ভূপেশ চন্দ্ৰ প্ৰধানীৰ সোঁৱৰণত
ড০ জ্যোতিৰ্ময় প্ৰধানী
সত্তৰ-আশীৰ দশকৰ আটাইতকৈ জনপ্ৰিয় গানবোৰ গাইছিল কিশোৰ কুমাৰ, লতা মংগেশকাৰ, মহম্মদ ৰফী, মুকেশ।
ৱাংলা গানৰ তেতিয়াৰ জনপ্ৰিয় শিল্পীসকল আছিলে হেমন্ত মুখাৰ্জী, মান্না দে, সন্ধ্যা মুখাৰ্জী, আৰতী মুখাৰ্জী প্ৰমুখ। অসমীয়া গীতৰ ক্ষেত্ৰত আমাৰ ড০ ভূপেন হাজৰিকা অদ্বিতীয় সম্ৰাট।
এওঁলোকৰ সদ্য প্ৰকাশিত গীতবোৰ আমি নিয়মীয়াকৈ শুনিছিলো। কাৰণ আমাৰ ভূপু খুৰা, ভূপেশ চন্দ্ৰ প্ৰধানী ধুবুৰীৰ HMV ৰেকৰ্ডৰ দোকানৰ পৰা নতুন LP ৰেকৰ্ড এখন অহাৰ লগে লগে কিনি আনিছিল আৰু আমাক মাতি HMV ষ্টেৰিঅ’ত বজাইছিল। তেতিয়া তেনেধৰণৰ ষ্টেৰিও ৰেকৰ্ড প্লেয়াৰ গোলকগঞ্জত প্ৰায় কাৰোৱেই নাছিল। ভূপু খুৰাৰ বাহিৰে আন এগৰাকী সংগীতৰ চৌখিন ব্যক্তি আছিল সম্পতলাল শেঠিয়া।
কিন্তু ভূপু খুৰাৰ ৰেকৰ্ডৰ কালেকচন আমাৰ বেচি প্ৰিয় কাৰণ তেওঁৰ তাত গলেই লেটেষ্ট চুপাৰহিট গানবোৰ শুনিব পাৰিছিলো। সেই সময়ত দেওবাৰ দুপৰীয়া আকাশবাণী গুৱাহাটীৰ কল্পতৰুৰ বাহিৰে প্ৰিয় গানবোৰ শুনাৰ সুযোগেই বা ক’ত আছিলে?
এটা সময়ত অৱশ্যে ৰেকৰ্ডৰ ব্যৱহাৰ কমি আহিল। আৰম্ভ হৈছিল কেছেটৰ যুগ। তেতিয়া খুৰাই পেনাছনিক কোম্পানীৰ ফ্ল্যাট টেইপ ৰেকৰ্ডাৰ এটা লৈ আহিছিল আৰু আমাক কৈছিল, ‘গান গোৱাচোন।’
আমি বৰ আগ্ৰহেৰে টেইপ ৰেকৰ্ডাৰেটাৰ পিন চাই চাই বিভিন্ন গান গাইছিলো। আৰু খুৰাই অলপ পিছত ৰেকৰ্ড কৰা গানবোৰ বজাই শুনাইছিল। নতুন যন্ত্ৰটোত আমাৰ নিজৰ মাত শুনি আচৰিত হৈ গৈছিলো – ‘ই কেনেকৈ সম্ভৱ?’
হাঁহি হাঁহি খুৰাই কৈছিল – ‘এইটো ম্যাজিক।’ পাছত নিজৰ মাত ৰেকৰ্ড কৰাৰ হেঁপাহ বাঢ়ি গৈছিল। প্ৰায়েই খুৰাৰ তালৈ গৈ আমি কৈছিলো, ‘‘খুৰা গান ৰেকৰ্ড কৰিম।’’
খুৰাই ৰেকৰ্ডাৰৰ ৰঙা বুটামটো টিপি কৈছিল, ‘‘OK, ৰেডি, ষ্টাৰ্ট।’’
সেই সময়ত গোটেই প্ৰধানী চৌহদত আমি কিলবিলাই ফুৰিছিলো, আমি মানে তেখেতৰ ভতিজা-ভতিজী আৰু লগতে ভাগিন-ভাগিনীবোৰ। আমাৰ কাৰণে তেখেত আছিল ৰোল মডেল। খুৰাৰ জন্ম ১৯৪৮ চনমানত। গোলকগঞ্জৰ অন্যতম বিশিষ্ট পৰিয়াল প্ৰধানী ঘৰত। দেউতাক ভূবন চন্দ্ৰ প্ৰধানী আৰু মাক হিৰণ প্ৰভা দেৱী।
ভূৱন চন্দ্ৰ প্ৰধানী গোলকগঞ্জৰ নামজ্বলা জমিদাৰ জগমোহন প্ৰধানীৰ তৃতীয় পুত্ৰ আৰু মাক হিৰণ প্ৰভা আছিল গুৱাহাটীৰ ৰিহাবাৰীৰ কৃষ্ণৰাম মেধিৰ ডাঙৰ জীয়ৰী। কৃষ্ণৰাম মেধি আছিল বৃটিছৰ যুগৰ হাকিম।
ভূপেশ প্ৰধানীৰ স্কুলীয়া শিক্ষাৰ আৰম্ভণি গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ স্কুলত। পাছত গুৱাহাটীৰ ডন বস্কো স্কুলত। ১৯৫৭ চনত দেউতাক ভূৱন চন্দ্ৰ প্ৰধানী গোলকগঞ্জৰ পৰা বিধায়ক নিৰ্বাচিত হয়।
সেই সময়তে ডাঙৰ পুতেক ভূপেনক শ্বিলঙৰ লাবান স্কুলত নাম লগাই দিয়ে। কিন্তু স্কুলীয়া শিক্ষাৰ অন্ত পৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠৰ পৰা যিখন স্কুল আছিল নিজৰ ককাকৰ নামত আৰু যাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল দেউতাক ভূবন চন্দ্ৰ প্ৰধানী।
কলেজীয়া শিক্ষাৰ আৰম্ভণি গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ পৰা। শিশুকাল, কৈশোৰ আৰু যৌৱনৰ বেছি ভাগ সময়েই কটাইছিল গুৱাহাটীত।
গুৱাহাটীত তেখেতৰ অসংখ্য বন্ধু। দেউতাকৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল ছছিয়েলিষ্ট হিচাবে। ৰাম মনোহৰ লোহিয়া, জয় প্ৰকাশ নাৰায়ণৰ দৰে নেতাসকল আছিল ভুৱন প্ৰধানীৰ অনুপ্ৰেৰণা আৰু ৰাজনৈতিক পথ প্ৰদৰ্শক। তৰুণ ভূপেন ঠিক তেনে ধৰণৰ আদৰ্শৰ দ্বাৰাই হয়তো অনুপ্ৰেৰিত হৈছিল আৰু ঘৰৰ সকলোকে এক প্ৰকাৰ অস্ৱস্তিত পেলাই সিদ্ধান্ত লৈছিল যে গুৱাহাটীত ট্যাক্সি চলাই জীৱন নিৰ্বাহ কৰিব বুলি।
গুৱাহাটীৰ সেই সময়ৰ বহু কাহিনী আমাক শুনাইছিল আৰু শুনাইছিল তেখেতৰ বন্ধু জেপি দাস, জয়ন্ত দাসৰ বিভিন্ন কাহিনী। পিছত গুৱাহাটীৰ শিল্পী বন্ধুসকলৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰিছিল গোলকগঞ্জত। গোলকগঞ্জত প্ৰথমটো টিকট বিক্ৰী কৰা সংগীতানুষ্ঠানৰ আয়োজক আছিল ভূপেশ প্ৰধানী। আমি ভাবিছিলো পইচাৰে টিকট কিনি কোনে গান শুনিবলৈ যাব? কিন্তু সেইবাৰ পেণ্ডেলৰ ভিতৰত দেখিছিলো দৰ্শকৰ ভিৰ।
খুৰা আছিল এক অৰ্থত এগৰাকী বিদ্ৰোহী। আমি সদায় আগ্ৰহেৰে বাট চাইছিলো খুৰাৰ বিয়া কেতিয়া হয়। হঠাত্ ঠিক কৰিলে বিয়া কৰাব বুলি। এজনে খবৰ দিলে হালাকুৰাৰ সত্ৰ গাঁও জিনকাটা সত্ৰৰ দীক্ষিত শংকৰী পৰিয়ালৰ ছোৱালী এজনীৰ বিষয়ে। লগে লগে কৈ দিলে ছোৱালী পছন্দ বুলি। কিন্তু বিয়া দুদিন পাছতে হ’ব লাগিব। পৰম্পৰাগত বিভিন্ন নিয়ম-নীতিৰ বিৰোধী তথা যৌতুকৰ ঘোৰ বিৰোধী খুৰাই নিজৰ ঘৰৰ নাৰায়ণ মন্দিৰত বিয়া সামৰিছিল।
বিয়াত বিশাল ভোজৰ সলনি চাহ জলপান খুৱাইছিল। সেয়া আছিল খুৰাৰ এটা সামাজিক ষ্টেটমেণ্ট। তেওঁ দিব বিচাৰিছিল এটা সাহস পৰম্পৰা আৰু পুৰণিকলীয়া ধ্যান-ধাৰণাৰ পৰা ফালৰি কাটি অহাৰ। সেইখন বিয়াত ঘৰৰ অভিভাৱকসকল হয়তো খুউব সন্তুষ্ট নাছিল কিন্তু সেই বিয়াখনৰ কথা মানুহৰ মুখে মুখে প্ৰচলিত হৈছিল। সেয়া যেন এখন বিয়া নহয়, এটা বিপ্লৱ।
ঘৰৰ কাৰো সহায় নোলোৱাকৈ নিজেই সাহ কৰি তেতিয়াৰ প্ৰাগজ্যোতিষ গাঁৱলীয়া ব্যাংকৰ পৰা ঋণ লৈ ম্যাটাডৰ ভ্যান এখন কিনিছিল। সেয়া ১৯৭৯ চন। তেতিয়া ৰাস্তাত বিশাল বাছবোৰ চলাচল কৰে। ধুবুৰী আৰু বক্সিৰহাটৰ মাজত চলা সেইখন আছিল প্ৰথমখন মিনি বাছ। কেৱল সেয়াই নহয়, সেইখন বাছ আকৌ খুৰাই নিজেই চলইছিল। গাড়ীৰ মালিকে নিজেই ড্ৰাইভাৰ হৈ কমাৰ্চিয়েল বাছ চলোৱাৰ নজিৰ তেতিয়াও অন্ততঃ আমাৰ জিলাত নাই।
তেওঁৰ পাছে পাছে গোলকগঞ্জৰ বহু ডেকা ব্যৱসায়ী মিলি বাছ কিনা আৰম্ভ কৰিলে। আমি লক্ষ্য কৰিছিলো বাটত পুলিচে খুৰাৰ লগত বৰ সম্ভ্ৰম আৰু বন্ধুত্ৱসূলভ ভাৱে কথা-বতৰা কোৱা।
নিজে নিজৰ ভৰিত থিয় হোৱা, সৎভাৱে কৰ্ম কৰাৰ ক্ষেত্ৰত লাভ নকৰা, শ্ৰমক শ্ৰদ্ধা কৰা কথাবোৰ তেখেতৰ বাবে ভাষণ নাছিল। সেয়া আছিল জীৱনৰ বাস্তৱিক অনুশীলন।
এটা সময়ত ঘৰৰ পৰাই আৰম্ভ কৰিছিল ‘ৰিডাৰ্ছ ছোচাইটি’ নামৰ এটি বুক এজেন্সী। তেতিয়া গোলকগঞ্জৰ দৰে সৰু ঠাইত চানডে, ইলাস্ট্ৰেটৰ উইকলি অফ ইণ্ডিয়া, দ্য হিন্দু, টাইমচ অফ ইণ্ডিয়া প্ৰভৃতি আলোচনী আৰু পত্ৰিকাবোৰ তেখেতৰ বাবেই পঢ়াটো সম্ভৱ হৈছিল। চানডে ম্যাগাজিনৰ অন্যতম প্ৰথম গৰাকী গ্ৰাহকৰ ভিতৰ ময়ো আছিলো।
এনে খুব কম মানুহেই আছে যাৰ জীৱনটোৱেই যেন এটা সাহসী বক্তব্য, ভূপেশ প্ৰধানী আছিল তেনে এক ব্যক্তিত্ব। তেওঁৰ এই জীৱন পৰিক্ৰমাৰ অন্যতম লগৰী গৰাকী হ’ল তেখেতৰ সহধৰ্মিনী স্বপ্না প্ৰধানী। তেওঁৰ সুযোগ্য পুত্ৰ প্ৰীতম পিতৃৰ সেই বৰ্ণময় জীৱন তথা আদৰ্শক বহু ওচৰৰ পৰাই প্ৰত্যক্ষ কৰিছে।
যোৱা ১৬ এপ্ৰিলৰ দিনা, ঠিক বিহুৰ সময়তে, প্ৰায় ৭৫ বছৰ বয়সত বহু বন্ধু তথা শুভাকাংক্ষীক আচৰিত কৰি হঠাৎ আঁতৰি গ’ল চিৰদিনৰ বাবে। কিন্তু মানুহ হিচাপে এটা মচিব নোৱাৰা সাঁচ আমাৰ হিয়াত থৈ গ’ল।
30-04-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)