দান কৰা কিডনীৰে নতুন জীৱন লাভ কৰিছে এইচ-আই-ভিৰে আক্ৰান্ত অইন এগৰাকী তৰুণীয়ে।
পৃথিৱীৰ চিকিৎসাশাস্ত্ৰৰ ক্ষেত্ৰত এনে ঘটনা এয়াই সৰ্বপ্ৰথম। এইচ-আই-ভি সংক্ৰমণেৰে আক্ৰান্ত ব্যক্তিৰ কিডনী প্ৰতিস্থাপিত হ’ল অন্য ৰোগীৰ শৰীৰত। যুগান্তকাৰী এনে এক ঘটনাৰ সাক্ষী হৈ ৰ’ল আমেৰিকাৰ জন হপকিন্স চিকিৎসালয়ৰ চিকিৎসালয়ৰ চিকিৎসকসকল। কাকতালীয়ভাৱে চিকিৎসাশাস্ত্ৰৰ এনে এক ঐতিহাসিক ঘটনাৰ সৈতে ভাৰতৰ এগৰাকী ব্যক্তিৰ নামো যুক্ত হৈ থাকিল। হপকিন্স চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনাইছে যে এই প্ৰতিস্থাপনৰ মূল অস্ত্ৰোপচাৰ কৰা চিকিৎসকজন হ’ল ভাৰতৰপৰা অহা লোকৰ বংশোদ্ভূত শল্যবিদ। তেওঁৰ নাম নীৰজ দেশাই। তেওঁ হপকিন্স চিকিৎসালয়ৰ সহকাৰী অধ্যাপক।
এইচ-আই-ভি সংক্ৰমণত আক্ৰান্ত হোৱা সত্ত্বেও নিজৰ কিডনী দানৰ ক্ষেত্ৰত সেয়া কোনো বাধা হৈ নাথাকিল। এগৰাকী এইচ-আই-ভি সংক্ৰমণত আক্ৰান্তৰ কিডনীৰ দান গ্ৰহণ কৰাজনো এইচ-আই-ভি সংক্ৰমণেৰে আক্ৰান্ত। আমেৰিকাৰ বাল্টিমোৰৰ জন হপকিন্স চিকিৎসালয়ত সফল প্ৰতিস্থাপনৰ পিছত দাতা আৰু গ্ৰহীতা দুয়ো সুস্থ হৈ আছে। চিকিৎসক নীৰজ দেশাইয়ে জনাইছে যে অইনৰ ক্ষেত্ৰত যিদৰে কৰা হয়, তেনেদৰেই এক পৰিচিত পদ্ধতিৰে এই অস্ত্ৰোপচাৰ কৰা হৈছে। ডাঃ দেশাইয়ে কৈছে যে সংক্ৰমণ ৰোধৰ বাবে এনে ধৰণৰ অস্ত্ৰোপচাৰত চূড়ান্ত সতৰ্কতা অৱলম্বন কৰা হয়। এই ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাই। কিন্তু কিছুমাহ দুয়ো ‘ইণ্টেনচিভ্ কেয়াৰ ইউনিট’ত থাকিব লাগিব।
জন হপকিন্স চিকিৎসালয়ৰ চিকিৎসক ডৰি চেগেভে এই প্ৰসংগত কৈছে যে এইচ-আই-ভিত আক্ৰান্ত ব্যক্তিসকলে নিজৰ তেজ অইনক দিব নোৱাৰে। ইমানদিনে চিকিৎসাশাস্ত্ৰত ধাৰণা কৰা হৈছিল যে তেনে ব্যক্তিয়ে তেজৰ উপৰি নিজৰ অংগও দান কৰিব নোৱাৰে, কাৰণ গ্ৰহীতা ব্যক্তিৰ শৰীৰত মাৰাত্মক সংক্ৰমণ হ’ব পাৰে। আমি তেনে প্ৰচলিত ধাৰণাক ভুল বুলি প্ৰমাণ কৰিলো। এইক্ষেত্ৰত আমি এনে এক ঔষধ প্ৰয়োগ কৰিছো যাৰ ব্যৱহাৰৰদ্বাৰা এইচ-আই-ভি আক্ৰান্ত ব্যক্তিৰ কিডনী সম্পূৰ্ণ নিৰাপদে থাকে আৰু স্থানান্তৰৰ ক্ষেত্ৰতো কোনো বিপদ নাথাকে।
চিকিৎসালয়খনৰ ‘অনকোলজি আৰু মেডিচিন’ বিভাগৰ অধ্যাপক ক্ৰিষ্টিন ডুৰাণ্ডে কয় যে উন্নত আৰু অত্যাধুনিক ঔষধ আৱিষ্কাৰ হোৱা সত্ত্বেও মানুহক এনে বিশ্বাস জন্মোৱা অত্যন্ত কঠিন যে কিডনী দানৰ ক্ষেত্ৰত এইচ-আই-ভি সংক্ৰমণে কোনো প্ৰকাৰৰ ক্ষতি নকৰে। অৱশেষত যোৱা ২৫/০৩/১৯ তাৰিখে আমি যুগান্তকাৰী ঘটনা সংঘটিত কৰিবলৈ সমৰ্থ হ’লো। এনে অস্ত্ৰোপচাৰ বিশ্বৰ ইতিহাসত এয়াই প্ৰথম। কিন্তু দাতা আৰু গ্ৰহীতা দুয়োকে বহু দিনলৈ চিকিৎসালয়ত পৰ্যৱেক্ষণত ৰাখিব লাগিব।
কিডনী দান কৰা মহিলাগৰাকীৰ বয়স ৩৫, নাম নিনা মাৰ্তিনেজ। তেওঁ আমেৰিকাৰ আটলাণ্টাৰ বাসিন্দা। শৈশৱৰেপৰাই নিজকে সমাজৰ বাবে অপাংতেয় বুলি ভাবি আহিছে। সেয়ে তেওঁৰ কিডনীৰে অইন এগৰাকী দুৰাৰোগ্য ব্যাধিৰে আক্ৰান্ত ব্যক্তিয়ে নতুন জীৱন পোৱা ঘটনাক কেন্দ্ৰ কৰি নিনা আনন্দত আত্মহাৰা হৈ পৰিছে। মাৰ্তিনেজে কৈছে—‘‘সেই শৈশৱৰপৰাই সকলোৰেদ্বাৰা বিতাড়িত হৈ হৈ, অস্পৃশ্য হৈ হৈ অৱশেষত অভ্যস্ত হৈ পৰিছিলো। সৰুতে খুব ভুগিছিলো। যিমানেই ডাঙৰ হ’বলৈ ধৰিলো, জীৱন অধিক দুৰ্বিষহ হ’বলৈ ধৰিলে। জীৱনৰ প্ৰতি থকা সকলো আশা মষিমূৰ হৈ গৈছিল। ইমান বছৰৰ পিছত এতিয়া ভাব হৈছে যে মই জীয়াই থকাৰো অৰ্থ আছে। মোৰ অংগৰে অইন এগৰাকীৰ প্ৰাণ ৰক্ষা পৰিল। ইয়াতকৈ ডাঙৰ প্ৰাপ্তি অইন কি হ’ব পাৰে?’’
আনহাতে গ্ৰহীতাই নিজৰ নাম প্ৰকাশ কৰিব বিচৰা নাই। কিন্তু নতুন জীৱন লাভ কৰি তেওঁ অতিশয় আনন্দিত বুলি চিকিৎসকসকলে জনাইছে। দাতা মাৰ্তিনেজে কৈছে—‘‘মই যমজ সন্তানৰ এগৰাকী। জন্মৰপৰাই সংগী আছিল এনিমিয়া। তেতিয়াই এবাৰ অসুখ বেছি হওঁতে চানফ্ৰান্সিচকোৰ সেনা চিকিৎসালয়লৈ গৈ তেজ ল’বলগীয়া হৈছিল। সেই তেজৰ সৈতেই শৰীৰত প্ৰৱেশ হৈছিল এইচ-আই-ভিৰ জীৱাণু। তাৰপিছৰেপৰাই হ’ল সংক্ৰমণ। ৮ বছৰ বয়সত মোৰ চকুৰ এটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল আৰু তেতিয়াই মই গম পালো যে মই ‘এইচ-আই-ভি পজিটিভ’। মই আশৈশৱ দুৰ্বল আছিলো। নানা অসুখ হৈ আছিল। মোৰ অসুখৰ কথা গম পোৱাৰ পিছত এদিন বিদ্যালয়ৰ অধ্যক্ষই মা-দেউতাক বিদ্যালয়লৈ মাতি নি কঠোৰ ভাষাৰে কৈছিল—‘জনসাধাৰণৰ টকাৰে এই ছোৱালীজনীক বিদ্যালয়ত পঢ়াই লাভ কি? যিহেতু আমি সকলোৱে জানো যে তেওঁ জীয়াই নাথাকে।’ এতিয়া মোৰ বয়স ৩৫ বছৰ। মই জীয়াই আছো। মই জীয়াই আছো বাবেই আজি অইন এজনেও প্ৰাণ লাভ কৰিছে। মই আজি গৰ্বিত।’’ আমেৰিকাৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি এই মুহূৰ্তত ১১ লাখ আমেৰিকান এইচ-আই-ভি সংক্ৰমণৰদ্বাৰা আক্ৰান্ত। অৱশ্যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ২০৩০ চনৰ ভিতৰত সমগ্ৰ আমেৰিকা এইচ-আই-ভিমুক্ত হ’ব। চিকিৎসকসকলৰ বক্তব্য এয়েই যে এইচ-আই-ভিত আক্ৰান্ত হোৱা মানেই জীৱন আৰু সমাজৰ সকলো ক্ষেত্ৰৰপৰা বাদ পৰা, এতিয়া আৰু তেনে হৈ থকা নাই। সাম্প্ৰতিক সময়ত এই অস্ত্ৰোপচাৰ এক মাইলৰ খুঁটি হিচাপে চিৰস্থায়ী হৈ ৰ’ব। ইয়াৰ পিছত নিশ্চিতভাৱে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হ’ব।