কল্পবিজ্ঞান কাহিনীৰ অনুপম সংকলন: “It happened tomorrow”
মানস প্ৰতিম দত্ত
কল্পবিজ্ঞান কাহিনীৰ কথা ক’লে পাঠকৰ মুখলৈ প্ৰথমেই আহে জুল ভাৰ্নে, এইচ জি ৱেলচ আদিৰ নাম । অসমীয়া সাহিত্যত আৱাহনৰ পাতত হৰিপ্ৰসাদ বৰুৱাই কল্পবিজ্ঞান সাহিত্যৰ পথ মুকলি কৰি থৈ গৈছে যদিও আজিও সাহিত্যৰ তথাকথিত প্ৰচলিত মূল ধাৰাৰ মাজত কল্পবিজ্ঞানক কমকৈহে আঁকোৱালি লোৱা দেখা গৈছে। পাঠকসকলে আজিও কল্পবিজ্ঞানৰ কথা ক’লেই পশ্চিমীয়া দেশৰ লেখকসকলক, সেই দেশৰ কল্পবিজ্ঞান কাহিনীসমূহকহে প্ৰাধান্য দিব খোজে। এনে সময়ৰ মাজতে ইংৰাজী ভাষাৰ লগতে ভাৰতীয় আঞ্চলিক ভাষাসমূহতো ভাৰতীয় কল্পবিজ্ঞান লেখকসকলৰ কল্পবিজ্ঞান কাহিনী, সাহিত্যৰ প্ৰচাৰ, প্ৰসাৰৰ বাবে সাহিত্য অকাডেমী, নেচনেল বুক ট্ৰাষ্ট, অসম বিজ্ঞান লেখক সংস্থা আদিয়ে কল্পবিজ্ঞানৰ গ্ৰন্থ প্ৰকাশৰ উদ্যোগ লোৱাটো অসমীয়া সাহিত্যৰ বাবে আশাৰ বতৰা।
নেচনেল বুক ট্ৰাষ্ট আৰু বাল ফোণ্ডকে সম্পাদিত ভাৰতীয় লেখকৰ কল্পবিজ্ঞানৰ এখন অনুপম গল্প সংকলন হৈছে – ” It happened tomorrow” । এই গ্ৰন্থখন ভাৰতীয় প্ৰায়কেইটা আঞ্চলিক ভাষালৈ অনুদিত হৈছে। অসমীয়া ভাষালৈ গল্প সংকলনখন ‘কাইলৈ এনে ঘটিছিল’ নামেৰে অনুবাদ কৰিছে বিশিষ্ট লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে।
গল্প সংকলনখনৰ নামকৰণ আন সংকলনতকৈ কিছু পৃথক। সেইবাবেই বহু সময়ত বহু পাঠকে (সম্ভৱত: নপঢ়াকৈ) নামকৰণৰ ব্যাকৰণীক ভুল দেখুৱাবলৈ খোজাৰ কথাও মাজে মধ্যে শুনা যায়। অৱশ্যে সংকলনখন পঢ়াৰ পাছত সেই ভুল ভগাটো নিশ্চিত। বিখ্যাত যুক্তিবাদী লেখক, জয়ন্ত নাৰ্লিকাৰৰ এটা বিখ্যাত কাহিনীৰো নাম আছিল ” It happened tomorrow” । পাঠকৰ মনত নামকৰণক লৈ প্ৰশ্ন উদয় হোৱাৰ মূলতে হৈছে কল্পবিজ্ঞান সম্পৰ্কে আমাৰ ভাষাত লেখা-মেলাৰ পৰিমাণ কম হোৱাটো বা কল্পবিজ্ঞান সম্পৰ্কে পৰ্যাপ্ত জ্ঞান আৰু তথ্যৰ অভাৱৰ হেতু। শৈলীবিজ্ঞানৰ দৃষ্টিৰে এই কথা ক’বই পাৰি যে এনে নামকৰণৰ ক্ষেত্ৰত ব্যাকৰণ বা শুদ্ধাশুদ্ধিৰ প্ৰাথমিক নীতি নাখাটে। সাহিত্যৰ ক্ষেত্ৰত বিচ্যুতিয়ে এককভাৱে ক্ৰিয়া কৰিব পাৰে । কাৰণ বিচ্যুতি নিৰ্বাচন, নিবিষ্টকৰণ আৰু সন্মুখনৰ ওপৰতহে নিৰ্ভৰ কৰে।
সেই বাবেই হয়তো বাফনে কৈছিল, ‘style is the man himself.’
সংকলনখনত মুঠ ১৯ জন লেখকৰ ১৯ টা গল্প অন্তৰ্ভুক্ত হৈছে। গল্পকেইটা হৈছে ক্ৰমে, জয়ন্ত ভি নাৰ্লিকাৰৰ The Ice Age Cometh J, বাল ফোণ্ডকেৰ The Impostor, লক্ষ্মণ লোনধেৰ Einstein the Second ,সুবোধ জবাডেকাৰৰ A Journey into Darkness, নিৰঞ্জন এচ. ঘাটেৰ The Man, অৰণ মাণ্ডেৰ A Ruby, শুভদা গোগাটেৰ Birthright, অনীশ দেৱৰ Catastrophe in Blue, শীৰ্ষেন্দু মুখোপাধ্যায়ৰ Time, নিৰঞ্জন সিনহাৰ The Elevation , সুজাতাৰ Dilemma, ৰাজশেখৰ ভোচনুৰমাথৰ Venus is Watching, সঞ্জয় হাভাণনুৰ The Lift, দেৱব্ৰত দাশৰGod, মুকুল শৰ্মাৰ Twice upon a Time, আৰ এন শৰ্মাৰ The Second Coming, কেনেথ ডয়েলৰ Rain, দেৱেন্দ্ৰ মেৱাৰিৰ Goodbye, Mr Khanna আৰু অৰবিন্দ মিশ্ৰৰ The Adopted Son।
ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাৰ গল্পসমূহ একত্ৰিত কৰি সংকলন কৰা এই কল্পবিজ্ঞান গল্প সংকলনখনত অন্য ভাষাৰ তুলনাত মাৰাঠী ভাষাৰ বেছি কল্পবিজ্ঞান কাহিনী অন্তৰ্ভুক্ত হৈছে। গতিকে, ইয়াৰ পৰাও এটা কথা ক’ব পাৰি যে, অন্য ভাষাৰ তুলনাত মাৰাঠী ভাষাত কল্পবিজ্ঞান সাহিত্য চৰ্চা কিছু আগবঢ়া।
ভৱিষ্যতৰ সম্ভাৱনাময় এখন পৃথিৱীক নিটোল ৰূপত উপস্থাপন কৰা সংকলনখনিৰ পাতনিত লেখক, সম্পাদক বাল ফোণ্ডকে-এ কল্পবিজ্ঞান সাহিত্যৰ ঐতিহ্য, ইয়াৰ বিৱৰ্তন আৰু ভাৰতবৰ্ষত কল্পবিজ্ঞান সাহিত্যৰ প্ৰগতি সম্পৰ্কে সুন্দৰকৈ আলোকপাত কৰিছে। কল্পবিজ্ঞান আলোচনী এমাজিং ষ্টৰীজ আৰু আউটষ্টেণ্ডিং ষ্টৰীজৰ ভূমিকা, সম্পাদক হিউগ’ গাৰ্নছব্যেক, জন উদ কেম্পবেল (কনিষ্ঠ), কল্পবিজ্ঞান কাহিনী হিচাপে মেৰী শ্বেলীৰ ফ্ৰাংকেষ্টাইন আদি সামৰি বিশদভাৱে আলোচনা কৰিছে।
সম্প্ৰতি বিজ্ঞান, প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতি ঘটিছে। বিকাশ ঘটিছে ৰবটৰো। ৰ’বটিক্স বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ প্ৰযুক্তি আধাৰ হৈ পৰিছে। ইয়াৰ ফলত ভৱিষ্যতে ৰবট আৰু মানুহৰ মাজত যে এক এৰাব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা আছে।এই কথাৰ আভাস পোৱা গৈছে নিৰঞ্জন এচ ঘাটে, অৰুণ মাণ্ডে আৰু দেবেন্দ্ৰ মেৱাৰিৰ গল্পকেইটাৰ জৰিয়তে।
প্ৰত্যেক বস্তুৰে, প্ৰত্যেক উৎসৰে, প্ৰত্যেক সম্পদৰে যিদৰে ইতিবাচক দিশ থাকে, ঠিক একেদৰেনেতিবাচক দিশো থাকে। মানুহৰ অমানুষিক অত্যাচাৰ আৰু সমগ্ৰ জীৱসমুদায়ৰ ওপৰত নিজৰ কৰ্তৃত্ব জাহিৰ কৰিব খোজা প্ৰৱণতাই পৃথিৱীৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। এই প্ৰৱণতা আৰু অত্যাচাৰৰ ফলত মানৱ সমাজলৈ কেনেধৰণৰ দুৰ্যোগ কঢ়িয়াই আনিব পাৰে তাকেই উপস্থাপন কৰা হৈছে সুবোধ জবাডেকাৰৰ A Journey into Darkness, ৰাজশেখৰ ভোচনুৰমাথৰ Venus is Watching, কেনেথ ডয়েলৰ Rain, জয়ন্ত ভি নাৰ্লিকাৰৰ The Ice Age Cometh নামৰ গল্পকেইটাৰ জৰিয়তে। গল্পকেইটাৰ মূল বিষয়বস্তু হৈছে পৰিৱেশ আৰু পৰিৱেশ সংকট। গল্পকাৰসকলে নিজা নিজা দৃষ্টিভংগীৰে সম্ভাৱ্য পৰিৱেশ সংকটৰ কাৰক সমূহ আৰু ইয়াৰ ভয়াৱহতা তথা সংকটক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে।
সংকলনটোত কেইটামান ব্যতিক্ৰম গল্পও সংকলিত হৈছে। নিৰঞ্জন এচ ঘাটেৰ The Man তেনে এটা গল্প। গল্পটোৰ বিষয়বস্তু ৰবটিক্স। গল্পটোত এইচ ইলেভেন মডেল-এ ৰবটক মানুহ হিচাপে গ্ৰহণ কৰিব লাগে বুলি অদ্ভুট দাবী উত্থাপন কৰে। এই দাবী গ্ৰহণ নকৰাৰ বাবে বিদ্ৰোহে গা কৰি উঠে। অভিনেতা ৰজনীকান্ত অভিনীত ‘ৰবট’ চিনেমাখনত এই কাহিনীৰ কিছু সাদৃশ্য দেখা পোৱা যায়। ঠিক একেদৰে দেৱব্ৰত দাশৰ ‘God’ নামৰ গল্পটোত কৃত্ৰিমভাৱে পৰীক্ষাগাৰত মানুহ সৃষ্টি আৰু ইয়াৰ ফলত কিদৰে বিভিন্ন ঘটনাৰ পাকচক্ৰত বিজ্ঞানীজন আৱদ্ধ হ’বলগা হৈছিল তাক তুলি ধৰা হৈছে।
বিজ্ঞানৰ অনবদ্য অৱদানসমূহৰ ভিতৰত চিকিৎসা ক্ষেত্ৰলৈ অৱদান আৰু চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি অন্যতম। এজন সুস্থ সেনা জোৱানৰ মগজুত আঘাতপ্ৰাপ্ত মৃতপ্ৰায় সেনা জোৱানৰ স্মৃতিবাহী ‘আৰ এন এ’ প্ৰতিস্থাপন কৰু কেনে প্ৰতিক্ৰিয়াৰ সন্মুখকন হয় তাকে উপস্থাপন কৰা হৈছে বাল ফোণ্ডকেৰ The Impostor নামৰ গল্পটোত। একেদৰে অৰবিন্দ মিশ্ৰৰ The Adopted Son আৰু লক্ষ্মণ লোনধেৰ Einstein the Second নামৰ গল্প দুটাৰ মূল বিষয়বস্তু চিকিৎসাবিজ্ঞান।
কল্পবিজ্ঞান কাহিনী জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত ‘কাল ভ্ৰমণ’ বা টাইম ট্ৰেভেল বিষয়ক কাহিনীসমূহৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ।এই সংকলনটোতো কাল ভ্ৰমণ বিষয়ক দুটা গল্প সন্নিবিষ্ট হৈছে। গল্প দুটা হৈছে সঞ্জয় হাভাণনুৰ The Lift আৰু শীৰ্ষেন্দু মুখোপাধ্যায়ৰ Time।
সম্প্ৰতি গল্প, উপন্যাসৰ উপৰিও নাটক আৰু চলচিত্ৰতো কল্পবিজ্ঞানক মূল বিষয়বস্তু হিচাপে গ্ৰহণ কৰা দেখা গৈছে। বিজ্ঞানৰ উন্নতিৰ সমান্তৰালভাৱে কল্পবিজ্ঞানে দেখুওৱা বাটৰ অন্বেষণেও কল্পনাক বাস্তৱতৱপৰিণত কৰাত বিশেষ ভূমিকা ল’ব বুলি আশা কৰিব পাৰি। অন্যান্য ভাষাৰ পৰা অসমীয়া ভাষালৈকো কল্পবিজ্ঞান সাহিত্যৰ অনুবাদ আৰু সৃজনে বৈজ্ঞানিক মানসিকতা বিকাশৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিব আৰু অসমীয়া লেখকসকলেও পাঠকক সাহিত্যৰ এই অনন্য ধাৰাৰ সোৱাদ দিব বুলি আশা কৰিব পাৰি।
* It happened tomorrow
সম্পাদনা: বাল ফোণ্ডকে
প্ৰকাশক: নেচনেল বুক ট্ৰাষ্ট
প্ৰথম প্ৰকাশ : ১৯৯৩
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.