–দিলীপ দৈমাৰী |
মোডীৰ শাসনকালত, তেওঁ দেখুওৱা সকলো সপোন ইতিমধ্যে ঝুমলা আৰু হাঁহিৰ খোৰাকত পৰিণত হৈছে, যেনেঃ প্ৰত্যেকৰে একাউণ্টত ১৫ লাখকৈ টকা, ক’লা ধন উদ্ধাৰ, অসমৰ পৰা টালি-টোপোলাসহ বাংলাদেশীক বহিষ্কাৰ, অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে ৰূপায়ণ, স্মাৰ্ট চিটি, গঙ্গা পৰিষ্কাৰ, বিমুদ্ৰাকৰণ, ষ্টাৰ্ট-আপ ইন্ডিয়া, এক্ট ইষ্ট, মেক-ইন ইন্ডিয়া,…. ইত্যাদি! তাৰোপৰি হঠাৎ লক-ডাউন ঘোষণা, ‘কেব’ আৰু ‘কা’, কোভিডকালীন পৰিস্থিতিক গুৰুত্ব প্ৰদান নকৰি ‘মাই ফ্ৰেইন্ড’ ট্ৰাম্পক আদৰিবলৈ ‘নমষ্টে ট্ৰাম্প’ কৰাৰ পিছত প্ৰথম পৰ্যায়ৰ ক’ৰনাৰে ভাৰত বিস্তাৰিত কৰি মানুহক নাজল নাথল কৰা, কৰোনাৰ দ্বিতীয় ঢৌক গুৰুত্ব নিদি বঙ্গত বিশাল বিশাল নিৰ্বাচনী সভা, হৰিদ্বাৰত মহাকুম্ভ অনুষ্ঠিত কৰা, আৰু গঙ্গাৰে ভাঁহি যোৱা শত শত মৃতদেহ তথা বালিত পোতা মৃতদেহ দেখিও নেদেখা, শ্মশানত খৰিৰ অভাৱ- চিকিৎসালয়ত অক্সিজেনৰ অভাৱ, মৃত্যুৰ কিৰিলী, তাৰে মাজত মৌন হৈ থকা মোদীয়ে টিকাকৰণৰ ক্ষেত্ৰতো দেখুৱাই দিলে প্ৰচন্ড ব্যৰ্থতা…; ফলস্বৰূপে, তেওঁৰ সামগ্ৰিক ব্যৰ্থতাৰ বাবে আজি ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি একেবাৰে কুঁৱাটোৰ তলি পাইছে, উৎপাদন কমি কমি ভয়াবহতাৰ পিনে গতি কৰিছে, অসংগঠিত শ্ৰমিকসকলৰ অৱস্থা ব্যাখ্যাতীত হৈছে, কৰ্ণাটক- মহাৰাষ্ট্ৰ- ছত্তিশগড় আদিত কৃষকে আত্মহত্যা কৰিছে, আৰু বিশ্ব বেংকৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত বেকাৰত্বৰ হাৰ ২৪% !! পৃথিৱীৰ কোনো দেশতেই ইমান বেকাৰ নাই। চীনত বেকাৰত্বৰ হাৰ ১১%, আমেৰিকাত ১৪%, জাপানত ৩%, বাংলাদেশত ৩.৫% !! ইয়াৰোপৰি জি-ডি-পিৰ ৬০% হ’ল ঋণ বাবদ আয়। ভাৰতৰ আভ্যন্তৰীণ কৰৰ পৰিমাণ ১০২ লাখ কোটিতকৈও অধিক। ইয়াৰে মাজতে যোৱা ৭ বছৰত মোদী চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত কৰ জাপি জাপি – যেন নতুন ‘ইষ্ট ইন্ডিয়া কোম্পানি’- ২২,০০,০০০ কোটি টকা অতিৰিক্ত ৰোজগাৰ কৰিছে, এইবছৰ জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈ ৰন্ধন গেছৰ দাম প্ৰতিটো চিলিন্ডাৰত ১৯০ টকাকৈ বঢ়াইছে, ভাৰতৰ ৰাজহুৱা সম্পদ বিক্ৰী কৰি ধন আহৰণ কৰিছে, টোল-গেট য’তে ত’তে বহুৱাই ধন আহৰণ কৰিছে, ৰিজাৰ্ভ বেংকৰ পৰা লক্ষ কোটি টকা উলিয়াই নিছে,… তথাপিও অৱস্থা শোচনীয়তম!! এনে সময়ত মোদী নীৰৱ, হয়, নীৰৱ মোডী ! কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত মৃত্যুৰ কিৰিলী তেওঁ শুনা নাপালে, অসংগঠিত শ্ৰমিকসকলৰ পদযাত্ৰা তেওঁ নেদেখিলে, বঙ্গৰ নিৰ্বাচনৰ সময়ত তেওঁ কোভিডৰ আতংক নেদেখিলে, শৱবাহিনী গঙ্গাৰ সেই মৰ্মান্তুদ দৃশ্য তেওঁ এবাৰলৈও প্ৰত্যক্ষ নকৰিলে, শ্মশানলৈও তেওঁ নগ’ল, চিকিৎসালয়লৈ গৈ অক্সিজেনৰ অভাৱ তেওঁ নাচালে, দিল্লীৰ ৰাজপথত মাহৰ পিছত মাহ বহি বিক্ষোভ কৰি থকা খেতিয়কৰ কাষত তেওঁ থিয় নহ’ল, …; কিন্তু টোকিঅ’ অলিম্পিকৰ পদকবিজয়ী সকলৰ সৈতে ফটো উঠিবলৈ তেওঁ অলপো হেলা নকৰিলে! আৰু এতিয়া, তেওঁৰ কন্ঠস্বৰ শুনা গৈছে, বহুত দিনৰ পিছত..! টিকাৰ বিষয়ে নহয়, নিবনুৱা সমস্যা সম্পৰ্কে নহয়, উৎপাদন বৃদ্ধি সম্পৰ্কে নহয়, জি-ডি-পি সম্পৰ্কে নহয়, তেওঁ সোমনাথ মন্দিৰৰ সংস্কাৰ সম্পৰ্কে কৈছে। কেতিয়া কৈছে? তালিবানে কাবুল দখল কৰাৰ দুদিনৰ পিছত মোডীয়ে সোমনাথ মন্দিৰৰ সংস্কাৰ সম্পৰ্কে হঠাৎ উদাত্ত কন্ঠে ক’লে -‘ গজনিৰ চুলতান মহম্মদ গজনভি-এ আহি সোমনাথ মন্দিৰ ধ্বংস কৰিছিল, কিন্তু মোৰ দিনত তেনে কাৰ্য কেতিয়াও সম্ভৱ নহ’ব!’ হঠাৎ, হঠাৎ গজনিৰ চুলতান!হয়তো, সেইকালৰ গজনি এতিয়া আফগানিস্তানৰ অংশ কাৰণে আৰু এতিয়া আফগানিস্তানৰ দখল তালিবানে লৈছে কাৰণে ! অৰ্থাৎ, তালিবানৰ ‘সম্ভাৱ্য’ আগমণক বা আক্ৰমণক সমুচিত জবাব দিয়া হ’ব বা গজনিৰ চুলতানে সোমনাথ মন্দিৰ ধ্বংস কৰাৰ দৰে তালিবানক কাশ্মীৰ ধ্বংস কৰিবলৈ দিয়া নহ’ব – এনে এক বলিষ্ঠ ইংগিত মোডীয়ে ডাঙি ধৰিবলৈ বিচাৰিছে যাতে চেলা-চামুন্ডা তথা এৰেহা চেলেকি মহাসন্তুষ্ট হৈ থকা সংবাদ মাধ্যমৰ বাবে অহৰহ বজাই থাকিবলৈ সুবিধা হয় – কাৰণ, সন্মুখত আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন! এনে পৰিস্থিতিত, জি-ডি-পি, নিবনুৱা, উৎপাদন, ইত্যাদি আলোচনা কৰা ঠিক নহ’ব, কাৰণ তালিবানৰ সম্ভাৱ্য আগ্ৰাসন- আক্ৰমণ সবাতোকৈ গুৰুত্বপূৰ্ণ – যিদৰে আগৰ নিৰ্বাচনৰ আগে আগে কাশ্মীৰৰ বোমা বিস্ফোৰণ গুৰুত্বপূৰ্ণ আছিল! গতিকে, সকলো বাদ দি এতিয়া তালিবান! ক’ৰনা অন্তৰ্ধান হৈ যাব, নিবনুৱা সমস্যা বসুমতীৰ গৰ্ভত লীন যাব,…২০২২ চনত উত্তৰ প্ৰদেশত যদি হিন্দুৰ বিজয় নহয়- সকলো শেষ – এই মনোভাৱেৰে এতিয়া ৰথৰ চকা ঘূৰিব আৰু ধৰ্মীয় মেৰুকৰণৰে হয়তো উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচনত বিজেপিৰেই জয়জয় ময়ময় হ’ব। অৰ্থাৎ, আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ বাবে, তালিবানৰ বাবে, মোডী বাহিনীৰ হাতলৈ আহিছে ওপৰৱালাৰ আশীৰ্বাদৰ কমন্ডলু, এতিয়া কেনেদৰে কিমান পৱিত্ৰ পানী সৰ্বস্তৰত ছটিয়াব পাৰি, তাৰেই ওপৰত নিৰ্ভৰ কৰিব উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচনত বিজেপিৰ ফলাফল! বাকী সকলো মিছা, তালিবানৰ লগতে ভাৰতৰ মৌলবাদী মুছলমান সকলৰ ষড়যন্ত্ৰহে সঁচা। মূলতঃ, এতিয়া তালিবান হৈ পৰিব বিজেপিৰ বাবে ব্ৰহ্মাস্ত্ৰ! সেইবাবেই গজনিৰ চুলতান, সেইবাবেই সোমনাথ! অইন একো মৌলিক বিষয় উত্থাপন কৰাৰ প্ৰশ্নই নাই, তালিবান, মাথো তালিবান!!