কৃপাবৰ বৰুৱাৰ উইল
লক্ষ্মীনাথ বেজবৰুৱা
কৃপাবৰ বৰুৱা
কৃপাবৰ বৰবৰুৱা মহা ধনুৰ্দ্ধৰ|
বৰ পেট টিকনিৰ মূৰ লৰফৰ||
সুদৰ্শন হাতে বিষ্ণু, শূল হাতে ভোলা|
মহেন্দ্ৰৰ বজ্ৰ, কৃপাৰ কাকতৰ টোপোলা||
অসম গৈৰৱ-ভানু কৃপা কল্পতৰু|
কলেৱৰ শ্যাম যেন ভাত-ৰন্ধা চৰু||
চৈধ্য ফকীয়া কবি কৃপা তয়াময়া ৰণে|
নিজৰ জীৱন কাব্য নিজে নিজে ভণে||
এডলীয়া কচুৰ জাল মাকে খাইছিল|
দুষ্টৰ পিঠিত কৃপা নিত্যে থিয়াকিল||
অন্যায়লৈ নগা-যাঠি ন্যায়লৈ কলচী|
কানি ভাং লাওপানী বহায় দকচি||
বাহুবলী বৰবৰুৱা চিন্তে পৰৰ ইষ্ট|
নোৱাৰি মিলাব পদ কৰে ”হেষ্টনেষ্ট”||
কৃপাবৰ বৰুৱাৰ উইল
লেখক: লক্ষ্মীনাথ বেজবৰুৱা
এইখনেই মোৰ শেষ উইল (Will) আৰু ইচ্ছাপত্ৰ (Testament)। ইয়াৰ দ্বাৰাই মই আগেয়ে কৰা এটাইবোৰ উইল ৰদ কৰিলোঁ।
মই মোৰ বৰঘৈণী শ্ৰীমতীসুকৃতি দেৱীক আৰু সৰুঘৈণী শ্ৰীমতীদুষ্কৃতি দেৱীক মোৰ ‘এক্জিকিউটিভচ্’ অৰ্থাৎ ইচ্ছাপত্ৰানুযায়ী কাৰ্যনিৰ্বাহিকা পাতিলোঁ ; আৰু দুই সতিনীয়েকক এই আদেশ দি যাওঁ যে মই মৰি যোৱাৰ পিছত মোৰ যি যথাৰ্থ ধাৰ ঋণ থাকিব সেইবোৰ দুইজনীয়ে মিলিজুলি যিমান পাৰে সোনকালে মাৰিব ; তাৰ নিমিত্তে তেওঁলোকৰ হাতত ধন-বিত নাথাকিলে, পতিব্ৰতা তেওঁলোকে লাগে যদি লোকৰ ঘৰত গোলামী কৰিও ধন ঘটি সেই কাৰ্য্য সম্পাদন কৰিব।
এই উইলৰ দ্বাৰাই মই তলত লেখা মোৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিকেইপদ মোৰ দেশী ভাই অসমীয়া মানুহক give devise and bequeath কৰিলোঁ।
১। পৰশুৰাম কুণ্ডৰপৰা ধুবুৰীলৈকে মাছ, মগৰ, পহু, চৰাই, বালি চাপৰি, কঁহুৱা খাগৰিৰে আৰু পানীৰ জুঁৱলিত থকা নানা বৰণীয়া শিলগুটিবোৰেৰে সৈতে ব্ৰহ্মপুত্ৰ নৈখন।
২। ভুবনেশ্বৰীৰ মন্দিৰৰ সৈতে কামাখ্যা পৰ্বতটো, উমানন্দ, হাজো আৰু অশ্বক্লান্তৰ পৰ্বতকেইটা। গোৱালপাৰৰ পৰ্বতৰেপৰা আৰম্ভ কৰি গুল্ম, লতা, ফল, ফুল গছেৰে সৈতে শিঙৰি-পৰ্বত, শিলঘাটৰ বিশ্বনাথৰ আৰু তেজপুৰৰ পৰ্বতবিলাক।
৩। গোটেই আসাম-উপত্যকাৰ বগা, ক’লা, হালধীয়া, ৰঙা, সেউজীয়া, মুগা আৰু পখৰা-চিতৰা চৰাইবিলাক, যি গান গাব পাৰে, কলকলাব পাৰে, চেঁচেয়াব পাৰে আৰু নোৱাৰে।
৪। আসামৰ পথাৰত উৰি ফুৰা নানা বৰণীয়া পখিলাবিলাক, হাবিৰ নানা ঠগীয়া ফুলবিলাক, বতাহত ৰিব্ৰিব্কৈ লৰা জৰি আৰু আঁহত গছৰ কুঁহিপাতবিলাক।
৫। পথাৰত ঠোক মেলা, মেলিব খোজা, মেলি পৈণত হোৱা, পকা ঠোৰেৰে থিয় হৈ থকা আৰু বতাহত ঢৌ খেলোৱা ধানবোৰ। সৰিয়হ ফুলবোৰ আৰু চিৰাচিৰে গুটি লগা মাহ গছবোৰ। লাই, লফা, ঢেৰুৱা, বাবৰি, পালঙেৰে শাকবোৰ। আম, কঁঠাল, জামু-নেমু, সুমথিৰা, ৰেবাব আৰু তামোল পাণেৰে গৃহস্থৰ বাৰীবোৰ।
৬। সোৱণশিৰি, দিখৌ, দিহিং, দিমৌ আদি নৈবোৰ ; সৰু সৰু জানবোৰ, ঝৰণাবোৰ আৰু পানীৰ সোঁত লাগি থক্ থক্কৈ কঁপা নল খাগৰিবোৰ।
৭। শিলৰ ওপৰেদি বৈ হুৰ্হুৰ্ কৰে সন্ধ্যা, ললিতা, কান্তা নামে পানী তিন ধাৰাৰে, আৰু জিলীৰ মাতেৰে হিয়া বাজি উঠা প্ৰকাণ্ড গছ আৰু ডাঙৰ ডাঙৰ শিলেৰে বশিষ্ঠাশ্ৰমখন।
৮। বগী খাচিয়ানীবিলাকেৰে জক্মক্ কৰে ফুলি থকা চিলং পৰ্বতটো।
৯। শিৱসাগৰত সোণৰ কলচীৰে শিৱদৌলটো, ত্ৰিশূলেৰে বিষ্ণুদৌলটো, নিৰ্মল চপ্চপীয়া পানীৰ ওপৰত বনৰীয়া ৰাজহাঁহ চৰি ফুৰা বৰপুখুৰীটো।
১০। তাঁতৰপৰা ওলোৱা ন খনীয়া-কাপোৰ, চেলেং কাপোৰ আৰু গামোছাৰে সৈতে, হেঁচাপিঠা, সুতুলিপিঠা, ঘিলাপিঠা, লাওপিঠা, ফেনিপিঠা, তিলৰ লাড়ু, দৈ-গাখীৰ, গুড়, সন্দেশ আৰু চিৰাৰে সৈতে, আৰু ‘দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী কেতেকী মলেমলায়’ এই নামেৰে শেহ নিশা গোৱা হুচৰিৰে সৈতে ৰঙালী চ’তৰ বিহুটো। চুঙা দিয়া পিঠা, সিজোৱা মোৱা আলু, চিনা আলু আৰু কাঠ আলু আৰু মেজিৰে সৈতে, মহ যুঁজ, হাঁহকণী যুঁজ আৰু পঁচিৰে সৈতে ভোগালী মাঘ বিহুটো। আকাশ-বাঁতিৰে সৈতে কঙালী কাতি বিহুটো।
১১। পাভ মাছত টেঙা দিয়া লফা-শাকৰ আঞ্জা, কাৱৈ মাছ দি ৰন্ধা বাবৰি শাকৰ আঞ্জা, জালুকীয়াকৈ আৰু ঔ টেঙা দি থপ্থপীয়াকৈ ৰন্ধা কচুথোৰৰ আঞ্জা, চোকোৰা গুচোৱা কেঁচা মগুমাহত ঔটেঙা দি ৰন্ধা আঞ্জা, খাৰণি আৰু চেকুৰা পচলা দি ৰন্ধা মাটি-মাহৰ আঞ্জা, নেমুটেঙা দি ঢেকীয়াশাক ভজা আৰু মাগুৰমাছ ভজা, চিতল মাছৰ কোলঠি, ৰৌ মাছৰ মূৰ আৰু পেটী, পকা খৰিচা, শুকান খৰিচা, বগৰিৰ গুৰি, আমৰ গুৰি, খাৰলি কাঁহুদি, পাতত দিয়া পোনা মাছ আৰু খৰিকাত দিয়া পুঠি মাছ।
১২। নৈ পাৰৰ হাবিত ম’হৰ পিঠিত উঠি ৰিঙিয়াই ম’হ-গোৱালৰ গীতবোৰ আৰু সিপাৰৰপৰা সেইদৰেই আন এটা ম’হগোৱালে দিয়া ৰিণিকি-ৰিণিকি কাণত পৰা তাৰ উত্তৰবোৰ। তিৰোতা মানুহে জাউৰিয়ে জাউৰিয়ে গোৱা বিয়াৰ নাম। বিয়াহ গোৱা ও জগোৱা।
১৩। ভাওনাৰ ছালি-নাচ, ঝুমুৰা-নাচ, বৰধেমালি, সৰু-ধেমালি। আৰু
১৪। বজাৰৰ মাছ মাৰোঁতা আৰু বেচোঁতা তিৰোতাবিলাকৰ ঘৈণীয়েকহঁতৰ দন্দ্ববোৰ।
১৫। গোটেই অসমত প্ৰচলিত ইটোৰ সিটোৰ ভিতৰত দন্দ্ব খৰিয়ালবোৰ, আৰু ঘাইকৈ চকুপোৰা স্বভাৱটো।
১৬। চিলিমত খোৱা আৰু ঘুটি খোৱা ভাং। মলি আৰু টিকিৰাকৈ খোৱা কানি। গিলাচ আৰু বাটিত ঢালি খোৱা লাওপানী আৰু ফটিকা।
ওপৰত লিখা কথাবোৰৰ সাব্যস্ত প্ৰমাণ স্বৰূপে মই শ্ৰীকৃপাবৰ বৰবৰুৱাই মোৰ এই শেষ উইল আৰু ইচ্ছাপত্ৰ আজি ১৮৩১ শকৰ চ’তত এই মোৰ চহী কৰিলোঁ। শ্ৰীকৃপাবৰ বৰবৰুৱা।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)