৩২ সংখ্যক শিশুৰ পৰ্বতাৰোহণ প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ
মানস বৰুৱা
অসম পৰ্বতাৰোহণ সন্থা
গুৱাহাটী, ২৪ ডিচেম্বৰঃ এজাক কণ কণ শিশুৰ কলৰৱেৰে পুনৰবাৰ মুখৰিত হ’ল অসম ৰাজ্যিক চিৰিয়াখানাৰ বাকৰি৷
অসম পৰ্বতাৰোহণ সন্থাই আজিৰপৰা দুদিনীয়াকৈ আয়োজন কৰা ৩২ সংখ্যক শিশুৰ পৰ্বতাৰোহণ প্ৰশিক্ষণ শিৱিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয়৷
অসম ৰাজ্যিক চিৰিয়াখানা চৌহদত থকা ৰোহিণী কুমাৰ ভূঞা শৈল ক্ষেত্ৰত আয়োজিত এই প্ৰশিক্ষণ শিৱিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা ৪ – ১৪ বছৰ বয়সৰ ১২২ টি শিশুৱে অংশ গ্ৰহণ কৰিছে৷
আজি পুৱা ফ্লেগ অফ কৰি এই শিৱিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷
সন্থাৰ উপদেষ্টা সত্যেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচপে উপস্থিত থাকে সন্থাৰ সভাপতি ড° দেৱেন্দ্ৰ নাথ মহন্ত, আজীৱন সদস্য পাৰ্বতী প্ৰসাদ গৌতম, হেমন্ত ৰাভা, উত্তম বৰঠাকুৰ, দিলীপ মহন্ত, সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পৰীক্ষিৎ ৰয়, শিলচৰ ডি পি এছ স্কুলৰ অধ্যক্ষ এছ সতীশ বাবু আদি৷
উল্লেখযোগ্য যে দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি যুৱ প্ৰজন্মৰ সমান্তৰালভাৱে শিশুসকলকো উৎসাহিত কৰাৰ বাবে অসম পৰ্বতাৰোহণ সন্থাই নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
তেনে এক পদক্ষেপ হিচাপে সন্থাই বিগত তিনিটা দশকধৰি শিশুসকলক দুঃসাহসিক ক্ৰীড়াৰ বিভিন্ন কৌশল আৰু প্ৰাথমিক জ্ঞান প্ৰদান কৰিবৰ বাবে এক শিশু প্ৰশিক্ষণ শিৱিৰ (চিলড্ৰেন এড্ভেন্সাৰ অৰিয়েণ্টেশ্যন কেম্প) অনুষ্ঠিত কৰি আহিছে৷
এই শিৱিৰত শৈলাৰোহণৰপৰা আৰম্ভ কৰি পৰ্বতাৰোহণ সম্পৰ্কীয় প্ৰায়বোৰ বিষয়তে প্ৰাথমিক জ্ঞান প্ৰদান কৰা হয়৷
24-12-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)