-মনোজ কুমাৰ ডেকা |
মোৰ মনৰ কাম নাই ।
ঘূৰি ফুৰে ।
অনাই বনাই…!
মন গৈ কেতিয়াবা গৈ ২০৬০ চন পায়গৈ । ঘূৰি আহো । নাতিহঁতক কওঁ-” ২০২০ খনৰ কথা । এক প্লেট কণীৰ দাম মাত্ৰ ১৬০/-টকা আছিল। কি খাবি । বগা বগা কুহুম । আজিহে এটা কণীত ৪০/-টকা হ’ল…!
কেতিয়াবা আকৌ অতীতলৈ উভটো । দেউতাৰ লগত গুচি যাওঁ, চাইকেলত ।
ক্লিঙ ক্লিঙ…!
চাইকেলৰ বেল বাজে । মানুহ আঁতৰে । আমি আগুৱাও । গধূলি বজাৰত শাক পাচলি কিনো । কেৰাচিনৰ চাকি জ্বলাই কোনো বয়োজ্যেষ্ঠ মহিলাই ঢেকীয়া বেছে । নীলমণি ফুকন ছাৰে দেখে । তেওঁ কবিতা লিখা-
“মুঠি মুঠিকৈ কাটি তোৰ
ঢেকীয়াৰ আঙুলি
আজৰাৰ বজাৰত তয়ে বেছ…
বাই, তোৰ কোন গাওঁত ঘৰ !”
…তেতিয়াই পঢ়িছিলোঁ মৌচাক, আবিষ্কাৰ ইত্যাদি ইত্যাদি । পঢ়িছিলোঁ আমাৰ পৰম সন্মানীয়, ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ “সঁফুৰা!”
আমাৰ অঞ্চলৰ আমিবোৰে লিখিছিলো । মই, অনিমেষ, অনামিকা ইত্যাদিয়ে । অনিমেষৰ লিখা ওলালে, অনামিকাৰ লিখা ওলালে মই জ্বলি পকী মৰি যাওঁ ; মোৰ নোলাল কিয় ! কিয় মই ইমান পিছপৰা প্ৰাণী !
ধুৰ ।
ধিক্কাৰ !
জীৱনৰ প্ৰতি বিতৃষ্ণা জাগে । …আৰু যদি লিখা ওলাল ! শেষ । আনে কি ভাবে নাজানো, মই নিজেই নিজক মানিব ধৰো । কিছু লিখিছ দেই মনোজ । পাৰিবি তই । …সেই অনামিকাডালে লিখিব পাৰে, তই নোৱাৰিবি ! পাৰিবি ।
ছোৱালী হাইস্কুলৰ সন্মুখেৰে সন্ধিয়া সিহঁতৰ ফালে চাইকেল পোনাও । ধুনীয়া ফ্ৰক এটা পিন্ধি পৰিপাতি চুলিৰে তাই ভায়েকহঁতৰ লগত খেলি থাকে । মই তাইলৈ নেচাওঁ । তথাপি দেখো । তায়ো মোলৈ নাচায় । …তথাপি দেখে ।
মোৰ ভাবটো এনেকুৱা- কি ভাবিছ ! কিনিব নহয় সঁফুৰা ! দেখিবি-
মনোজ কুমাৰ ডেকা ।
কচুবাৰী উচ্চ মাধ্যমিক বিদ্যালয় ।
ষষ্ঠ শ্ৰেণী ।
ৱাহ !
পাৰিছ মনোজ । পাৰিবি তই !
সময় আগুৱায় !…
আৰু আজি এটা পুৰঠ যেন লগা মনৰ গৰাকী মই । কথাবোৰ কেতিয়াবা ভাবো । কেতিয়াবা অতীতলৈ উভটো । কেতিয়াবা ভৱিষ্যতলৈ দৌৰ দিওঁ । …উভতি গলেই বহু কিবাকিবি পাওঁ । সোণৰ দৰে । চিকমিকাই থকা ।
সোণৰ দৰে সোণালী স্মৃতি । কথা । কাহিনী ।
আজি কাতি বিহু । কঙালী । আশাৰ সেউজীয়া পথাৰত মাটিৰ ভৰ দি থিয় হৈ থকা গৰ্ভৱতী ধান গছৰ চোতাল উজলাই জ্বলিব মাটিৰ চাকি ।
খেতিয়কৰ মনে প্ৰাৰ্থনা গাব-
“অ’ মোৰ ধৰিত্ৰী আই
চৰণতে দিব ঠাই
খেতিয়কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়…
দয়া কৰা দয়াশীলা আই !”
…আই অ লক্ষ্মী…আহ আই আহ ! আহচোন আহ !
কাতি এটি সাধাৰণ মাহ নহয় !
কাতি আশাভৰা অলেখ অযুত মনৰ সপোনেৰে ভৰি থকা এটি মাহ । ৩০দিন । ৭২০ ঘণ্টা । ৪৩,২০০ মিনিট । ২৫,৯২,০০০ চেকেণ্ড ।…কৃষিজীৱি ৰাইজৰ হাতত বিশেষ একো নথকা কাতি ।
কিন্তু কাতিক কঙালী বুলি কৈ সামৰাৰ আগেয়ে এবাৰলৈ ভাৱক, কাতিত কথা নেথাকে ? কাতিৰ কাহিনী নাই ?
আছে ।
কাতিৰ কাহিনী আছে ।…
…এই যে মই কেতিয়াবা অতীতলৈ বা ভৱিষ্যতলৈ দৌৰা দৌৰি কৰি থাকোঁ, তেনেকৈ থাকোতে বহু কিবা কিবি পাই যাওঁ । পুৰণি বস্তু, পুৰণি কথাক আকৌ নতুন নতুন লাগে ! আজি অতীতলৈ যাওঁতে দেখিলো মনৰ চোতালত আকৌ ৰ’দ পুৱাইছে কাতিৰ কাহিনীয়ে ।
কওঁ দেই আপোনাক ! কব মন গৈছে-
…এটা মস্ত উৎপতিয়া ল’ৰা । ঘৰখনৰ সকলোকে জ্বলাই খায় । বিশেষকৈ বায়েকক । বায়েকে এম.এ পঢ়ি আছে । বিষয় : অসমীয়া । সন্মুখত পৰীক্ষা । খুব মনোযোগেৰে পঢ়িছে । সন্মুখত পৰীক্ষা । ভায়েক গৈহে গোটেইখন উল্টা পুলটা কৰে !
বায়েকে পঢ়ি আছে ।
সি গৈ বায়েকক সোধে- পঢ়িছ ?
ও…!
কি ?
অসমীয়া !
মানে তই অসমীয়া জান ?
জানো !
জান যদি ক…বৰ্ণ কেই প্ৰকাৰৰ ?
দুই প্ৰকাৰৰ ।
কি কি ?
স্বৰ বৰ্ণ, ব্যঞ্জন বৰ্ণ..!
যেনে ?
উফ ৰাম !
মানে নাজান ?
….অ আ ই ঈ
….ক খ গ ঘ…!
আটচা, অসমীয়া মাহ কেইটা কি কি ?
কিয় ?
ক না…!
…বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ’ত !
ৱাও !…কিন্তু !
কিন্তু কি ?
এটা ভুল আছে ।
কি ?
কাতি নহয়…!
কি………………..…..!
ও…! কাতি নহয় ।
কি তেন্তে ?
কাত !
কি ?
কাত…কাত !
কথা কৈছে ।
হয়েই !
পণ্ডিত দেখাইছ !…কাত বোলে !
হয়েই আকৌ ।
কেনেকৈ !?
চা, অসমীয়া এঘাৰতা মাহৰ শেষত আছে ব্যঞ্জন বৰ্ণ !…বহাগ, গ+অ, জেঠ- ঠ+অ, আহাৰ- ৰ+অ………………চ’ত- ত+অ । এই কাতিত কেনেকৈ স্বৰ বৰ্ণ হয় হা ! ই…..! কেনেকৈ ? কাতি- ত+ই=তি । কেনেকৈ এটা মাহৰ শেষত স্বৰ বৰ্ণ হব ?…সেয়ে এইটো ভুল । হব লাগে কাত ।…বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাত, আঘোণ, পুহ, মাঘ, ফাগুন, চ’ত । বুজিলি ?
বায়েকৰ চিঞৰ- ও মা ইয়াক চা চোন !
……….
……
…….সেই যে সৰুতে লিখিছিলো, পঢ়িছিলোঁ ! তেতিয়াই শইকীয়া ছাৰৰ সঁফুৰাত এনে ধৰণৰ কাহিনী অতি পঢ়িছিলোঁ । ছাৰে লিখিছিল অতি বিস্ময়কৰ ভাৱে সৰল মনৰ ঠিকনা লৈ । আৰু আজি পবিত্ৰ কাতি বিহুৰ দিনা মই আপোনাক মনত পেলাই দিছো, জনাইছো… কাতিৰ কাহিনী । কাতিৰ কথা থাকে । কাহিনী থাকে । কাতিৰ বুকুত আঘোণৰ গুপুত গোন্ধ থাকে ।
( মনে মনে সুধিছো দেই- কি কয় ! কাত হব লাগে নেকি ? )